চহৰ-নগৰত বসবাস কৰা লোকসকলে এটা তলাৰ ওপৰত
বিশ্বাস ৰাখি ঘৰৰ ভিতৰত ৰখা টকা, গহনা বা মূল্যৱান সামগ্রীসমূহ এৰি থৈ
বিভিন্ন কামত ঘৰৰ পৰা ওলাই যায়৷ সিফালে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ মানুহে বাঁহৰ
দর্খনত ডাংডাল লগাই বিভিন্ন কামত চহৰলৈ ওলাই যায়, যাতে ঘৰৰ ভিতৰত থোৱা
কাঁহ-পিতলৰ বা এলুমিনিয়ামৰ বাচন-বর্তনখিনি চোৰৰ পৰা ৰক্ষা পৰে৷ আকৌ দেখা
যায়, নগৰ-চহৰৰ চোৰে আধুনিক কৌশল অৱলম্বন কৰি চুৰি কার্য সম্পন্ন কৰে৷
কিন্তু গাঁৱৰ চোৰে ঘৰৰ পিৰালিয়েদি সিন্ধি
খান্দি ঘৰৰ ভিতৰত সোমাই চুৰি কার্য সম্পন্ন কৰে৷ অৱশ্যে ঠাইবিশেষে চোৰৰ চুৰ
কৰা কার্য প্রণালী বেলেগ বেলেগ৷ যি কি নহওক, চোৰৰ কথা শুনিলে আমাৰ
বাল্যকাললৈ মনত পৰে৷ টিপচাকি জ্বলাই তাৰ পোহৰত কিতাপ পঢ়া দিনৰ কথা৷ ঠিক
মনত নাই, 1959-60 চনমানৰ কথা৷ যোৰহাট নগৰৰ কেইঘৰমান সম্ভ্রান্ত মানুহৰ ঘৰত
বিজুলী চাকি জ্বলিছিল৷ বাকী সকলোৰে ঘৰত ক’লা কেৰাচিন তেল ভৰোৱা টিপচাকি আৰু
হাৰিকেন লেম্প নিশাৰ ভাগত জ্বলাই পোহৰাই তুলিছিল৷ ঘৰৰ বাহিৰত ঘোপ মৰা
এন্ধাৰে আৱৰি পেলাইছিল৷ অর্থাৎ চোৰে মানুহক চৰ মাৰি পলাব পৰা পৰিৱেশ৷ নিশাৰ
ভাগত জিলিৰ ‘চিঁ-চিঁয়নি আৰু কুকুৰৰ ভুক৲ভুকনিয়ে পৰিৱেশটো জয়াল কৰি
তুলিছিল৷ সকলোতকৈ ডাঙৰ কথা়, কাৰোবাৰ ঘৰত বিয়া-বাৰু হোৱাৰ কেইদিনমান আগৰে
পৰা সেইখন ঘৰলৈ নিশাৰ ভাগত চোৰ আহি সিন্ধি দিবলৈ খাপ পিটি থাকে৷
সিফালে গৃহস্থয়ো হাতত লাঠী-জোং লৈ চোৰ
খেদাৰ বাবে সজাগ হৈ থাকে যাতে চোৰে সিন্ধি খান্দি ঘৰৰ ভিতৰত সোমাই বিয়াৰ
বাবে যোগাৰ কৰা গহনা-গাঁঠৰি বা অন্য মূল্যৱান সামগ্রীসমূহ চুৰ কৰিব নোৱাৰে৷
এটা আচৰিত কথা শুনিবলৈ পাইছিলোঁ়, নিশাৰ ভাগত ওচৰ-চুবুৰীয়া সকলো সজাগ হৈ
আছিল চোৰৰ পৰা বিয়াঘৰখনক ৰক্ষা কৰাৰ বাবে৷ ই অঞ্চলবাসীৰ মাজৰ এক একতাৰ
বান্ধোন বুলি ক’লে ভুল নহ’ব৷ তথাপি চোৰ তেতিয়াও আছিল, এতিয়াও আছে আৰু
ভৱিষ্যতেও থাকিব৷ এটা কথা এইখিনিতে উনুকিয়াই থ’ব বিচাৰিছোঁ যে আগৰ দিনত
চোৰে ঘৰৰ ভিতৰত সোমালে বা গৃহস্থই সিন্ধি খন্দাৰ শব্দ শুনা পালে ‘চোৰ চোৰ’
বুলি চিঞৰ মাৰে৷ এই চিঞৰ শুনি ওচৰ-চুবুৰীয়াই হাতত লাঠী, জোং, দা আদি লৈ ঘৰৰ
পৰা ওলাই আহে আৰু চোৰ ধৰাৰ বাবে ব্যগ্র হৈ পৰে৷ কিন্তু আজিৰ যুগত কোনো
লোকৰ ঘৰত চুৰি কার্য সম্পন্ন হোৱাৰ পাছত গৃহস্থই প্রথমে পুলিচক খবৰ দিয়ে৷
ওচৰ-চুবুৰীয়াই কিন্তু পুলিচ আহিলেহে প্রতিৱেশীৰ ঘৰত চুৰি হোৱাৰ খবৰটো গম
পায়৷
এই কথাৰ পৰা বুজিব পাৰি যে আজিৰ
ব্যস্ততাৰে ভৰা মানুহৰ সমাজখনৰ মাজত একতাবোধৰ অভাৱ৷ সকলোতকৈ ডাঙৰ কথা, আজিৰ
যুগত ওচৰ-চুবুৰীয়াৰ কাৰোবাৰ ঘৰত ডাঙৰ অঘটন ঘটিলেও কাষৰ ঘৰৰ মানুহে গমকেই
নাপায়৷ ই এক পৰিতাপৰ বিষয় হৈ পৰিছে৷ সঁচা কথা ক’বলৈ গ’লে আমাৰ মাজত সজাগতা
আৰু একতাৰ অভাৱ৷ গুৱাহাটী মহানগৰীত চোৰে আধুনিক কৌশলেৰে সম্পাদন কৰা চুৰি
কার্যবোৰ টিভিত দেখি বা বাতৰি কাকতত পঢ়ি থাকোঁতে হঠাতে মনত ভাব হ’ল–
ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ আগত অসমত চোৰে চুৰি কার্য সম্পাদন কৰিছিল
নেকি বা সেই সময়ত অসমত চোৰৰ উপদ্রৱ হৈছিল নেকি? মনত পৰিল জনশ্রুতি এটালৈ৷
জনশ্রুতিয়ে সম্পূর্ণ সত্যতাৰ বার্ দিব নোৱাৰিলেও কিছু সত্য জনশ্রুতিৰ মাজত
সোমাই থাকে৷ প্রবাদ আছে, ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ আগৰ কথা৷ শিৱসাগৰ
জিলাৰ দৌল বাগান অঞ্চলত এজন ডাক্তৰৰ ঘৰত চোৰে চুৰি কার্য সম্পন্ন কৰি পলায়ন
কৰিছিল৷ জনশ্রুতি অনুসৰি ডাক্তৰজনৰ প্রকৃত নাম নাজানিলেও অঞ্চলটোৰ ৰাইজে
তেওঁক হাজাৰ ডাক্তৰ বুলি জানিছিল৷ ৰাইজে হাজাৰ ডাক্তৰ বুলি জ্ঞান কৰা
লোকজনে ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ বহু বছৰৰ আগেয়ে ঢাকা বিশ্ববিদ্যালয়ৰ
পৰা এল এম পি পাছ কৰি ৰাইজৰ সেৱাত নামি পৰিছিল৷
চিকিৎসা কৰাৰ বিনিময়ত মানুহৰ পৰা মাচুল
নলৈছিল৷ অৱশ্যে ৰাইজে মাচুলৰ বদলি নিজৰ বাৰীৰ শাক-পাচলি বা ধান-চাউল দি
ডাক্তৰজনক সন্মান যচিছিল৷ কাৰণ সেই সময়ত ৰাইজৰ মাজত বিনিময় প্রথা চলিছিল৷
অৱশ্যে সেই সময়ৰ ধনী শ্রেণী মানুহক চিকিৎসা প্রদান কৰিলে ৰূপৰ টকা উপহাৰ
হিচাপে পাইছিল৷ এটা সময়ত তেওঁ হাজাৰ ৰূপৰ টকাৰ গৰাকী হ’লগৈ৷ সেয়েহে তেওঁক
এটা সময়ত হাজাৰ ডাক্তৰ হিচাপে ৰাইজে জনা হ’ল৷ হাজাৰ ৰূপৰ টকাৰ গৰাকী হোৱা
খবৰটো চোৰৰ কাণত পৰিলগৈ৷ চোৰেও সুযোগ-সুবিধা বুজি ডাক্তৰৰ ঘৰত সোমাই হাজাৰ
ৰূপৰ টকাখিনি সুমুৱাই থোৱা টিনৰ বাকচটো চুৰ কৰি নিবলৈ সক্ষম হ’ল৷ অঞ্চলটোত
এই খবৰটো প্রচাৰ হোৱাৰ লগে লগে ৰাইজে হাতত লাঠী, যাঠি, দা আদি লৈ চোৰৰ
সন্ধানত নামি পৰিল৷ কিন্তু চোৰ নোলাল৷ অৱশেষত ৰাইজে চোৰাংচোৱাৰ ভাও ধৰি
ওচৰে-পাঁজৰে থকা গাঁওসমূহত ভ্রমিবলৈ ধৰিলে৷ এদিন-দুদিনকৈ মাহটো পাৰ হ’ল৷
চোৰটো বিচাৰি উলিয়াব পৰা নহ’ল৷
এদিন দুজনমান মানুহে ওচৰৰে গাঁও এখনলৈ
ফুৰিবলৈ যাওঁতে দেখা পালে দুটা ল’ৰাই সন্মুখত এটা মাটিৰ কলহ লৈ পথাৰ এখনৰ
মাজত বহি কিবা আলাপ কৰি আছে৷ এই দৃশ্য দেখি মানুহকেইজনে খৰধৰকৈ গৈ ল’ৰা
দুটাৰ কাষত থিয় হৈ কলহটোৰ ফালে লক্ষ্য কৰিলত দেখা পালে কিছুমান ৰূপৰ টকা৷
মনলৈ আহিল এইখিনিয়েই সেইখিনি ৰূপৰ টকা, যিখিনি ডাক্তৰৰ ঘৰৰ পৰা চোৰে লৈ
গৈছিল৷ লগে লগে চোৰ দুটাক মানুহকেইজনে গবা মাৰি ধৰিলে আৰু সুধিলে, ‘টকাখিনি
কাৰ ঘৰৰ পৰা চুৰ কৰিলি?’ উত্তৰত ক’লে, ‘কামৰ বিনিময়ত ইংৰাজ চৰকাৰে আমাক
দিছে৷’ পুনৰ প্রশ্ন কৰিলে ‘কলহটোত কিমান ৰূপৰ টকা আছে?’ উত্তৰত ক’লে, ‘এক
হাজাৰ’৷ এই টকাখিনি ক’লা পৰি যোৱাৰ বাবে তেঁতেলী পানীত ডুবাই চাফা কৰাৰ
বাবে চিন্তা কৰিছোঁ৷’ ল’ৰা দুটাৰ কথাই মানুহকেইজনক পতিয়ন নিয়াব নোৱাৰিলে৷
অৱশেষত মানুহকেইজনে কলহটোৰ সৈতে ল’ৰা দুটাক গাঁওবুঢ়াৰ ওচৰত হাজিৰ কৰাৰ
পাছত চাবুকৰ কোব খাই নিজৰ ভুল স্বীকাৰ কৰিলে৷
অৱশেষত চোৰ ধৰা পৰিল আৰু ডাক্তৰে নিজৰ
ৰূপৰ টকা ঘূৰাই পালে৷ যি নহওক, এইবিলাক জনশ্রুতি হ’লেও ঘটনাটোৱে ক’বলৈ
বিচাৰিছে যে জাতি-ধর্ম-বর্ণ নির্বিশেষে আমি সকলোৱেই একতাৰ বান্ধোনেৰে বান্ধ
খাই থাকিব লাগিব৷ দেখা যায়, একোখন থানাৰ পুলিচৰ সংখ্যাতকৈ চোৰ-ডকাইতৰ
সংখ্যাই বেছি৷ সেয়েহে ৰাইজ সজাগ হ’বৰ হ’ল৷ যুগৰ পৰিৱর্তন হোৱাৰ লগে লগে
চোৰৰো চুৰ কৰা কৌশল আধুনিক হ’ল৷ সিন্ধি খন্দা চোৰো নোহোৱা হ’ল৷ জন্ম পালে
দুবিধ প্রধান চোৰৰ৷ প্রথমবিধে গৃহস্থই শুই থাকোঁতে নাকত বেহুচ হোৱাৰ দৰব
স্প্রে’ কৰি চুৰি কার্য সম্পন্ন কৰে আৰু আনবিধে সম্ভ্রান্ত বা মধ্যবিত্ত
পৰিয়ালৰ শিক্ষিত যুৱক হৈও ড্রাগছ সেৱনৰ বাবে অর্থাৎ টকা-পইচাৰ অভাৱ পূৰণ
কৰাৰ বাবে দিন দুপৰতে মহিলা বা গাভৰুৰ কাণৰ আৰু ডিঙিৰ পৰা সোণৰ গহনা
চিলনীয়ে থপিয়াই নিয়াৰ দৰে লৈ যায়৷ যি নহওক, চোৰ চোৰেই৷ চোৰৰ কোনো জাত-পাত
নাথাকে৷ সেয়েহে আমি আমাৰ মাজৰ একতাবোধক সবল কৰাৰ লগতে সমাজখনক সজাগ কৰি
তুলিব লাগিব, বিশেষকৈ চোৰৰ কুকার্যৰ পৰা মুক্তি পাবলৈ৷ অৱশ্যে আজিৰ ব্যস্ত
নগৰ-মহানগৰ কোনো কোনো অঞ্চলৰ বাসিন্দাসকলে নিশাৰ ভাগত ৰাইজৰ মাজত সজাগতা
অনাৰ বাবে নিজাববীয়াকৈ পহৰাৰ ব্যৱস্থা কৰি সফলতা লাভ কৰিছে৷