Wednesday, 11 January 2017

মাঘ বিহুৰ সময়ৰ কিছু কথা

অতি উলহ-মালহ আৰু উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা কৃষিভিত্তিক উৎসৱ মাঘ বিহু অসমবাসীৰ আদৰৰ, প্রাণ প্রাচুর্যৰে ভৰপূৰ ভোগালী বিহু৷ কৃষকসকলে কৃষিকার্য সামৰি মনৰ হেঁপাহেৰে পতা মাঘ বিহু প্রাপ্তিৰ উৎসৱ৷ এই উৎসৱে অতীজৰে পৰা সম্প্রীতি বৃদ্ধিত সহায় কৰি আহিছে৷ অসমবাসী কৃষিকার্যৰে কিমান স্বাৱলম্বী সেই কথাৰ উমান বিহু উৎসৱৰ জৰিয়তে পোৱা যায়৷ বছৰৰ ১২ মাহ মূলতঃ নানা কৃষিকর্মত জড়িত হৈ থকা অসমৰ কৃষকসকলে বাৰী পতা, পশুপালন মৎস্য পালন, বস্ত্র উৎপাদন, বাঁহ-বেতৰ সামগ্রী তৈয়াৰ কৰা, নাম-গুণ আৰু সকাম-নিকাম পাতি উচচ সাংস্কৃতিক ভাবধাৰাৰে জীৱন নির্বাহ কৰি আহিছে৷ এটা স্বাৱলম্বী জাতি হিচাপে অসমীয়াই দেখুৱাই অহা আদর্শ আধুনিক অসমীয়াসকলে মন কৰিব লগীয়া৷ মনত ৰখা উচিত যে অসমীয়া এটা পাবত গজা জাতি নহয়়, ইয়াৰ ভেটি অতি শক্তিশালী৷ সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে– ‘সকলো আছিল, সকলো আছে, নুগুণো নলওঁ গম৷’ সেয়েহে একতা, ভাতৃত্ববোধ, সম্প্রীতিৰে অসমীয়াই নিজকে পৃথিৱীৰ এটা শক্তিশালী জাতি ৰূপে পৰিচয় দিবলৈ আগবাঢ়োঁ আহক৷

শেহতীয়াকৈ সৰহভাগ অসমীয়াৰ দুর্বলতা, অন্যমনস্কতা, সচেতনহীনতাৰ বাবে অসমীয়া জাতিটো বহু দিশত পিছপৰাৰ লগতে ভাষা-সাহিত্য-সংস্কৃতিৰ দিশতো জাতিটো আশানুৰূপ আগবাঢ়িব পৰা নাই বুলি মোৰ বোধ হৈছে৷ কিছুমান কথা দেখাত সৰু যেন লাগিলেও অসমবাসী সজাগ নহ’লে এদিন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হৈ জাতিটো ধবংসৰ গৰাহত পৰিব৷ আমি লাভ কৰা শিক্ষা-দীক্ষা আৰু অভিজ্ঞতাই ৰাজ্যখনৰ সর্বতোপ্রকাৰৰ উন্নতিৰ বাবে আমাক জড়িত কৰিব পাৰিব লাগে৷ আমাৰ ৰাজ্যখন যিহেতু কৃষি অর্থনীতি নির্ভৰশীল আৰু কমেও ৭০ শতাংশ লোকৰ ভাত-কাপোৰৰ কথা আৰু জীৱিকা কৃষি, তেনেস্থলত আমাৰ চৰকাৰখনে যাতে কৃষি খণ্ডত যথোচিত গুৰুত্ব দিয়ে তাৰ বাবে প্রবল জনমত সৃষ্টি হ’ব লাগে৷ কোনো কাৰণতে ৰাজ্যখনৰ কৃষকসকলৰ পানীত হঁাহ নচৰা অৱস্থা হ’ব নালাগে৷ কৃষি যাতে সকলোপিনৰ পৰা এটা নির্ভৰযোগ্য, সন্মানজনক আৰু মর্যাদাপূর্ণ পেছা হৈ উঠে সেইটো সুনিশ্চিত হোৱা উচিত৷ কৃষকসকলক উপযুক্তভাৱে প্রশিক্ষণ দি, আধুনিক কৃষি সঁজুলি প্রদান কৰি, সম্পূর্ণ বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰি আৰু উৎপাদিত শস্য উচিত দামত বিক্রী কৰিবলৈ এখন উপযুক্ত বজাৰ প্রদানেৰে কৃষক সবলীকৰণ ব্যৱস্থা কার্যকৰী কৰিব লাগে৷
অসমী আইৰ আত্মাটো যিহেতু গাঁৱত বাস কৰে, তেনেস্থলত গাঁৱৰ উন্নতি নহ’লে ৰাজ্যখনৰ উন্নতি হ’ব বুলি ভবাটো অলীকতাহে মাথোন৷ গাঁও মানেই খেতি আৰু কৃষিয়েই খেতিয়কৰ প্রাণ৷ অসমীয়াই আজি যিবোৰ কলা, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যক লৈ গর্ব কৰে সেইবোৰৰ সৰহভাগ গাঁৱৰ কৃষকৰ জৰিয়তে পাব পৰা হৈছে৷ কৃষকৰ পৰিয়ালৰ সদস্যসকলে অসমীয়া সাজ-পাৰ, মাত-কথাৰ পৰা আৰম্ভ কৰি নাম-গুণ, পৰম্পৰাগত নীতি-নিয়মেৰে সকাম-নিকাম পাতি ষোল অনাই অসমীয়াত্ব ৰক্ষা কৰি আহিছে৷ গাঁৱৰ কৃষকসৃষ্ট সেই সংস্কৃতি আজি নগৰলৈ আহিল যদিও সেইবোৰ নিভাঁজ অসমীয়া সাজত জীয়াই ৰখাত আধুনিক নগৰীয়াসকল ব্যর্থ হ’ল৷ কৃষকসকলে ছাল ছিগা ভিকহুৰ জীৱন আঁকোৱালি লোৱাটোৱেই যেন চিৰাচৰিত নিয়ম৷ কৃষকৰ দুৰৱস্থা, সমস্যা, দৰিদ্রতা আঁতৰ কৰিবলৈ অসমবাসী ৰাইজ আৰু চৰকাৰ সর্বতোপ্রকাৰে আগ্রহী হৈ পৰক এই কাৰণেই যে তেওঁলোকৰ উন্নতিৰ ওপৰতেই অসমৰ উন্নতি আৰু ভৱিষ্যৎ বহুলাংশে নির্ভৰ কৰিছে৷

উচচ শিক্ষা গ্রহণ কৰি সন্মানীয় চাকৰিত মকৰল হৈ গাঁৱৰ উন্নতি কৰিবলৈ এতিয়া গাঁৱত কোনো থাকিব নোখোজে৷ গাঁও এৰি মানুহ নগৰমুখী হৈছে৷ গাঁওবোৰ অনাদৃত আৰু পৰিত্যক্ত হৈ ৰৈছে৷ নগৰীয়াসকলৰ জীৱনশৈলী দ্রুতগতিত সলনি হৈছে৷ নগৰৰ বহু ল’ৰা-ছোৱালীয়ে অসমীয়া মাহ, তাৰিখ নাজানে, অসমীয়া সাজযোৰ পিন্ধিব নাজানে অসমীয়া মাত-কথা, নামগুণ আদিৰ পৰা তেওঁলোক বহু দূৰত৷ বজাৰৰ পৰা কিনি অনা লাড়ু-পিঠা, গামোচাৰে তেওঁলোকে বিহু পাতে৷ খেতিয়কসকলে খেতি কৰা ধানৰ নাম, বাৰীখনত থকা উদ্ভিদৰ নাম বা পাচলিৰ নাম সম্পর্কে নগৰীয়া ল’ৰা-ছোৱালীয়ে কিমান জানে সেইটোও চিন্তনীয় বিষয়৷ নগৰত বহু টকা খৰচ কৰি ৰমক-জমককৈ বিহু আয়োজন কৰিলেও বিহুৰ মূলটো গাঁৱতহে আছে আৰু গুৰি ধৰোঁতা কৃষকসকল– এই কথা পাহৰিলে নহ’ব৷ বহু টকা খৰচ কৰি বিহু আয়োজন কৰাৰ সময়ত আমি যেন গাঁৱৰ ৰুগীয়া, দৰিদ্র, গুণী কৃষকজনৰ কথা নাপাহৰোঁ৷ বেপাৰৰ স্বার্থত যেন গাঁৱৰ খেতিপথাৰ ধবংস নকৰোঁ, সহজ-সৰল কৃষকক ঠগ-প্রবঞ্চনাৰে মাটি কাঢ়ি নি বহিৰাগতক বিক্রী নকৰোঁ, কৃষকে যাতে এটা সন্মানজনক জীৱন কটাব পাৰে– কথাবোৰ গুৰুত্ব সহকাৰে ল’ব লাগে৷ বিহুৰ সৈতে এই বিষয়বোৰ অংগাংগীভাৱে সংপৃক্ত হৈ আছে বুলি নিশ্চয় জানিব৷

Published by janambhumi.in