অসমৰ কৰ বিভাগ ৰাজ্য চৰকাৰৰ এক অতি গুৰুত্বপূর্ণ বিভাগ৷ পূর্বতে এই বিভাগটোৰ প্রশাসনিক দায়িত্ব ৰাজ্যিক আবকাৰী বিভাগৰ
ওপৰত ন্যস্ত আছিল৷ কিন্তু যোৱা ১৯৪৭-৪৮ চনৰ পৰা আবকাৰী বিভাগৰ পৰা বিভাজিত হৈ এই বিভাগটোৰ সৃষ্টি হয়৷ বর্তমানে কিন্তু এই বিভাগটোৱে মুঠ নখন আইনৰ প্রশাসনৰ দায়িত্ব বহন কৰি আছে৷
কৰ বিভাগৰ মানৱ সম্পদৰ গতি এনেধৰণৰ–
কৰ আয়ুক্ত– ১জন(সর্বভাৰতীয় প্রশাসন সেৱা বিষয়া)
কৰ অতিৰিক্ত আয়ুক্ত–২জন (ৰাজ্যিক বিষয়া)
যুটীয়া কৰ আয়ুক্ত–৫জন
কৰ উপায়ুক্ত–১৫জন
সহকাৰী কৰ আয়ুক্ত– ২৫জন
কৰ অধীক্ষক–১৬৬জন
কৰ পৰিদর্শক–৩২৪জন
ইয়াৰ উপৰি মুখ্য কার্যালয়, মাণ্ডলিক কার্যালয়, আপীল কার্যালয় আৰু গোট কার্যালয়সমূহত অসংখ্য তৃতীয় আৰু চতুর্থ বর্গৰ কর্মচাৰী আছে৷ জানিব পৰা মতে, ৰাজ্যখনত দুগৰাকী যুটীয়া কৰ আয়ুক্তৰ উপৰি বহুতো কৰ উপায়ুক্ত আৰু সহকাৰী কৰ আয়ুক্তৰ পদ খালী হৈ আছে৷ সেইবোৰৰ পূৰণৰ কোনো ব্যৱস্থা লোৱা নাই৷ তিনিচুকীয়া, ডিগবৈ, ডুমডুমা, নাহৰকটীয়া সমন্বিতে তিনচুকীয়া মাণ্ডলিক কার্যালয়ত আজি কেইবা বছৰ ধৰি কোনো উপকৰায়ুক্ত (প্রশাসন আৰু আপীল) পদ খালী হৈ আছে৷ ফলত উক্ত অঞ্চলত কৰ প্রশাসনৰ দিশত এক শূন্যতা প্রত্যক্ষ হৈছে৷
কৰ প্রশাসনৰ বিভিন্ন দিশ হৈছে–
১)ক্ষেত্র জৰীপ, ক্ষেত্র পৰিদর্শন৷
২) কৰ নির্ধাৰণ আৰু কৰ আদায়৷
৩) তথ্য-পাতি সংগ্রহ আৰু বুদ্ধিমত্তাৰ ভিত্তিত ব্যৱসায়ী তথা কৰদাতাসকলৰ ব্যাৱসায়িক প্রতিষ্ঠান আৰু গুদাম পৰিদর্শন আৰু পৰীক্ষা৷
৪) অনুসন্ধান আৰু ব্যৱসায়ীৰ তথা কৰদাতাসকলৰ ব্যবসায় স্থল আৰু গুদাম আকস্মিক পৰিদর্শন৷
৫) পথ আৰু গুদামত পৰিবহণ প্রতিষ্ঠান আৰু আন সামগ্রীযুক্ত গাড়ী পৰিদর্শন৷
৬) দমনমূলক আৰু শাস্তিমূলক ব্যৱস্থা৷
৭) পৰীক্ষণ চকীসমূহত সামগ্রী বহন কৰা গাড়ী পৰিদর্শন আৰু প্রয়োজনত বিভিন্ন ব্যৱস্থা গ্রহণ৷
৮)অনাদায় তথা বকেয়া কৰ আদায়ৰ ব্যৱস্থা৷
কিন্তু এনেবোৰ কার্য পৰিক্রমা যে আশানুৰূপভাৱে পৰিচালিত হোৱা নাই এই কথা বিভিন্ন সময়ত বিভিন্নধৰণেৰে প্রকাশ পাই থাকে৷ বিভাগটোত মানৱ সম্পদ যথেষ্ট আছে যদিও সেইবোৰৰ যথাযথভাৱে ব্যৱহাৰ হোৱা নাই৷ এক সূক্ষ্ম জৰীপ কার্য পৰিচালনা কৰিলে এই তথ্য নিশ্চিত হয় যে বিভাগটোৰ এক বৃহৎ সংখ্যক মানৱ সম্পদ কর্মহীনভাৱে আছে৷ বিশেষকৈ মাণ্ডলিক কার্যালয়ত থকা বহুতো কৰ অধীক্ষক আৰু কৰ পৰিদর্শক দীর্ঘদিন ধৰি কর্মহীনভাৱে আছে৷ এই কথা পূর্বতেও আঙুলিয়াই দিয়া হৈছিল, কিন্তু চৰকাৰে এই বিষয়ে কোনো পদক্ষেপ লোৱা নাই বুলি প্রায়ে শুনা যায়৷ অৱশ্যে কি কাৰণত বিষয়াসকলক কর্মহীন কৰি ৰখা হৈছে, তাৰ কোনো সুস্পষ্ট ব্যাখ্যা নাই৷
ভাৰতৰ প্রতিখন ৰাজ্যতে কৰ ফাঁকি প্রতিহত কৰিবৰ কাৰণে একোটা বিশেষ গোট আছে৷ বলৱৎ বা তদন্ত বা অদাৰকী শাখা বুলি জনাজাত এই গোটটোৰ মূল কার্যক্রম হৈছে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্রহ কৰা, কৰদাতাসকলৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু প্রয়োজনবোধে কৰ ফাঁকি প্রতিৰোধৰ কাৰণে যথাযথভাৱে ব্যৱস্থা লোৱা৷ অৱশ্যে কৰ ফাঁকি প্রক্রিয়া ধৰা পৰিলে, তেনে অপৰাধৰ বিচাৰৰ দায়িত্ব ন্যাস্ত থাকে সংশ্লিষ্ট কৰ গোটৰ কৰ নির্ধাৰক বিষয়াৰ ওপৰত৷ অর্ধন্যায়িক ক্ষমতা প্রয়োগ কৰা তেনে কৰ গোটৰ বিষয়াসকলে কৰ নির্ধাৰণ কার্যৰ উপৰি কোনো অপৰাধৰ বিচাৰ আৰু দমনমূলক ব্যৱস্থা গ্রহণ কৰা এক পৰম্পৰা মুক্ত কার্যক্রম৷ কাৰণ ভাৰতীয় সংবিধানৰ ৫০ অনুচেছদ মতে কার্যবাহী আৰু ন্যায়িক পযুক্তি সুকীয়া বিষয়াৰ দ্বাৰা নিয়ন্ত্রিত হয়৷ একেগৰাকী বিষয়াই উভয় কার্য সম্পন্ন কৰা নীতি-বিৰুদ্ধ আৰু অযুক্তিকৰ৷
আমাৰ অসমখনত কিন্তু যোৱা ১৯৮৩ চনৰ পৰা এনে কোনো বলৱৎ শাখা বা তদন্ত শাখা বা তদাৰকী শাখা নাই৷ কেতিয়াবা কৰ ফাঁকি ধৰা পেলাবৰ কাৰণে যদি কিবা মানৱ সম্পদ প্রয়োগ কৰা হয়, সেয়া তেনে কার্যৰ সীমাৰেখা আৰু ক্ষমতা নিৰূপণ নকৰি জধে-মধে সম্পাদন কৰাৰ পৰিপ্রেক্ষিতত প্রায়ে প্রত্যাহবানৰ সন্মুখীন হয়৷ আনহাতে, আৰক্ষী প্রশাসনৰ অধীনত আন আন অর্থনৈতিক অপৰাধ ধৰা পেলাবলৈ কার্যকৰী হৈ থকা অপৰাধ তদন্ত গোটটোত কৰ বিভাগৰ বিষয়া আছে যদিও, তেওঁলোকক আইনগত পূর্ণ ক্ষমতা প্রদান কৰা হোৱা নাই৷ ফলত সেই বিভাগটো এক অর্ধ আন্তৰিকভাৱে গঠন কৰা প্রতিষ্ঠান৷ মুঠতে এই কথা যথার্যতে অনুভৱ হয় যে ৰাজ্য চৰকাৰে কৰ ফাঁকি প্রতিহত কৰিবলৈ বিশেষ আগ্রহী নহয়৷ হয়তোবা এক শ্রেণীৰ ক্ষমতাসম্পন্ন ব্যৱসায়ীৰ স্বার্থত আজি ৩৩ বছৰ ধৰি এনে এটা গুৰুত্বপূর্ণ গোট কার্যকৰী কৰাৰ পৰা চৰকাৰ বিৰত আছে৷ ফলত কৰ ফাঁকিৰ গতি অব্যাহত আছে৷
অসমত যোৱা ২০১৩-১৪ আৰু ২০১৪-১৫ বর্ষত কৰ আদায়ৰ পৰিমাণ আছিল ক্রমে ৭৭১৯.৬২ কোটি টকা আৰু ৮১৭৭.১৬ কোটি টকা৷ বর্তমানে ৰাজ্যখনত যিদৰে বাণিজ্যিক ব্যৱস্থাৰ সম্প্রসাৰণ ঘটি আছে আৰু সামগ্রীৰ মূল্য যিদৰে আকাশলংঘী হৈ পৰিছে অহা ২০১৫-১৬ বর্ষত কৰ আদায়ৰ পৰিমাণ ১০,০০০ কোটি টকা বা সমপর্যায়ৰ হ’ব বুলি ধাৰণা হয়৷ অৱশ্যে এই ধনৰ মাজত অসমত দহখন পৰীক্ষণ চকীত আদায় হোৱা কৰ আছিল
২০১৩-১৪র্ত ১১৮.১৭ কোটি টকা
২০১৪-১৫ বর্ষত ৫৯.৭০ কোটি টকা৷
আনহাতে, যোৱা ২০১৩-১৪ আৰু ২০১৪-১৫ বর্ষত কৰ ফাঁকি ধৰা পেলোৱা হৈছিল ক্রমে ২৮১৭ আৰু ২৫৭৭ সংখ্যক৷ ফাঁকি কৰ, জৰিমনা আৰু আদালতত গোচৰ প্রদানৰ বিপৰীতে আপোৰে আদায় কৰা ধনৰ মুঠ পৰিমাণ আছিল ২০১৩-১৪ বর্ষত ১৫.১০ কোটি টকা আৰু ২০১৪-১৫ বর্ষত ক্রমে ১৬.৪১ কোটি টকা৷ অর্থাৎ মূলকৰৰ ০.১৯ আৰু ০.২০ শতাংশ৷ সেয়া কোনো ধৰণৰ উল্লেখযোগ্য কার্যক্রম নহয়৷ অৱশ্যে জৰিমনাৰ পৰিমাণ ফাঁকিকৰৰ তিনি গুণ৷
অসমত যোৱা ১-৪-১৯৮৯ তাৰিখৰ পৰা বিলাস কৰ তথা দ্য আছাম টেক্স অন লাক৲জুৰিছ (হোটেল এণ্ড লোজিং হাউছেছ) এক্ট, ১৯৮৯ প্রৱর্তন হৈছিল৷ পূর্বতে এই কৰ আৰোপ ব্যৱস্থা হোটেল আৰু বাণিজ্যিক ভিত্তিক বাসস্থান তথা অতিথিশালাৰ ওপৰত সীমাবদ্ধ আছিল৷ কিন্তু যোৱা ২৯-৮-২০০৯ তাৰিখৰ পৰা এই বিলাস কৰ ব্যৱস্থা ব্যক্তিগত চিকিৎসালয় তথা ব্যক্তিগত নার্ছিংহ’মসমূহলৈ সম্প্রসাৰণ কৰা হয়৷ যোৱা ২০০৮-২০০৯ বর্ষত বিলাস কৰ আদায়ৰ পৰিমাণ আছিল ৫.৭৫ কোটি টকা৷
অসমত যথেষ্ট সংখ্যক উচচমানৰ হোটেল আছে৷ বাসস্থানৰ উপৰি আনুষংগিক সা-সুবিধা আৰু সেৱাৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিমাণৰ ধন আদায় লয়৷ অনুৰূপভাৱে ব্যক্তিগত চিকিৎসালয়সমূহ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আছে৷ উল্লেখযোগ্য যে একোগৰাকী ৰোগীৰ থকা-মেলাৰ উপৰি, আন আন সুবিধা আৰু সেৱা প্রদানৰ ক্ষেত্রত প্রতিগৰাকী ৰোগীৰ পৰা এক বৃহৎ অংকৰ ধন আদায় লোৱা হয়৷ কিন্তু এই ক্ষেত্রত ২০০৯-১০ বর্ষৰ পৰা আদায় হোৱা কৰৰ পৰিমাণ আপেক্ষিকভাৱে কম বুলি অনুভৱ হয়৷ আমাৰ ধাৰণা মতে বিলাস কৰ যথাযথভাৱে আদায় হৈ আছে যদিও জমা দিয়া কৰতকৈ আদায় ধনৰ পৰিমাণ তুলনামূলকভাৱে অতি কম৷ হয়তো এই বিষয়ে উপযুক্ত অনুসন্ধান, পৰীক্ষণ আদিৰ অভাৱত এক বৃহৎ পৰিমাণৰ কৰ ফাঁকি কার্য অব্যাহত আছে৷ যদি হোটেল বা ব্যক্তিগত চিকিৎসালয়ত সাময়িক বাসিন্দা বা ৰোগীৰ পৰা আদায় কৰা ধনৰ বিপৰীতে পোৱা কৰ যথাযথভাৱে ৰাজকোষত জমা হোৱা নাই, সেয়া এক অর্থনৈতিক অপৰাধ বুলিহে গণ্য হয়৷ এই ক্ষেত্রত উপযুক্ত তদন্তক্রমে বিধি-ব্যৱস্থা গ্রহণ কৰা অতি প্রয়োজনীয়৷ হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত নিয়মিতভাৱে জৰীপ কার্য আৰু পৰীক্ষণ কার্য চলি আছে নে নাই জনা নাযায়৷ এই ক্ষেত্রত এক গতিশীল ব্যৱস্থা গ্রহণ কৰিলে ৰাজহ আদায়ৰ প্রকৃত গতি স্পষ্ট হ’ব৷ প্রকাশিত তথ্য মতে অসমত হোটেল আৰু ব্যক্তিগত চিকিৎসালয়ৰ সংখ্যা ৫৫৭(৩১-৩-২০১৫ তাৰিখ)৷ এনে ক্ষেত্রত উপযুক্ত বিধি-ব্যৱস্থা গ্রহণ কৰিলে এই কৰ আদায়ৰ সত্যাসত্য নিশ্চিত হোৱা সম্ভৱ হ’ব৷
সমগ্র ভাৰততে অচিৰতে সামগ্রী আৰু সেৱা কৰ আইন ব্যৱস্থা কার্যকৰী কৰাৰ কথা চলিছে৷ এই ব্যৱস্থাৰ ফলত কৰ ব্যৱস্থাৰ কার্যক্রমে এক নতুন গতি ল’ব৷ গতিকে তৎপূর্বে বর্তমানে কার্যকৰী হৈ থকা আইনসমূহ প্রশাসনৰ এক গতিশীল ব্যৱস্থা গ্রহণ কৰিলে আৰু বাকী কৰ আদায়ৰ গতি অব্যাহত ৰাখিলে ৰাজ্যখনে অর্থনৈতিক দিশত যথেষ্ট উন্নতি লাভ কৰিব৷
No comments:
Post a Comment