Monday, 13 June 2016

কৃষিৰ মহিলাকৰণঃ উন্নয়নৰ এক নতুন মাত্রা

কৃষিৰ মহিলাকৰণ সাম্প্রতিক অর্থনীতিৰ এক ইতিবাচক পৰিঘটনা হিচাপে বিবেচিত হৈছে৷ দেশৰ কৃষি উৎপাদন কার্যত মহিলাৰ অংশগ্রহণ বৃদ্ধি পাইছে আৰু মহিলাৰ কর্মদক্ষতা, উৎপাদনশীলতা আৰু আত্মমর্যাদাৰ প্রচেষ্টা অব্যাহত আছে৷ স্বকীয়ভাৱে মহিলাই কৃষি কার্য সম্পাদন কৰি পৰিয়ালৰ উপৰি সমাজ আৰু দেশৰ আর্থ-সামাজিক উন্নয়নত অসীম অৱদান আগ বঢ়াবলৈ সক্ষম হৈছে৷ তথাপি কৃষিৰ মহিলাকৰণৰ পটভূমি, ইয়াৰ বিস্তৃতি আৰু প্রভাৱৰ ফলত মহিলা আৰু তেওঁলোকৰ উৎপাদনশীলতা কেনেদৰে প্রভাৱান্বিত হৈছে, কেনেবোৰ প্রতিবন্ধকতাৰ সন্মুখীন হৈছে, সংঘাত আৰু সমস্যাবোৰ নিৰাময়ৰ বাবে কেনেধৰণৰ নীতি আৰু কার্যকাৰিতাৰ প্রয়োজন আছে, সেই বিষয়বোৰ আজিও মুকলিকৈ আলোচনালৈ অহা নাই আৰু দেশৰ নীতি নির্ধাৰকসকলেও এই দিশত গুৰুত্ব আৰোপ কৰা নাই যেন বোধ হৈছে৷
কৃষিৰ কিছুমান কর্ম বিশেষকৈ মহিলাসকলৰ প্রায়বোৰ কর্মই যেনে শস্য আৰু শাক-পাচলিৰ কর্ম, ধবংস হৈ যোৱা বনাঞ্চল পুনৰ উজ্জীৱিত কৰা, ব্যৱহাৰৰ অনুপযোগী ভূমি উৎপাদনৰ উপযোগী কৰি তোলা, জলসম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু উন্নয়ন আদিৰ ক্ষেত্রত আগ বঢ়োৱা মহিলাৰ কর্মবোৰ আজিও সঠিকভাৱে মূল্যাংকন হোৱা নাই৷ সেইদৰে আত্মনিযুক্তি আৰু আনুষ্ঠানিক ঋণৰ ওপৰত একান্তই নির্ভৰশীল ভূমি ভিত্তিক অর্থনীতিৰ কর্মবোৰ প্রয়োজনীয় বিষয় হৈ উঠা নাই৷ স্পষ্টকৈ ক’বলৈ গ’লে আমাৰ দেশৰ প্রায় সংখ্যক মহিলাই হৈছে ভূমিহীন, যাৰ ফলত পশুপালনকে মুখ্য কৰি অন্যান্য আত্মসংস্থাপনমূলক কর্মৰ বাবে চৰকাৰে আগ বঢ়োৱা বিত্তীয় সাহায্যৰ পৰা বঞ্চিত হৈ আছে এই কৃষি শ্রমিক মহিলাসকল৷
গ্রাম্য মহিলাসকলে পশুপালনৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ ঘৰচীয়া জীৱ-জন্তুৰ প্রতিপালন, সংৰক্ষণ, খাদ্য সংগ্রহ, চৰণীয়া পথাৰ ব্যৱহাৰ, গাখীৰ উৎপাদন আৰু বিক্রী কর্ম, পশুৰ মলমূত্রবোৰ জৈৱিক সাৰৰ উপযোগী কৰি তোলা কর্মবোৰ মহিলাই নিয়াৰিকৈ কৰিব পাৰে যদিও সিবোৰৰ গুণগত উৎপাদনৰ দিশত তেওঁলোকৰ পৰিপক্বতা সম্ভৱ হৈ উঠা নাই৷ ভাৰতবর্ষত ৯৩ শতাংশ মহিলাই দুগ্ধপামবোৰত নিয়োজিত হৈ আছে৷ ইয়াৰ বিপৰীতে ৭৫ শতাংশ দুগ্ধ সমবায় পাম পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত৷ মহিলাৰ পশুপালনৰ কর্মপদ্ধতিবোৰ পৰম্পৰাগত দৃষ্টিভংগীত গঢ়ি উঠাৰ বাবে ঘৰুৱা কামৰ পৰিমাণ বাঢ়ে আৰু গোটেই ঘৰখনৰ কামৰ বোজা বহন কৰিব লাগে৷ ইয়াৰ কিছুসংখ্যক কাম-কাজ মহিলাৰ বাবে উপযোগী যদিও সিবিলাকে আর্থিক দিশত বিশেষ উৎসাহিত নকৰে বাবে আর্থিক উন্নয়নতো তেনেবোৰ কর্মৰ অৱদান নাথাকে৷  আমাৰ নিচিনা দেশত গাখীৰ দিয়া গৰু বিক্রীৰ ব্যৱসায় দৰিদ্রতা হ্রাসকৰণত অন্যতম কর্মৰ উৎস হিচাপে বিবেচিত হ’ব পাৰে৷
সাধাৰণতে এইটো নিৰীক্ষণ কৰা হৈছে যে যিবিলাক কর্মৰ ক্ষেত্রবোৰৰ পৰা আপেক্ষিকভাৱে কম উপার্জন আহৰণ কৰিব পাৰি সেইবিলাকতহে মহিলাৰ অৱদান বেছি৷ ০.২ হেক্টৰতকৈ কম ক্ষুদ্র কৃষিভূমিত সর্বাধিক সংখ্যক কৃষক পৰিয়ালে কথমপি খাই-বৈ জীয়াই থাকিব পাৰে৷ ভাৰতবর্ষত ৪৭শতাংশই মহিলা কৃষক শ্রমিক৷ অস্থায়ী আৰু সাময়িকভাৱে বৃদ্ধি পোৱা কর্ম, লাভবিহীন শস্য উৎপাদন আৰু দুর্ভগীয়া গ্রাম্য কৃষকৰ প্রব্রজনে কৃষি আৰু অন্য খণ্ডতো অসংগঠিত শ্রমিকৰ সংখ্যা বৃদ্ধিৰ অৱস্থা এটা সৃষ্টি হোৱাৰ ফলত কৃষিৰ মহিলাকৰণ সম্ভৱ হৈ উঠিছে আৰু মহিলাসকলে কৃষি কর্মত সৃষ্টি হোৱা নিম্ন মজুৰি পায়ো সাময়িক অথবা অস্থায়ী কর্মত নিয়োজিত হ’বলৈ বাধ্য হয়৷ পুৰুষৰ তুলনাত মহিলাসকলে কৃষি উৎপাদনত অধিকাংশ সময় খাটিব লগা হয়৷ আনহাতে অন্যান্য ব্যৱসায়ৰ কর্ম, যেনে নির্মাণ খণ্ড, ব্যৱসায়-বাণিজ্য, হোটেল-ৰেস্তোৰাঁ আদিত মহিলা শ্রমিকৰ অংশগ্রহণ সামান্য৷
সাম্প্রতিক সময়ত অর্থনীতিৰ বিভিন্ন খণ্ডত মহিলাৰ অংশগ্রহণ প্রক্রিয়াটোৰ এক গাঁথনিগত পৰিৱর্তন পৰিলক্ষিত হৈছে৷ কৃষি শ্রমিকৰ ক্ষেত্রত মহিলাৰ অংশগ্রহণ বৃদ্ধি পাইছে আৰু প্রায়সংখ্যক পুৰুষ কৃষি শ্রমিকৰ বিপৰীতে মহিলাসকল হৈ পৰিছে কৃষি শ্রমিক৷ আমাৰ দেশত কৃষিৰ মহিলাকৰণৰ পশ্চাদপটত প্রধানকৈ দুটা কাৰণ নিহিত হৈ আছে৷ প্রথমটো হৈছে, পুৰুষৰ তুলনাত মহিলাসকল অতি দুর্বল বুলি মূল্যাংকন কৰি অহা হৈছে আৰু ভূমিৰ ওপৰত তেওঁলোকৰ অধিকাৰ আৰু নিয়ন্ত্রণ কাম্য নহয় বুলি এক পৰম্পৰাগত ধাৰণা কৰি অহা হৈছে৷ সেইদৰে অন্যান্য উৎপাদনশীল সম্পদবোৰো মহিলাসকলে একান্তই নিজৰ বুলি দাবী কৰিব নোৱাৰে৷ ৰাজহুৱা সেৱা, যেনে– প্রশিক্ষণৰ সুবিধা, সম্প্রসাৰণ সেৱাত নিয়োজিত আৰু ঋণ লাভৰ ক্ষেত্রতো মহিলাসকল উপেক্ষিত হয়৷ জলসিঞ্চনৰ যিবোৰ পদ্ধতি আৰু কৌশল উদ্ভাৱন কৰা হৈছে সেইবোৰ পুৰুষ কৃষকৰ বাবেহে উপযোগীকৈ প্রস্তুত কৰা হৈছে৷ দৰিদ্র কৃষক বিশেষকৈ মহিলাৰ বাবে উপযুক্ত প্রযুক্তি কৌশলবোৰ অস্পর্শিত হৈয়ে আছে৷ দৰিদ্র মহিলা শ্রমিক আৰু মহিলা নিয়ন্ত্রিত ঘৰুৱা কর্মবোৰতো এক লিংগভিত্তিক বিভাজনমুখী বৈষম্য প্রত্যক্ষ হয়৷
দ্বিতীয়তে, সাম্প্রতিক গ্রাম্য সমাজখনত সম্ভৱ হৈ উঠা গাঁথনিগত পৰিৱর্তনে পৰিয়ালৰ সকলো সদস্যক প্রব্রজন কৰিবলৈ সুবিধা নিদিয়ে, যিহেতুকে নগৰবিলাকত উৎপাদন কৰিবৰ বাবে সম্পদৰ পৰিমাণ নিতান্তই সীমাবদ্ধ৷ সেয়ে নগৰাঞ্চলত একমাত্র উপার্জনেই সীমাবদ্ধ নহয়, উৎপাদন সম্বন্ধীয় সম্পদৰ নাটনি, মানৱীয় সামর্থযৰ অভাৱৰ উপৰি সামাজিক মূলধন আৰু বাহ্যিক সম্পদৰ সীমাবদ্ধতাও স্বীকাৰ কৰি ল’ব লগা হয়৷ এনে প্রেক্ষাপটত পুৰুষসকলেহে প্রায়ে অস্থায়ী শ্রমিক হিচাপে নগৰলৈ প্রব্রজন কৰে৷ মহিলাসকলে তেতিয়া পৰিয়ালত আবদ্ধ হৈ ঘৰুৱা কর্মৰ বাহিৰেও কৃষি আৰু ভূমিৰ তদাৰকৰ দায়িত্ব বহন কৰিবলৈ বাধ্য হয়৷ পৰিয়ালৰ ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰা, শিক্ষাৰ সুবিধা দিয়া, বয়স্কসকলৰ যত্ন লোৱা আদি অলেখ ঘৰুৱা কর্মৰ বোজা মহিলাসকলে মূৰ পাতি ল’ব লগা হয়৷ অর্থাৎ উৎপাদনশীল আৰু পুনৰ উৎপাদনশীল কর্মৰ পৌনঃপৌনিক বোজাই মহিলাসকলৰ জীৱনটো অসহনীয় আৰু অস্বাস্থ্যকৰ কৰি তোলে৷
লিংগভিত্তিক মজুৰিৰ বৈষম্যও কৃষিৰ মহিলাকৰণৰ অন্য এক কাৰণ হিচাপে বিবেচনা কৰিব পাৰি৷ শিক্ষাগত অর্হতা আৰু কর্মৰ দক্ষতাই পুৰুষ আৰু মহিলা শ্রমিকৰ মাজত পার্থক্য আনি দিয়ে৷ পুৰুষৰ তুলনাত মহিলাসকলৰ শিক্ষাগত অর্হতা আৰু কর্মদক্ষতা যদিহে কম হয় তেতিয়াহ’লে শ্রমৰ বজাৰত মহিলাসকলে নিশ্চিতভাৱেই পুৰুষতকৈ কম মজুৰি পায় আৰু সেয়ে কম মজুৰিপ্রাপ্ত কর্মত মহিলাৰ সংখ্যাই সর্বাধিক হৈ পৰে৷ প্রকৃততে মহিলাসকলে যদিহে উচচ হাৰৰ মজুৰিপ্রাপ্ত কর্মৰ শ্রমৰ বজাৰত নিয়োজিত হ’ব পাৰে তেনেহ’লে পৰিয়ালৰ বহুবোৰ কর্মৰ বোজা পাতল হ’ব আৰু অধিক উৎপাদনশীল কর্মত দক্ষতা আহৰণৰ সামর্থযও গোটাব পাৰিব৷
সাধাৰণতে নিজৰ ভোগৰ বাবেহে উৎপাদন কৰা ধাৰণাটো সলনি হৈছে আৰু বজাৰত বিক্রীৰ বাবে বাণিজ্যিক কৃষি সামগ্রী উৎপাদনত গুৰুত্ব প্রদান কৰা হৈছে৷ এনে পৰিৱর্তনে এফালেদি নতুন সুবিধা আনি দিছে যদিও আনফালে নতুন বিপদৰ সম্ভাৱনাও কঢ়িয়াই আনিছে৷ কৃষকসকলে কৃষি ভূমিৰ সম্প্রসাৰণ ঘটাই অধিক উৎপাদনৰ আশা কৰি সৰহীয়াকৈ ঋণ ল’ব বিচাৰে আৰু কেতিয়াবা (ভাৰতবর্ষত এই অৱস্থা অব্যাহত আছে) উৎপাদন কমি গ’লে কৃষকৰ সন্মুখত সাংঘাতিক বিপদে দেখা দিয়ে৷ সাম্প্রতিক সময়ত এনে কাৰণতেই কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে৷ বহুসংখ্যক কৃষকে আত্মহত্যা কৰাৰ পাছত খেতি আৰু পৰিয়ালৰ সমস্ত দায়িত্ব প্রায়সংখ্যক পত্নীগৰাকীয়ে বহন কৰিব লাগে৷
কৃষি খণ্ডটোত উৎপাদিত ৰপ্তানি সামগ্রীৰ উৎপাদন কার্যত অধিকাংশ মহিলাই সক্রিয়ভাৱে জড়িত হৈ থাকে৷ তথাকথিত নতুন কৃষি ৰপ্তানি যেনে– শাক-পাচলি, ফলমূল, ফুল, বিভিন্ন উদ্যান শস্য, খাদ্য প্রস্তুতকৰণ আদি সামগ্রী ৰপ্তানি বজাৰখনত মহিলাসকল জড়িত হৈ পৰিছে৷  কিন্তু মূল সমস্যাটো হৈছে মহিলাসকলৰ নিজৰ নামত ভূমি আৰু সম্পত্তি নথকাৰ বাবে ৰপ্তানি বাণিজ্যত মহিলাসকলে জটিলতাৰ সন্মুখীন হ’ব লগা হয়, বিশেষকৈ সামগ্রীৰ গুণগত মানৰ ক্ষেত্রত৷
সমগ্র দেশতেই মহিলাৰ ভূমি অধিকাৰ বিষয়টো অন্যতম অবিবেচনাধীন বিষয় হিচাপে পৰিগণিত হৈ আহিছে৷ একমাত্র ভূমি অধিকাৰেই নহয়, আনুষ্ঠানিক ঋণ, প্রশিক্ষণ আৰু কৃষিৰ সম্প্রসাৰিত কর্মৰ সুবিধাৰ পৰাও মহিলাসকল বঞ্চিত৷ বিকাশশীল  উৎপাদন প্রক্রিয়াত মহিলাৰ সম্পত্তিৰ সমঅধিকাৰ একান্তই প্রয়োজন৷ বর্ধিত মজুৰিৰ বেলিকাও ইয়াৰ গুৰুত্ব অসীম৷ উৎপাদনশীল সম্পদ অথবা উৎপাদনশীল প্রকল্প নির্মাণৰ কাৰণেও মহিলাক ভূমি আৰু সম্পত্তিৰ অধিকাৰ লাগে৷
অর্থনৈতিক নিৰাপত্তা আৰু আত্মঅধিকাৰ সম্ভৱ হৈ নুঠিলে মহিলাসকলে বিনিয়োগৰ দিশত সফল হ’ব নোৱাৰে৷ আটাইতকৈ দুর্ভাগ্যজনক বিষয় যে কৃষিভূমিৰ মালিকীস্বত্ব নথকাৰ বাবেই এই পর্যন্ত এগৰাকী কৃষি মহিলা শ্রমিকক কৃষক হোৱাৰ যোগ্যতাৰ পৰা বঞ্চিত কৰা হৈছে৷ ফলত কৃষি সম্প্রসাৰণ আৰু নতুন প্রযুক্তিৰ তথ্য একমাত্র পুৰুষৰ বাবেহে প্রয়োজ্য৷ কৃষি উৎপাদনৰ অধিকাংশ কর্ম সম্পাদন কৰাৰ উপৰি শাক-পাচলি, মৎস্য উৎপাদন, বনাঞ্চল প্রতিপালন, পশুপাম পৰিচালনা, কৃষি ৰপ্তানি বাণিজ্য বজাৰত অংশগ্রহণ আদি কার্যবোৰ যদিহে মহিলা কৃষকৰ বুলি মান্যতা দিয়ে, তেনেহ’লে মহিলাসকল একমাত্র ঘৰুৱা কাম-কাজৰ পৰিচালক হিচাপেই নহয় উপযুক্ত প্রশিক্ষণৰ যোগেদি কৃষিপামৰ পৰিচালক হোৱাৰ যোগ্যতা অর্জন কৰিব পাৰিব৷
আমাৰ দেশৰ কৃষি ব্যৱস্থাতো মহিলাৰ কৃষিৰ বাবে এক নতুন প্রচেষ্টা অৱধাৰিত কৰি তুলিব লাগে৷ মহিলাসকলক ভূমি অধিকাৰ প্রদান আৰু নিশ্চিত নিৰাপত্তা প্রদান কৰি এক উন্নত আৰু উচচ মানৰ শস্য উৎপাদনত উৎসাহিত কৰিলে পৰিয়ালৰ উপার্জন বৃদ্ধিৰ দিশটো মহিলাই চম্ভালিব পাৰিব আৰু ভূমি অধিকাৰে মহিলাৰ ওপৰত চলি থকা অত্যাচাৰবোৰো কমাই আনিব বুলি আশা কৰিব পাৰি৷

সম্পদৰ অপূর্ণ ব্যৱহাৰ হৈ থকা ক্ষেত্রবোৰত গতিশীল পৰিচালনা আৰু পৰিয়ালত মহিলাৰ সম্পদৰ মালিকীস্বত্বৰ মর্যাদাই সিবোৰ সদ৲ব্যৱহাৰ কৰি উৎপাদনশীলতা বঢ়াই তুলিব পাৰে৷ ক্ষুদ্র ঋণৰ সহজলভ্যতাই মহিলাসকলক কৃষিভূমিত মূলধন বিনিয়োগ কৰিবলৈ সহায় কৰিব পাৰে৷ মহিলাৰ কৃষি প্রযুক্তিৰ সবলীকৰণে মহিলাৰ  সম্পদৰ ওপৰত অধিকাৰ, কৃষি পৰিচালনাৰ দক্ষতা আৰু জ্ঞান লাভ, গ্রামাঞ্চলত লিংগ বৈষম্যৰ প্রতি সজাগতা বৃদ্ধিত তথ্য আৰু যোগাযোগ প্রযুক্তিয়ে কাম্যতম ফল প্রদান কৰিব পাৰে৷ মহিলাসকলক এগৰাকী উৎপাদক, আৰু অর্থনীতিৰ সফল অৱদানকাৰী ব্যক্তি হিচাপে পৰিচিত হোৱাৰ পৰিৱেশ গঢ়ি তোলা উচিত৷ গোবিন্দ কেলকাৰৰ ভাষাত– 'Women unemidiated control and ownership of land, new technology and irrigation and management skill give them and their households a livelihood with dignity.'
(লেখক কাকজান মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক৷ ফনঃ  ৯৮৫৪০-৫৫৪০৬)
Posted by Dainik Janambhumi

No comments:

Post a Comment