Monday, 4 July 2016

আৱেগৰ ধুমুহাই অসমৰ আর্থিক বিকাশ নঘটায়


অসমত ৩৫ বছৰে অচল হৈ থকা ১২খন তৈলক্ষেত্র ব্যক্তিগত খণ্ডক লীজত দিবলৈ নিলাম কৰিব বুলি কেন্দ্রীয় পেট্রলিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে গুৱাহাটীত সংবাদমেলত ঘোষণা কৰাৰ পিছত ইয়াৰ বিৰোধিতা কৰি অসমত বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷ ‘তেজ দিম তেল নিদিওঁ’ বুলি পুৰণি আৱেগৰ শ্ল’গান পুনৰ অসমৰ ৰাইজৰ মাজত উত্থাপন কৰা হৈছে৷ এই সকলোবোৰ আৱেগ জর্জৰিত প্রতিবাদ বর্তমান মুক্ত অর্থনীতিত প্রযোজ্য নহয়৷ আমি যদি প্রত্যেকটো কেন্দ্রীয় চৰকাৰৰ আর্থিক বিকাশৰ কার্যসূচীক আন্দোলনৰ দ্বাৰাই প্রশমিত কৰাৰ চেষ্টা কৰোঁ তেনেহ’লে অসমৰ আর্থিক বিকাশ কেনেকৈ সম্ভৱ হ’ব৷ ১৯৯১ চনত কংগ্রেছ চৰকাৰে মুক্ত অর্থনীতিৰ দুৱাৰ খুলি বিদেশী আৰু স্বদেশী পুঁজিপতিক দেশৰ অর্থনৈতিক বিকাশৰ কার্যসূচীত অংশগ্রহণ কৰাৰ বাট মুকলি কৰি দিছিল, যাৰ দ্বাৰা তেওঁলোকে দেশত মুক্তমনে চৰকাৰী নীতিৰ অধীনত বিনিয়োগ কৰিব পাৰে৷ দেশৰ আর্থিক বিকাশৰ দৰ ত্বৰান্বিত কৰাৰ লক্ষ্য আগত ৰাখি কেন্দ্রৰ  সেই সময়ত শাসনাধিষ্ঠিত কংগ্রেছ চৰকাৰে এই মুক্ত বাণিজ্যৰ নীতি গ্রহণ কৰিছিল৷ তাৰ ফলত এতিয়া শ শ বিদেশী বহুজাতিক কোম্পানীয়ে সমগ্র ভাৰতত তেওঁলোকে বিনিয়োগ কৰি দেশৰ অর্থনীতি টনকিয়াল কৰাত আগভাগ লৈ আহিছে৷ কয়লাৰ পৰা আৰম্ভ কৰি তৈলক্ষেত্রৰ খনন, ইঞ্চুৰেঞ্চ, বেংক, বহুজাতিক খাদ্য-সামগ্রীৰ বিক্রী প্রতিষ্ঠান আমেৰিকাৰ মেকডনাল্ডছ, অনলাইন সামগ্রী বিক্রী প্রতিষ্ঠান, বিদেশী বেংক,  আদি বিভিন্ন  ব্যাৱসায়িক ক্ষেত্রত বিদেশী কোম্পানীবোৰে ভাৰতত বিনিয়োগ কৰি ভাৰতত ব্যৱসায় কৰি আহিছে৷ আমি যেতিয়া এমাজন, আলিবাবাৰ পৰা ঘৰতে বহি অনলাইনৰ যোগেদি সামগ্রী ক্রয় কৰোঁ তেতিয়া কোনো সংগঠনৰ চকুত নপৰে৷ যেতিয়া মেকডনাল্ডছত বিলাসী খাদ্য-সামগ্রী খাই আমাৰ আভিজাত্য প্রদর্শন কৰোঁ তেতিয়া জাতীয় সংগঠনবোৰ নিমাত কিয়? আমাৰ ভাৰতৰ পৰা দেশীয় কোম্পানীবোৰে যেতিয়া বিদেশলৈ চেনি আৰু কাপোৰ ৰপ্তানি কৰে তেতিয়া আমি কিয় নিমাত থাকোঁ৷ আমি যেতিয়া আমাৰ ভাৰতত উৎপাদন হোৱা কৃত্রিম উপগ্রহবোৰ বিদেশী বিভিন্ন ৰাষ্ট্রক বিক্রী কৰোঁ তেতিয়া আমি কিয় নিমাত থাকোঁ৷ যেতিয়া আমি আমাৰ মিছাইল বিদেশী ৰাষ্ট্রক বিক্রী কৰোঁ তেতিয়া আমি কিয় নিমাত থাকোঁ৷ এই সকলোবোৰ মুক্ত বাণিজ্যৰে ফল৷ এখন দেশৰ লগত সিখন দেশৰ বেপাৰ-বাণিজ্য সুচল হ’লেহে দেশ এখনৰ আর্থিক বিকাশ ত্বৰান্বিত হয়, এয়াই আজিৰ বিশ্বৰ মুক্ত অর্থনীতি৷ বিদেশৰ কোম্পানীৰ পৰা পুঁজি আহিলেহে দেশৰ অর্থনীতি টনকিয়াল হ’ব৷ আমাৰ দেশক খাৰুৱা তেল যিমান প্রয়োজন হয় তাৰ ৭০ শতাংশই আমি ইৰাক, ছৌডি আৰব তথা অন্য দেশৰ পৰা আমদানি কৰোঁ৷ দেশত মাত্র আমাৰ চাহিদাৰ ৩০ শতাংশহে উৎপাদন হয়৷ দেশত যিমানেই খাৰুৱা তেলৰ খনন আৰু উৎপাদন বাঢ়িব সিমানেই আমি আৰব দেশৰ ওপৰত নির্ভৰশীলতা কমি যাব আৰু দেশৰ ৰাজহুৱা ঘাটিৰ পৰিমাণ তীব্রভাৱে কমি যাব৷ যেতিয়া দেশে বিদেশী ৰাষ্ট্রৰ পৰা ভাৰতলৈ তেলৰ আমদানি কৰে, তেতিয়া দেশৰ ৰাজভঁৰাল টনকিয়াল নহয়, উদংহে হয় আৰু টকাৰ মাত্রা নিম্নগামী হয়, যেতিয়া  বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ নকৰে আৰু ভাৰতৰ পৰা তেওঁলোকৰ বিনিয়োগ কৰা টকা উঠাই লৈ যায়৷ এয়াই বাস্তৱ, ইয়াত কোনো আৱেগৰ স্থান নাই৷ এই ক্ষেত্রত জাতীয় সংগঠনসমূহে গুৰুত্ব দিয়া আৰু উপলব্ধি কৰা উচিত৷ কেৱল অসমীয়াক আৱেগৰ জোৱাৰত উটুৱাই নিবলৈ চেষ্টা কৰিলে অসম বছৰ বছৰ ধৰি ভাৰতৰ আন ৰাজ্যতকৈ পিছ পৰি থাকিব আৰু কেতিয়াও অসম আর্থিক দিশত আগ নাবাঢ়িব৷ ফলত কোনো বহুজাতিক কোম্পানীয়ে অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি নাহে৷ অসমত এতিয়াও তেল আৰু প্রাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ মজুত আছে যিবোৰ এতিয়াও অনাৱিষ্কৃত অৱস্থাত আছে৷ এই অনাৱিষ্কৃত তেলৰ ভাণ্ডাৰসমূহ স্বদেশীয়েই হওক বা বিদেশী কোম্পানীৰ দ্বাৰা চিনাক্ত কৰি খনন কৰা অতি প্রয়োজন৷ তেতিয়াহে অসমে দেশৰ মানচিত্রত এক বৃহৎ অর্থনৈতিক শক্তি ৰূপে প্রতিপন্ন হ’ব৷ যিহেতু এই আৱিষ্কৃত আৰু আৱিষ্কৃত হ’বলৈ বাকী থকা তৈল ভাণ্ডাৰসমূহ খনন কৰি চিনাক্ত কৰিবলৈ হাজাৰ হাজৰ কোটি টকাৰ প্রয়োজন৷ গতিকে দেশৰ নৱৰত্ন কোম্পানীসমূহে লোকচান ভৰি থকা সময়ত আকৌ হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে ৰাজহুৱা কোম্পানীসমূহৰ লগতে চৰকাৰক বৃহৎ পুঁজিৰ প্রয়োজন হ’ব যিটো বর্তমান সময়ত সম্ভৱ নহয়৷ আকৌ ONGC, OIL INDIAৰ ওপৰত চৰকাৰৰ টেক্সৰ লগতে ছাবছিডিৰ বোজা আছেই আৰু নতুনকৈ খনন আৰু নিষ্কাশন কৰিবলৈ হ’লে ONGC, OIL INDIA ক বৃহৎ পুঁজিৰ লগতে কর্মচাৰীৰ প্রয়োজন হ’ব৷ সেইফালৰ পৰা চাবলৈ গ’লে অসমত ৩৫ বছৰ ধৰি অচল অৱস্থাত পৰি থকা তৈলক্ষেত্রসমূহ বিদেশীয়েই হওক বা স্বদেশী কোম্পানীয়েই হওক খনন কৰিবলৈ দিয়াত কোনো আপত্তি নাই যিহেতু চৰকাৰেতো তেওঁলোকক তৈলক্ষেত্রসমূহ এনেয়েই গতাই নিদিয়ে৷ নিলামৰ জৰিয়তে চৰকাৰে পইচা নখটোৱাকৈয়ে এক বৃহৎ ৰাজহ সংগ্রহ কৰিব, যিটো চৰকাৰৰ ৰাজভঁৰালৈকে যাব আৰু দেশৰ লগতে অসমৰ উন্নয়নত সেই ৰাজহ ব্যৱহাৰ হ’ব৷ যিহেতু অসম এখন ভাৰতৰ অবিচেছদ্য অংগ গতিকে ভাৰত চৰকাৰৰ যিবোৰ নীতি আছে, সেই  নীতি মতেই কাম হ’ব যিহেতু অন্যৰাজ্যতো সেই নীতি প্রযোজ্য গতিকে ইয়াত ভাৰতে অসমক শোষণ কৰিছে বুলি কোৱাত কোনো যুক্তি নাই৷ অৱশ্যে আমাৰ সম্পদৰ ওপৰত আমাৰ অধিকাৰ থাকিবই লাগিব, গতিকে জাতীয় সংগঠনসমূহে এই সময়ত আমাক ভাৰত চৰকাৰে তেলৰ ওপৰত দিয়া ৰয়েল্টি দুগুণলৈ বৃদ্ধি কৰা, অসমীয়া লোকক সম্পূর্ণ নিযুক্তি দিয়া, থলুৱাক উপেক্ষা কৰা নীতি বন্ধ কৰা আৰু পাৰিলে অসম চৰকাৰক অসমৰ জাতীয় সম্পদসমূহৰ ওপৰত বিনিয়োগ কৰিবলৈ এটা বৃহৎ চৰকাৰী কোম্পানী স্থাপন কৰাত সৈমান কৰিব পাৰিলে অসমীয়া জাতি আর্থিকভাৱে স্বাৱলম্বী হ’ব আৰু অসমৰ নিবনুৱা সমস্যা সমাধানত এক সুদূৰপ্রসাৰী প্রভাৱ পৰিব৷
(নঃ ৯৪৩৫০৫৪২৮৩)
Posted by Dainik Janambhumi

No comments:

Post a Comment