কেন্দ্রীয়
চৰকাৰে নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে
1971 চনৰ পাছৰ হিন্দু বাংলাদেশীক
নাগৰিকত্ব প্রদানৰ বাবে চলোৱা প্রচেষ্টাৰ
বিৰুদ্ধে ৰাজ্যত প্রবল জনমতৰ
সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ৰাজনৈতিক
দলসমূহৰ মাজতো বিষয়টোক লৈ
ৰাজনীতি আৰম্ভ হৈছে৷ বিজেপি,
কংগ্রেছ, অগপ আৰু বাওঁ
শিবিৰেও নিজা নিজা ৰাজনৈতিক
দৃষ্টিকোণেৰে গোটেই বিষয়টো আগবঢ়াই
নিছে৷ বহি থকা নাই
নাগৰিক সমাজ আৰু বুদ্ধিজীৱীও৷
ৰাজনৈতিক
দলসমূহৰ প্রধান লক্ষ্য হৈছে
প্রসংগটোৰ জৰিয়তে নির্বাচনী ৰাজনীতি
আৰু নিজৰ ভোটবেংক সুৰক্ষিত
কৰা৷ প্রথমে বিজেপিৰ প্রসংগলৈকে
অহা যাওক৷ ভাৰতীয় জনতা
পার্টিয়ে বিষয়টোৰ সমর্থনত প্রধানকৈ দুটা যুক্তি আগবঢ়াইছে৷
ইয়াৰে প্রথমটো হৈছে বাংলাদেশত হিন্দুসকল
সুৰক্ষিত নহয়৷ গতিকে তেওঁলোকৰ
সুৰক্ষাৰ দায়িত্ব ভাৰতবর্ষই মানৱীয় দৃষ্টিকোণেৰে গ্রহণ
কৰিব লাগিব৷ বিজেপিৰ এই
যুক্তি একেবাৰে দলিয়াই পেলাব পৰা
বিধৰ নহয়৷ প্রধানমন্ত্রী শ্বেখ
হাছিনাই বাংলাদেশত হিন্দুসকল নির্যাতনৰ বলি হোৱা নাই
বুলি ঘোষণা কৰিছে যদিও
সেই কথা একে আষাৰতে
মানি ল’ব নোৱাৰি৷
কাৰণ দেশখনত বিভিন্ন সময়ত
হিন্দু লোক নির্যাতনৰ বলি
হোৱাৰ তথ্য প্রকাশ পাই
আহিছে৷ পৰিসংখ্যায়ো একে কথাই কয়৷
1941 চনত দেশখনত 28 শতাংশ হিন্দু জনসংখ্যা
থকাৰ বিপৰীতে 2011 চনত সেই জনসংখ্যা
8.5 শতাংশলৈ হ্রাস পাইছে৷ আনহাতে,
দেশখনৰ শেহতীয়া পিয়ল প্রকাশ পোৱা
নাই যদিও বিভিন্ন সংস্থাই
চলোৱা জৰীপৰ তথ্য অনুসৰি
দেশখনত হিন্দুৰ সংখ্যা 5.5 শতাংশলৈ হ্রাস পাইছে৷ এতিয়া
প্রশ্ন উঠিব এনেদৰেই বাংলাদেশত
হিন্দু জনসংখ্যা ভয়ংকৰ গতিত হ্রাস
পোৱাৰ কাৰণ কি? প্রাণৰ
সংশয়তেই বৃহৎ সংখ্যক হিন্দু
লোক যে দেশখনৰ পৰা
পলায়ন কৰিছে তাত কোনো
সন্দেহ নাই৷ বর্তমান শাসনত
থকা আৱামী লীগৰ শাসনৰ
সময়ত হিন্দু লোকসকল কিছু
সুৰক্ষিত বুলি ধৰিলেও অদূৰ
ভৱিষ্যতে সেই একেটা দলেই
বাংলাদেশত শাসনত থাকিব বুলি
ক’ব নোৱাৰি৷ প্রকৃতার্থত
1947ৰ দেশ বিভাজনৰ পাছৰ
পৰা প্রাণৰ মমতাতে হিন্দু
লোকসকল পলায়ন কৰি আহিছে৷
এনে দৃষ্টিৰে হিন্দু বাঙালী প্রসংগটোৰ
পৰা মানৱীয় দিশ আঁতৰাই
থোৱা উচিত নহ’ব৷
কিন্তু তেনে ক্ষেত্রতো অসমৰ
কথা সুকীয়া হ’ব৷
কাৰণ ভাৰতবর্ষৰ ভিতৰত অসমেই এখন
ৰাজ্য যিখন ৰাজ্যই এখন
চুক্তি কৰি 1971 চনৰ 24 মার্চলৈকে অহা
হিন্দু, মুছলমান সকলো বিদেশীৰ বোজা
লৈ থৈছে৷ সেইবাবে মানৱীয়
দৃষ্টিভংগীৰে বিজেপিয়ে হিন্দু বাঙালীসকলক নাগৰিকত্ব
দিব বিচাৰিলেও তাৰ বোজা অসমে
আৰু লোৱাৰ প্রশ্ন উঠিব
নোৱাৰে৷ তাৰ বিপৰীতে হিন্দু
বাঙালীসকলক দেশখনৰ অন্যান্য ৰাজ্যৰ
মাজত ভগাই দি কেন্দ্রীয়
চৰকাৰে সমস্যাটোৰ সমাধান কৰিব পাৰে৷
তেতিয়াও অসম সুৰক্ষিত হ’ব বুলি ক’ব নোৱাৰি৷ কাৰণ
অন্য ৰাজ্যত হিন্দু বাংলাদেশীসকলক
সংস্থাপিত কৰিলেও তেওঁলোক অসমলৈ
আহি বসবাস কৰাত কোনো
বাধা নাথাকিব৷ তেওঁলোকে যিহেতু নাগৰিকত্ব পাব
সেইবাবে দেশখনৰ যিকোনো ৰাজ্যলৈ
গৈ বসবাস কৰাৰ অধিকাৰ
তেওঁলোকৰ থাকিব৷
এই প্রসংগত বিজেপিয়ে আৰু কৈছে যে
ৰাজ্যৰ জনগাঁথনি দ্রুত গতিত পৰিৱর্তন
হৈছে৷ এনে অৱস্থাত অসমৰ
জনগাঁথনি সন্তুলন (বেলেঞ্চ) কৰাৰ স্বার্থত হিন্দু
বাংলাদেশীসকলক অসমত ৰাখিব লাগে৷
পোনপটীয়াভাৱে ক’বলৈ গ’লে বিজেপিয়ে ৰাজ্যখনত
ভয়াৱহভাৱে বৃদ্ধি পোৱা মুছলমান
জনসংখ্যাৰ কথা কৈ হিন্দু
বাঙালীসকলক নাগৰিকত্ব প্রদানৰ সপক্ষে যুক্তি প্রদর্শন
কৰিছে৷ অসমৰ জনগাঁথনি ভয়ংকৰ
হাৰত সলনি হোৱাটো সর্বজনবিদিত৷
2011 চনৰ লোকপিয়লৰ প্রতিবেদন অনুসৰি অসমৰ নখন
জিলাৰ জনগাঁথনি সম্পূর্ণৰূপে পৰিৱর্তন হৈছে আৰু মুঠ
এঘাৰখন জিলাৰ জনগাঁথনিৰ পৰিৱর্তন
হ’বলৈ গৈ আছে৷
এই জিলাসমূহত ইতিমধ্যে মুছলমান লোক সংখ্যাগৰিষ্ঠ হৈছে৷
অনুপ্রৱেশৰ বাবেই যে এনে
হ’বলৈ পাইছে সেইটো
একপ্রকাৰ খাটাং৷ কাৰণ প্রব্রজিত
মুছলমান লোকসকলৰ মাজত জন্মনিয়ন্ত্রণৰ কোনো
ব্যৱস্থা নাই৷ তাৰ উপৰি
তেওঁলোকৰ মাজত বংশ বিস্তাৰৰ
এক প্রৱণতা আছে৷ এই সমস্যাটো
স্বাভাৱিকভাৱেই অসম আৰু অসমীয়াৰ
বাবে ভয়ংকৰ বিপদৰ আগজাননী৷
কিন্তু এই সমস্যা ৰোধৰ
উপায়ো বিদেশীক সংস্থাপন কৰাটো হ’ব
নোৱাৰে৷
বিজেপিয়ে
নির্বাচনৰ সময়ত জাতি, মাটি
আৰু ভেটি ৰক্ষা কৰাৰ
প্রতিশ্রুতি দিছিল৷ কিন্তু তেওঁলোকে
হিন্দু বিদেশীক অসমত সংস্থাপিত কৰি
জাতিক ৰক্ষা কৰিম বুলি
কোৱা নাছিল৷ নির্বাচনী প্রতিশ্রুতি
পূৰণ কৰি জনগাঁথনিৰ পৰিৱর্তনৰ
পৰা খিলঞ্জীয়া মানুহক ৰক্ষা কৰিবৰ
বাবে বিজেপি চৰকাৰে এতিয়া
এখন নীতি ভিত্তিক এখন
জনসংখ্যা নীতি যুগুত কৰক৷
অনুপ্রৱেশে কোঙা কৰা অসমৰ
দৰে ৰাজ্যত এখন স্পষ্ট
জনসংখ্যা নীতি নথকাটো চৰম
উদ্বেগৰ কথা৷ অস্বাভাৱিকভাৱে জনসংখ্যা
বৃদ্ধি ৰোধ কৰিবলৈ বিজেপি
চৰকাৰে এনে এখন জনসংখ্যা
নীতি প্রস্তুত কৰি তাত কিছুমান
বাধ্যবাধকতা আৰোপ কৰা জৰুৰী
প্রয়োজন৷ যেনে– দুটা বা
তিনিটা সন্তানৰ অধিক জন্ম দিয়াসকলক
সকলো চৰকাৰী আঁচনিৰ লগতে
চৰকাৰী চাকৰিৰ পৰাও বঞ্চিত
হ’ব বুলি ঘোষণা
কৰিব লাগে৷
আমি ভাবোঁ এনে এক
কঠোৰ জনসংখ্যা নীতি অস্বাভাৱিকভাৱে জনসংখ্যা
বৃদ্ধি ৰোধ কৰাত সহায়ক
হ’ব৷ তাৰ সমান্তৰালভাৱে
চলি থকা এন আৰ
চি উন্নীতকৰণ প্রক্রিয়া হস্তক্ষেপ মুক্ত কৰি শেষজন
বিদেশীৰ নাম কর্তন কৰাৰ
ব্যৱস্থা কৰক৷ ইউ পি
এ চৰকাৰৰ দিনতে এজন
গৃহ ৰাজ্যমন্ত্রীয়ে ঘোষণা কৰা মতে,
অসমত 50 লাখ বিদেশী আছে৷
বর্তমানলৈ সেই সংখ্যা কিমানলৈ
বৃদ্ধি পাইছে সেই কথা
কোনেও নাজানে৷ কিন্তু সঠিক প্রক্রিয়াৰে
যদি এন আৰ চি
উন্নীত হয় তেন্তে লাখ
লাখ বিদেশীৰ নাম সংশোধিত ভোটাৰ
তালিকাৰ পৰা কর্তন হোৱাটো
নিশ্চিত৷ আমাৰ বিশ্বাস সেই
বিদেশীৰ ভিতৰত অধিকাংশ মুছলিম
সম্প্রদায়ৰ হ’ব৷ এনেবোৰ
যুক্তিৰ জৰিয়তে বিজেপিয়ে হিন্দু
বাংলাদেশীৰ সমর্থনত আগবঢ়োৱা সকলো কথাই নাকচ
কৰিব পাৰি৷ এই সকলো
কথা দলটোৱে জানে যদিও
একমাত্র অসমত নিজৰ বাবে
ভোটবেংক সৃষ্টি কৰাৰ লক্ষ্যৰেই
এতিয়া হিন্দু বাংলাদেশীক নাগৰিকত্ব
দিবলৈ ওলাইছে৷ তাৰ বিপৰীতে কংগ্রেছ,
অগপ আৰু বাওঁ শিবিৰে
হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিৰুদ্ধে যি তৎপৰতা চলাইছে
সেয়া সঁচাকৈয়ে অসম আৰু অসমীয়াৰ
স্বার্থতনে?
উল্লেখযোগ্য
যে 1986 চনত প্রথম নাগৰিকত্ব
আইন সংশোধন কৰি বিদেশী
লোকৰ সতি-সন্ততিক জন্মসূত্রে
নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লোৱা
হৈছিল৷ সেই সময়ত কেন্দ্রত
আছিল কংগ্রেছৰ চৰকাৰ আৰু অসমত
আছিল অসম গণ পৰিষদৰ
চৰকাৰ৷ মোৰ যিমান দূৰ
মনত পৰে কেন্দ্রৰ সেই
সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্র
সন্থাই তেতিয়া অসম বন্ধৰো
আহবান দিছিল৷ কিন্তু উক্ত
জাতিধবংসী সিদ্ধান্তৰ বিৰুদ্ধে সেই সময়ত কংগ্রেছ,
অগপ আৰু বাওঁ শিবিৰৰ
কোনেও মাত নামাতিলে৷ তাৰ
পাছত আকৌ 2003 চনত নাগৰিকত্ব আইনৰ
পুনৰবাৰ সংশোধন কৰি 2004 চনলৈকে
অসমলৈ অহা সকলো বিদেশীৰ
সতি-সন্ততিক জন্মসূত্রে নাগৰিকত্ব প্রদানৰ ব্যৱস্থা কৰিলে৷ সেই সময়ত
দিল্লীত আছিল অটল বিহাৰী
বাজপেয়ী নেতৃত্বাধীন বিজেপিৰ চৰকাৰ আৰু অসমত
আছিল তৰুণ গগৈ নেতৃত্বাধীন
কংগ্রেছৰ চৰকাৰ৷ কেন্দ্রৰ সেই
সিদ্ধান্তৰ বিৰুদ্ধে সেই সময়তে এই
কাকতত কেইবাখনো প্রতিবেদন প্রকাশ পোৱাৰ উপৰি
জাতীয় দল-সংগঠনসমূহেও কেন্দ্রৰ
সিদ্ধান্তৰ তীব্র প্রতিবাদ কৰিছিল৷
কিন্তু সেই সময়তো নীৰৱে
থাকিল কংগ্রেছ, অগপ, বাওঁপন্থী আদি
দলসমূহ৷
এতিয়া
হিন্দু বাংলাদেশীৰ প্রসংগত সক্রিয় ভূমিকা লোৱা
এই দল-সংগঠনসমূহ তেতিয়া
নীৰৱ হৈ আছিল কিয়?
বিদেশীৰ পৰা জাতিক ৰক্ষা
কৰাই যদি তেওঁলোকৰ প্রধান
উদ্দেশ্য, তেন্তে তেতিয়া প্রতিবাদ
নকৰিলে কিয়? 2004 চনলৈকে অসমলৈ অহা
বিদেশীৰ সতি-সন্ততিয়ে জন্মসূত্রে
নাগৰিকত্ব পোৱাৰ ব্যৱস্থা কৰাৰ
পাছত বর্তমানলৈ কিমান বিদেশীৰ সতি-সন্ততি ভাৰতীয় হ’ল তাৰ হিচাপ
কোনে ৰাখিছে? এনে পদক্ষেপৰ বিৰোধিতা
নকৰাৰ অন্তৰালৰ ৰহস্য কি আছিল?
মুকলিভাৱে ক’বলৈ গ’লে কংগ্রেছ, বাওঁ
শিবিৰ আৰু বহু পৰিমাণে
অগপয়ো প্রব্রজিত মুছলমান লোকৰ স্বার্থত আঘাত
পৰে বুলিয়েই সেই সময়ত নীৰৱে
আছিল৷ কাৰণ তেওঁলোকে জানে
যে তেনেদৰে জন্মসূত্রে নাগৰিকত্ব পোৱা বেছি সংখ্যকেই
হ’ব প্রব্রজিত মুছলমান
লোকৰে সতি-সন্ততি৷ ৰাজনৈতিক
দলসমূহে ভোটবেংকৰ অংকৰে তেতিয়া নীৰৱে
আছিল বুলি ধৰিলেও ড0
হীৰেন গোহঁাইৰ দৰে বাওঁ শিবিৰৰ
বুদ্ধিজীৱীসকল এনে জাতিধবংসী সিদ্ধান্তৰ
বিৰুদ্ধে তেতিয়া ৰাজপথলৈ ওলাই
অহা নাছিল কিয়? অসমৰ
বিদেশীৰ সমস্যাটো আজিৰ বা এতিয়াৰ
সমস্যা নহয়৷ এই সমস্যাই
যোৱা কেইবা দশক অসমৰ
জাতীয় জীৱন অস্থিৰ কৰি
ৰাখিছে৷ ইতিমধ্যেই নখনকৈ জিলাৰ জনগাঁথনি
সলনি হৈছে৷ এই সুদীর্ঘ
সময়ছোৱাত ড0 হীৰেন গোহঁাইৰ
দৰে বাওঁ শিবিৰৰ বুদ্ধিজীৱী
আৰু নাগৰিকসকল এতিয়াৰ দৰে বিদেশীৰ
বিৰুদ্ধে সোচচাৰ হোৱা অসমৰ
ৰাইজে দেখিছিলনে? হিন্দু বাংলাদেশীৰ প্রসংগত
অলপতে ড0 গোহঁায়ে কৈছে
যে কেন্দ্রৰ উক্ত পদক্ষেপে খিলঞ্জীয়াৰ
স্বার্থ বিঘ্নিত কৰিব৷ প্রশ্ন উঠিব
কেৱল হিন্দু বিদেশীয়েহে খিলঞ্জীয়াৰ
স্বার্থ বিঘ্নিত কৰিব নেকি? অথবা
অনুপ্রৱেশকাৰীসকল কেৱল হিন্দুৱেই নেকি?
মুছলমান অনুপ্রৱেশকাৰী অসমত নাই নেকি?
যদি আছে তেন্তে মুছলমান
অনুপ্রৱেশকাৰীয়ে খিলঞ্জীয়াৰ স্বার্থ বিঘ্নিত নকৰিব নেকি? যদিহে
সকলো বিদেশীয়েই অসম তথা অসমীয়াৰ
বাবে ভাবুকি তেন্তে ড0
হীৰেন গোহঁায়ে কিয় কাহানিও বিদেশীৰ
বিষয়টোক লৈ সামগ্রিকভাৱে সোচচাৰ
হোৱা নাই? কিয় কংগ্রেছে
অনুপ্রৱেশৰ পৰা জাতিটোক ৰক্ষা
কৰাৰ কথা ইমান দিনে
নাভাবিলে? কংগ্রেছৰ দৰে দলৰ এই
প্রসংগৰ বিৰোধিতা কৰাৰ মূল উদ্দেশ্য
যেনেদৰেই মুছলমান ভোটবেংক সুৰক্ষা কৰা ঠিক একেদৰেই
বিদেশীৰ প্রসংগত এতিয়া বাওঁপন্থীসকলসক্রিয় হোৱাৰ
আঁৰৰো মূল উদ্দেশ্য হৈছে
তেওঁলোকৰ বিজেপি বিদ্বেষ৷ অর্থাৎ
তেওঁলোকৰ কোনোটো পক্ষৰে উদ্দেশ্য
জাতি, মাটি আৰু ভেটি
ৰক্ষা কৰা নহয়৷ তেনে
উদ্দেশ্য থকাহেঁতেন বিদেশীৰ প্রসংগৰ বিৰোধিতা কৰিবলৈ গৈ তেওঁলোকে
নির্লজ্জভাৱে ধর্মীয় দৃষ্টিকোণ ৰাইজৰ
সন্মুখত প্রকাশ নকৰিলেহেঁতেন৷ জাতিৰ
কথা ভবাহেঁতেন সেই লোকসকলেও মায়ং,
বৰপেটা সত্রৰ বেদখল উচেছদৰ
দাবী কৰিলেহেঁতেন৷ প্রকৃতার্থত বিদেশীৰ প্রসংগত ড0 হীৰেন গোহঁাইৰ
দৰে ব্যক্তিয়ে প্রথমৰে পৰা মাত মাতি
অহাহেঁতেন অসমৰ অৱস্থা আজিৰ
দৰে নহ’লহেঁতেন৷
কিন্তু
দুর্ভাগ্যৰ কথা যে বিদেশীৰ
প্রসংগত যেতিয়াই মুছলমান অনুপ্রৱেশকাৰীৰ কথাটো আহে তেতিয়াই
বাওঁ শিবিৰে ‘খাতি খোৱা লোক’
জাতীয় কথা কৈ বিষয়টো
অন্যফালে নিয়াৰ চেষ্টা কৰে৷
তেওঁলোকৰ মুখত তেতিয়া সঘনাই
উচচাৰণ হয় শান্তি-সম্প্রীতিৰ
কথা৷ তেওঁলোক তেতিয়া হৈ পৰে
ধর্ম নিৰপেক্ষতাৰ একো একোজন ‘চর্দাৰ’৷ এতিয়া প্রশ্ন
উঠিব হিন্দু অনুপ্রৱেশকাৰীক সুৰক্ষা
দিবলৈ যোৱাটো যদি সাম্প্রদায়িক
কার্য হয়, তেন্তে মুছলমান
অনুপ্রৱেশকাৰী অথবা বিদেশীক সুৰক্ষা
দিয়াটো সাম্প্রদায়িক নহ’ব কিয়?
গুৰুত্বপূর্ণ কথাটো হৈছে বিজেপিকে
ধৰি ৰাজনৈতিক দলসমূহৰ ভোটবেংকৰ অংক আৰু বাওঁ
শিবিৰৰ নাগৰিক-বুদ্ধিজীৱীৰ আদর্শৰ
যুঁজত অসমীয়া জাতিৰ ভৱিষ্যৎ
অন্ধকাৰ হৈ পৰাৰ সম্ভাৱনা
প্রচুৰ৷ কাৰণ অসমৰ খিলঞ্জীয়া
মানুহৰ বাবে বিদেশী হ’ল মূল শত্রু৷
তাত কোনো ধর্মৰ কথা
আহিব নোৱাৰে৷ হিন্দু আৰু মুছলমান
সকলো বিদেশী খিলঞ্জীয়া মানুহৰ
অস্তিত্বৰ প্রতি ভাবুকি৷ মুছলমান
অনুপ্রৱেশকাৰীয়ে যেনেদৰে আমাৰ ৰাজনৈতিক অধিকাৰ
কাঢ়ি নিব খুজিছে, নাগৰিকত্ব
দিলে একেই সমস্যা হিন্দু
বাংলাদেশীয়েও সৃষ্টি কৰিব৷ সকলো
বিদেশীয়েই আমাৰ ভাষা আৰু
সংস্ৃকতিৰ প্রতি প্রত্যাহবানজনক৷ আমি
সকলোৱে নিজৰ নিজৰ আদর্শ
আৰু ৰাজনৈতিক স্বার্থত বিদেশীৰ ইছু্যটোক আগবঢ়াই নিব বিচাৰিছোঁ৷
কিন্তু
আমি এই কথা ভাবি
চোৱা নাই যে তেওঁলোক
এদিন ধর্মৰ ভিত্তিত নহ’লেও ভাষাৰ ভিত্তিত
ঐক্যবদ্ধ হ’ব পাৰে৷
কাৰণ হিন্দু আৰু মুছলমান
সকলো বিদেশীৰে ভাষা এটাই–সেইটো
হৈছে বাংলা৷ এনে অভিযোগৰ
বাস্তৱ ভিত্তিও আছে৷ 2015 চনৰ 19 মে’ তাৰিখে
‘দৈনিক অসম’ কাকতত প্রকাশ
পোৱা এটা বাতৰিয়ে এনে
ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিয়ে৷ এন
আৰ চিৰ বিৰোধিতা কৰিবলৈ
গৈ সেইদিনা ভাষিক আৰু সংখ্যালঘু
সকলো নেতা ঐক্যবদ্ধ হৈছিল৷
এই সম্পর্কত প্রকাশ পোৱা বাতৰিটোত
কোৱা হৈছে –বঙাইগাঁও জিলা
আমছুৱে যোৱা 16 মে’ত....‘ৰাষ্ট্রীয়
নাগৰিক অদ্যাৱধিকৰণ আৰু অসমীয়াৰ সংজ্ঞা’
শীর্ষক এখন বুদ্ধিজীৱী সন্মিলন
অনুষ্ঠিত কৰি বিষয় দুটা
সন্দর্ভত আমন্ত্রিত বুদ্ধিজীৱী আৰু ছাত্র সংগঠনটোৰ
নেতৃবর্গৰ মন্তব্য শুনে৷ ...আমছুৰ প্রাক্তন উপ-সভাপতি বাছেৰ আলী
আহমেদে কয় যে 66 বছৰৰ
পাছত অসমীয়াৰ সংজ্ঞা নিৰূপণৰ আঁৰত
সংখ্যালঘু সম্প্রদায়ৰ লোকক ৰাজ্যখনৰ পৰা
খেদাৰ পৰিকল্পনা কৰিছে৷
দেশৰ অন্যান্য ৰাজ্যত এন আৰ
চিৰ প্রয়োজন হোৱা নাই, অকল
অসমতে ইয়াৰ প্রয়োজন কিয়
হৈছে বুলি উল্লেখ কৰি
বঙালী সম্প্রদায়ৰ বুদ্ধিজীৱী শংকৰ চেটার্জীয়ে হিন্দু
বঙালী আৰু মুছলমানক অসমৰ
মূলসুঁতিৰ পৰা আঁতৰাবলৈ এন
আৰ চিৰ সহায় লোৱা
হৈছে বুলি কয়৷ শংকৰ
চেটার্জীয়ে অসম আন্দোলনক বঙালী
খেদা আন্দোলন বুলি অভিহিত কৰি
উগ্র জাতীয়তাবাদী নেতাসকলক সকীয়াই কয়–‘পূর্ব
আৰু পশ্চিম বংগৰ মানুহবোৰ
একত্রিত হ’লে বাস্তৱতে
প্রত্যক্ষ হ’ব কোন
ক’লৈ যায়৷’ তেওঁ
আৰু কয় যে বঙালী
মুছলমানসকল একত্রিত হ’লে ৰাজ্যখনত
সমুজ্জ্বল ভট্টাচার্যৰ দৰে নেতাৰ স্থানৰ
অভাৱ হ’ব৷ আমছুৰ
সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে
কয় যে এইবেলি এন
আৰ চিক লৈ সংখ্যালঘু
সম্প্রদায়ৰ লোকে অধিকাৰৰ পৰা
বঞ্চিত হ’লে ৰাজ্যখনৰ
এক কোটি সংখ্যালঘুৱে পৃথক
ৰাজ্যৰ দাবীত সংগ্রাম কৰিব৷
এই সংগ্রামত এক লাখ আমছু
কর্মীয়ে শ্বহীদ হ’বৰ
বাবে সাজু থকা বুলিও
তেওঁ কয়৷’ এই কথাই
প্রমাণ কৰে যে প্রয়োজনত
অথবা নিজৰ আধিপত্য বিস্তাৰৰ
স্বার্থত ধর্মৰ কথাটো বাদ
দি তেওঁলোক ঐক্যবদ্ধ হ’ব পাৰে৷
কাৰণ তেওঁলোক ঐক্যবদ্ধ হ’লে খুব
সহজেই অসমীয়া ভাষাটো নিঃশেষ
কৰিব পাৰিব৷ ৰাজনৈতিক ক্ষেত্রৰ
পৰা খিলঞ্জীয়া লোকক সম্পূর্ণৰূপেই আঁতৰাই
পঠাবলৈ সক্ষম হ’ব৷
সেইবাবেই বিদেশীৰ প্রসংগত ধর্মৰ কথাটো পাহৰি
সকলো ঐক্যবদ্ধ হোৱা জৰুৰী প্রয়োজন৷
সমান্তৰালভাৱে অসমৰ ৰাইজে এই
বিষয়ত কোনে কি উদ্দেশ্যৰে
আগবাঢ়িছে সেয়াও সন্তর্পণে দৃষ্টি
ৰাখক৷ কাৰণ বিদেশীৰ নামত
বহুত ৰাজনীতি হ’ল৷ সেই
ৰাজনীতি বন্ধ কৰি জাতি
ৰক্ষাৰ দায়িত্ব এতিয়া ৰাইজেই লওক৷
Posted by janambhumi.in