বিশ্ব স্বাস্হ্য সংস্হাই প্রতিবছৰে 15 অক্টোবৰ দিনটো ‘World Hand Washing Day’ অর্ৎ বিশ্ব হাত ধোৱা দিৱস উদ৲যাপনৰ জৰিয়তে সমগ্র পৃথিৱীৰ মানুহক হাত ধোৱাৰ প্রয়োজনীয়তাৰ কথা সোঁৱৰাই আহিছে৷ কেৱল আজিৰ বিশেষ দিনটোতে যে হাত ধুলে গোটেই বছৰটোলৈ বীজাণুমুত্তু হ’ব তেনে নহয়৷ আমাৰ হাত দুখনত সকলো সময়তে ৰোগৰ বীজাণু লাগিয়েই থাকে৷ ঈশ্বৰ সর্বব্যাপী হয় নে নহয় নাজানো, কিন্তু এটা কথা সত্য যে ৰোগৰ বীজাণু সর্বব্যাপী৷ এই বীজাণুবোৰ আমাৰ শৰীৰত প্রৱেশ কৰিবলৈ কিছুমান মাধ্যম লাগিব৷ তাৰ ভিতৰত সংস্পর্শৰ দ্বাৰা বীজাণু আমাৰ শৰীৰত প্রৱেশ কৰাটো প্রবল৷ আমাৰ সাধাৰণ জ্ঞানেৰে বুজিব পাৰোঁ যে আমাৰ হাত দুখনেই বাহিৰৰ জগতৰ লগত বেছিকৈ সংস্পর্শলৈ আহে৷ গতিকে দিনটোৰ ভিতৰত বিভিন্ন বস্তু স্পর্শ কৰোঁতে, বিশেষকৈ আঙুলিকেইটাত বিভিন্ন ৰোগৰ বীজাণু লাগিয়েই থাকে৷
আমি গাড়ী-মটৰত যাওঁতে গাড়ীৰ বিভিন্ন অংশত হাত দিওঁ য’ত অগণিত যাত্রীয়ে হাত দি গৈছে, বছৰ বছৰ ধৰি যাত্রীয়ে ব্যৱহাৰ কৰি গৈছে৷ আমি সকলোৱে কাগজৰ নোট বা মুদ্রা ব্যৱহাৰ কৰিছোঁ৷ শেঙুনৰ হাত দুখন য’তে-ত’তে লগাইছোঁ, প্রস্রাৱ কৰি হাত ধোৱাৰ অভ্যাস বহুতৰে নাই, ই নিশ্চয় স্বাস্হ্যসন্মত নহয়৷ শৌচাগাৰ, প্রস্রাৱগাৰলৈ যাওঁতে যিকোনো সময়ত আমাৰ শৰীৰত বিভিন্ন অংশ খজুৱাওঁতে আমাৰ শৰীৰত বীজাণু প্রৱেশ কৰে৷ শিক্ষিত-অশিক্ষিত উভয় শ্রেণীৰ লেতেৰা মানুহেই নাকৰ ভিতৰত আঙুলি সুমুৱাই নাক খজুৱায়, এনেকৈ দিনটোৰ জাগ্রত অধিকাংশ সময় বিভিন্ন ৰোগৰ বীজাণু সংগ্রহ কৰা হাত দুখন কামত ব্যস্ত থাকে৷ এনে বীজাণুযুত্তু হাতেৰে চকু, মুখ খজুৱাওঁ৷ তেনে কৰিলে চকু, মুখৰ ৰোগ হ’ব পাৰে, তেনে লেতেৰা হাতেৰে আহাৰ গ্রহণ কৰিলে বিভিন্ন প্রকাৰৰ পেটৰ বেমাৰ হ’ব পাৰে, বিজ্ঞানীসকলৰ মতে কম পক্ষেও 20টামান ৰোগৰ একমাত্র কাৰণ হ’ল লেতেৰা হাত দুখন৷ সেয়েহে বিভিন্ন ৰোগ যেনে– চকু, মুখ, ছাল, পানীলগা, পেটৰ অসুখ আদিৰ পৰা ৰক্ষা পাবলৈ আমি দিনটোত কমপক্ষেও পাঁচ-ছয়বাৰকৈ বীজাণুনাশক ঔষধেৰে হাত ধুব লাগে৷
কেৱল হাত দুখন ধুলেই নহ’ব৷ চাবোনেৰে হাত ধোৱাৰ বিশেষ কেইটামান নিয়ম আছে, কমেও বিশ ছেকেণ্ড সময় হাত দুখন ধুব লাগে, হাতত চাবোনৰ ফেন উঠিব লাগে৷ হাত ধোৱাৰ পিছত পোনে পোনে খাব নালাগে, হাতত থকা পানীখিনি গামোচাৰে ভালদৰে শুকুৱাই ল’ব লাগে যাতে মলিয়ন পানী কোনোপধ্যে পেটলৈ নাযায়৷ অভিভাৱক বা পিতৃ-মাতৃয়ে সৰুৰে পৰাই ঘৰত প্রতিবাৰ আহাৰ গ্রহণ কৰাৰ আগত, শৌচ-প্রস্রাৱ কৰাৰ পিছত, খেলা-ধূলা কৰি আহি, ফুৰি-চাকি অহাৰ পিছত নির্দিষ্ট পদ্ধতিৰে হাত ধোৱাৰ নিয়ম বাধ্যতামূলক কৰিলে এদিন দেখিব নিজ সন্তানে আপোনাৰ ভুল হ’লে সোঁৱৰাই দিব আৰু পৰিয়ালটো স্বাস্হ্যৱান হোৱাৰ লগতে বিদ্যালয়ত শিক্ষকে সোঁৱৰাব লগীয়া নহ’ব৷
আজিকালি প্রায় মানুহৰ ঘৰত হাত ধোৱা ঠাইত বা বেচিনৰ ওচৰত চাবোন-তৰল হেণ্ড ৱাছ দেখা যায়৷ কিন্তু প্রায়ে ব্যৱহাৰৰ অভাৱত এই বস্তুবোৰ খৰচ নোহোৱাকৈ আগৰ অৱস্হাতে দেখা যায়৷ তেনেদৰে প্রায় বিদ্যালয়তে আজিৰ এই বিশেষ দিনটোতে চাবোনেৰে হাত ধুই বছৰটোলৈ সামৰা হয়৷ এনে হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে যেনে– ঘৰত হাত, মুখ ধোৱাৰ অভ্যাস নথকা, শিক্ষক-কর্মচাৰীৰ অভাৱ, পানী যোগানৰ সুব্যৱস্হা নথকা, আন্তঃগাঁথনিৰ অভাৱ, শিক্ষকৰ অমনোযোগিতা, ঠাইৰ অভাৱ ইত্যাদি বিভিন্ন কাৰণত৷ সেয়েহে চৰকাৰে কেৱল শিক্ষকৰ ওপৰত হেঁচা প্রয়োগ কৰি দায় সাৰিলেই নহ’ব৷ প্রতি বিদ্যালয়ত যাতে ছাত্র-ছাত্রী অনুপাতে শিক্ষক-কর্মচাৰী থাকে, স্বাস্হ্যসন্মত বোৱঁতী পানী (Ranning Water) পর্প্ত পৰিমাণে থাকে, চাবোন, টাৱেল, ব্লিছিং পাউডাৰ কিনাৰ বাবে পুঁজিৰ যোগান ইত্যাদিত অগ্রাধিকাৰ দিব লাগে৷
এতিয়া প্রশ্ন হ’ল ঃ হাত দুখন ধুলেই যদি ইমানবোৰ বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰি তেন্তে মানুহে হাত নোধোৱে কিয়, ইয়াৰ ঘাই কাৰণ দুটা অজ্ঞতা আৰু আলস্য৷ এই অজ্ঞতা দূৰ কৰিবলৈকে বিশ্ব স্বাস্হ্য সংস্হাই প্রতিবছৰে আজিৰ দিনটোত ‘বিশ্ব হাত ধোৱা দিৱস’ উদ৲যাপন কৰি পৃথিৱীৰ সকলো মানুহক হাত ধোৱাৰ প্রয়োজনীয়তাৰ কথা সোঁৱৰাই দিব লগা হৈছে৷ এই দিৱসৰ প্রকৃত মর্দা দিবলৈ প্রত্যেকজন পিতৃ, মাতৃ, অভিভাৱক, সমাজ সচেতক, বুদ্ধিজীৱী, শিক্ষক নিজে পদ্ধতিগতভাৱে হাত ধুই আদর্শৰ প্রতীক হ’ব লাগিব৷ বিশ্বৰ উন্নত দেশসমূহৰ প্রতিজন নাগৰিকেই স্বাস্হ্য ৰক্ষাৰ প্রতি সদাসচেতন৷ উদাহৰণস্বৰূপে আমেৰিকাৰ ভূতপূর্ব উপ-ৰাষ্ট্রপতি ডিক চিনিয়ে তেওঁৰ কোঠাত সোমোৱাৰ আগত প্রতিজন ব্যত্তিুয়েই বীজাণুনাশক ৰুমালেৰে হাত পৰিষ্কাৰ কৰিহে তেখেতক কৰমর্দন কৰিব পাৰিছিল৷ দেখাত অস্বস্তিকৰ যেন লাগিলেও ডিক চিনিয়ে সকলোকে এটা শিক্ষা দিবলৈ গৈছিল যে মানুহৰ গালৈ প্রায়বোৰ বেমাৰ হাতৰ যোগেদিয়ে আহে৷ ই কেৱল নিজৰ হাতেদিয়েই নহয় আনৰ হাতেদিও আহিব পাৰে৷
সেয়েহে আমাৰ দেশৰো নেতাসকল সমাজৰ গণ্য-মান্য ব্যত্তিু, শিক্ষা গুৰু, জ্যেষ্ঠজন, পিতৃ-মাতৃ, ছাত্র-ছাত্রী, জনসাধাৰণ আদি সকলোৱে উপযুত্তু পদ্ধতিৰে চাবোন ব্যৱহাৰ কৰি স্বাস্হ্যৰক্ষাৰ যত্ন কৰিলেহে বিশ্ব হাত ধোৱা দিৱস প্রকৃতার্থত কার্যকৰী হ’ব৷
ইংৰাজীত এষাৰ কথা আছে ‘Cleaniless is Godliness’ অর্ৎ ‘নির্মলতাই ঈশ্বৰ পৰায়ণতা’ পৃথিৱীখন আৰু মানুহৰ শৰীৰটো যেতিয়া নির্মল হৈ থাকে তেতিয়াই সি স্বর্গ আৰু লেতেৰা হ’লেই সি নৰক৷
published by http://janambhumi.in/
No comments:
Post a Comment