Showing posts with label assamnews dainikjanambhumi film movie actor entertainment entertainmentnews assam news. Show all posts
Showing posts with label assamnews dainikjanambhumi film movie actor entertainment entertainmentnews assam news. Show all posts

Tuesday, 29 March 2016

ৰাষ্ট্রীয় চলচিচত্র বঁটাত উজলিল অসম

নির্বাচনৰ বতৰত অসমৰ ৰাইজৰ বাবে সু-খবৰ৷ ৰাজ্যবাসীক গৌৰৱান্বিত কৰি অসমীয়া চলচিচত্র ‘কথানদী’ আৰু বড়ো ভাষাৰ ছবি ‘দাও হুডুনি মেঠাই’-এ লাভ কৰিছে ৰাষ্ট্রীয় সন্মান৷ 
আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত ৬৩ সংখ্যক ৰাষ্ট্রীয় চলচিচত্র বঁটা ২০১৫ ঘোষণা কৰা হয়৷ ৰাষ্ট্রীয় চলচিচত্র বঁটাৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক ভাষাৰ শাখাত অনুৰূপা হাজৰিকাৰ প্রযোজিত আৰু ভাস্কৰ হাজৰিকাৰ পৰিচালিত ‘কথানদী’য়ে আৰু শংকৰ লাল গোৱেংকাৰ প্রযোজিত তথা মঞ্জু বৰাৰ পৰিচালিত বড়ো ভাষাৰ ছবি ‘দাও হুডুনি মেঠাই’-এ ৰজত কমল বঁটা লাভ কৰিছে৷ নন-ফিছাৰ শিতানৰ শ্রেষ্ঠ অনুসন্ধানমূলক ছবিৰ বঁটা লাভ কৰিছে সমুজ্জ্বল কাশ্যপৰ পৰিচালিত ‘তেজপুৰ ১৯৬২’ নামৰ তথ্যচিত্রখনে৷

ফিল্ম ডিভিজনৰ দ্বাৰা প্রযোজিত এই তথ্যচিত্রখনেও লাভ কৰিছে ৰজত কমল বঁটা৷ আনহাতে অৰুণাচলৰ ৱাংশ্বু জনগোষ্ঠীৰ সন্দর্ভত নির্মিত ‘দ্য হেড হাণ্টাৰ’ নামৰ ছবিখন পৰিচালনা কৰি অসমৰ নীলাঞ্জন দত্তয়ো লাভ কৰিছে ৰজত কমল বঁটা৷ ৱাংশ্বু ভাষাৰ শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰা এই ছবিখন প্রযোজনা কৰিছে স্পলাশ ফিল্ম প্রাঃ লিমিটেডে৷ প্রণিধানযোগ্য যে আঞ্চলিক ভাষাৰ ৰজত কমল বঁটা লাভ কৰা দুয়োখন ছবিৰ প্রযোজক আৰু পৰিচালকৰ লগতে ৱাংশ্বু ভাষাৰ ছবিখনলৈকো আগ বঢ়োৱা হৈছে এক লাখ টকাসহ মান-পত্র আৰু নন-ফিছাৰ শিতানত ৰজত কমল লাভ কৰা তথ্যচিত্রখনৰ পৰিচালক আৰু প্রযোজকলৈ আগ বঢ়োৱা হৈছে ৫০,০০০ টকাসহ এখন মান-পত্র৷ প্রণিধানযোগ্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ আলমত নির্মিত কথানদীয়ে ইতিমধ্যে দেশ-বিদেশৰ বহুকেইখন চলচিচত্র মহোৎসৱত অংশগ্রহণ কৰি অসমক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে৷ ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে ৰাষ্ট্রীয় বঁটা লাভ কৰা বিশিষ্ট অভিনেত্রী সীমা বিশ্বাসে৷ আনহাতে ছবিখনত আদিল হুছেইন, জেৰিফা ৱাহিদ, উর্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদি বহুকেইজন বিশিষ্ট অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিছে৷ কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকা হৈছে বিশিষ্ট শিক্ষাবিদ তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক প্রয়াত জীৱনাথ হাজৰিকা আৰু অনুৰূপা হাজৰিকাৰ পুত্র৷
www.thejanambhumi.com/