Showing posts with label thejanambhumi yoga health. Show all posts
Showing posts with label thejanambhumi yoga health. Show all posts

Wednesday, 8 June 2016

দীর্ঘ জীৱনৰ ৰহস্য আৰু যোগ বিতর্ক

এতিয়া জাকে জাকে মানুহে জাকি মাৰি ওলাই আহি বিভিন্ন যোগ শিবিৰলৈ ঢাপলি মেলাৰ সময়তে আমি কি ‘যোগ বিতর্ক’ৰ কথা ক’বলৈ গৈছোঁ?
যি সময়ত ৰাষ্ট্রসংঘৰ স্বীকৃতিৰে বিশ্ব যোগ দিৱসক পালন কৰা হৈছ়ে, যি সময়ত আমেৰিকাৰ দৰে উচচ উন্নত সেনা বিভাগত যোগ শিক্ষা প্রৱর্তন কৰি সেনাৰ মান-দক্ষতা আৰু অধিক বঢ়োৱাৰ দিহা কৰা হৈছে বুলি কথা ওলাইছে, যি সময়ত মানুহে স্বাস্থ্য সচেতন হৈ যোগ ধ্যানত গভীৰ মনোযোগ দিবলৈ লৈছে– তেনে সময়তে ওলমি ওফৰা জেং হৈ বুজন নির্র্গতালিৰে আজলমঠালিৰে ‘তর্কাতীত যোগ’ক লৈ কি ‘বিতর্ক’ৰ কথা কৈছো? আজিকালি পুৱাই ৰেডিঅ’, বাতৰিকাকতত ‘আজিৰ দিনটো’ৰ কথা শুনিলে বা পঢ়িলে দিনটোত থকা প্রায় এটা বা একাধিক বিশ্ব দিৱসৰ কথা জনা যায়৷ বিভিন্ন কাকতত বিশ্বৰ বিভিন্ন দিৱসবোৰৰ সৈতে সম্পর্ক  ৰাখি কেতিয়াবা তাৰ প্রথম পৃষ্ঠাত দিৱসটোৰ স্মৰণত একোখন আকর্ষণীয় প্রাসংগিক ছবিও সম্পাদকসকলে দিয়ে৷ যেনে বিশ্ব পবর্ত দিৱস, বিশ্ব ঘনচিৰিকা দিৱস ইত্যাদি৷ ‘আজিৰ দিনটো’ত বিচিত্র বিশ্ব দিৱসৰ কথা জনা যায়, যেনে বিশ্ব ধঁপাত বিৰোধী দিৱস, কর্কট ৰোগৰ দিৱস, ডায়েবেটিছ দিৱস, অহিংসা দিৱস, নাৰী দিৱস, শ্রমিক দিৱস আদিৰ পৰা পৰিৱেশ, পানী, পখিলা আদিলৈকে অনেক বিশ্ব দিৱস আছে৷ ইয়াৰে গান্ধীৰ দুই অক্টোবৰৰ জন্ম দিৱস আৰু পাঁচ ছেপ্টেম্বৰৰ ৰাধাকৃষ্ণণৰ জন্ম দিন দুটাত ক্রমে বিশ্ব অহিংসা আৰু বিশ্ব শিক্ষক দিৱস হিচাপে যি দিৱস পালন কৰা হয় সেয়া নিশ্চিতভাৱে ভাৰতৰ প্রস্তাৱত অনুমোদিত হোৱা দিৱস৷ আজি যি ‘বিশ্ব যোগ দিৱস’ পালন কৰা হৈছে তাৰ প্রস্তাৱো যে ভাৰতৰ তাক দোহৰা নিষ্প্রয়োজন৷ যিবোৰ বিষয়ক লৈ বিশ্ব দিৱস পালন কৰা হয় তাত বিশ্বজুৰি বিষয়টোক লৈ সচেতনতা সৃষ্টিৰ প্রয়াস কৰা হয়৷ আজি বিশ্বৰ শ্রমিক বা নাৰী দিৱস ক্রমে এক মে’ আৰু আঠ মার্চৰ দিনটোত যিদৰে বিশ্বজুৰি সকলো দেশ-জাতিৰ লোকে আন্তৰিক লিপ্ততাৰে ব্যাপক অংশগ্রহণ কৰে সেইদৰে আমাৰ দেশৰ উদ্যোগত হোৱা দুই অক্টোবৰ বা পাঁচ ছেপ্টেম্বৰৰ হিংসা-বিৰোধী বা শিক্ষক দিৱসে বিশ্বজুৰি সচেতনতাৰে সমাদৰ লাভ কৰে নে নকৰে তাক প্রশ্নবোধক চিনত ৰাখিব পাৰি৷ অৱশ্যে এই দুয়োটা দিৱসৰ প্রয়োজনীয়তা আৰু তাৰ তাৎপর্য কোনোৱেই অস্বীকাৰ কৰিব নোৱাৰে৷ ভাৰতৰ পৰা বিশ্ব দিৱসলৈ যোৱা এই দুটা দিনৰ পাছত এতিয়া ভাৰতৰ পৰা যোৱা যোগ দিৱসে আন্তর্তিক যোগ দিৱসৰ মর্যাদা লাভ কৰিছে৷ আমি অৱশ্যে এই কথা নাজানো যে বিশ্ব দিৱসৰ মর্যাদা পাবলৈ বিষয়টোৰ প্রযোজনীয় নর্মছ বা যুক্তি-যোগ্যতা কি কি? পঢু়ৱৈয়ে আমাৰ এই অজ্ঞতাক কেন্দ্র কৰি প্রশ্ন তুলিব পাৰে যে এইখিনি নর্মছৰ কথা নজনাকৈ বিশ্ব দিৱস হিচাপে পালন কৰিবলৈ লোৱা যোগক কি দুঃসাহসেৰে আমি বিতর্কৰ আওতালৈ আনিব বিচাৰিছোঁ? যোগ  বা যোগ সাধনাই যদি মানুহক সুস্বাস্থ্যৰে দীর্ঘজীৱী নকৰে, তেন্তে আজি যোগ সাধনাত কিয় লাখ- কোটি মানুহ জড়িত হৈছে? কিয় এই যোগে আন্তর্তিক দিৱসৰ স্বীকৃতি পাইছে? স্বয়ং আজি ভাৰত ৰাষ্ট্রৰ চৰকাৰো যোগৰ প্রত্যক্ষ পৃষ্ঠপোষক হৈছে৷ ভাৰতীয় ঐতিহ্যত সন্মানীয় স্থান পোৱা এই যোগক এতিয়া দেশৰ ঐতিহ্য-পৰম্পৰাৰ প্রতি সন্মান থকা ঐতিহ্যপ্রেমী দেশপ্রেমিকে ‘স্বদেশীয় স্বাভিমানেৰে’ তাক আন্তর্তিক মঞ্চলৈ লৈ গৈছে৷ আমাৰ দেশৰ ঐতিহ্য পৰম্পৰাত যোগ-ধ্যান এনেকৈ লিপিট খাই আছে যে আমাক অতীতৰ ঋষি-মুনিৰ কথা ক’লেই ধ্যানস্থ যোগীৰ ৰূপটো সন্মুখলৈ আহে৷ দেশখনৰ হিন্দু ঐতিহ্যৰ সবোর্চচ বৌদ্ধিক স্মাৰক গ্রন্থখন হৈছে ভাগৱত গীতা৷ এই গীতাৰ যি মুঠ ওঠৰটা অধ্যায় আছে তাৰ আটাইকেইটাৰ নামেই প্রত্যক্ষভাৱে যোগৰ সৈতে জড়িত৷ বিষাদ যোগ, সংখ্য যোগৰ পৰা ধ্যান যোগ, অক্ষৰ যোগৰ মাজেদি শেষ হৈছে সন্ন্যাস বা সন্ন্যসোৎকর্ষ যোগত৷ আজি শাৰীৰিক-মানসিক স্বাস্থ্য ৰক্ষাৰ উৎকর্ষৰ বাবে যি যোগ ধ্যান-সাধনাৰ কথা কোৱা হয় তাক আমাৰ তাহানিৰ ঋষি-মুনিৰ যোগাভ্যাসকে ধৰি গীতাৰ অষ্টাংগ আৰু অষ্টাদশ অধ্যায়ৰ যোগৰ কথাখিনিক মুঠেও বিচিছন্ন কৰি চাব নোৱাৰি৷ যোগ-ধ্যানত যোগাসনকাৰীয়ে গীতাৰ অষ্টাদশ অধ্যায়ৰ যোগৰ কথা মনত নেপেলালেও ভাৰতীয় ঐতিহ্যত থকা যোগৰ যি মূল উদ্দেশ্য বা ধাৰণা তাক আজি হিন্দত্ববাদী ৰাজনীতি কৰাসকলে মনত ৰাখেনে? ৰাজনৈতিক প্রয়োজনত ঐতিহ্য পৰম্পৰাত থকা যোগক ব্যৱহাৰ কৰিলেও বাস্তৱিকতে তেওঁলোকে ঋষি-মুনি বা গীতাৰ যোগৰ কেন্দ্রীয় উদ্দেশ্যৰ পৰা একেবাৰে পিছলি পৰে বা বহুখিনি আঁতৰি আহে৷ আমাৰ পৰম্পৰা, ঐতিহ্য বা শাস্ত্রত যি যোগ আছিল সেই যোগ তাত সিদ্ধি (?) লাভ কৰা যোগীবোৰে যোগ সাধনা বা যোগ ধ্যান মুঠেও স্বাস্থ্য সাধনাৰে দীর্ঘজীৱী হোৱাৰ বাবে কৰা নাছিল৷ গীতাৰ ধ্যান যোগত যোগ সাধনাত সিদ্ধি লাভ কৰা যোগী তেওঁকেই কৈছে যি কর্মফল নিবিচৰাকৈ নিজৰ কর্তব্য কৰে৷ যোগী আৰু সন্ন্যাসীক গীতাই একেই বুলি তাৰ পুনৰ সংজ্ঞা এনেকৈ দিছে যে নিজৰ ইন্দ্রিয় সুখ বর্জন নকৰাকৈ কোনোৱেই যোগী বা সন্ন্যাসী হ’ব নোৱাৰে৷ অর্থাৎ যোগী মানেই ৰিপুঞ্জয় হ’ব লাগিব৷ এই ৰিপুঞ্জয় মানে ৰিপুঞ্জয় গগৈ নহয় পিছে৷ আমি মানুহৰ ইন্দ্রীয়ক সংঘত ৰখাৰ পক্ষত কথা ক’লেও ইন্দ্রীয় সুখলৈ পিঠি দি কিবা এব৲নর্মেল-অমানুহ-যন্ত্রমানৱ হোৱাৰ কথা নকওঁ৷ যুক্তিবাদী, বস্তুবাদী ফয়ৰবাখে (Feuer Bach-1804-72) ধর্মীয় ধাৰণাৰ তুৰীয় বা অলীক ইন্দ্রীয়াতীত ধাৰণাক যুক্তি-তথ্যৰে প্রত্যয়জনকভাৱে নাকচ কৰি মানুহে তাৰ পঞ্চেন্দ্রীয়ৰ দ্বাৰাই সকলো জ্ঞান-অনুভৱ ল’ব পাৰে বুলি কৈছিল৷ ইফালে সফল যোগ ধ্যানকাৰীয়ে যোগত ইন্দ্রীয়বোৰ বা সংবেদনশীলতাক সম্পূর্ণ নিৰোধ কৰিব লাগে৷ আমাৰ বিখ্যাত প্রগতিশীল গল্পকাৰ লক্ষ্মীধৰ শর্মাই সেয়ে তেওঁৰ ‘ব্যর্থতা দান’ত নায়িকা ললিতাৰ দ্বাৰা কোৱাইছে যে সমাজৰ পৰা আঁতৰি হাবি-জংঘল বা পর্বতে-কন্দৰে যোগ ধ্যান কৰা ঋষি-মুনিয়ে বাস্তৱ সমাজৰ একো কথা নাজানিছিল৷ নিৰাৱেগিক হৈ অতীতৰ প্রতি থকা আমাৰ দৃষ্টিৰ মোহাঞ্জনখিনি মোহাৰি ল’লে দেখিম যে আমাৰ ঋষি-মুনিসকলৰ বা গীতাৰ যোগ-ধ্যান মুঠেও মানুহৰ ইন্দ্রীয় সুখ স্বাস্থ্যৰ সৈতে জড়িত নাছিল৷ গীতাৰ বহু কথিত সর্বজ্ঞেয় যোগ হৈছে ঈশ্বৰ কৃষ্ণ বা পৰমাত্মাৰ সৈতে সংযোগ থকা, শাস্ত্রীয় ভাষাত কোৱা হয় ‘সাযুর্যতা’৷ মানুহৰ জীৱাত্মাটো অলীক পৰমাত্মাৰ সৈতে সংযোগ ঘটাই বিলীন কৰাই গীতাৰ যোগবোৰৰ পৰম লক্ষ্য৷ মাজতে কেতবোৰ মানুহো বিচাৰি পোৱা জীৱন যুদ্ধ সংগ্রামৰ কিবাকিবি প্রেৰণা আছে গীতাত৷ গীতাক আন আন মুনি-ঋষিৰ যোগৰ যদি স্বৰূপ বা মর্যাদা এয়ে হয় তেন্তে ইন্দ্রীয় সুখৰ সৈতে প্রত্যক্ষভাৱে জড়িত যোগ-ধ্যান কিয় কৰিবলৈ লৈছে? বহুতেই কয় যোগ মানে কিবা এটাত মনোযোগ সৃষ্টি৷ এজন বৈজ্ঞানিকে এটা আৱিষ্কাৰত লাগোতে, এজন লেখক বা সংগীতজ্ঞই মহত্তম সাহিত্য-সংগীত সৃষ্টি কৰোঁতে, এজন খেলুৱৈ-যোদ্ধাই নিজৰ ক্ষেত্রত চূড়ান্ত সিদ্ধি লাভ কৰোতে যি সাধনাক একাগ্র মনোযোগ দিব লাগে তাত আজি ৰামদেৱসকলে মহিমান্বিত কৰা যোগ বিধকেই লাগেনে? ৰামদেৱসকলৰ যোগবোৰ তর্কাতীতভাৱে ক্রীড়া পাৰফৰমেন্স বা মনোৰঞ্জন হিচাপে উপভোগ কৰাৰ বাহিৰে তাৰ অন্য স্বাস্থ্যজড়িত সুফল আছেনে? সু-স্বাস্থ্যৰে দীর্ঘজীৱন গোৱা আমাৰ শংকৰদেৱ, নিৰদ চি চৌধুৰী, বার্ট্রাণ্ড ৰাছেল (১৮৭২-১৯৭০) আদিৰ পৰা নলিনীধৰ ভট্টাচার্যকে (১৯২১-) ধৰি কনকেশ্বৰ গগৈলৈকে কোনোৱেই সুষম খাদ্য গ্রহণেৰে মিতাচাৰী জীৱন কটোৱাৰ বাহিৰে আলোচ্য ৰামদেৱহঁতৰ যোগ বিধ কৰা নাই৷ নক’লে নোৱাৰি, শ্রদ্ধা ৰাখিও কওঁ যে ভাৰতৰ স্বীকৃত শ্রেষ্ঠ যোগবিদ বিবেকানন্দৰ নানা অসুখত মাথোঁ ৩৯ বছৰতে (১৮৬৩-১৯০২) অকাল মৃত্যু হয়৷ আৰু আজি যোগৰ কেৰিকেচাৰে বিশাল বাণিজ্য গঢ়া ৰামদেৱে মোদী চৰকাৰৰ আগৰ চৰকাৰৰ বিৰুদ্ধে আমৰণ অনশন কৰিবলৈ গৈ মাথোন ছটা দিনতে মৰো মৰো হোৱাত আই চি ইউত ভর্তি কৰিব লগা হয়৷ এয়ে যোগৰ মহিমা৷ 
(ফ’নঃ  ৯৮৫৪৮৬২৭২)
Posted by The Janambhumi