Wednesday, 11 January 2017

মাঘ বিহুৰ সময়ৰ কিছু কথা

অতি উলহ-মালহ আৰু উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা কৃষিভিত্তিক উৎসৱ মাঘ বিহু অসমবাসীৰ আদৰৰ, প্রাণ প্রাচুর্যৰে ভৰপূৰ ভোগালী বিহু৷ কৃষকসকলে কৃষিকার্য সামৰি মনৰ হেঁপাহেৰে পতা মাঘ বিহু প্রাপ্তিৰ উৎসৱ৷ এই উৎসৱে অতীজৰে পৰা সম্প্রীতি বৃদ্ধিত সহায় কৰি আহিছে৷ অসমবাসী কৃষিকার্যৰে কিমান স্বাৱলম্বী সেই কথাৰ উমান বিহু উৎসৱৰ জৰিয়তে পোৱা যায়৷ বছৰৰ ১২ মাহ মূলতঃ নানা কৃষিকর্মত জড়িত হৈ থকা অসমৰ কৃষকসকলে বাৰী পতা, পশুপালন মৎস্য পালন, বস্ত্র উৎপাদন, বাঁহ-বেতৰ সামগ্রী তৈয়াৰ কৰা, নাম-গুণ আৰু সকাম-নিকাম পাতি উচচ সাংস্কৃতিক ভাবধাৰাৰে জীৱন নির্বাহ কৰি আহিছে৷ এটা স্বাৱলম্বী জাতি হিচাপে অসমীয়াই দেখুৱাই অহা আদর্শ আধুনিক অসমীয়াসকলে মন কৰিব লগীয়া৷ মনত ৰখা উচিত যে অসমীয়া এটা পাবত গজা জাতি নহয়়, ইয়াৰ ভেটি অতি শক্তিশালী৷ সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে– ‘সকলো আছিল, সকলো আছে, নুগুণো নলওঁ গম৷’ সেয়েহে একতা, ভাতৃত্ববোধ, সম্প্রীতিৰে অসমীয়াই নিজকে পৃথিৱীৰ এটা শক্তিশালী জাতি ৰূপে পৰিচয় দিবলৈ আগবাঢ়োঁ আহক৷

শেহতীয়াকৈ সৰহভাগ অসমীয়াৰ দুর্বলতা, অন্যমনস্কতা, সচেতনহীনতাৰ বাবে অসমীয়া জাতিটো বহু দিশত পিছপৰাৰ লগতে ভাষা-সাহিত্য-সংস্কৃতিৰ দিশতো জাতিটো আশানুৰূপ আগবাঢ়িব পৰা নাই বুলি মোৰ বোধ হৈছে৷ কিছুমান কথা দেখাত সৰু যেন লাগিলেও অসমবাসী সজাগ নহ’লে এদিন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হৈ জাতিটো ধবংসৰ গৰাহত পৰিব৷ আমি লাভ কৰা শিক্ষা-দীক্ষা আৰু অভিজ্ঞতাই ৰাজ্যখনৰ সর্বতোপ্রকাৰৰ উন্নতিৰ বাবে আমাক জড়িত কৰিব পাৰিব লাগে৷ আমাৰ ৰাজ্যখন যিহেতু কৃষি অর্থনীতি নির্ভৰশীল আৰু কমেও ৭০ শতাংশ লোকৰ ভাত-কাপোৰৰ কথা আৰু জীৱিকা কৃষি, তেনেস্থলত আমাৰ চৰকাৰখনে যাতে কৃষি খণ্ডত যথোচিত গুৰুত্ব দিয়ে তাৰ বাবে প্রবল জনমত সৃষ্টি হ’ব লাগে৷ কোনো কাৰণতে ৰাজ্যখনৰ কৃষকসকলৰ পানীত হঁাহ নচৰা অৱস্থা হ’ব নালাগে৷ কৃষি যাতে সকলোপিনৰ পৰা এটা নির্ভৰযোগ্য, সন্মানজনক আৰু মর্যাদাপূর্ণ পেছা হৈ উঠে সেইটো সুনিশ্চিত হোৱা উচিত৷ কৃষকসকলক উপযুক্তভাৱে প্রশিক্ষণ দি, আধুনিক কৃষি সঁজুলি প্রদান কৰি, সম্পূর্ণ বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰি আৰু উৎপাদিত শস্য উচিত দামত বিক্রী কৰিবলৈ এখন উপযুক্ত বজাৰ প্রদানেৰে কৃষক সবলীকৰণ ব্যৱস্থা কার্যকৰী কৰিব লাগে৷
অসমী আইৰ আত্মাটো যিহেতু গাঁৱত বাস কৰে, তেনেস্থলত গাঁৱৰ উন্নতি নহ’লে ৰাজ্যখনৰ উন্নতি হ’ব বুলি ভবাটো অলীকতাহে মাথোন৷ গাঁও মানেই খেতি আৰু কৃষিয়েই খেতিয়কৰ প্রাণ৷ অসমীয়াই আজি যিবোৰ কলা, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যক লৈ গর্ব কৰে সেইবোৰৰ সৰহভাগ গাঁৱৰ কৃষকৰ জৰিয়তে পাব পৰা হৈছে৷ কৃষকৰ পৰিয়ালৰ সদস্যসকলে অসমীয়া সাজ-পাৰ, মাত-কথাৰ পৰা আৰম্ভ কৰি নাম-গুণ, পৰম্পৰাগত নীতি-নিয়মেৰে সকাম-নিকাম পাতি ষোল অনাই অসমীয়াত্ব ৰক্ষা কৰি আহিছে৷ গাঁৱৰ কৃষকসৃষ্ট সেই সংস্কৃতি আজি নগৰলৈ আহিল যদিও সেইবোৰ নিভাঁজ অসমীয়া সাজত জীয়াই ৰখাত আধুনিক নগৰীয়াসকল ব্যর্থ হ’ল৷ কৃষকসকলে ছাল ছিগা ভিকহুৰ জীৱন আঁকোৱালি লোৱাটোৱেই যেন চিৰাচৰিত নিয়ম৷ কৃষকৰ দুৰৱস্থা, সমস্যা, দৰিদ্রতা আঁতৰ কৰিবলৈ অসমবাসী ৰাইজ আৰু চৰকাৰ সর্বতোপ্রকাৰে আগ্রহী হৈ পৰক এই কাৰণেই যে তেওঁলোকৰ উন্নতিৰ ওপৰতেই অসমৰ উন্নতি আৰু ভৱিষ্যৎ বহুলাংশে নির্ভৰ কৰিছে৷

উচচ শিক্ষা গ্রহণ কৰি সন্মানীয় চাকৰিত মকৰল হৈ গাঁৱৰ উন্নতি কৰিবলৈ এতিয়া গাঁৱত কোনো থাকিব নোখোজে৷ গাঁও এৰি মানুহ নগৰমুখী হৈছে৷ গাঁওবোৰ অনাদৃত আৰু পৰিত্যক্ত হৈ ৰৈছে৷ নগৰীয়াসকলৰ জীৱনশৈলী দ্রুতগতিত সলনি হৈছে৷ নগৰৰ বহু ল’ৰা-ছোৱালীয়ে অসমীয়া মাহ, তাৰিখ নাজানে, অসমীয়া সাজযোৰ পিন্ধিব নাজানে অসমীয়া মাত-কথা, নামগুণ আদিৰ পৰা তেওঁলোক বহু দূৰত৷ বজাৰৰ পৰা কিনি অনা লাড়ু-পিঠা, গামোচাৰে তেওঁলোকে বিহু পাতে৷ খেতিয়কসকলে খেতি কৰা ধানৰ নাম, বাৰীখনত থকা উদ্ভিদৰ নাম বা পাচলিৰ নাম সম্পর্কে নগৰীয়া ল’ৰা-ছোৱালীয়ে কিমান জানে সেইটোও চিন্তনীয় বিষয়৷ নগৰত বহু টকা খৰচ কৰি ৰমক-জমককৈ বিহু আয়োজন কৰিলেও বিহুৰ মূলটো গাঁৱতহে আছে আৰু গুৰি ধৰোঁতা কৃষকসকল– এই কথা পাহৰিলে নহ’ব৷ বহু টকা খৰচ কৰি বিহু আয়োজন কৰাৰ সময়ত আমি যেন গাঁৱৰ ৰুগীয়া, দৰিদ্র, গুণী কৃষকজনৰ কথা নাপাহৰোঁ৷ বেপাৰৰ স্বার্থত যেন গাঁৱৰ খেতিপথাৰ ধবংস নকৰোঁ, সহজ-সৰল কৃষকক ঠগ-প্রবঞ্চনাৰে মাটি কাঢ়ি নি বহিৰাগতক বিক্রী নকৰোঁ, কৃষকে যাতে এটা সন্মানজনক জীৱন কটাব পাৰে– কথাবোৰ গুৰুত্ব সহকাৰে ল’ব লাগে৷ বিহুৰ সৈতে এই বিষয়বোৰ অংগাংগীভাৱে সংপৃক্ত হৈ আছে বুলি নিশ্চয় জানিব৷

Published by janambhumi.in

Wednesday, 21 December 2016

স্বচ্ছতা বৰ্তাই ৰখা ৰাজু ভাইয়াৰ ডায়েৰী

ডিফু চহৰৰ ষ্টেডিয়াম পথত সচৰাচৰ এগৰাকী ব্যক্তিক দেখা পাব হাতত জাৰু এডাল লৈ একান্তমনে পথত থকা লেতেৰা আৱর্জনা আঁতৰাই থকা৷ হায়দৰাবাদত জন্মগ্রহণ কৰি তাতেই স্নাতক ডিগ্রী গ্রহণ কৰি জীৱিকাৰ সন্ধানত ডিফু চহৰলৈ আহে ৰাজেন্দ্র কুমাৰ জৈন৷ ডিফু চহৰত তেওঁ জনপ্রিয় ‘ৰাজু ভাইয়া’ ৰূপে৷ ডিফুলৈ আহি এখন হার্ডৱেৰ দোকানত সহকাৰীৰূপে কর্মজীৱন আৰম্ভ কৰে ১৯৮৫ চনত৷ পাছত ৰাজু ভাইয়াই ডিফু ষ্টেডিয়ামৰ সন্মুখত ২০০২ চনত নিজৰ এখন ইলেক৲ট্রিকেলৰ দোকান আৰম্ভ কৰে৷ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘স্বচছ ভাৰত’ অভিযানৰ বহু বছৰ পূর্বেই এইগৰাকী ব্যক্তিয়ে নিজৰ দোকানৰ সন্মুখৰ লগতে বৃহৎ অঞ্চলত নিজেই হাতত জাৰু লৈ চাফাই কৰি থাকে৷ বহু বাটৰুৱাই এই ব্যক্তিগৰাকীক ‘পাগল’ আখ্যা দিয়ে৷ বহুতে তেওঁৰ কাষেৰে পাৰ হৈ গ’লে নানান মন্তব্য প্রদান কৰি যায়৷ কিন্তু নির্বিকাৰভাৱে হাতত জাৰু লৈ ৰাজু ভাইয়াই নিজৰ চাফাই কামত মনোনিৱেশ কৰি থাকে৷ তেওঁৰ এটাই লক্ষ্য– নিজে থকা স্থান, ব্যৱসায় কৰা স্থান পৰিষ্কাৰ কৰি ৰখা৷ কোনেও কেতিয়াও তেওঁক এই কামত সহায় নকৰে৷ আনকি, তেওঁৰ কাষৰীয়া দোকানীসমূহেও তেওঁক সহযোগ নকৰে৷ এই লেখকৰ সৈতে হোৱা বার্লাপত ৰাজু ভাইয়াই তেওঁৰ জীৱনৰ ইটো-সিটো, বহুতো কথা ব্যক্ত কৰে৷ তেওঁ কয় যে মোক বহুতে পাগল বুলি ভাবে৷ মই প্রথমে মোৰ দোকানৰ সন্মুখছোৱা চাফাই কৰি পাছত ৬৫০ বর্গ মিটাৰ চাফা কৰি ৰখাৰ চেষ্টা কৰোঁ৷ তেওঁ লগতে কয়– এদিন মোৰ মনত এটা কথাই বাৰুকৈ দোলা দিলে– এই মাটিত আমি জন্মগ্রহণ কৰিলোঁ, এই মাটিয়ে আমাক সকলো দিছে৷ এই পৃথিৱীক সুন্দৰকৈ ৰখাটো আমাৰ সকলোৰে কর্তব্য৷ এই কথা সাৰোগত কৰিয়েই মই মোৰ এই স্বচছতাৰ অভিযান আৰম্ভ কৰিলোঁ৷ ২০১৪ চনত ডিফু প্রেছ ক্লাবে ৰাজু ভাইয়াক তেওঁৰ এনে দায়িত্ববোধৰ বাবে ‘ৰাষ্ট্রীয় প্রেছ দিৱস’ত ডিফু প্রেছ ক্লাবৰ তৰফৰ পৰা সন্মান জনায়৷ এয়া আছিল তেওঁৰ কর্মৰ প্রথম স্বীকৃতি৷ ইয়াৰ পাছত ২০১৫ চনৰ ২৬ জানুৱাৰীত ডিফু নগৰ সমিতিয়ে জিলা প্রশাসনৰ উদ্যোগত স্বতন্ত্র দিৱসত সন্মান জনাই তেওঁৰ কামক চৰকাৰী স্বীকৃতি প্রদান কৰে৷ এই স্বীকৃতিসমূহে তেওঁক তেওঁৰ কামৰ বাবে অধিক উৎসাহী কৰি তুলিলে৷ ক্রমাৎ তেওঁ নিজৰ চাফাই কর্মৰ পৰিসৰ বৃদ্ধি কৰিলে৷ ডিফু চহৰৰ সৌন্দর্যত অধিক ৰহন সনা ‘ৰংফাৰপী ৰংৱে’ প্রতিমূর্তিৰ কাষেৰে মূল বজাৰলৈ সোমাই অহা পথছোৱা তেওঁ দৈনিক পৰিষ্কাৰ কৰি ৰাখে৷ দেওবাৰে তেওঁৰ এই চাফাই অভিযান পুৱা ৭ বজাৰ পৰা ১১-১২ বজালৈ চলে৷ ৰাজু ভাইয়াই কয় যে বহুতে মোক হাঁহে, আকৌ বহুতে মোক আহি জনায় যে আপোনাৰ পৰা আমি অনুপ্রাণিত হৈ নিজৰ নিজৰ অঞ্চলসমূহ চাফা কৰি ৰাখিবলৈ যত্ন কৰোঁ৷ এনে ধৰণৰ ইতিবাচক সঁহাৰিয়ে মোক উৎসাহ যোগায়৷ ৰাজু ভাইয়াৰ আক্ষেপ কিন্তু বহু বেছি৷ মোৰ কাষৰ দোকানীৰ লগতে ডিফুৰ সকলো দোকান, ব্যৱসায়ৰ স্বত্বাধিকাৰক মই বহুবাৰ অনুৰোধ কৰাৰ সত্ত্বেও কোনেও মোক সহায়ৰ হাত আগনবঢ়ায়৷ চহৰখনত অতবোৰ সংগঠন আছে৷ কোনো সহায়ৰ বাবে আগবাঢ়ি নাহে৷ ১৫ আগষ্ট, ২৬ জানুৱাৰী আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত বহু সংগঠন ওলাই আহি হাতত জাৰু লৈ চাফাই অভিযানত নামি ফটো তোলা মই দেখা পাওঁ৷ মোৰ আক্ষেপ, এই কাম যদি তোমালোকে দৈনিক এঘণ্টা মানৰ বাবে কৰা আমাৰ এই সৰু চহৰখন পৰিষ্কাৰ হৈ থাকিব৷ ৰাজু ভাইয়াই লগতে কয় যে মোৰ এই কামৰ বাবে মোৰ ব্যৱসায়তো প্রভাৱ পৰিছে৷ মোৰ জীৱিকাৰ একমাত্র সম্বল মোৰ এই দোকানৰ বিক্রীও কমি গৈছে মই সময় দিব নোৱাৰাৰ বাবে৷ তেওঁ কয় যে জিলা প্রশাসন আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে সকলো দোকান-পোহাৰৰ সন্মুখত এখন নির্দেশনা আঁৰি দিব লাগে যে দৈনিক নিজৰ দোকানৰ সন্মুখছোৱা পৰিষ্কাৰ কৰি থ’ব লাগে৷ এই ক্ষেত্রত কেৱল নির্দেশনা জাৰি কৰিলেই নহ’ব পৰিষ্কাৰ-পৰিচছন্নতা অবিহনে এনে দোকানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে জৰিমনা বিহাৰ ব্যৱস্থাও থাকিব লাগে৷ এয়া তেওঁ কাকো অৱমাননা কৰিবলৈ কোৱা নাই বুলি দোহাৰি তেওঁ কয়– এয়া চহৰখনৰ স্বচছতা বর্ই ৰখাৰ বাবে হ’ব লাগে৷ তেওঁ লগতে কয় যে আমাৰ এই সৰু চহৰখন আমি সকলোৱে পৰিষ্কাৰকৈ ৰাখিবলৈ অংগীকাৰবদ্ধ হ’লে অসমৰ ভিতৰত ডিফু চহৰ সকলোতকৈ স্বচছ চহৰ হৈ পৰিব৷ সুদূৰ হায়দৰাবাদৰ পৰা আহি ডিফুত নিগাজিকৈ পত্নী, দুই কন্যা, একমাত্র পুত্রৰ সৈতে ডিফুত বসবাস কৰা এই ৰাজু ভাইয়াই আমাক দেখুৱাইছে এজন দায়িত্বশীল নাগৰিকৰ আদর্শ৷ তেওঁৰ এই কামত আমি প্রত্যক্ষভাৱে সহায় নকৰিলেও আমি সকলোৱে নিজ নিজ দোকান-বাসগৃহৰ সন্মুখছোৱা পৰিষ্কাৰকৈ ৰাখিলে তেওঁৰ ‘সপোন’ ডিফু চহৰ অসমৰ ভিতৰতে এখন স্বচছ চহৰ ৰূপে গঢ়ি তোলাটো বৰ কঠিন নহ’ব৷ ৰাজু ভাইয়া কেৱল ডিফু চহৰ কিম্বা অসমৰে নহয় তেওঁ এজন দেশৰ আদর্শ স্বৰূপ ব্যক্তি৷ আমি তেওঁৰ আদর্শৰ পৰা অলপ শিক্ষা গ্রহণ কৰা উচিত৷
Posted by http://janambhumi.in

Thursday, 8 December 2016

নিবনুৱা সমস্যা সমাধানত ৰেচম শিল্পৰ গুৰুত্ব

কৃষি আৰু উদ্যোগ– দুয়োটা দিশতে প্রচুৰ লাভৰ সম্ভাৱনা থকা শিল্পটোৱেই হ’ল ৰেচম শিল্প৷ আর্থিক দিশতে নহয়, যথেষ্টসংখ্যক লোকৰ নিয়োগৰ ক্ষেত্রতো এই শিল্পৰ গুৰুত্ব আছে৷ বিশেষকৈ উন্নয়নশীল দেশবোৰত প্রধানকৈ যিবোৰ দেশত এই শিল্পৰ বাবে উপযুক্ত জলবায়ু আছে সেইবোৰ দেশত ৰেচম বিভাগে দেশখনৰ অর্থনীতিৰ ক্ষেত্রত মুখ্য ভূমিকা গ্রহণ কৰিছে৷ পৃথিৱীৰ ভিতৰত ৰেচম শিল্পৰ ক্ষেত্রত চীন দেশে প্রথম স্থান দখল কৰাৰ বিপৰীতে ভাৰতে দ্বিতীয় স্থান লাভ কৰিলেও সাম্প্রতিক সময়ত উত্তৰ-পূর্বাঞ্চলত ইয়াৰ উৎপাদন কমি যোৱা দেখা গৈছে৷ এই শিল্পৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ১৯৭৯ চনত চীন দেশে উৎপাদন কৰা ৰেচম সূতাৰ পৰিমাণ আছিল ৬৩,০০০ মেট্রিক টন আৰু ভাৰতে উৎপাদন কৰিছিল ১২,০০০ মেট্রিক টন৷ সম্প্রতি ভাৰতবর্ষত ১২১ কোটি জনসংখ্যাৰ প্রায় ৪ কোটি জনসংখ্যা ৰেচম শিল্পৰ লগত জড়িত হৈ আছে৷ অন্যান্য কৃষিকার্যতকৈ লাভজনক এই শিল্প অন্ধ্র প্রদেশ, তামিলনাডু, পশ্চিম বংগ, কর্ণাটক আদিত উৎপাদনৰ ক্ষেত্রত অধিক গুৰুত্ব দিয়া দেখা গৈছে৷ অসম ৰাজ্যত এই ৰেচম শিল্পৰ গুৰুত্ব কিমান, সেয়া চিন্তা কৰিব লগীয়া বিষয়৷ অতীজৰে পৰা পৰম্পৰাগতভাৱে অসমত ৰেচম সূতাৰ ব্যৱহাৰ কৰি অহা হৈছে৷ বিশেষকৈ, আহোম ৰাজত্বৰ ১৬০৩ খ্রীষ্টাব্দৰ পৰা ১৬৪১ খ্রীষ্টাব্দত ৰজা প্রতাপ সিংহৰ দিনত এই শিল্পৰ চোৱা-চিতা কৰিবলৈ মোমাই তামুলী বৰবৰুৱাৰ নেতৃত্বত এটা সুকীয়া বিভাগেই আছিল বুলি জানিব পৰা গৈছে৷ ৰেচম শিল্পৰ লগত জড়িত বিশেষকৈ পাটপলু, মুগা পালকসকলক মাটিৰ খাজনা ৰেহাই দি উৎসাহ যোগোৱা হৈছিল৷ সেই সময়ত ৰজা-মহাৰজাসকলে ইয়াৰ পৰা উৎপাদিত কাপোৰ ব্যৱহাৰ কৰি ইয়াক ৰাজকীয় মর্যাদা দিছিল৷ ইয়াৰ পাছতেই ব্রিটিছ প্রদর্শক আৰু প্রকৃতিবিদ বুখানন, হেমিল্টন, জেনকিন্স, হগন, হাফাৰ, বৌনল ষ্টেক আদিয়ে মুগা-শিল্প জীয়াই ৰখাত গুৰুত্ব আৰোপ কৰিছিল৷

ভাৰতৰ স্বাধীনতাৰ পৰৱর্তী অসম চৰকাৰে ১৯৬১ চনত এখন অভিলাষী আঁচনিৰ দ্বাৰা অসমৰ বিভিন্ন স্থানত চোম আৰু সোঁৱালু গছ ৰোপণ কৰি ভিলেজ গ্রেজিং ৰিজার্ভ নাম দি একোটা মুগা কেন্দ্র প্রতিষ্ঠা কৰিছিল৷ কিন্তু গোৱালপাৰা, কামৰূপ, শিৱসাগৰ, লখিমপুৰ জিলাৰ একাংশ অঞ্চলৰ বাহিৰে আঁচনিসমূহে অন্য ঠাইত বিশেষ সফলতা লাভ কৰা দেখা নগ’ল৷ আগতে উল্লেখ কৰা হৈছে যে ৰেচম শিল্প এটা কৃষি ভিত্তিক শিল্প৷ সূতা উৎপাদনৰ বাবে মূল হ’ল খোলা (Cocoon)৷ পলু পালনৰ দ্বাৰা পৈণত খোলা উৎপাদনলৈকে এই পর্যায়টো কৃষি৷ খোলাৰ পৰা সূতা উৎপাদন কৰি কাপোৰ তৈয়াৰ কৰালৈকে এই পর্যায়টো হ’ল উদ্যোগ৷ অসমৰ মুগা শিল্প এটা কৃষিভিত্তিক কুটীৰ শিল্প৷ প্রাচীন কালৰে পৰা অসমৰ মানুহে ঘৰে ঘৰে ৰেচম পলু পালন কৰি আহিছে৷ ৰেচম পালনৰ দ্বাৰা অসমৰ গাঁৱৰ মানুহখিনি অর্থনৈতিক দিশত কিছু পৰিমাণে লাভৱান হৈছে যদিও ৰেচম পলুৰ পালনত এতিয়াও বৈজ্ঞানিক দৃষ্টিভংগী গঢ় লৈ উঠা নাই৷ ফলত অসমৰ ৰাইজ যিমান লাভৱান হ’ব লাগে সিমান হোৱা নাই৷ ব্যৱহাৰিকভাৱে ইয়াক বোৱা বা কটা হয় যদিও ব্যাৱসায়িক ভিত্তিত ৰেচম পলু পালনত এতিয়াও মনোযোগ দিয়া হোৱা নাই৷ উল্লেখযোগ্য যে ৰেচম কাপোৰৰ ব্যৱহাৰ যথেষ্ট হয় বাবে ইয়াৰ ৰপ্তানিৰো যথেষ্ট থল আছে৷ আমাৰ উদ্যোগী যুৱকসকল অলপ যত্নৱান হ’লেই অতি সহজতে আৰু কম খৰচতে অসমৰ গাঁৱে গাঁৱে ৰেচম শিল্পৰ একোটা উদ্যোগ গঢ় দিব পৰা যাব৷ এই দিশত আগ বাঢ়িবলৈ হ’লে আমাক লাগিব বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰা একোখন চোমনি৷ এক একৰ মাটিত ৪ ৪ মিটাৰ দূৰত্বত ১৪০১৫০ জোপা চোম বা সোঁৱালু গছ ৰুব পাৰি৷ গছ ৰোৱাৰ উপযুক্ত সময় হ’ল জুলাই আৰু ছেপ্টেম্বৰ মাহ৷ পুলিবোৰ সাধাৰণতে ৬০ চেণ্টিমিটাৰৰ পৰা ৭৫ চেণ্টিমিটাৰমান ওখ হ’লেই ৰোৱাৰ বাবে উপযুক্ত হয়৷ পুলি ৰোৱাৰ আগতে গাঁতবোৰ ৬০ চেণ্টিমিটাৰ বহল আৰু ৪৫ চেণ্টিমিটাৰ দ কৰি ৩০ চেণ্টিমিটাৰ পচন সাৰ বা এলড্রিন পাউডাৰ শতকৰা ৫ ভাগ প্রয়োগ কৰি ল’ব লাগে৷ পুলিবোৰ ৰোৱাৰ পৰা মুগা পালন কৰিব পৰা হোৱালৈকে ৫-৬ বছৰ সময় লাগে৷ এই সময়ছোৱাত চোমনি বাগানত অন্য খেতিও কৰিব পৰা যায়৷ প্রতিবছৰে গছপুলিবোৰত নৱেম্বৰ-ডিচেম্বৰ মাহত এক ঘন ফুটকৈ (০.০২৮ ঘন মিটাৰ) গোবৰ প্রয়োগ কৰিব লাগে৷ লগতে আৱশ্যক অনুযায়ী কলম দি জোপোহা কৰি ল’লে পলু পোহাত যথেষ্ট সুবিধা হয়৷ কোনোধৰণৰ ৰোগ নথকা সঁচ আহৰণ কৰাটোৱেই ৰেচম শিল্পৰ ঘাই সোপান৷ বিজ্ঞানসন্মতভাৱে প্রস্তুত কৰা নিৰোগী সঁচ উৎপাদনৰ বাবে কেন্দ্রীয় ৰেচম ব’র্ডৰ অধীনত কামৰূপ জিলাৰ বকোত ১৯৮১ চনত আঞ্চলিক মুগা গৱেষণা কেন্দ্রৰ দ্বাৰা স্থাপন কৰা পলু নিৰোগী সঁচ উৎপাদন কৰি অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰে৷ পলুৰ কণীবোৰ পৰীক্ষা কৰাৰ পাছতেই শতকৰা দুভাগ ফৰমেলিন পানীৰে ধোৱাৰ পাছত পৰিষ্কাৰ পানীৰে পুনৰ ধুই ছাঁত শুকুৱাই ৰখা হয়৷ তেনেদৰে পলুৰ আহিলা-পাতিবোৰ ব্যৱহাৰ কৰাৰ আগতে শোধন কৰি ল’ব লাগে৷ ইতিমধ্যে উজনি অসমৰ যোৰহাটৰ তিতাবৰত থকা চেৰিকালচাৰ ডেমচট্রেশ্যন প্রশিক্ষণ মহাবিদ্যালয়ৰ যোগেদি ৰেচম বিভাগটোক কিছু পৰিমাণে আগুৱাই নিয়াৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব দিয়া দেখা গৈছে৷ একোবাহ মুগা পলু পালন কৰিবলৈ ঋতু অনুযায়ী তাৰতম্য হয়৷ গৰমকালি কম দিনতে অর্থাৎ ২৫৩০ দিনৰ ভিতৰত শেষ হয়৷ কিন্তু জাৰকালি ৫০৫৫ দিন পর্যন্ত সময় লাগে৷ যিবোৰ মুগালাট সূতা কাটিবৰ বাবে ব্যৱহাৰ কৰা হয় সেইবোৰ লাট কেজিত হাজাৰ টকাত বিক্রী কৰা হয়৷ উল্লেখযোগ্য যে বিশ্ববিখ্যাত সোণালী ৰঙৰ মুগা সূতা উৎপাদন কেৱল উত্তৰ-পূর্বাঞ্চলতহে হয়৷ সেয়েহে অলপ মূলধন আৰু বিজ্ঞানসন্মতভাৱে চোমনি তৈয়াৰ কৰি ইয়াক উৎপাদন কৰিব পাৰি৷ ইতিমধ্যে প্রচুৰ সম্ভাৱনা থকা এই উদ্যোগটোৰ প্রতি বর্তমান যুৱক-যুৱতীসকলক আকৃষ্ট কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত কেইবাখনো আগশাৰীৰ মহাবিদ্যালয়ত ৰেচম শিল্পটো এটা কাৰিকৰী বিদ্যা (Vocational Subject) হিচাপে সংযোগ কৰিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৪ বর্ষৰ পৰা স্নাতক শ্রেণী আৰম্ভ কৰি শিল্পীটোক আধুনিকীকৰণ আৰু ইয়াৰ ব্যাপক প্রসাৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ সুদূৰ ভৱিষ্যতে অসমৰ একাংশ যুৱক-যুৱতীয়ে আত্মনিয়োগৰ সুবিধা পোৱাৰ লগতে জাতীয় অর্থনীতিলৈ বৰঙনি যোগাব বুলি আশা কৰাৰ থল আছে৷
Posted by janambhumi.in

Tuesday, 22 November 2016

গোলাপৰ ক’লা দাগ

গোলাপৰ প্রজাতিসমূহ কাঁইটীয়া হৈও ফুলত কোনো দাগ নপৰাকৈ ৰাখি নিজৰ সৌন্দর্য আৰু গুণৰ প্রভাৱতে পৃথিৱীৰ ভিতৰতে অন্যতম শ্রেষ্ঠ ফুল হিচাপে খ্যাতি লাভ কৰাটো বিজ্ঞানৰ দৃষ্টিৰে এক উল্লেখযোগ্য কৌতূহল৷ বুজিবলৈ সহজ নহলেও আৰু কেতিয়াবা বিশ্বাস কৰিবৰ মন নগলেও দেখা যায় যে একেজোপা গছতে ফুলা প্রতিথোপা গোলাপৰ সুৱাসো ভিন ভিন হয়৷ বিভিন্ন গোলাপ প্রজাতিৰ মাজতো সুবাসৰ ভন্নতা থাকে৷ বর্তমান সময়ত আধুনিকতাৰ গতিৰে কৃত্রিমভাৱে তৈয়াৰ কৰা পাৰফিউমসমূহত গোলাপৰ সুৱাস আনিবলৈ অনেক লোকে যত্ন কৰিলেও প্রকৃত গোলাপৰ সুগন্ধি সুৱাসৰ সমকক্ষস্বৰূপে স্বীকৃতি অনাত সাফল্যতা লাভ কৰিব নোৱৰাটো গোলাপ ফুলৰ এক স্বকীয় গুণ৷ সেয়েহে বহুতো সুৱাসেৰে ভৰপূৰ অথচ নিজৰ বৈশিষ্ট্যৰে প্রভাৱিত হোৱা গোলাপ ফুলক ফুলৰ ৰাণীবুলি কোৱা হয়৷


গোলাপৰ কলা দাগ বেছিভাৱে চকুত পৰিছিল জম্মু আঞ্চলিক গৱেষণাগাৰৰ ৰামনাথ চপ্রা ঔষধি আৰু সুগন্ধি উদ্ভিদৰ বাগিচাখনত যেতিয়া ১৯৬১ চনৰ আগষ্ট মাহত অস্থায়ীভাৱে আমি প্রায় চাৰি বছৰৰ কাৰণে যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ পৰা বদলি হৈ যাব লগা হৈছিল৷ সেই সময়ত বিশিষ্ট উদ্ভিদবিদ তথা আন্তর্তিক খ্যাতিসম্পন্ন বিজ্ঞানী প্রয়াত ড0 ই কে জান৲কী অমল যোৰহাট গৱেষণাগাৰৰ অফিচাৰ অন স্পেচিয়েল ডিউটি (OSD)’ হিচাপে জম্মুৰ গৱেষণাগাৰতে অৱসৰৰ পাছত চাকৰি কৰিছিল৷ সেইবাবে তেওঁ আছিল যোৰহাটৰ পৰা যোৱা তিনিজন উদ্ভিদ বিজ্ঞানীৰে মুৰববী৷ ড0 অমলে বহু দিন দেশ-বিদেশৰ পৰা সংগ্রহ কৰা প্রায় ২০০ৰো অধিক উন্নত গোলাপৰ প্রজাতি আনি জম্মু গৱেষণাগাৰৰ বিজ্ঞানী বি কে এব্রলৰ সহযোগত আৰ এন চপ্রা বাগিচাত ৰোৱাইছিল৷ প্রজাতিসমূহ মূলতঃ আছিল ৰজা ডামাচিনাৰ বংশধৰ৷ অৱশ্যে অন্য প্রজাতিৰ গোলাপ গছো বাগিচাখনত কিছু পৰিমাণে ৰোৱা হৈছিল৷ জম্মুৰ পৰিৱেশত গোলাপ গছ বহু বছৰলৈ জীয়াই থাকে যদিও বায়ুমণ্ডলৰ আর্দ্রতা কমি গলে আৰু তাপমাত্রা বেছি হলে প্রতিকূল বতৰৰ সৃষ্টি হৈ ফুলবিলাক সৰু হোৱাই নহয়, গোলাপৰ কলা দাগৰ এবিধ ভেঁকুৰে আবতৰীয়াভাৱে গছৰ পাত আৰু ফুলসমূহ যথেষ্ট পৰিমাণে নষ্ট কৰিছিল৷ ড0 অমলে মোৰ উদ্ভিদৰ ৰোগ আৰু প্রতিকাৰৰ প্রতি আকর্ষণ থকা বুজি পাই গোলাপৰ কলা দাগৰ ওপৰত অনুসন্ধান তথা কিছু গৱেষণা কৰাৰ পৰামর্শ দিলে৷ অৱশ্যে জম্মু গৱেষণাগাৰৰ প্লেণ্ট-পেথলজিবিভাগৰ মুৰববী প্রয়াত দুর্গা দাস গাংগুলিকো মতাই আনি যাৱতীয় সুবিধা দিয়াৰ লগতে পৰিচয় কৰাই দিলে৷ এয়ে আছিল গোলাপৰ কলা দাগ অনুসন্ধানৰ প্রাৰম্ভণি৷

প্রাথমিক পর্যায়ত কিছু পৰিমাণৰ বৰষুণ হলেই জম্মুৰ বতৰত সৰু-বৰ সকলো পাততে পেন-হেডৰ দৰে সূক্ষ্ম চিন কিছুমান ঠায়ে ঠায়ে দেখা দিয়ে৷ বহুতো এনে চিহুই বৰণ সলাই ক্রমে ডাঙৰ হৈ ১২ দিনমানৰ ভিতৰতে কলা দাগৰ আকৃতি লয়৷ প্রায় ঘূৰণীয়া দাগবিলাক কোনো সময়ত বৃদ্ধি হৈ ওপৰা-উপৰি হয়৷ গছৰ কুঁহিপাতত আক্রমণ সৰহ হয় বাবে সোনকালে মৰহি যায়৷ চাৰি সপ্তাহমানৰ পৰা পাতবিলাক কিছু পৰিমাণে হালধীয়া হয় আৰু সৰিবলৈ ধৰে৷ পাতৰ ঠাৰি অংশৰ গুৰিত ৰোগ হয় বাবে সৰাত সুবিধা হৈ পৰে৷ বৰষুণৰ অন্তত গছৰ কলা দাগবিলাক বেছি হয়৷ সাধাৰণতে এদিন-দুদিন বৰষুণ হৈ গলে কলা দাগৰ সংখ্যাও সৰহ হয়৷ পাতৰ কলা দাগবিলাক তলৰ ফালতকৈ ওপৰৰফালে বেছি৷ সম্পূর্ণ দাগবিলাকৰ ব্যাস পৰিমাণত ৭ মিলিমিটাৰ, কোনো ক্ষেত্রত প্রায় ১২ মিলিমিটাৰ মান হয়৷ দাগবিলাক প্রায়েই ঘূৰণীয়া, ইটোৰ লগত সিটো প্রায়েই লাগি নাথাকে৷ প্রতিটো ডাঙৰ পাতত গড় হিচাপত ৩.৫টা দাগ পোৱা গৈছিল৷ দাগৰ ওপৰফালে বহুতো এছাৰবুলাছসংগঠন হোৱা দেখা যায়৷ ভেঁকুৰৰ আকৃতি বিজ্ঞান (morphological) মতে কৰকজালবিলাক অসমাংগ, বিষম বা অনিয়মিত৷ সূত্রপুঞ্জ (mycelium)সমূহ স্বচছ আৰু শাখা-প্রশাখাৰে ভৰপূৰ৷ হাইফাবিলাক ৩.৬ৰ পৰা ৪.৯ মিউবহল৷ জননকোষ (Conidia) ডিম্বাকৃতিৰ, এককভাৱে খণ্ডিত, দুয়োটা কোষ সমান নহয়, ভিতৰৰ অংশ স্বচছ নাইবা সাধাৰণভাৱে সেউজীয়া, সৰহ সংখ্যক জননকোষ গদাকৃতিৰ৷ গছৰ পাতৰ পৰা আহৰণ কৰা জননকোষ ১৩.১-১৯.৯â৪.২-৬.৪ মিউজোখৰ৷

কৌশলগতভাৱে তৈয়াৰ কৰা PDA-ৰ দৰে ৰাসায়নিক আধাৰত (artificial infection) সামান্য অংশ ৰাখিলেও কলা দাগৰ ভেঁকুৰখিনি বৰ লাহে লাহে গজে৷ উপযুক্ত তাপমাত্রাত (২৫০-৩০০ চেণ্ট্রিগ্রেড) থলেও তিনি দিনৰ পাছতহে ভেঁকুৰ গজিবলৈ আৰম্ভ কৰে৷ বহুত দিনলৈ পেট্রিডিছসমূহ উপযুক্ত পৰিৱেশত ৰাখিলেও মাত্র ৯.৫ মিলিমিটাৰমানহে গজা দেখা যায়৷ অৱশ্যে বাহ্যিকভাৱে অনেক দিনলৈ গজন প্রক্রিয়াৰ কোনো পৰিৱর্তন নেদেখিলেও মেডিয়াৰতলভাগলৈ ভেঁকুৰৰ হাইফাসমূহ বিস্তৃত হৈ পৰেযিটো Shirakawa, H.S. নামৰ অনুসন্ধানকাৰীয়েও ১৯৫৫ চনতে অনুমান কৰিছিল Diplocarpon rosae Wolf নামৰ ভেঁকুৰৰ ক্ষেত্রত (Amer. J. Bot. Vol 42 : 379-384)৷ গোলাপৰ কলা দাগৰ ভেঁকুৰ ভাৰতবর্ষৰ পৰা পোনপ্রথমবাৰৰ বাবে R. D. Anstead-এ উল্লেখ কৰিছিল 1925 চনত (Imperial Bareau of Mycology, Fungilist 1, পৃষ্ঠা-1)৷ ইয়াৰ পাছত Patel, M. K. ইত্যাদিয়ে 1989 চনত Fungi of Bombay, Supple, 1, Indian Phytopath, 2 : 144 পৃষ্ঠাত মাত্র ভেঁকুৰটোৰ নাম উল্লেখ কৰিছিল৷ ১৯৬৩ চনৰ Indian Phytopath, Vol 16, 255-259 পৃষ্ঠাত D. N. Bordoloi আৰু D. Ganguly-Black Spot of Roses caused by Diplocarpon rosae wolf-ৰ বিজ্ঞানভিত্তিক বহুতো বিশ্লেষণ আনি নতুন তথ্যৰ উদ৲ঘাটন কৰি লিখা প্রবন্ধত অনেক কথা প্রকাশ পাইছে৷

জম্মুৰ পৰিৱেশত জানুৱাৰী মাহত গোলাপৰ গছ বেছিকৈ আক্রান্ত হয় আৰু ৰোগৰ প্রৱণতা এপ্রিল মাহৰ তাপমাত্রা ২৫০-৩২০ থকালৈকে বৃদ্ধি হৈ প্রায় সমগ্র প্রজাতিকে এক ৰোগগ্রাহী (susceptibility) অৱস্থালৈ আনে৷ অৱশ্যে ৰোগাক্রান্ত গোলাপৰ অংশ বিশেষত থকা ভেঁকুৰ জননকোষৰ জীৱন ক্ষমতা (Viability) ৩৪০ চেণ্ট্রিগ্রেডৰ অতিক্রম কৰিলেই জননকোষ (conidia)বিলাকৰ কার্যক্ষমতাও নিম্নগামী হৈ পৰে৷ সেইদৰে গৱেষণাগাৰত কৰা মেডিয়াসমূহৰ পি-এইচ মূল্য ৪-৫ পৰিমাণত থাকিলে কনিডিয়াৰ অংকুৰণ বৃদ্ধি হয়৷ দেখা যায়, ৬০ শতাংশ কনিডিয়াৰ এডাল মাত্র অংকুৰণ নলিকা (germ tube) থাকে৷ দুই বা ততোধিক অংকুৰণ নলিকা থকা কনিডিয়া সাধাৰণতে নাথাকে৷ আনহাতে, কোমল কাণ্ডসমূহত (young stem) বহুতো ভেঁকুৰ-এচাৰবুলাছ (acervuli) প্রায়েই জীৱন ক্ষমতাধাৰী হৈয়ে বহু দিনলৈ থাকে আৰু নতুন বছৰত লিংগেন্দ্রিয় স্বৰূপে কাম কৰে৷

গোলাপৰ বাগিচাখনত থকা ৫৩ জোপা গছ চিনাক্ত কৰি স্বাভাৱিক প্রথাৰে (natural incidence of black spot) সপ্তাহত এবাৰকৈ পৰীক্ষা কৰোঁতে ভেঁকুৰ আক্রমণৰ বহুত ব্যৱধান পোৱা গৈছিল৷ তেনে প্রজাতিসমূহ আছিল Rosa Madame Eugene Rosal, Rosa Donal Prior, Rossa Armagh, Rosa Margaret Ane Boxter, Rosa Glacier আৰু Rosa Constellation, যিবিলাকে মাত্র 1.0-5.0 শতাংশহে ভেঁকুৰ ৰোগাক্রান্ত হৈছিল আৰু তাৰ ভিতৰত Rosa Donal Prior খুব সামান্যভাৱে আক্রান্ত হৈছিল৷ এই অনুসন্ধানৰ সময় আছিল ১৫ ফেব্রুৱাৰীৰ পৰা এপ্রিলৰ শেষলৈকে৷ এনে প্রাকৃতিক পৰিৱেশৰ অনুসন্ধানে ভেঁকুৰ-প্রতিৰোধী জেনেটিক প্রজাতি উদঘাটনৰ ইংগিত বহন কৰে৷

উদ্ভিদবিদসকলে প্রায় ২৫০টা প্রজাতিৰে গঠিত গোলাপৰ এক বৃহৎ পৰিয়াল সমগ্র পৃথিৱীতে কম-বেছি পৰিমাণে বিয়পি আছে বুলি কব খোজে৷ সুগন্ধিবিদ শুৱেনথাৰে হাইব্রিডসহ পাঁচ হাজাৰতকৈও অধিক গোলাপৰ প্রজাতি স্থান বিশেষে (Guenther, E. 1952 : The Essential oils Vol 5, page 5, D. Van Nostrand Co. Ins, Newyork) সুন্দৰভাৱে পোৱা যায় বুলি কৈছে৷

জনা যায় যে সকলো গোলাপ প্রজাতিৰ ফুলৰ বৰণ আৰু সুৱাস একে নহয়৷ কিছুমানৰ ফুল একেবাৰে গন্ধহীন৷ এইবিলাক প্রজাতি বাগিচাৰ সৌন্দর্যৰ বাবেই ৰোৱা হয়৷ জম্মুৰ বাগিচাখনত ৰোৱা সুগন্ধি গোলাপৰ ভিতৰত ৰজা চেণ্ট্রিফলিয়া, জা মচকেটা, জা বৰবনিআনা আৰু ভিন্নৰঙী গোলাপ ফুলৰ ভিতৰত চেণ্ট্রিফলিয়া ফুলসমূহ জিংক ৰঙৰ, বগা ৰঙৰ মচকেটা গোলাপ হিমালয়ৰ ৯০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ ওখ উচচতাত অন্য গছৰ গাত বগুৱাবাই গজে আৰু কস্তুৰি গন্ধৰ দৰে সুৱাস বিস্তাৰ কৰে৷ দক্ষিণ ভাৰতত সজোৱা বৰবনিআনা গোলাপৰ অন্য এক নাম এডৱার্ড ৰজ৷ মধ্য প্রদেশত ইয়াৰ খেতি প্রচুৰ পৰিমাণে হয়৷ ইয়াৰ ৰঙা-বেঙুনীয়া ফুলবিলাক সাধাৰণতে মালা তৈয়াৰ কৰাত লগোৱা হয়৷ ডামাচিনা প্রজাতিৰ গোলাপ সুগন্ধি আৰু সুৱাসৰ বাবে পৃথিৱীৰ বহু ঠাইতে গজোৱা হয়৷ ভাৰতবর্ষৰ কনৌজ, আলিগড়, ঘাজিপুৰ, বালিয়া ইত্যাদি ঠাইৰ লগতে ৰাজস্থানৰ পুষ্কৰ, হালডিঘাটি, উদয়পুৰ, নাথদেওৰা আৰু খামনৰ়, বিহাৰৰ মধুপুৰ, দেওগৰ আদি স্থানত গোলাপৰ খেতি প্রচুৰ পৰিমাণে আছে৷ এনে স্থানতো কলা ভেঁকুৰৰ আক্রমণ নথকা নহয়৷ আনহাতে, অসম তথা উত্তৰ-পূব ভাৰতত গোলাপ ফুলৰ খেতি ব্যাৱসায়িক ভিত্তিত বেছিকৈ কৰা দেখা নাযায়৷ কিয়নো প্রবল বৰষুণৰ বাবেই সম্ভৱো নহয় বুলি ভবা হয়৷ অৱশ্যে বাৰী শুৱনি কৰাত গোলাপ ফুল অনেকে বাসস্থানৰ আশে-পাশে ৰোৱা দেখা যায়৷ ডিপ্লকাৰপন ৰজিৰ কলা দাগ অসমতো যথেষ্ট আছে৷

গোলাপ ফুলৰ পৰা তৈয়াৰ কৰা সুগন্ধি তেলৰ মূল্য আন্তঃৰাষ্ট্রীয় বজাৰত প্রতি লিটাৰত প্রায় দুই লাখ টকা৷ ডালৰ পৰা শিপাৰ পোখা ওলোৱা পদ্ধতিকে ভাৰতৰ বহু ঠাইত কৰি থকা হৈছে৷ এক মিটাৰমান দকৈ গাঁত খান্দি পচন সাৰ দি যথা সময়ত শিপা ওলোৱা বীজসমূহ ৰোৱা হয় আৰু সৰহীয়া খেতিত নাইট্রজেন, ফচফেট আৰু পটাচৰ ব্যৱহাৰো কৰিব লাগে৷

বুলগেৰিয়াৰ গোলাপ ফুলৰ উদ্যোগে পৃথিৱীৰ ভিতৰতে সর্বশ্রেষ্ঠ স্থান আজিও অধিকাৰ কৰি আছে৷ ভাৰতবর্ষত শতকৰা ৮০ ভাগ সুগন্ধি গোলাপ মাত্র গোলাপজল তৈয়াৰী কাৰণতে বর্তমান ব্যৱহাৰ হয়৷ পাৰফিউম আৰু ছালৰ বেমাৰ উপশম ঘটাবলৈ গোলাপ জলৰ প্রয়োজন দেশীয় বজাৰত যথেষ্ট আছে৷ চন্দন কাঠৰ তেলৰ মাজেদি গোলাপ ফুলৰ পতনৰ সময়ত ডিছটিলেটখিনি পাৰ কৰি দি তৈয়াৰ কৰা ৰজ আতৰৰ মূল্য ভাৰতত অনেক বেছি৷ চেনিৰ ৰসত গোলাপ ফুলৰ পাপৰি ডুবাই বনোৱা গুলকান্দ দ্রব্যক মৃদুজুলাম, টনচিল বা ডিঙিৰ বেমাৰৰ বাবে অনেকে ব্যৱহাৰ কৰে৷


ভাৰতবর্ষত হোৱা গোলাপৰ তেল বুলগেৰিয়াত হোৱা তেলৰ প্রায় একে পর্যায়ৰ বুলি প্রমাণিত হলেও স্থান বিশেষে একোজোপা গছে ১৫ৰ পৰা ২০ বছৰলৈকে জীয়াই থাকে৷ অথচ কয়োম্বাটুৰ আদি স্থানৰ খেতিত যত্নপৰ হলেও সেই ঠাইত গোলাপ ফুল নুফুলাৰ কাৰণে সুচাৰুৰূপে সফলতা লাভ কৰিব পৰা নাই৷ যিহেতু উত্তৰ-পূব ভাৰতত ফুলৰ গন্ধ তুলনামূলকভাৱে উন্নত আৰু উৎপাদিত ফুলৰ পৰিমাণো সৰহ, তেনে ক্ষেত্রত বৈজ্ঞানিক দৃষ্টিভংগীৰে উন্নত গোলাপ তথা গছত কলা দাগৰ বেমাৰ হব নোৱৰা বা বেমাৰ প্রতিৰোধী (resistant) প্রজাতি বাছনিৰে খেতি কৰিলে খেতিয়কসকল লাভৱান হোৱাৰ লগতে নতুন উদ্যোগ গঢ়াৰো সম্ভাৱনা আছে৷
Posted by janambhumi.in

Wednesday, 16 November 2016

এটা অমীমাংসিত উত্তপ্ত কাহিনী

বিগত চাৰিটা মাহ ধৰি অশান্তজর্জৰ হৈ ৰৈছে সমগ্র কাশ্মীৰ উপত্যকা৷ ভূস্বর্গখ্যাত কাশ্মীৰত এতিয়া মৰিশালিৰ নীৰৱতা৷ কেতিয়াবা হঠাতে উমি উমি জ্বলিছে যুদ্ধৰ দাবানল৷ এই যুদ্ধ পিছে সীমামূৰীয়া পাকিস্তানী সেনা আৰু ভাৰতীয় সেনাৰ মাজত চলা নাই৷ যুদ্ধ চলিছে কাশ্মীৰী জনতা আৰু ভাৰতীয় নিৰাপত্তা বাহিনীৰ মাজতহে৷ হঠাতে উগ্র হৈ পৰিছে শান্তিপ্রিয় বুলি জনাজাত কাশ্মীৰৰ সাধাৰণ লোকসকল৷ বিক্ষুব্ধ জনতাই শিলগুটি নিক্ষেপ কৰিছে ভাৰতীয় সেনা, অর্ধসামৰিক কাহিনীৰ লোকৰ ওপৰত৷ আহত হৈছে বহু নিৰাপত্তাৰক্ষী– যিসকল সেই স্থানত ইমান দিনে এই আক্রমণকাৰী সাধাৰণ জনতাৰ নিৰাপত্তাৰ দায়িত্বতে ন্যস্ত আছিল৷ সাধাৰণ লোকসকল হঠাতে সংঘবদ্ধ হৈ আক্রমণ চলাইছে আৰক্ষী চকীত৷ বিছটাকৈ আৰক্ষী চকীত লুটপাত চলাই অস্ত্র-শস্ত্র কাঢ়ি নিছে তেওঁলোকে, গুলী চলাইছে আৰক্ষীৰ ওপৰত৷ আক্রমণ কৰিছে কাশ্মীৰী পণ্ডিতৰ শৰণার্থী শিবিৰত৷ এই সমস্ত ঘটনা প্রৱাহত, বিগত ৯ জুলাইৰ পৰা আজিলৈকে দুজন নিৰাপত্তাৰক্ষী নিহত হৈছে৷ আহত হৈছে চাৰি হাজাৰৰো অধিক৷ আনহাতে, নিৰাপত্তাৰক্ষীৰ গুলীত প্রাণ হেৰুৱাইছে পঁচাশীগৰাকী সাধাৰণ লোকে৷ আহত হৈছে তেৰ হেজাৰৰো অধিকজন৷ কাশ্মীৰ উপত্যকাত এইদৰেই সুলভ হৈ পৰিছে পেলেট গান, টিয়াৰ গেছ, ৰাবাৰ বুলেট ইত্যাদি৷ জনতাৰ এই ক্ষোভৰ উঁহ বিচাৰিবলৈ হ’লে আমি ঘূৰি যাব লাগিব আঠ জুলাইলৈ৷ উপত্যকাৰ কোকেৰাং অঞ্চলত নিৰাপত্তাৰক্ষীৰ হাতত সিদিনা নিহত হৈছিল বুৰহান ৱানি কুখ্যাত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ৷ বুৰহানৰ নিজাকৈ কিছু কাহিনী আছিল, যাৰ বাবেই হয়তো কাশ্মীৰী জনতাই এই হত্যাক মাথোঁ এটি খবৰ বুলি পাহৰি যাব নিবিচাৰিলে৷ এটি আঢ্যৱন্ত, শিক্ষিত পৰিয়ালৰ সন্তান বুৰহান ঘৰৰ পৰা নিখোজ হৈছিল নিজৰ পোন্ধৰ বছৰ বয়সত৷ তাৰে কিছুদিন পূর্বে ভাৰতীয় সেনাৰ দ্বাৰা কাশ্মীৰৰ ৰাজপথত আতিশয্যৰ চিকাৰ হৈছিল বুৰহান আৰু বুৰহানৰ ভ্রাতৃ৷ কথাটো বুৰহানে সহজভাৱে ল’ব নোৱাৰিলে৷ প্রতিশোধকামিতাৰ উন্মাদনাত কৈশোৰৰ সেই অবুজ সময়খিনিতে ঘৰৰ পৰা ওলাই গৈ যোগ দিলে সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনত৷ এই কথাবোৰ কাশ্মীৰৰ বহু লোকে জানিছিল৷ হয়তো সেইবাবেও বুৰহানৰ প্রতি তেওঁলোকৰ কিছু সস্নেহ সমর্থন আছিল৷ ছ’চিয়েল নেটৱর্কিং ছাইটতো সক্রিয় আছিল বুৰহান৷ কাজেই বুৰহানৰ জনপ্রিয়তাক হাত কৰি যুৱচামক সন্ত্রাসৰ এন্ধাৰ জগতলৈ লালায়িত কৰাটো সহজ হৈ পৰিছিল হিজবুল মুজাহিদিনৰ শীর্ষ নেতৃত্বৰ বাবে৷ এক কথাত বুৰহান আছিল হিজবুলৰ প’ষ্টাৰ বয়, যাৰ জৰিয়তে সন্ত্রাসবাদী সংগঠনটোলৈ সোঁত বৈছিল অগণন উগ্র কাশ্মীৰী যুৱক, কিশোৰৰ৷ অৱশ্যেই এইটো কাৰণতে বুৰহান ৱানি আছিল নিৰাপত্তা বাহিনীৰ বাবেও মূৰৰ কামোৰণি৷ সন্ত্রাসবাদৰ প্রসাৰিত হাতোৰা, উপত্যকাটোত ৰোধৰ স্বার্থতে বুৰহানৰ সমাপ্তি জৰুৰী আছিল৷ সেয়ে ঈদ উদ৲যাপনৰ বাবে অৰণ্যৰ পৰা নামি আহেঁাতেই এক সংঘর্ষত নিধন কৰা হৈছিল সন্ত্রাসবাদীজনক৷ স্থানীয় ৰাইজৰ অভিযোগ– এয়া এক ভুৱা সংঘর্ষ৷ বুৰহানক হত্যা কৰা হৈছে শীতল মস্তিষ্কৰে৷ সেই ক্ষোভ বুকুত বান্ধি হেজাৰ হেজাৰ লোক চামিল হ’ল বুৰহান ৱানিৰ শেষ যাত্রাত৷ ধিক্কাৰ দিলে ভাৰত ৰাষ্ট্রক৷ এতিয়া প্রশ্ন উঠিছে, সন্ত্রাসবাদীজনৰ হত্যাৰে ভাৰতৰ জয় হ’ল নে পৰাজয়? হত্যাৰ সলনি অন্য বিকল্প পথ হাতত ল’লে কাশ্মীৰ উপত্যকাত বিগত চাৰিটা মাহে বিৰাজ নকৰিলেহেঁতেন অচলাৱস্থাই৷ হয়তো নিজৰ অজ্ঞাতে মনস্তাত্ত্বিক যুঁজ এখনত পাকিস্তানৰ পোষ্যপুত্র সন্ত্রাসবাদী সংগঠনৰ হাতত বেয়াকৈ হাৰি গ’লোঁ আমি৷ এই কথা মানিবই লাগিব, বুৰহান ৱানিৰ জনপ্রিয়তাক মৃত্যুৰ পাছতো ব্যৱহাৰ কৰি সেইসকলে প’ষ্টাৰ বয়ৰ জীৱনকালত আদায় কৰা লাভতকৈও অধিক লাভ আদায় কৰিলে৷ নহ’লে কাশ্মীৰ উপত্যকাৰ সাধাৰণ জনতাই হাতত কাহানিও ভাৰতীয় নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে অস্ত্র তুলি নলয়৷ সেইবাবেই চাৰি মাহ ধৰি একুৰা জুই বুৰহানৰ উপলক্ষতে জ্বলাই ৰখা সম্ভৱ হৈছে৷ ফলত মাহৰ পিছত মাহ জাৰি কৰি ৰাখিবলগীয়া হৈছে সান্ধ্য আইন, নিষেধাজ্ঞা৷ বন্ধ স্কুল-কলেজ, স্থগিত পৰীক্ষা, ব্যাহত ম’বাইল সেৱা৷ কার্যত একালৰ পর্যটকৰ আকর্ষণৰ কেন্দ্র ভূস্বর্গত এতিয়া গঢ়ি উঠিল এখন নতুন নৰক৷ অৱশ্যেই বুৰহান ৱানিৰ হত্যাই কাশ্মীৰী জনতাৰ ক্ষোভৰ একমাত্র কাৰণ বুলি ভাবিলে একপক্ষীয় বিচাৰ কৰা হ’ব৷ বুৰহান মাথোঁ এক উপলক্ষও হ’ব পাৰে৷ সমগ্র উপত্যকাটোত অতিমাত্রা সামৰিকীকৰণ (Militarisation), মানৱ অধিকাৰৰ সঘন উলংঘন আৰু বহুল প্রচাৰিত হিন্দু ৰাষ্ট্রীয়তাবাদ (Hindu Nationalism)ৰ প্রসাৰো কাশ্মীৰী জনতাৰ ক্ষোভৰ বহিঃপ্রকাশৰ আঁৰৰ কাৰণ হ’ব পাৰে৷ এয়া সত্য যে ভাৰতীয় নিৰাপত্তা বাহিনীৰ এক বৃহৎ সংখ্যক নিয়োজিত কৰি ৰখা হৈছে জম্মু-কাশ্মীৰত৷ সামৰিকীকৰণৰ এই আতিশয্যত সাধাৰণ জনজীৱনে স্বাচছন্দ্য বিচাৰি নাপায়৷ অসম অথবা উত্তৰ-পূর্বাঞ্চলৰ লোকসকলে সেই যাতনাক কাশ্মীৰীসকলৰ সমগভীৰতাৰেই অনুভৱ কৰিব পাৰে৷ সেনা জোৱানৰ উগ্র আচাৰ-ব্যৱহাৰ, অশালীন আচৰণ অসমবাসীৰ বাবেও অবিদিত নহয়৷ আলফা-এন ডি এফ বি কিম্বা একালত বি এল টিৰ বিৰুদ্ধে সেনাই চলোৱা অভিযানত বহু নির্দষী লোক ঘুণীয়া হৈছিল চিৰজীৱনৰ বাবে, সতীত্ব হেৰুৱাইছিল বহু অসমীয়া যুৱতী-বোৱাৰীয়ে৷ অসমৰ ইতিহাসত সেইবোৰ কাহানিও মচিব নোৱৰা ক’লা অধ্যায় যিবোৰক সমল কৰি ৰচিত হৈছে বহু গ্রন্থ উপন্যাস, নিবন্ধ৷ সৌভাগ্যবশতঃ সেয়া এতিয়া আমাৰ বাবে মাথোঁ ইতিহাস, অথচ আমাৰ সেই সময়ৰ স্বাচছন্দ্যহীনতা, ঘৰৰ পৰা ওলালেই বজাৰৰ মোনা পর্যন্ত খুলি দেখুৱাবলগীয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা কিম্বা অন্যার্থত গৃহবন্দিত্ব আজিও বর্তমান কাশ্মীৰ উপত্যকাত৷ কাশ্মীৰৰ পৰা আহে নিৰাপত্তা বাহিনীৰ দ্বাৰা মানৱ অধিকাৰ লংঘনৰ দেধাৰ খবৰ৷ গাপ দিয়া হয় বহু খবৰ৷ সাধাৰণ জনতাৰ ক্ষোভৰ কাৰণ ইয়াতো আছে৷ আন কিছুমান কাৰণ পৰিৱর্তিত ৰাজনৈতিক দৃশ্যপট উদ্ভুত হ’ব পাৰে৷ ২০১৪ চনৰ লোকসভাৰ নির্বাচনত ভাৰতীয় জনতা পার্টিৰ বিজয়ে কাশ্মীৰী মুছলমানৰ মনত কিছু শংকা সৃষ্টি কৰাটো মিছা নহয়৷ গেৰুৱা দলটোৰ অথবা ইয়াৰ সহযোগী দল, সংস্থাৰ তৰফৰ পৰা সময়ে সময়ে ৰাষ্ট্রীয়তাবাদৰ প্রচাৰ চলিছে যাৰ আধাৰ হিন্দুত্ব৷ ইফালে, ২০১৪-ত অনুষ্ঠিত বিধানসভাৰ নির্বাচনত মুফ৲টি মহম্মদ চয়ীদ নেতৃত্বাধীন পীপল৲ছ ডেম’ক্রেটিক পার্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে কাশ্মীৰ অঞ্চলত, জম্মু অঞ্চলত সংখ্যাগৰিষ্ঠতা লভে বিজেপিয়ে৷ পিছে একপ্রকাৰৰ ৰাজনৈতিক বিশ্বাসঘাতকতা কৰি বিজেপি আৰু পি ডি পিয়ে গঢ়ে মিত্রজোঁটৰ চৰকাৰ, যাৰ মাজত নির্বাচনৰ পূর্বলৈ আছিল তেল-পানীৰ সম্পর্ক৷ এই সমস্ত ৰাজনৈতিক ঘটনা প্রৱাহৰো কাশ্মীৰী জনতাৰ দ্বাৰা সদ্যপ্রকাশিত ক্ষোভৰ উদ৲গিৰণত বৃহৎ অৰিহণা আছে৷ এক কথাত, বিগত চাৰি মাহে কাশ্মীৰ উপত্যকাত চলা অচলাৱস্থাৰ উপলক্ষহে বুৰহান ৱানি, আঁৰৰ কাৰণ সমাজ মনস্তাত্ত্বিক আৰু ৰাজনৈতিক৷
Posted by dainikjanambhumi
http://janambhumi.in/

Tuesday, 15 November 2016

ন’ট নিষিদ্ধকৰণৰ পিছৰ পর্যায়

চৰকাৰখনে 500 আৰু 1000 টকীয়া নিষিদ্ধ কৰি এক সাহসী পদক্ষেপ গ্রহণ কৰিলে৷ পাকিস্তানৰ প্রস্তুতকাৰী কাৰখানাসমূহে নকল ছপা কৰি দেশখনৰ উগ্রপন্থী গোটসমূহক যোগান ধৰিছিল৷ ৰাজনৈতিক দলসমূহে এক বুজন পৰিমাণৰ গোপনে ৰাখিছিল৷ আনহাতে মাটি-সম্পত্তিৰ বৃহৎ ব্যৱসায়ী (ৰিয়েল ইষ্টেট)সকলে লা ধনৰ জৰিয়তে ব্যাৱসায়িক লেনদেন কৰে৷ সেয়েহে চৰকাৰৰ এনে পদক্ষেপত সাধাৰণ মানুহে স্বস্তিৰ নিশ্বাস পেলাব বুলি অনুমান কৰা হৈছে৷ যি সময়ত বিভিন্ন খণ্ডৰ বৃহৎ ব্যৱসায়ীসকলে কৰ ফাকি দিয়ে, তেতিয়া সাধাৰণ লোকৰ দৰমহাৰ পৰা আয় কৰ আদায় কৰা হয়৷ তেওঁলোকে তেনে সময়ত দৈনন্দিন জীৱনৰ অভাৱ-অভিযোগবোৰ পূৰণৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হয়৷ কিন্তু সেই সমস্যা বৰ বেছি দিন নাথাকে৷ সি যি নহওক, নিষিদ্ধকৰণৰ পাছতো লা ধন আহৰণত উৎসাহ যোগোৱা এই ব্যৱস্থাটো একেই থাকিব৷ দুর্নীতিগ্রস্ত কৰ প্রশাসন আৰু কৰৰ উচচ হাৰৰ সংযোগৰ ফলতেই লা ধন আহে৷ উদাহৰণ স্বৰূপে এটা কাৰখানাৰ মালিকে প্রতি মাহে এক কোটি টকা মূল্যৰ ডিজার্ট কুলাৰ প্রস্তুত কৰে৷ তেওঁ সেই সামগ্রীৰ বিক্রীৰ ওপৰত আবকাৰী শুল্ক, বিক্রী কৰ আৰু আয় কৰ দিব লাগে৷ তেওঁ প্রতি মাহে প্রাযþ 35 লাখ টকাৰ কৰ আদায় দিব লাগে৷ দুর্নীতিগ্রস্ত কৰ বিষয়াসকলক দুই লাখ টকা দিÃ 33 লাখ টকাৰ কৰ ৰেহাই পোৱাটো তেওঁৰ বাবে অধিক লাভজনক ব৷ কাৰখানাৰ মালিকৰ লগতে আবকাৰী পৰিদর্শকজনেও এই সঞ্চয়ৰ ধন বিনিয়োগ কৰিব বিচাৰে৷ গতিকে তেওঁলোকে তাৰে অলংকাৰ কিনি থয়৷ সেই ধন সোণৰ আমদানিৰ ৰূপত দেশৰ বাহিৰলৈ যায়৷ ৰাজনীতিবিদসকলেও বিভিন্ন বিষয়াৰ পৰা চাকৰি সংক্রান্তীয় সুবিধা প্রদানৰ ক্ষেত্রত ধন সংগ্রহ কৰে৷ দুর্নীতিগ্রস্ত বিষয়াসকলে ফেক্টৰীৰ মালিকসকলৰ পৰা ধন সংগ্রহ কৰে আৰু তেওঁলোকক কৰ ফাকি কার্যত সহায় কৰে৷ নিষিদ্ধকৰণে এনে ধৰণৰ দুষ্কার্যবোৰত বাধা দিব নোৱাৰে৷ গতিকে, ৰাজনীতিবিদ, সম্পত্তিৰ লেনদেন কৰোঁতা আৰু অলংকাৰ ব্যৱসায়ীসকলৰ হাতত থকা নগদ ধনসমূহৰ বাবে বর্তমান যি বিপদ আহিছে, পৰৱর্তী সময়ত গোটেই ব্যৱস্থাটোৱে আগতকৈ কিছু কমকৈ লেও পুনৰ সেই একেদৰেই লা ধন আহৰণত সহায় কৰিব৷ পাকিস্তানৰ নকল প্রস্ততকাৰী ফেক্টৰীবোৰো উচচমানৰ সুৰক্ষা ব্যৱস্থাসম্পন্ন প্রস্তুত কৰিব পৰাকৈ উন্নীত কৰা ব৷ নিষিদ্ধকৰণৰ লাভজনক প্রভাৱৰ সীমাবদ্ধতাৰ আন কিছুমান কাৰণো আছে৷ লা ধনৰ পৰিমাণ কমাব৷ ফেক্টৰীবোৰে উৎপাদিত সামগ্রীসমূহ বিক্রী কৰাৰ বাবত অধিক কৰ আদায় দিব লাগিব৷ চৰকাৰে অধিক কৰ সংগ্রহ কৰিব পাৰিব৷ প্রস্তুতকাৰীজনে অধিক মূল্যত ডিজার্ট কুলাৰ বিক্রী কৰিবলগীয়া , কাৰণ তেওঁ সেই সামগ্রীৰ ওপৰত সম্পূর্ণ কৰ আদায় দিব লাগিব৷ ফলত গ্রাহকে অধিক মূল্য ভৰিব লাগিব আৰু তেতিয়া তেওঁলোকে ডিজার্ট কুলাৰৰ ঠাইত টেবুল ফেনহে কিনিব৷ ইয়াৰ ফলত ডিজার্ট কুলাৰৰ চাহিদা কমি আহিব৷ কিন্তু এয়া অর্থনীতিৰ ওপৰত প্রত্যক্ষ প্রভাৱহে৷ এই ব্যৱস্থাৰ চূড়ান্ত প্রভাৱ নির্ভৰ কৰিব চৰকাৰৰ ব্যয়ৰ ওপৰত৷ চৰকাৰে বর্ধিত ৰাজহেৰে ঘাইপথ নির্মাণ কৰিব পাৰে, এম এনৰেগাৰ মজুৰি বা দেশত উচচমানৰ অস্ত্র তৈয়াৰ কৰিব পাৰে৷ ঘাইপথসমূহে যাতায়াত ব্যৱস্থা কম খৰচী কৰি তোলে আৰু প্রস্তুতকর্তাসকলৰ ব্যৱসায়ত সহায় কৰে৷ এম এনৰেগাৰ মজুৰি বৃদ্ধিয়ে সাধাৰণ মানুহৰ ক্রয় ক্ষমতা বৃদ্ধি কৰিব আৰু তেতিয়া তেওঁলোকে টেবুল ফেনৰ সলনি কুলাৰো কিনিব পাৰিব৷ দেশত অস্ত্র নির্মাণ লে শ্রমিক আৰু সা-সঁজুলিৰ চাহিদা বৃদ্ধি পাব আৰু তেতিয়া সাধাৰণ মানুহৰ আয়ো বৃদ্ধি ব৷ আনহাতে, যদি চৰকাৰে দুর্নীতিগ্রস্ত ৰাজহুৱা খণ্ডৰ বেংকত অধিক ধন থয়, দুর্নীতিগ্রস্ত চৰকাৰী কর্মচাৰীক অধিক মজুৰি দিয়ে আৰু অস্ত্রৰ আমদানিত অধিক ব্যয় কৰে, তেতিয়া দেশৰ অর্থনীতিলৈ ভাবুকি আহি পৰিব৷ এই লক্ষণবোৰ সন্তোষজনক নহয়৷ ইণ্টাৰনেশ্যনেল ৰেটিং এজেন্সিজ ষ্টেণ্ডার্ড আৰু এণ্ড ফিট৲ছে ভাৰতৰ ৰেটিং উন্নীত কৰিবলৈ অস্বীকাৰ কৰি কয় যে চৰকাৰৰ বিত্তীয় অৱস্থা সুস্থিৰ হোৱা নাই৷ তেওঁলোকে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ দুর্বল অৱস্থাৰ বিষয়ে আঙুলিয়াই দিয়ে৷ ইয়াৰ পৰা গম পোৱা যায় যে চৰকাৰী ব্যয়ৰ অৱস্থা বৰ উন্নত নহয়৷ এনে পৰিস্থিতিত লা ধনৰ হ্রাসকৰণে সাধাৰণ মানুহৰ ক্রয়ক্ষমতা হ্রাসহে কৰিব আৰু অস্ত্র আমদানিৰ ক্ষেত্রত অধিক ধন দেশৰ বাহিৰলৈ যোৱাৰ পথ মুকলি কৰিব৷ এনে লে দেশৰ অর্থনীতিত আঘাত হনাৰ সম্ভাৱনা থাকিব৷ নিষিদ্ধকৰণে ইতিবাচক প্রভাৱ পেলালেহেঁতেন, যদিহে চৰকাৰে প্রথমে কৰৰ হাৰ কমোৱাৰ লগতে নিম্নবর্গৰ আমোলাতন্ত্রৰ দুর্নীতি নিয়ন্ত্রণ কৰিলেহেঁতেন৷ তেতিয়া গ্রাহকৰ ওপৰত পৰা কৰৰ বোজা হ্রাস কৰাৰ সম্ভাৱনা থাকিলেহেঁতেন৷ চৰকাৰী ব্যয়ে ঘাইপথ নির্মাণ আৰু অস্ত্র-শস্ত্রৰ ঘৰুৱা প্রস্তুতকৰণৰ দৰে উৎপাদনমূলক কাম-কাজৰ দিশেৰে গতি কৰা উচিত৷ এনেধৰণৰ পদক্ষেপসমূহৰ অবিহনে নিষিদ্ধকৰণ এক অভিশাপ স্বৰূপহে হৈ পৰিব৷