Showing posts with label dainikjanambhumi assamnews dailyassamnews assamesenews internationalnews newsinassam kashmir. Show all posts
Showing posts with label dainikjanambhumi assamnews dailyassamnews assamesenews internationalnews newsinassam kashmir. Show all posts

Wednesday, 16 November 2016

এটা অমীমাংসিত উত্তপ্ত কাহিনী

বিগত চাৰিটা মাহ ধৰি অশান্তজর্জৰ হৈ ৰৈছে সমগ্র কাশ্মীৰ উপত্যকা৷ ভূস্বর্গখ্যাত কাশ্মীৰত এতিয়া মৰিশালিৰ নীৰৱতা৷ কেতিয়াবা হঠাতে উমি উমি জ্বলিছে যুদ্ধৰ দাবানল৷ এই যুদ্ধ পিছে সীমামূৰীয়া পাকিস্তানী সেনা আৰু ভাৰতীয় সেনাৰ মাজত চলা নাই৷ যুদ্ধ চলিছে কাশ্মীৰী জনতা আৰু ভাৰতীয় নিৰাপত্তা বাহিনীৰ মাজতহে৷ হঠাতে উগ্র হৈ পৰিছে শান্তিপ্রিয় বুলি জনাজাত কাশ্মীৰৰ সাধাৰণ লোকসকল৷ বিক্ষুব্ধ জনতাই শিলগুটি নিক্ষেপ কৰিছে ভাৰতীয় সেনা, অর্ধসামৰিক কাহিনীৰ লোকৰ ওপৰত৷ আহত হৈছে বহু নিৰাপত্তাৰক্ষী– যিসকল সেই স্থানত ইমান দিনে এই আক্রমণকাৰী সাধাৰণ জনতাৰ নিৰাপত্তাৰ দায়িত্বতে ন্যস্ত আছিল৷ সাধাৰণ লোকসকল হঠাতে সংঘবদ্ধ হৈ আক্রমণ চলাইছে আৰক্ষী চকীত৷ বিছটাকৈ আৰক্ষী চকীত লুটপাত চলাই অস্ত্র-শস্ত্র কাঢ়ি নিছে তেওঁলোকে, গুলী চলাইছে আৰক্ষীৰ ওপৰত৷ আক্রমণ কৰিছে কাশ্মীৰী পণ্ডিতৰ শৰণার্থী শিবিৰত৷ এই সমস্ত ঘটনা প্রৱাহত, বিগত ৯ জুলাইৰ পৰা আজিলৈকে দুজন নিৰাপত্তাৰক্ষী নিহত হৈছে৷ আহত হৈছে চাৰি হাজাৰৰো অধিক৷ আনহাতে, নিৰাপত্তাৰক্ষীৰ গুলীত প্রাণ হেৰুৱাইছে পঁচাশীগৰাকী সাধাৰণ লোকে৷ আহত হৈছে তেৰ হেজাৰৰো অধিকজন৷ কাশ্মীৰ উপত্যকাত এইদৰেই সুলভ হৈ পৰিছে পেলেট গান, টিয়াৰ গেছ, ৰাবাৰ বুলেট ইত্যাদি৷ জনতাৰ এই ক্ষোভৰ উঁহ বিচাৰিবলৈ হ’লে আমি ঘূৰি যাব লাগিব আঠ জুলাইলৈ৷ উপত্যকাৰ কোকেৰাং অঞ্চলত নিৰাপত্তাৰক্ষীৰ হাতত সিদিনা নিহত হৈছিল বুৰহান ৱানি কুখ্যাত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ৷ বুৰহানৰ নিজাকৈ কিছু কাহিনী আছিল, যাৰ বাবেই হয়তো কাশ্মীৰী জনতাই এই হত্যাক মাথোঁ এটি খবৰ বুলি পাহৰি যাব নিবিচাৰিলে৷ এটি আঢ্যৱন্ত, শিক্ষিত পৰিয়ালৰ সন্তান বুৰহান ঘৰৰ পৰা নিখোজ হৈছিল নিজৰ পোন্ধৰ বছৰ বয়সত৷ তাৰে কিছুদিন পূর্বে ভাৰতীয় সেনাৰ দ্বাৰা কাশ্মীৰৰ ৰাজপথত আতিশয্যৰ চিকাৰ হৈছিল বুৰহান আৰু বুৰহানৰ ভ্রাতৃ৷ কথাটো বুৰহানে সহজভাৱে ল’ব নোৱাৰিলে৷ প্রতিশোধকামিতাৰ উন্মাদনাত কৈশোৰৰ সেই অবুজ সময়খিনিতে ঘৰৰ পৰা ওলাই গৈ যোগ দিলে সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনত৷ এই কথাবোৰ কাশ্মীৰৰ বহু লোকে জানিছিল৷ হয়তো সেইবাবেও বুৰহানৰ প্রতি তেওঁলোকৰ কিছু সস্নেহ সমর্থন আছিল৷ ছ’চিয়েল নেটৱর্কিং ছাইটতো সক্রিয় আছিল বুৰহান৷ কাজেই বুৰহানৰ জনপ্রিয়তাক হাত কৰি যুৱচামক সন্ত্রাসৰ এন্ধাৰ জগতলৈ লালায়িত কৰাটো সহজ হৈ পৰিছিল হিজবুল মুজাহিদিনৰ শীর্ষ নেতৃত্বৰ বাবে৷ এক কথাত বুৰহান আছিল হিজবুলৰ প’ষ্টাৰ বয়, যাৰ জৰিয়তে সন্ত্রাসবাদী সংগঠনটোলৈ সোঁত বৈছিল অগণন উগ্র কাশ্মীৰী যুৱক, কিশোৰৰ৷ অৱশ্যেই এইটো কাৰণতে বুৰহান ৱানি আছিল নিৰাপত্তা বাহিনীৰ বাবেও মূৰৰ কামোৰণি৷ সন্ত্রাসবাদৰ প্রসাৰিত হাতোৰা, উপত্যকাটোত ৰোধৰ স্বার্থতে বুৰহানৰ সমাপ্তি জৰুৰী আছিল৷ সেয়ে ঈদ উদ৲যাপনৰ বাবে অৰণ্যৰ পৰা নামি আহেঁাতেই এক সংঘর্ষত নিধন কৰা হৈছিল সন্ত্রাসবাদীজনক৷ স্থানীয় ৰাইজৰ অভিযোগ– এয়া এক ভুৱা সংঘর্ষ৷ বুৰহানক হত্যা কৰা হৈছে শীতল মস্তিষ্কৰে৷ সেই ক্ষোভ বুকুত বান্ধি হেজাৰ হেজাৰ লোক চামিল হ’ল বুৰহান ৱানিৰ শেষ যাত্রাত৷ ধিক্কাৰ দিলে ভাৰত ৰাষ্ট্রক৷ এতিয়া প্রশ্ন উঠিছে, সন্ত্রাসবাদীজনৰ হত্যাৰে ভাৰতৰ জয় হ’ল নে পৰাজয়? হত্যাৰ সলনি অন্য বিকল্প পথ হাতত ল’লে কাশ্মীৰ উপত্যকাত বিগত চাৰিটা মাহে বিৰাজ নকৰিলেহেঁতেন অচলাৱস্থাই৷ হয়তো নিজৰ অজ্ঞাতে মনস্তাত্ত্বিক যুঁজ এখনত পাকিস্তানৰ পোষ্যপুত্র সন্ত্রাসবাদী সংগঠনৰ হাতত বেয়াকৈ হাৰি গ’লোঁ আমি৷ এই কথা মানিবই লাগিব, বুৰহান ৱানিৰ জনপ্রিয়তাক মৃত্যুৰ পাছতো ব্যৱহাৰ কৰি সেইসকলে প’ষ্টাৰ বয়ৰ জীৱনকালত আদায় কৰা লাভতকৈও অধিক লাভ আদায় কৰিলে৷ নহ’লে কাশ্মীৰ উপত্যকাৰ সাধাৰণ জনতাই হাতত কাহানিও ভাৰতীয় নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে অস্ত্র তুলি নলয়৷ সেইবাবেই চাৰি মাহ ধৰি একুৰা জুই বুৰহানৰ উপলক্ষতে জ্বলাই ৰখা সম্ভৱ হৈছে৷ ফলত মাহৰ পিছত মাহ জাৰি কৰি ৰাখিবলগীয়া হৈছে সান্ধ্য আইন, নিষেধাজ্ঞা৷ বন্ধ স্কুল-কলেজ, স্থগিত পৰীক্ষা, ব্যাহত ম’বাইল সেৱা৷ কার্যত একালৰ পর্যটকৰ আকর্ষণৰ কেন্দ্র ভূস্বর্গত এতিয়া গঢ়ি উঠিল এখন নতুন নৰক৷ অৱশ্যেই বুৰহান ৱানিৰ হত্যাই কাশ্মীৰী জনতাৰ ক্ষোভৰ একমাত্র কাৰণ বুলি ভাবিলে একপক্ষীয় বিচাৰ কৰা হ’ব৷ বুৰহান মাথোঁ এক উপলক্ষও হ’ব পাৰে৷ সমগ্র উপত্যকাটোত অতিমাত্রা সামৰিকীকৰণ (Militarisation), মানৱ অধিকাৰৰ সঘন উলংঘন আৰু বহুল প্রচাৰিত হিন্দু ৰাষ্ট্রীয়তাবাদ (Hindu Nationalism)ৰ প্রসাৰো কাশ্মীৰী জনতাৰ ক্ষোভৰ বহিঃপ্রকাশৰ আঁৰৰ কাৰণ হ’ব পাৰে৷ এয়া সত্য যে ভাৰতীয় নিৰাপত্তা বাহিনীৰ এক বৃহৎ সংখ্যক নিয়োজিত কৰি ৰখা হৈছে জম্মু-কাশ্মীৰত৷ সামৰিকীকৰণৰ এই আতিশয্যত সাধাৰণ জনজীৱনে স্বাচছন্দ্য বিচাৰি নাপায়৷ অসম অথবা উত্তৰ-পূর্বাঞ্চলৰ লোকসকলে সেই যাতনাক কাশ্মীৰীসকলৰ সমগভীৰতাৰেই অনুভৱ কৰিব পাৰে৷ সেনা জোৱানৰ উগ্র আচাৰ-ব্যৱহাৰ, অশালীন আচৰণ অসমবাসীৰ বাবেও অবিদিত নহয়৷ আলফা-এন ডি এফ বি কিম্বা একালত বি এল টিৰ বিৰুদ্ধে সেনাই চলোৱা অভিযানত বহু নির্দষী লোক ঘুণীয়া হৈছিল চিৰজীৱনৰ বাবে, সতীত্ব হেৰুৱাইছিল বহু অসমীয়া যুৱতী-বোৱাৰীয়ে৷ অসমৰ ইতিহাসত সেইবোৰ কাহানিও মচিব নোৱৰা ক’লা অধ্যায় যিবোৰক সমল কৰি ৰচিত হৈছে বহু গ্রন্থ উপন্যাস, নিবন্ধ৷ সৌভাগ্যবশতঃ সেয়া এতিয়া আমাৰ বাবে মাথোঁ ইতিহাস, অথচ আমাৰ সেই সময়ৰ স্বাচছন্দ্যহীনতা, ঘৰৰ পৰা ওলালেই বজাৰৰ মোনা পর্যন্ত খুলি দেখুৱাবলগীয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা কিম্বা অন্যার্থত গৃহবন্দিত্ব আজিও বর্তমান কাশ্মীৰ উপত্যকাত৷ কাশ্মীৰৰ পৰা আহে নিৰাপত্তা বাহিনীৰ দ্বাৰা মানৱ অধিকাৰ লংঘনৰ দেধাৰ খবৰ৷ গাপ দিয়া হয় বহু খবৰ৷ সাধাৰণ জনতাৰ ক্ষোভৰ কাৰণ ইয়াতো আছে৷ আন কিছুমান কাৰণ পৰিৱর্তিত ৰাজনৈতিক দৃশ্যপট উদ্ভুত হ’ব পাৰে৷ ২০১৪ চনৰ লোকসভাৰ নির্বাচনত ভাৰতীয় জনতা পার্টিৰ বিজয়ে কাশ্মীৰী মুছলমানৰ মনত কিছু শংকা সৃষ্টি কৰাটো মিছা নহয়৷ গেৰুৱা দলটোৰ অথবা ইয়াৰ সহযোগী দল, সংস্থাৰ তৰফৰ পৰা সময়ে সময়ে ৰাষ্ট্রীয়তাবাদৰ প্রচাৰ চলিছে যাৰ আধাৰ হিন্দুত্ব৷ ইফালে, ২০১৪-ত অনুষ্ঠিত বিধানসভাৰ নির্বাচনত মুফ৲টি মহম্মদ চয়ীদ নেতৃত্বাধীন পীপল৲ছ ডেম’ক্রেটিক পার্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে কাশ্মীৰ অঞ্চলত, জম্মু অঞ্চলত সংখ্যাগৰিষ্ঠতা লভে বিজেপিয়ে৷ পিছে একপ্রকাৰৰ ৰাজনৈতিক বিশ্বাসঘাতকতা কৰি বিজেপি আৰু পি ডি পিয়ে গঢ়ে মিত্রজোঁটৰ চৰকাৰ, যাৰ মাজত নির্বাচনৰ পূর্বলৈ আছিল তেল-পানীৰ সম্পর্ক৷ এই সমস্ত ৰাজনৈতিক ঘটনা প্রৱাহৰো কাশ্মীৰী জনতাৰ দ্বাৰা সদ্যপ্রকাশিত ক্ষোভৰ উদ৲গিৰণত বৃহৎ অৰিহণা আছে৷ এক কথাত, বিগত চাৰি মাহে কাশ্মীৰ উপত্যকাত চলা অচলাৱস্থাৰ উপলক্ষহে বুৰহান ৱানি, আঁৰৰ কাৰণ সমাজ মনস্তাত্ত্বিক আৰু ৰাজনৈতিক৷
Posted by dainikjanambhumi
http://janambhumi.in/