বিগত চাৰিটা মাহ ধৰি অশান্তজর্জৰ হৈ ৰৈছে সমগ্র কাশ্মীৰ উপত্যকা৷
ভূস্বর্গখ্যাত কাশ্মীৰত এতিয়া মৰিশালিৰ নীৰৱতা৷ কেতিয়াবা হঠাতে উমি উমি
জ্বলিছে যুদ্ধৰ দাবানল৷ এই যুদ্ধ পিছে সীমামূৰীয়া পাকিস্তানী সেনা আৰু
ভাৰতীয় সেনাৰ মাজত চলা নাই৷ যুদ্ধ চলিছে কাশ্মীৰী জনতা আৰু ভাৰতীয়
নিৰাপত্তা বাহিনীৰ মাজতহে৷ হঠাতে উগ্র হৈ পৰিছে শান্তিপ্রিয় বুলি জনাজাত
কাশ্মীৰৰ সাধাৰণ লোকসকল৷ বিক্ষুব্ধ জনতাই শিলগুটি নিক্ষেপ কৰিছে ভাৰতীয়
সেনা, অর্ধসামৰিক কাহিনীৰ লোকৰ ওপৰত৷ আহত হৈছে বহু নিৰাপত্তাৰক্ষী– যিসকল
সেই স্থানত ইমান দিনে এই আক্রমণকাৰী সাধাৰণ জনতাৰ নিৰাপত্তাৰ দায়িত্বতে
ন্যস্ত আছিল৷ সাধাৰণ লোকসকল হঠাতে সংঘবদ্ধ হৈ আক্রমণ চলাইছে আৰক্ষী চকীত৷
বিছটাকৈ আৰক্ষী চকীত লুটপাত চলাই অস্ত্র-শস্ত্র কাঢ়ি নিছে তেওঁলোকে, গুলী
চলাইছে আৰক্ষীৰ ওপৰত৷ আক্রমণ কৰিছে কাশ্মীৰী পণ্ডিতৰ শৰণার্থী শিবিৰত৷ এই
সমস্ত ঘটনা প্রৱাহত, বিগত ৯ জুলাইৰ পৰা আজিলৈকে দুজন নিৰাপত্তাৰক্ষী নিহত
হৈছে৷ আহত হৈছে চাৰি হাজাৰৰো অধিক৷ আনহাতে, নিৰাপত্তাৰক্ষীৰ গুলীত প্রাণ
হেৰুৱাইছে পঁচাশীগৰাকী সাধাৰণ লোকে৷ আহত হৈছে তেৰ হেজাৰৰো অধিকজন৷ কাশ্মীৰ
উপত্যকাত এইদৰেই সুলভ হৈ পৰিছে পেলেট গান, টিয়াৰ গেছ, ৰাবাৰ বুলেট ইত্যাদি৷
জনতাৰ এই ক্ষোভৰ উঁহ বিচাৰিবলৈ হ’লে আমি ঘূৰি যাব লাগিব আঠ জুলাইলৈ৷
উপত্যকাৰ কোকেৰাং অঞ্চলত নিৰাপত্তাৰক্ষীৰ হাতত সিদিনা নিহত হৈছিল বুৰহান
ৱানি কুখ্যাত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ৷ বুৰহানৰ নিজাকৈ কিছু কাহিনী
আছিল, যাৰ বাবেই হয়তো কাশ্মীৰী জনতাই এই হত্যাক মাথোঁ এটি খবৰ বুলি পাহৰি
যাব নিবিচাৰিলে৷ এটি আঢ্যৱন্ত, শিক্ষিত পৰিয়ালৰ সন্তান বুৰহান ঘৰৰ পৰা
নিখোজ হৈছিল নিজৰ পোন্ধৰ বছৰ বয়সত৷ তাৰে কিছুদিন পূর্বে ভাৰতীয় সেনাৰ
দ্বাৰা কাশ্মীৰৰ ৰাজপথত আতিশয্যৰ চিকাৰ হৈছিল বুৰহান আৰু বুৰহানৰ ভ্রাতৃ৷
কথাটো বুৰহানে সহজভাৱে ল’ব নোৱাৰিলে৷ প্রতিশোধকামিতাৰ উন্মাদনাত কৈশোৰৰ সেই
অবুজ সময়খিনিতে ঘৰৰ পৰা ওলাই গৈ যোগ দিলে সন্ত্রাসবাদী সংগঠন হিজবুল
মুজাহিদীনত৷ এই কথাবোৰ কাশ্মীৰৰ বহু লোকে জানিছিল৷ হয়তো সেইবাবেও বুৰহানৰ
প্রতি তেওঁলোকৰ কিছু সস্নেহ সমর্থন আছিল৷ ছ’চিয়েল নেটৱর্কিং ছাইটতো সক্রিয়
আছিল বুৰহান৷ কাজেই বুৰহানৰ জনপ্রিয়তাক হাত কৰি যুৱচামক সন্ত্রাসৰ এন্ধাৰ
জগতলৈ লালায়িত কৰাটো সহজ হৈ পৰিছিল হিজবুল মুজাহিদিনৰ শীর্ষ নেতৃত্বৰ বাবে৷
এক কথাত বুৰহান আছিল হিজবুলৰ প’ষ্টাৰ বয়, যাৰ জৰিয়তে সন্ত্রাসবাদী
সংগঠনটোলৈ সোঁত বৈছিল অগণন উগ্র কাশ্মীৰী যুৱক, কিশোৰৰ৷ অৱশ্যেই এইটো
কাৰণতে বুৰহান ৱানি আছিল নিৰাপত্তা বাহিনীৰ বাবেও মূৰৰ কামোৰণি৷
সন্ত্রাসবাদৰ প্রসাৰিত হাতোৰা, উপত্যকাটোত ৰোধৰ স্বার্থতে বুৰহানৰ সমাপ্তি
জৰুৰী আছিল৷ সেয়ে ঈদ উদ৲যাপনৰ বাবে অৰণ্যৰ পৰা নামি আহেঁাতেই এক সংঘর্ষত
নিধন কৰা হৈছিল সন্ত্রাসবাদীজনক৷ স্থানীয় ৰাইজৰ অভিযোগ– এয়া এক ভুৱা
সংঘর্ষ৷ বুৰহানক হত্যা কৰা হৈছে শীতল মস্তিষ্কৰে৷ সেই ক্ষোভ বুকুত বান্ধি
হেজাৰ হেজাৰ লোক চামিল হ’ল বুৰহান ৱানিৰ শেষ যাত্রাত৷ ধিক্কাৰ দিলে ভাৰত
ৰাষ্ট্রক৷ এতিয়া প্রশ্ন উঠিছে, সন্ত্রাসবাদীজনৰ হত্যাৰে ভাৰতৰ জয় হ’ল নে
পৰাজয়? হত্যাৰ সলনি অন্য বিকল্প পথ হাতত ল’লে কাশ্মীৰ উপত্যকাত বিগত চাৰিটা
মাহে বিৰাজ নকৰিলেহেঁতেন অচলাৱস্থাই৷ হয়তো নিজৰ অজ্ঞাতে মনস্তাত্ত্বিক
যুঁজ এখনত পাকিস্তানৰ পোষ্যপুত্র সন্ত্রাসবাদী সংগঠনৰ হাতত বেয়াকৈ হাৰি
গ’লোঁ আমি৷ এই কথা মানিবই লাগিব, বুৰহান ৱানিৰ জনপ্রিয়তাক মৃত্যুৰ পাছতো
ব্যৱহাৰ কৰি সেইসকলে প’ষ্টাৰ বয়ৰ জীৱনকালত আদায় কৰা লাভতকৈও অধিক লাভ আদায়
কৰিলে৷ নহ’লে কাশ্মীৰ উপত্যকাৰ সাধাৰণ জনতাই হাতত কাহানিও ভাৰতীয় নিৰাপত্তা
বাহিনীৰ বিৰুদ্ধে অস্ত্র তুলি নলয়৷ সেইবাবেই চাৰি মাহ ধৰি একুৰা জুই
বুৰহানৰ উপলক্ষতে জ্বলাই ৰখা সম্ভৱ হৈছে৷ ফলত মাহৰ পিছত মাহ জাৰি কৰি
ৰাখিবলগীয়া হৈছে সান্ধ্য আইন, নিষেধাজ্ঞা৷ বন্ধ স্কুল-কলেজ, স্থগিত
পৰীক্ষা, ব্যাহত ম’বাইল সেৱা৷ কার্যত একালৰ পর্যটকৰ আকর্ষণৰ কেন্দ্র
ভূস্বর্গত এতিয়া গঢ়ি উঠিল এখন নতুন নৰক৷ অৱশ্যেই বুৰহান ৱানিৰ হত্যাই
কাশ্মীৰী জনতাৰ ক্ষোভৰ একমাত্র কাৰণ বুলি ভাবিলে একপক্ষীয় বিচাৰ কৰা হ’ব৷
বুৰহান মাথোঁ এক উপলক্ষও হ’ব পাৰে৷ সমগ্র উপত্যকাটোত অতিমাত্রা সামৰিকীকৰণ
(Militarisation), মানৱ অধিকাৰৰ সঘন উলংঘন আৰু বহুল প্রচাৰিত হিন্দু
ৰাষ্ট্রীয়তাবাদ (Hindu Nationalism)ৰ প্রসাৰো কাশ্মীৰী জনতাৰ ক্ষোভৰ
বহিঃপ্রকাশৰ আঁৰৰ কাৰণ হ’ব পাৰে৷ এয়া সত্য যে ভাৰতীয় নিৰাপত্তা বাহিনীৰ এক
বৃহৎ সংখ্যক নিয়োজিত কৰি ৰখা হৈছে জম্মু-কাশ্মীৰত৷ সামৰিকীকৰণৰ এই আতিশয্যত
সাধাৰণ জনজীৱনে স্বাচছন্দ্য বিচাৰি নাপায়৷ অসম অথবা উত্তৰ-পূর্বাঞ্চলৰ
লোকসকলে সেই যাতনাক কাশ্মীৰীসকলৰ সমগভীৰতাৰেই অনুভৱ কৰিব পাৰে৷ সেনা জোৱানৰ
উগ্র আচাৰ-ব্যৱহাৰ, অশালীন আচৰণ অসমবাসীৰ বাবেও অবিদিত নহয়৷ আলফা-এন ডি এফ
বি কিম্বা একালত বি এল টিৰ বিৰুদ্ধে সেনাই চলোৱা অভিযানত বহু নির্দষী লোক
ঘুণীয়া হৈছিল চিৰজীৱনৰ বাবে, সতীত্ব হেৰুৱাইছিল বহু অসমীয়া যুৱতী-বোৱাৰীয়ে৷
অসমৰ ইতিহাসত সেইবোৰ কাহানিও মচিব নোৱৰা ক’লা অধ্যায় যিবোৰক সমল কৰি ৰচিত
হৈছে বহু গ্রন্থ উপন্যাস, নিবন্ধ৷ সৌভাগ্যবশতঃ সেয়া এতিয়া আমাৰ বাবে মাথোঁ
ইতিহাস, অথচ আমাৰ সেই সময়ৰ স্বাচছন্দ্যহীনতা, ঘৰৰ পৰা ওলালেই বজাৰৰ মোনা
পর্যন্ত খুলি দেখুৱাবলগীয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা কিম্বা অন্যার্থত
গৃহবন্দিত্ব আজিও বর্তমান কাশ্মীৰ উপত্যকাত৷ কাশ্মীৰৰ পৰা আহে নিৰাপত্তা
বাহিনীৰ দ্বাৰা মানৱ অধিকাৰ লংঘনৰ দেধাৰ খবৰ৷ গাপ দিয়া হয় বহু খবৰ৷ সাধাৰণ
জনতাৰ ক্ষোভৰ কাৰণ ইয়াতো আছে৷ আন কিছুমান কাৰণ পৰিৱর্তিত ৰাজনৈতিক দৃশ্যপট
উদ্ভুত হ’ব পাৰে৷ ২০১৪ চনৰ লোকসভাৰ নির্বাচনত ভাৰতীয় জনতা পার্টিৰ বিজয়ে
কাশ্মীৰী মুছলমানৰ মনত কিছু শংকা সৃষ্টি কৰাটো মিছা নহয়৷ গেৰুৱা দলটোৰ অথবা
ইয়াৰ সহযোগী দল, সংস্থাৰ তৰফৰ পৰা সময়ে সময়ে ৰাষ্ট্রীয়তাবাদৰ প্রচাৰ চলিছে
যাৰ আধাৰ হিন্দুত্ব৷ ইফালে, ২০১৪-ত অনুষ্ঠিত বিধানসভাৰ নির্বাচনত মুফ৲টি
মহম্মদ চয়ীদ নেতৃত্বাধীন পীপল৲ছ ডেম’ক্রেটিক পার্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ
কৰে কাশ্মীৰ অঞ্চলত, জম্মু অঞ্চলত সংখ্যাগৰিষ্ঠতা লভে বিজেপিয়ে৷ পিছে
একপ্রকাৰৰ ৰাজনৈতিক বিশ্বাসঘাতকতা কৰি বিজেপি আৰু পি ডি পিয়ে গঢ়ে
মিত্রজোঁটৰ চৰকাৰ, যাৰ মাজত নির্বাচনৰ পূর্বলৈ আছিল তেল-পানীৰ সম্পর্ক৷ এই
সমস্ত ৰাজনৈতিক ঘটনা প্রৱাহৰো কাশ্মীৰী জনতাৰ দ্বাৰা সদ্যপ্রকাশিত ক্ষোভৰ
উদ৲গিৰণত বৃহৎ অৰিহণা আছে৷ এক কথাত, বিগত চাৰি মাহে কাশ্মীৰ উপত্যকাত চলা
অচলাৱস্থাৰ উপলক্ষহে বুৰহান ৱানি, আঁৰৰ কাৰণ সমাজ মনস্তাত্ত্বিক আৰু
ৰাজনৈতিক৷
Posted by dainikjanambhumi
http://janambhumi.in/
Posted by dainikjanambhumi
http://janambhumi.in/
No comments:
Post a Comment