বৰদৈচিলাই এইবাৰ অঞ্চলটোক বাৰুকৈয়ে কোবাইছে৷ সাধাৰণতে বহাগ বিহুৰ আগে-পিছে বৰদৈচিলাৰ আগমন হয়৷ সুদূৰ বংগোপ সাগৰত সৃষ্টি হোৱা বতাহ-ধুমুহাই প্রবল ৰূপ লৈ দেশ, চুবুৰীয়া বাংলাদেশ আৰু ঘাইকৈ উত্তৰ-পূর্বাঞ্চলত প্রৱেশ কৰে৷ বংগদেশৰ কিছু অঞ্চলো ই সামৰি লয়৷ কালবৈশাখী নামে সেই অঞ্চলত ইয়াক জনা যায়৷ বড়োসকলৰ বৰদৈচিখ্লাই বৰদৈচিলা৷ বৰদৈচিখ্লা হ’ল জল আৰু বায়ুৰ দেৱী৷ ধুবুৰী অঞ্চলৰ দেশী মুছলমানসকলৰ মাজত মুণ্ডীছিৰা ঝাকাচ বা দাবাৰী বুলিও জনা যায়৷ যি কি নহওক প্রাক্ মৌচুমী কালৰ এই ঘটনাই প্রবল ধুমুহা, শিলাবৃষ্টি আৰু বজ্রপাতক সামৰি লয়৷ এইবাৰ ৰাজ্যত বজ্রপাতৰ ঘটনাত কেইবাজনৰো প্রাণহানি হৈছে৷ বর্তমানে বজ্রপাতত পাঁচজন লোকে জীৱন দিছে আৰু বছৰটোৰ আৰম্ভণিতে তিনিজন লোকে প্রাণ দিবলগীয়া হৈছিল৷ এইবাৰৰ বৰদৈচিলাৰ আগমনত ক্ষয়-ক্ষতিৰ পৰিমাণো বাঢ়িছে৷
প্রবল বতাহ, ধাৰাসাৰ বৰষুণ, বিজুলী-ঢেৰেকনি আৰু বজ্রপাতৰ মাজত ৰাইজে বিহু উদ্যাপন কৰিব লগীয়া হৈছে৷ বতৰ বিশেষজ্ঞসকলৰ মতে, বজ্রপাতৰ পৰিমাণ বৃদ্ধি হৈছে, কিন্তু তাৰ কাৰণ বতৰৰ প্রতিবেদন বিশ্লেষণৰ পাছতহে গম পোৱা যাব৷ চৰকাৰৰ ফালৰ পৰা ৰাইজক বেয়া বতৰৰ বাবে সাৱধান হ’বলৈ আহ্বান জনোৱা হৈছে৷ বতৰ বিজ্ঞানৰ প্রতিবেদন মতে দুই-এদিনৰ ভিতৰত বতৰ স্বাভাৱিক হ’ব বুলি কোৱা হৈছে যদিও ঘৰ উৰুৱাই নিয়া, গছ-গছনি ভাঙি ঘৰৰ ক্ষতি কৰা, ভূমিস্খলনৰ ফলত হ’ব পৰা বিপদ আদিৰ বাবে সতর্ক হ’বলৈ কর্তৃপক্ষই আৱেদন জনাইছে আৰু ব্যৱস্থা লোৱাৰো দিহা কৰিছে৷ বজ্রপাতৰ বিপদ আছেই৷ অঞ্চলটোৰ লোকসকলৰ লগত বৰদৈচিলাৰ সম্পর্ক পুৰণি যদিও এইবাৰ লোৱা ইয়াৰ ভয়াৱহ ৰূপৰ লগত জলবায়ু পৰিৱর্তনৰ কিবা সম্পর্ক আছে নেকি তাক বতৰ বিজ্ঞানীসকলে হিচাপ-নিকাচ আৰু বিশ্লেষণ কৰাৰ পাছতহে জানিব পৰা হ’ব৷
No comments:
Post a Comment