যোৱা ২ মে’ তাৰিখৰ পৰা ৪ মে’লৈকে অসমৰ এটা ব্যক্তিগত মালিকানাধীন বৈদু্যতিন বাতৰি চেনেলত তিনিটা খণ্ডত
প্রচাৰিত হোৱা এটা সাক্ষাৎকাৰৰ প্রসংগত আজিৰ এই আলোচনা৷ সাক্ষাৎকাৰ আছিল
আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ৷ প্রথমতেই কৈ লোৱা ভাল হ’ব যে
সন্ত্রাসবাদ আৰু ইয়াৰ কুফল-সুফলৰ বিষয়ে মন্তব্য দিয়াৰ উদ্দেশ্যে এই লেখা
প্রস্তুত কৰা হোৱা নাই৷ এই সাক্ষাৎকাৰ গ্রহণ অথবা প্রদানৰ আঁৰৰ উদ্দেশ্য
কি সেয়াও বিশেষ গুৰুত্বপূর্ণ নহয়৷ অসমৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে মোৰ
মনত সৃষ্টি হোৱা প্রতিক্রিয়াখিনিহে সকলোৰে লগত ভগাই ল’ব বিচাৰিছোঁ৷
সংযুক্ত
মুক্তি বাহিনী, অসম– ছবছৰীয়া অসম আন্দোলনৰ সমকালীন সশস্ত্র সংগ্রামৰ ভেটি
আছিল এই বাহিনী, আলফা বুলি যাক সকলোৱে জানিছিল৷ এই বৈপ্লৱিক আন্দোলনে অসমৰ
ইতিহাসক কেনেধৰণে প্রভাৱিত কৰিলে সেয়া নিশ্চয় এক বিচার্যৰ বিষয়৷ স্বাধীন
অসমৰ দাবীত গঢ় লোৱা এই বিপ্লৱী সংগঠনৰ আৰম্ভণিৰ সময়ছোৱা এহাতে যেনেকৈ কঠিন
আছিল, আনহাতে বহু পৰিমাণে সহজ আছিল৷ জনগণৰ বিপুল সমর্থনে সংগ্রামীসকলৰ
মনোবল বঢ়াইছিল৷ বর্তমানে নিষিদ্ধ ঘোষিত এই সংগঠনৰ সৃষ্টিৰ আঁৰত অসমৰ বহু
বৰেণ্য ব্যক্তিৰ প্রত্যক্ষ নাইবা পৰোক্ষ সমর্থন আছিল, যাৰ বাবে সর্বসাধাৰণ
মানুহেও আলফাৰ ৰূপত অসমৰ ভৱিষ্যৎ দেখিছিল৷ কিন্তু লাহে লাহে সেই উছাহ কমি
আহিল৷ সংগঠনৰ অভ্যন্তৰীণ সমস্যা, কেন্দ্রীয় চৰকাৰৰ সেনা অভিযান, এচাম
সদস্যৰ আত্মসমর্পণ, সৰহভাগ উচচপদস্থ নেতাৰ আলোচনাপন্থা অৱলম্বন ইত্যাদিয়ে
সামগ্রিকভাৱে আলফাক জুৰুলা কৰি তুলিলে৷ অসমৰ প্রতিগৰাকী নাগৰিকেই ইয়াৰ
সাক্ষী, ইয়াৰ ভুক্তভোগী৷ আলফাৰ নামৰ সৈতে আজিও ওতপ্রোতভাৱে সাঙোৰ আছে এটা
নাম– পৰেশ বৰুৱা, মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা, যি এতিয়া পৰেশ অসম নামেৰে
পৰিচিত৷ ইয়াৰ আগলৈকে আমি কেতিয়াবা কাচিৎ তেওঁৰ বাণীবদ্ধ কণ্ঠস্বৰ শুনিছিলোঁ
নতুবা ভিডিঅ’ দেখিছিলোঁ৷ এই লৈ আমাৰ প্রত্যেকৰে মনত যথেষ্ট খু-দুৱনি আছিল৷
নানানটা প্রশ্নই জুমুৰি দি আছিল৷ এই সাক্ষাৎকাৰটোৱে আমাক বহুতো প্রশ্নৰ
উত্তৰ দিবলৈ সক্ষম হোৱাৰ লগতে বহুতো কথা সুস্পষ্ট ৰূপত প্রতিপন্ন কৰাত সফল
হ’ল৷
সাক্ষাৎকাৰত
দেখা পৰেশ বৰুৱাৰ মাজত মই এজন সাধাৰণ ব্যক্তিক বিচাৰি পালোঁ৷ প্রথমদিনাৰ
কথোপকথনত পৰেশ বৰুৱাই সেনাধ্যক্ষৰ আসনৰ পৰা বক্তব্য ৰাখিছিল৷ তেওঁৰ কথাত
সাংগঠনিক কার্যকলাপক শুদ্ধ আৰু যথাযথ বুলি প্রমাণ কৰাৰ মানসিকতা ফুটি
উঠিছিল৷ উক্তদিনাৰ কথাবিলাকে আন বহুতৰ দৰে মোকো ক্ষুভিত কৰিছিল, ব্যথিত
কৰিছিল৷ এয়া সত্য যে আমিও আমাৰ মাতৃভূমিক তেওঁৰ সমানেই ভাল পাওঁ৷
ধেমাজি-কাণ্ডই হওক বা নবৈবৰ দশকত অসমত আলফাৰ নামত চলা অন্যায়-অনিয়মৰ
প্রসংগই হওক, পৰেশ বৰুৱা নিজৰ স্থিতিত অটল হৈ ৰোৱা পৰিলক্ষিত হ’ল৷ আমি জানো
যে যিকোনো অনুষ্ঠান-প্রতিষ্ঠান অথবা সংগঠনৰ প্রতি সংশ্লিষ্ট মুৰববীজন
সদা-দায়বদ্ধ৷ আনকি তেওঁৰ অজ্ঞাতে বা বিনা অনুমতিত ঘটি যোৱা যিকোনো ঘটনাৰ
বাবেও মুৰববীজন জগৰীয়া হোৱা উচিত৷ কিন্তু উক্ত দিনাৰ সাক্ষাৎকাৰত পৰেশ
বৰুৱাৰ সেই ৰূপ আমাৰ চকুত নপৰিল৷ ধেমাজি-কাণ্ডৰ বাবে সংশ্লিষ্ট চৰকাৰী
বিষয়া আৰু অভিভাৱকক দায়ী কৰা বৰুৱাই এসময়ত কৈছিল যে শেষ মুহূর্তত বোমাৰ
দায়িত্বত থকা সদস্যজনক যোগাযোগ কৰিব পৰা নহ’ল বাবে কণ কণ শিশুকেইটাই প্রাণ
হেৰুৱাবলগীয়া হ’ল৷ এইখিনি কথাতে বৈপৰীত্য আছিল৷ যদি অভিভাৱকসকল জগৰীয়া বুলি
আপুনি অন্তৰেৰে ভাবে, তেন্তে সদস্যজনক যোগাযোগ কৰিব নোৱৰাৰ গ্লানি কিয়?
নিষ্পাপ শিশু হত্যাৰ অপৰাধবোধে আপোনাকো তেন্তে ব্যথিত নকৰা নহয়৷
৩
মে’ৰ সাক্ষাৎকাৰত পৰেশ বৰুৱা মানুহজন আমাৰ সমুখলৈ আহিছিল৷ এজন সাধাৰণ গঞা,
ফুটবল খেলি ভালপোৱা এজন যুৱক৷ তিনিচুকীয়াক প্রাণভৰি ভালপোৱা মানুহজনক এৰি
অহা ঠাইখনৰ স্মৃতিত কাতৰ দেখা গৈছিল৷ তিনিচুকীয়া চহৰৰ বিভিন্ন কথা,
তিনিচুকীয়া মহাবিদ্যালয়ৰ দিনবোৰ, শিক্ষাগুৰুৰ উল্লেখেৰে তেওঁ যেন উভটি
গৈছিল সেই পুৰণি দিনবোৰলৈ৷ তাৰ লগে লগে সংগঠনৰ অভ্যন্তৰীণ বেমেজালি
সম্পর্কেও জ্ঞাত হ’লোঁ৷ এজন এজনকৈ একালৰ সংগ্রামী সতীর্থসকলৰ মূলসুঁতিলৈ
প্রত্যাৱর্তনৰ প্রেক্ষাপটত সেনাধ্যক্ষজনৰ স্থিতি আৰু ভূমিকা সন্দর্ভত
অতদিনে আমিও সন্দিহান আছিলোঁ৷ তেওঁৰ একনায়কত্ববাদী মনোভাবৰ বাবেই বিভিন্ন
সময়ত সতীর্থসকলে দলৰ পৰা আঁতৰিবলগীয়া হোৱা বুলিও আমাক আভাস দিয়া হৈছিল৷ অথচ
সেইদিনাৰ কথোপকথনত বৰুৱাৰ মুখেৰে সংগঠনৰ বিভিন্ন বিভাগসমূহৰ মাজৰ
অত্যাৱশ্যকীয় সমন্বয়ৰ অভাৱৰ কথাৰ পৰা এটা দিশ স্পষ্ট হৈ পৰিল যে ক’ৰবাত নহয়
ক’ৰবাত মুখ্য সেনাধ্যক্ষজনক অৱমাননা কৰা হৈছিল, বহুতো কাম বা কথাত তেওঁক
অংশীদাৰিত্ব দিয়া নহৈছিল৷ ই অত্যন্ত গুৰুত্বপূর্ণ সংবাদ৷ এটা জাতিক স্বাধীন
কৰাৰ মানসেৰে যেতিয়া এটা প্রজন্ম প্রস্তুত হয়, বিশেষকৈ যেতিয়া সশস্ত্র
সংগ্রামৰ পথ বাছি লয়, তেওঁলোকৰ মাজত সমন্বয়, বিশ্বাস তথা পাৰস্পৰিক সন্মানৰ
এনাজৰীডাল মজবুত হোৱাটো বাধ্যতামূলক৷ পৰেশ বৰুৱাই নিজে বাৰম্বাৰ স্বীকাৰ
কৰিছে যে তেওঁ নেতা হোৱাৰ মানসেৰে সংগঠনলৈ অহা নাছিল৷ পৰিস্থিতিৰ পাকত পৰি
তেওঁ এই গুৰুদায়িত্ব বহন কৰিবলগীয়া হৈছিল৷ আচৰিত হ’লেও সঁচা, ১৯৭৯ চনত গঢ়
লোৱা সংগঠনটোক নেতৃত্ব দিবলৈ ১৯৮৪ চনতে উপযুক্ত নেতাৰ অভাৱ ঘটিছিল৷ ই কি
সূচায়? অসম তথা অসমবাসীৰ প্রতি এয়া ভীষণ অন্যায় নহয়নে? বৰুৱাদেৱ, তিনিটা
দশক পাৰ হৈ গ’ল, আপুনি এৰি যোৱা অসমখন সলনি হ’ল, অসমৰ মানুহৰ সমস্যাবোৰ
সলনি হ’ল৷ আপোনালোকৰ মাজতেই যেতিয়া ইমান অনিশ্চয়তা, আপুনি কি সাহসত, কোনটো
অধিকাৰত আমাৰ ভৱিষ্যৎ গঢ়াৰ সপোন দেখিলে? আজিও যেতিয়া ক’ৰবাত কিবা কূটাঘাত
সংঘটিত হয়, মোৰ বুকু কঁপি উঠে– জানোচা তাৰ বাবত মাকুম, লাংকাছি, বাৰেকুৰি,
শদিয়া, জাগুনত থকা আমাৰ নিৰীহ ছাত্রকেইজনৰ ওপৰত কিবা অত্যাচাৰ হয়৷ বোমা
এটা ফুটিলে কাতৰ হওঁ কাৰণ এই বিস্ফোৰণবোৰে সদায় নিৰীহ আৰু নিৰস্ত্রসকলকহে
লক্ষ্য হিচাপে বাছি লয়৷ উঠি অহা প্রজন্মৰ মাজত শিপাই যোৱা হতাশাৰ দায়িত্ব
আপুনি ল’ব পাৰিবনে? সহজ পন্থাৰে ধন ঘটি ন-ধনী হোৱাসকলৰ আধিক্য আৰু আধিপত্যই
আমাৰ যুৱ প্রজন্মক লালায়িত কৰিছে৷ পাৰিবনে সিহঁতক বুজাব? আপোনাৰ একালৰ
সতীর্থসকলৰ সামাজিক প্রতিপত্তি দেখি মোৰ দৰে নিমাখিতসকল শংকিত হওঁ– এয়ে
নেকি স্বাধীনতাৰ পৰিভাষা৷ নদীবান্ধ সম্পর্কত অৱশ্যে আপোনাৰ স্থিতি শলাগনীয়৷
দীর্ঘকালীন এই বিপ্লৱত সংগঠনৰ মজিয়াত আপুনি যেন অৱহেলিত আৰু প্রতাৰিত
হ’বলগীয়া হ’ল তেনে অনুভৱ হ’ল৷ পৰেশ বৰুৱা ব্যক্তিজনৰ প্রতি আমাৰ সহমর্মিতা
থাকিল৷ আপোনাৰ স্বাভিমানক মই আজিও শ্রদ্ধা জনাওঁঁ যিহেতু আনসকলতকৈ আপুনি
পৃথক৷ তথাপি আপোনাৰ সংগ্রামৰ প্রতি মোৰ তিলমানো আস্থা নাই৷
৪
মে’ৰ দিনাও আপোনাৰ মুখত তিনিচুকীয়াৰ কথা শুনিলোঁ৷ যিহেতু মই এইখন চহৰৰ
বাসিন্দা, ভাল লগাৰে কথা৷ কিন্তু ইয়াতো আপোনাৰ কথাত বৈপৰীত্য দেখিলোঁ৷
আপোনাৰ মতে সেই সময়ৰ বংগভাষী বা হিন্দীমূলৰ মানুহখিনিৰ অসমীয়া-বিদ্বেষে
আপোনাক ক্ষুভিত কৰিছিল৷ আকৌ আপুনিয়ে ক’লে যে তিনিচুকীয়াখন কছম’পলিটান–
ইয়াত বসবাস কৰা বিভিন্ন প্রদেশীয় মানুহে আপোনাক খুব ভাল পাইছিল, মৰম
কৰিছিল৷ মানুহ বিশেষে ভাল-বেয়াৰ বিচাৰ হয়, সকলো বঙালী-বিহাৰী মানুহেই
অসম-বিদ্বেষী নহয় আৰু অসমীয়া মাত্রেই সকলো জীৱশ্রেষ্ঠ নহয়, হ’ব নোৱাৰে৷
আপোনাৰ কথাবোৰ শুনি মোৰ এনে লাগিল যেন আপোনালোক লক্ষ্যভ্রষ্ট৷ এগৰাকী
শিক্ষক হিচাপে মোৰ মনত খুন্দিয়াই থকা কথা কেইটামান আপোনাক সুধিব বিচাৰিছোঁ৷
সমগ্র কথোপকথনৰ অন্তত মই উপলব্ধি কৰিছোঁ আপুনি এজন আপোচবিহীন সৈনিক হোৱাৰ
লগতে এজন অদূৰদর্শী ব্যক্তি৷ ভৱিষ্যৎবিহীন এক সংগ্রামৰ সহায়েৰে স্বজাতিক
উদ্ধাৰ কৰিম বুলি ভবাটো আজিৰ তাৰিখত আপোনাৰ এক বিলাসিতা৷ তিনিদিনৰ বার্লাপত
আপুনি অসমৰ নৱপ্রজন্মলৈ কোনো বার্ নিদিলে– ই অতিশয় দুর্ভাগ্যজনক৷ বিদেশত
থাকিলেও স্বদেশৰ খবৰ আপুনি নিশ্চয় ৰাখে– আমাৰ অসমৰ যুৱ প্রজন্ম আজি যি দিশে
ধাৱমান, আপুনি চিন্তিত নহয়নে? সাক্ষাৎগ্রহণকাৰীয়ে নুসুধিলেও আপুনি এবাৰো
কিয় এই দিশত এষাৰ কোৱাৰ তাগিদা অনুভৱ নকৰিলে? আচৰিত লাগিল– হাতত অস্ত্র
তুলিলেই জানো সমস্যাৰ সমাধান হয়? পাৰিবনে দুহাজাৰ-পাঁচ হাজাৰ টকাৰ বিনিময়ত
চকীদাৰ, বনকৰা ছোৱালী হ’বলৈ ভাৰতৰ আন ৰাজ্যবোৰলৈ ঢাপলি মেলা আমাৰ মানৱ
সম্পদখিনিক সঠিক বাট দেখুৱাব? এবাৰলৈ ভাবি চাইছেনে কিহৰ তাগিদাত এই ভয়াৱহ
বহিঃ প্রব্রজন? যি সময়ত কামৰ সন্ধানত আমাৰ ৰাজ্যলৈ বাহিৰৰ মানুহ আহিয়ে আছে,
আমাৰ ল’ৰা-ছোৱালীহঁত কিয় বাহিৰলৈ গুচি গৈছে? তেওঁলোকক কর্মসংস্কৃতিৰ কথা
কওক, মাতৃভূমিক ভাল পাবলৈ কওক, সন্মানসহকাৰে জীৱন যাপন কৰিবলৈ শিকাওক৷ নতুন
চামক নিজৰ মাটিত কষ্টোপার্জিত যোগ্যতাৰে সগৌৰৱে মূৰ তুলি থিয় হ’বলৈ
অনুপ্রাণিত কৰক৷ অসমৰ ইতিহাস সাক্ষী– আমি ইতিমধ্যে দুটা সম্ভাৱনাপূর্ণ
প্রজন্ম হেৰুৱাইছোঁ, আৰু লোকচান ভৰাৰ আকাংক্ষা নাই, দুঃসাহস নাই৷ উচচ খাপৰ
চৰকাৰী-বেচৰকাৰী চাকৰিবোৰৰ বাবে যোগ্যতা আর্জিবলৈ যে পঢ়াত মনোনিৱেশ কৰাৰ
প্রয়োজন সেয়াও উঠি অহা চামক বুজাওক৷ এগৰাকী অভিভাৱকৰ ভূমিকাত অৱতীর্ণ হওক,
যাতে অসমৰ থলুৱা যুৱক-যুৱতীসকল কেৱল তৃতীয় বা চতুর্থ শ্রেণীৰ পদৰ বাবেহে
যোগ্য হৈ নৰয়৷
আপোনালৈ
মোৰ মুকলি আহবান, যিখিনি সম্পদ আমি হেৰুৱাইছোঁ, তাৰ ক্ষতি পূৰাবলৈ নতুন
প্রজন্মক অনিশ্চয়তাৰ মুখলৈ আৰু নেঠেলিব৷ আপোনাৰ লগত থকা কোনোবাজনে যদি
এতিয়াও মূলসুঁতিলৈ ঘূৰি আহিব বিচাৰে, তেওঁক নিৰুৎসাহ নকৰিব৷ অসমৰ মাটি,
বায়ু, পানী, মাত-কথা জীয়াই থাকিবলৈ হ’লে আমাক এটা শক্তিশালী প্রজন্মৰ
প্রয়োজন, সমর্থবান এক প্রজন্মৰ মাজতহে অসমৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব৷ আজিও
নৱপ্রজন্মৰ অসংখ্য গুণমুগ্ধই আপোনাক আদর্শ মানে– সেয়েহে কৈছোঁ সেনাধ্যক্ষ
ডাঙৰীয়া, জাতিটোৰ স্বার্থতে আপুনি নমনীয় হওক কাৰণ বন্দুকৰ নলীৰে যে কেৱল
হুমুনিয়াহ সৰে সেয়া নিশ্চয় আপোনাক বেলেগকৈ বুজাব নালাগে৷
(লেখিকা তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক৷ ফ’নঃ ৯৫০৮২৩৭১৩৩)
Posted by Dainik
Janambhumi
No comments:
Post a Comment