চকু এনেকুৱা ঠাইত দেখুৱাব লাগে য’ত বিতংভাৱে পৰীক্ষা কৰা হয়৷ বিতংভাৱে পৰীক্ষা কৰোঁতে যথেষ্ট সময়ৰ প্রয়োজন৷ সেই কাৰণে সময় হাতত লৈহে
চকু দেখুৱাবলৈ যাব লাগে৷ চিকিৎসকে সাধাৰণতে চকুৰ মণি বহল হোৱা এবিধ ঔষধ দি
চকুৰ ভিতৰখন পৰীক্ষা কৰে৷ এই ঔষধৰ ক্রিয়া তিনি-চাৰি ঘণ্টা পর্যন্ত থাকে৷
সেইবাবে চকু দেখুৱাবলৈ যাওঁতে নিজে গাড়ী বা মটৰচাইকেল চলাই যাব নালাগে৷
চকুৰ
পৰীক্ষা কৰা আগতে চিকিৎসকে ৰোগৰ বিৱৰণী আপোনাৰ পৰা সুধি ল’ব৷ অসুখৰ লগত
জড়িত আন কিছুমান কথা, যিবোৰ হয়তো আপুনি প্রয়োজনীয় বুলি নাভাবিব পাৰে,
চিকিৎসকে আপোনাক সুধিব৷ সেইবোৰ কথা চিকিৎসকে সুধিলে সেইবাবে আপুনি বিৰক্ত
নহ’ব৷ উদাহৰস্বৰূপে আপোনাৰ অতীতত চকুত বা গাত হোৱা আন বেমাৰৰ কথা সুধিব
পাৰে৷ আপুনি হয়তো ভাবিব পাৰে যে মোৰ পুৰণা অসুখৰ কথা সুধি কি লাভ? বর্তমান
যি অসুখ হৈছে তাৰ কথা সোধক৷ আচলতে ডাক্তৰী বিদ্যাটো সাধাৰণ মানুহে ভবাৰ দৰে
পোন আৰু সৰল নহয়৷ বহুত যোগ-বিয়োগ, পূৰণ-হৰণ কৰিহে একোজন চিকিৎসক
ৰোগ-সর্ম্পক এটা স্থিৰ সিদ্ধান্তলৈ আহিব পাৰে৷ তেনে ক্ষেত্রত এনেকুৱা ধৰণৰ
অনুসন্ধানবোৰ তেখেতৰ কাৰণে যথেষ্ট তাৎপর্যপূর্ণ৷ আপোনাৰ পৰিয়ালৰ মানুহৰ
বেমাৰ, ঔষধৰ প্রতি থকা আপোনাৰ এলার্জি আৰু ডায়েবেটিছ, উচচ ৰক্তচাপ, হাপানী,
হূৎপিণ্ডৰ অসুখ গেষ্ট্রিক ইত্যাদি অসুখ আপোনাৰ আছে নেকি, জানিবলৈ বিচাৰিব৷
চকুত বর্তমানে আপুনি কিবা দৰব দি আছে নেকি বা অতীতত কিবা দৰব দি আছিল নেকি
সেয়াও সুধিব৷ সেয়েহে বর্তমানৰ বা আগৰ চিকিৎসকৰ ব্যৱস্থা-পত্র থাকিলে লগত
লৈ যাবলৈ নাপাহৰিব৷
ৰোগৰ
বিৱৰণী লোৱাৰ পাছত চিকিৎসকে আপোনাৰ প্রতিটো চকুৰ বেলেগে বেলেগে দৃষ্টি
পৰীক্ষা কৰিব৷ ক্রমাৎ ওপৰৰ পৰা তললৈ সৰু হৈ অহা এখন তালিকাত থকা আখৰবোৰ এটা
এটাকৈ পঢ়িবলৈ দিব৷ পঢ়িব নজনাসকলে বা শিশুৰ বাবে তেনেধৰণৰ সাংকেতিক চিহু
থাকিব৷ তাৰ পাছত এটা সৰু ফুটাৰ মাজেদি আপুনি ইতিমধ্যে পঢ়িব নোৱৰা আখৰবোৰ
পঢ়িবলৈ দিব৷ ইয়াক ‘পিন হল’ বুলি কোৱা হয়৷ তাৰ পাছত ৰেটিন’স্ক’প নামৰ এবিধ
সঁজুলিৰ সহায়েৰে আপোনাৰ চছ৲মাৰ প্রয়োজন হয় যদি আপোনাৰ সঠিক পাৱাৰ বাছি
উলিয়াব৷ তাৰ পাছত আপোনাক ইপাট-সিপাটকৈ লেন্স পিন্ধাব৷ আপুনি গ্রহণ কৰিব পৰা
পাৱাৰটো নিৰূপণ কৰিব৷ দূৰৰ দৃষ্টি পৰীক্ষা সম্পূর্ণ হোৱাৰ পাছত ওপৰৰ পৰা
তললৈ ক্রমাৎ সৰু হৈ অহা শব্দৰ তালিকা পঢ়িবলৈ দি ওচৰৰ দৃষ্টি পৰীক্ষা কৰিব৷
সেইমতে লেন্স দি আপোনাৰ চছমাযোৰ নিৰূপণ কৰিব৷ এই সমগ্র পৰীক্ষাটোক
ৰিফ্রেকশ্যন বা প্রতিসৰণ পৰীক্ষা বুলি কোৱা হয়৷
ইয়াৰ
পাছত চিকিৎসকে আপোনাৰ চকু কেঁৰা নেকি পৰীক্ষা কৰিব৷ সাধাৰণতে টর্চ লাইট
মাৰি এই পৰীক্ষা কৰা হয়৷ কিছুমান কেঁৰা চকু এই পৰীক্ষাত ধৰা নপৰে৷ এটা চকু
বন্ধ কৰি দিলেহে কেঁৰাটো ওলাই পৰে৷ ইয়াৰ পাছত আখৰ পঢেঁ়াতে আপোনাৰ দুয়োটা
চকু সমানে কাষ চাপি আহেনে নাহে, সেয়া Convergence test নামৰ এটা পৰীক্ষাৰে
পৰীক্ষা কৰিব৷ তাৰ পাছত আপোনাক চকুহাল সন্মুখলৈ স্থিৰ কৈ চাবলৈ কৈ আঙুলিটো
কাষৰ দৃষ্টিত ৰাখি সেই দৃষ্টি ঠিকে আছেনে নাই পৰীক্ষা কৰিব৷ এই পৰীক্ষাৰ
পাছত আপোনাৰ চকুযোৰ এটা দিশত ঘূৰাই পকাই চাই পৰীক্ষা কৰিব আৰু আপোনাৰ চকুৰ
পেশীকেইটা ঠিকমতে কাম কৰিছেনে নাই সেয়া চাব৷
এইখিনি
কৰাৰ পাছত চিকিৎসকে সাধাৰণ টর্চলাইট এটা মাৰি আপোনাৰ চকুৰ বাদুৰ নোম, চকুৰ
কোটৰ পৰীক্ষা কৰিব৷ টর্চলাইটেৰে কৰা এটা গুৰুত্বপূর্ণ পৰীক্ষা হ’ল চকুৰ
পিউপিল৷ এই অংশটোৰ পৰীক্ষাই আমাক চকুৰ উপৰি মগজুৰ অসুখৰো সম্ভেদ দিব পাৰে৷
শ্লিট
লেম্প (Slit Lamp) নামৰ এবিধ সঁজুলিৰ সহায়েৰে চিকিৎসকে চকুৰ সন্মুখ ভাগ
পৰীক্ষা কৰে৷ শ্লিট লেম্প এটা শক্তিশালী অণুবীক্ষণ যন্ত্র৷ ই চকুটো
টর্চলাইটৰ নিচিনা বহল পোহৰেৰে চোৱাৰ উপৰি ক্ষীণ এক ৰশ্মিৰ দ্বাৰা চাব পাৰি৷
এই ক্ষীণ ৰশ্মিৰে চোৱাৰ বাবে চকুৰ একোটা অংশ বিতংভাৱে দেখা পোৱা যায়৷
চিকিৎসকে প্রথমতে শ্লিট লেম্পৰ সহায়েৰে ৰোগীৰ চকুৰ বাদুৰ পাৰ দুটা পৰীক্ষা
কৰে৷ পাৰ দুটা পৰীক্ষা কৰাৰ পৰা ব্লেফাৰাইটিছ, মেইব’মাইটিছ, এণ্ট্র’পিয়ন,
এক্ট্র’পিয়ন, ট্রিকিয়াছিছ, ডিছটিকিয়াছিছ, ইত্যাদি ৰোগ ধৰা পেলায়৷ এইখিনি
চোৱাৰ পাছত চকুৰ কনজাংটিভাখন ওপৰে তলে পৰীক্ষা কৰে৷ চকুৰ মণিত চকুপানীৰ এটা
ধাৰ থাকে৷ ইয়াক টিয়েৰ৲ছ মেনিছকাছ বুলি কোৱা হয়৷ ৰোগীজনৰ ড্রাই আই অর্থাৎ
চকুৰ পানী শুকোৱা অসুখ হ’লে এই ধাৰটো তললৈ নামি যায়৷ শ্লিট লেম্পৰ সহায়েৰে
ইয়াক পৰীক্ষা কৰি ড্রাই আই সন্দেহ কৰিব পৰা যায়৷ এই সঁজুলিৰ সহায়েৰে তৰপ
তৰপকৈ চকুৰ কর্ণিয়া, এণ্টেৰিয়ৰ চেম্বাৰ, আইৰিছ, লেন্স আৰু ভিট্রিয়াচ হিউমাৰ
পৰীক্ষা কৰা হয়৷ শ্লিট লেম্পত অতিৰিক্ত লেন্স যোগ কৰি চকুৰ ৰেটিনা পৰীক্ষা
কৰিব পাৰি৷ শ্লিট লেম্প পৰীক্ষাৰ দ্বাৰা কর্ণিয়াত কিবা দোষ আছে নেকি,
লেন্সত কেটেৰেক্ট হৈছে নেকি, ভিট্রিয়াচ দূষিত হৈছে নেকি ধৰা পেলাব পাৰি৷
শ্লিট
লেম্প পৰীক্ষাৰ পাছত পৰীক্ষকে চকুৰ ভিতৰৰ চাপ, যাক ইংৰাজীত ইণ্ট্রা অকুলাৰ
প্রেছাৰ বুলি কোৱা হয়, জোখে৷ এপ্লেনেছন টন’মিটাৰ বুলি এটা সঁজুলি এই
উদ্দেশ্যে শ্লিট লেম্পত সংযোগ কৰা থাকে৷ চকুত অলপমান সংবেদনশীলতা নোহোৱা
কৰা দ্রব্য দি এই পৰীক্ষাটো কৰা হয়৷ চকুত কনজাংটিভাইটিছ বা কেৰেটাইটিছ অসুখ
থাকিলে সাধাৰণতে এই পৰীক্ষা কৰা নহয়৷
চকুৰ
প্রেছাৰ জোখাৰ পাছত চকুৰ মণিত ঔষধ দি পিউপিলটো বহল কৰা হয়, যাতে চিকিৎসকে
বিতংভাৱে লেন্স, ৰেটিনা আৰু ভিট্রিয়াছ পৰীক্ষা কৰিব পাৰে৷ ইয়াৰ ভিতৰত
ৰেটিনাখন বিতংভাৱে পৰীক্ষা কৰা অতিশয় প্রয়োজনীয়৷ যিসকল ৰোগীক এনেদৰে চকুৰ
মণি বহল কৰা দৰব দিলে প্রতিক্রিয়া হোৱাৰ বিৱৰণী আছে বা ঔষধ দিলে আন বিপদ
হ’ব পাৰে, তেনেবোৰ ৰোগীৰ ক্ষেত্রত ঔষধ দিয়া নহয়৷ চকুৰ মণিটো বহল কৰিলে
ভিতৰৰ ৰেটিনাখন আগৰ পৰা গুৰিলৈকে ইনডাইৰেক্ট অফথেলম’স্ক’প নামৰ সঁজুলিৰ
সহায়েৰে পৰীক্ষা কৰিব পাৰি৷ ইয়াৰ সহায়েৰে অপ্টিক নার্ভ ফুলি উঠিলে বা শুকাই
গ’লে, ৰেটিনাত তেজ ওলাৱা বা ৰেটিনাখন নিজৰ স্থানৰ পৰা আঁতৰি অহা কথাবোৰ
নির্ণয় কৰিব পাৰি৷
এইখিনি
হ’ল সাধাৰণ পৰীক্ষা ৷ চকু পৰীক্ষা কৰাবলৈ অহা প্রতিগৰাকী ৰোগীকে এনেদৰে
পৰীক্ষা কৰা হয়৷ তাৰ পাছত ৰোগ নির্ণয়ৰ সুবিধার্থে চিকিৎসকে বিভিন্ন ধৰণৰ
বিশেষ পৰীক্ষা কৰোৱাব পাৰে৷
(বিশিষ্ট চকু চিকিৎসক বৰদলৈ ‘স্বাস্থ্য প্রহৰী’ৰ সম্পাদক)
No comments:
Post a Comment