Showing posts with label thejanambhumi assam doctor health. Show all posts
Showing posts with label thejanambhumi assam doctor health. Show all posts

Tuesday, 17 May 2016

চকু কেনেকৈ পৰীক্ষা কৰিব লাগে

চকু এনেকুৱা ঠাইত দেখুৱাব লাগে য’ত বিতংভাৱে পৰীক্ষা কৰা হয়৷ বিতংভাৱে পৰীক্ষা কৰোঁতে যথেষ্ট সময়ৰ প্রয়োজন৷ সেই কাৰণে সময় হাতত লৈহে চকু দেখুৱাবলৈ যাব লাগে৷ চিকিৎসকে সাধাৰণতে চকুৰ মণি বহল হোৱা এবিধ ঔষধ দি চকুৰ ভিতৰখন পৰীক্ষা কৰে৷ এই ঔষধৰ ক্রিয়া তিনি-চাৰি ঘণ্টা পর্যন্ত থাকে৷ সেইবাবে চকু দেখুৱাবলৈ যাওঁতে নিজে গাড়ী বা মটৰচাইকেল চলাই যাব নালাগে৷
চকুৰ পৰীক্ষা কৰা আগতে চিকিৎসকে ৰোগৰ বিৱৰণী আপোনাৰ পৰা সুধি ল’ব৷ অসুখৰ লগত জড়িত আন কিছুমান কথা, যিবোৰ হয়তো আপুনি প্রয়োজনীয় বুলি নাভাবিব পাৰে, চিকিৎসকে আপোনাক সুধিব৷ সেইবোৰ কথা চিকিৎসকে সুধিলে সেইবাবে আপুনি বিৰক্ত নহ’ব৷ উদাহৰস্বৰূপে আপোনাৰ অতীতত চকুত বা গাত হোৱা আন বেমাৰৰ কথা সুধিব পাৰে৷ আপুনি হয়তো ভাবিব পাৰে যে মোৰ পুৰণা অসুখৰ কথা সুধি কি লাভ? বর্তমান যি অসুখ হৈছে তাৰ কথা সোধক৷ আচলতে ডাক্তৰী বিদ্যাটো সাধাৰণ মানুহে ভবাৰ দৰে পোন আৰু সৰল নহয়৷ বহুত যোগ-বিয়োগ, পূৰণ-হৰণ কৰিহে একোজন চিকিৎসক ৰোগ-সর্ম্পক এটা স্থিৰ সিদ্ধান্তলৈ আহিব পাৰে৷ তেনে ক্ষেত্রত এনেকুৱা ধৰণৰ অনুসন্ধানবোৰ তেখেতৰ কাৰণে যথেষ্ট তাৎপর্যপূর্ণ৷ আপোনাৰ পৰিয়ালৰ মানুহৰ বেমাৰ, ঔষধৰ প্রতি থকা আপোনাৰ এলার্জি আৰু ডায়েবেটিছ, উচচ ৰক্তচাপ, হাপানী, হূৎপিণ্ডৰ অসুখ গেষ্ট্রিক ইত্যাদি অসুখ আপোনাৰ আছে নেকি, জানিবলৈ বিচাৰিব৷ চকুত বর্তমানে আপুনি কিবা দৰব দি আছে নেকি বা অতীতত কিবা দৰব দি আছিল নেকি সেয়াও সুধিব৷ সেয়েহে বর্তমানৰ বা আগৰ চিকিৎসকৰ ব্যৱস্থা-পত্র থাকিলে লগত লৈ যাবলৈ নাপাহৰিব৷
ৰোগৰ বিৱৰণী লোৱাৰ পাছত চিকিৎসকে আপোনাৰ প্রতিটো চকুৰ বেলেগে বেলেগে দৃষ্টি পৰীক্ষা কৰিব৷ ক্রমাৎ ওপৰৰ পৰা তললৈ সৰু হৈ অহা এখন তালিকাত থকা আখৰবোৰ এটা এটাকৈ পঢ়িবলৈ দিব৷ পঢ়িব নজনাসকলে বা শিশুৰ বাবে তেনেধৰণৰ সাংকেতিক চিহু থাকিব৷ তাৰ পাছত এটা সৰু ফুটাৰ মাজেদি আপুনি ইতিমধ্যে পঢ়িব নোৱৰা আখৰবোৰ পঢ়িবলৈ দিব৷ ইয়াক ‘পিন হল’ বুলি কোৱা হয়৷ তাৰ পাছত ৰেটিন’স্ক’প নামৰ এবিধ সঁজুলিৰ সহায়েৰে আপোনাৰ চছ৲মাৰ প্রয়োজন হয় যদি আপোনাৰ সঠিক পাৱাৰ বাছি উলিয়াব৷ তাৰ পাছত আপোনাক ইপাট-সিপাটকৈ লেন্স পিন্ধাব৷ আপুনি গ্রহণ কৰিব পৰা পাৱাৰটো নিৰূপণ কৰিব৷ দূৰৰ দৃষ্টি পৰীক্ষা সম্পূর্ণ হোৱাৰ পাছত ওপৰৰ পৰা তললৈ ক্রমাৎ সৰু হৈ অহা শব্দৰ তালিকা পঢ়িবলৈ দি ওচৰৰ দৃষ্টি পৰীক্ষা কৰিব৷ সেইমতে লেন্স দি আপোনাৰ চছমাযোৰ নিৰূপণ কৰিব৷ এই সমগ্র পৰীক্ষাটোক ৰিফ্রেকশ্যন বা প্রতিসৰণ পৰীক্ষা বুলি কোৱা হয়৷
ইয়াৰ পাছত চিকিৎসকে আপোনাৰ চকু কেঁৰা নেকি পৰীক্ষা কৰিব৷ সাধাৰণতে টর্চ লাইট মাৰি এই পৰীক্ষা কৰা হয়৷ কিছুমান কেঁৰা চকু এই পৰীক্ষাত ধৰা নপৰে৷ এটা চকু বন্ধ কৰি দিলেহে কেঁৰাটো ওলাই পৰে৷ ইয়াৰ পাছত আখৰ পঢেঁ়াতে আপোনাৰ দুয়োটা চকু সমানে কাষ চাপি আহেনে নাহে, সেয়া Convergence test নামৰ এটা পৰীক্ষাৰে পৰীক্ষা কৰিব৷ তাৰ পাছত আপোনাক চকুহাল সন্মুখলৈ স্থিৰ কৈ চাবলৈ কৈ আঙুলিটো কাষৰ দৃষ্টিত ৰাখি সেই দৃষ্টি ঠিকে আছেনে নাই পৰীক্ষা কৰিব৷ এই পৰীক্ষাৰ পাছত আপোনাৰ চকুযোৰ এটা দিশত ঘূৰাই পকাই চাই পৰীক্ষা কৰিব আৰু আপোনাৰ চকুৰ পেশীকেইটা ঠিকমতে কাম কৰিছেনে নাই সেয়া চাব৷
এইখিনি কৰাৰ পাছত চিকিৎসকে সাধাৰণ টর্চলাইট এটা মাৰি আপোনাৰ চকুৰ বাদুৰ নোম, চকুৰ কোটৰ পৰীক্ষা কৰিব৷ টর্চলাইটেৰে কৰা এটা গুৰুত্বপূর্ণ পৰীক্ষা হ’ল চকুৰ পিউপিল৷ এই অংশটোৰ পৰীক্ষাই আমাক চকুৰ উপৰি মগজুৰ অসুখৰো সম্ভেদ দিব পাৰে৷
শ্লিট লেম্প (Slit Lamp) নামৰ এবিধ সঁজুলিৰ সহায়েৰে চিকিৎসকে চকুৰ সন্মুখ ভাগ পৰীক্ষা কৰে৷ শ্লিট লেম্প এটা শক্তিশালী অণুবীক্ষণ যন্ত্র৷ ই চকুটো টর্চলাইটৰ নিচিনা বহল পোহৰেৰে চোৱাৰ উপৰি ক্ষীণ এক ৰশ্মিৰ দ্বাৰা চাব পাৰি৷ এই ক্ষীণ ৰশ্মিৰে চোৱাৰ বাবে চকুৰ একোটা অংশ বিতংভাৱে দেখা পোৱা যায়৷ চিকিৎসকে প্রথমতে শ্লিট লেম্পৰ সহায়েৰে ৰোগীৰ চকুৰ বাদুৰ পাৰ দুটা পৰীক্ষা কৰে৷ পাৰ দুটা পৰীক্ষা কৰাৰ পৰা ব্লেফাৰাইটিছ, মেইব’মাইটিছ, এণ্ট্র’পিয়ন, এক্ট্র’পিয়ন, ট্রিকিয়াছিছ, ডিছটিকিয়াছিছ, ইত্যাদি ৰোগ ধৰা পেলায়৷ এইখিনি চোৱাৰ পাছত চকুৰ কনজাংটিভাখন ওপৰে তলে পৰীক্ষা কৰে৷ চকুৰ মণিত চকুপানীৰ এটা ধাৰ থাকে৷ ইয়াক টিয়েৰ৲ছ মেনিছকাছ বুলি কোৱা হয়৷ ৰোগীজনৰ ড্রাই আই অর্থাৎ চকুৰ পানী শুকোৱা অসুখ হ’লে এই ধাৰটো তললৈ নামি যায়৷ শ্লিট লেম্পৰ সহায়েৰে ইয়াক পৰীক্ষা কৰি ড্রাই আই সন্দেহ কৰিব পৰা যায়৷ এই সঁজুলিৰ সহায়েৰে তৰপ তৰপকৈ চকুৰ কর্ণিয়া, এণ্টেৰিয়ৰ চেম্বাৰ, আইৰিছ, লেন্স আৰু ভিট্রিয়াচ হিউমাৰ পৰীক্ষা কৰা হয়৷ শ্লিট লেম্পত অতিৰিক্ত লেন্স যোগ কৰি চকুৰ ৰেটিনা পৰীক্ষা কৰিব পাৰি৷ শ্লিট লেম্প পৰীক্ষাৰ দ্বাৰা কর্ণিয়াত কিবা দোষ আছে নেকি, লেন্সত কেটেৰেক্ট হৈছে নেকি, ভিট্রিয়াচ দূষিত হৈছে নেকি ধৰা পেলাব পাৰি৷
শ্লিট লেম্প পৰীক্ষাৰ পাছত পৰীক্ষকে চকুৰ ভিতৰৰ চাপ, যাক ইংৰাজীত ইণ্ট্রা অকুলাৰ প্রেছাৰ বুলি কোৱা হয়, জোখে৷ এপ্লেনেছন টন’মিটাৰ বুলি এটা সঁজুলি এই উদ্দেশ্যে শ্লিট লেম্পত সংযোগ কৰা থাকে৷ চকুত অলপমান সংবেদনশীলতা নোহোৱা কৰা দ্রব্য দি এই পৰীক্ষাটো কৰা হয়৷ চকুত কনজাংটিভাইটিছ বা কেৰেটাইটিছ অসুখ থাকিলে সাধাৰণতে এই পৰীক্ষা কৰা নহয়৷
চকুৰ প্রেছাৰ জোখাৰ পাছত চকুৰ মণিত ঔষধ দি পিউপিলটো বহল কৰা হয়, যাতে চিকিৎসকে বিতংভাৱে লেন্স, ৰেটিনা আৰু ভিট্রিয়াছ পৰীক্ষা কৰিব পাৰে৷ ইয়াৰ ভিতৰত ৰেটিনাখন বিতংভাৱে পৰীক্ষা কৰা অতিশয় প্রয়োজনীয়৷ যিসকল ৰোগীক এনেদৰে চকুৰ মণি বহল কৰা দৰব দিলে প্রতিক্রিয়া হোৱাৰ বিৱৰণী আছে বা ঔষধ দিলে আন বিপদ হ’ব পাৰে, তেনেবোৰ ৰোগীৰ ক্ষেত্রত ঔষধ দিয়া নহয়৷ চকুৰ মণিটো বহল কৰিলে ভিতৰৰ ৰেটিনাখন আগৰ পৰা গুৰিলৈকে ইনডাইৰেক্ট অফথেলম’স্ক’প নামৰ সঁজুলিৰ সহায়েৰে পৰীক্ষা কৰিব পাৰি৷ ইয়াৰ সহায়েৰে অপ্টিক নার্ভ ফুলি উঠিলে বা শুকাই গ’লে, ৰেটিনাত তেজ ওলাৱা বা ৰেটিনাখন নিজৰ স্থানৰ পৰা আঁতৰি অহা কথাবোৰ  নির্ণয় কৰিব পাৰি৷
এইখিনি হ’ল সাধাৰণ পৰীক্ষা ৷ চকু পৰীক্ষা কৰাবলৈ অহা প্রতিগৰাকী ৰোগীকে এনেদৰে পৰীক্ষা কৰা হয়৷ তাৰ পাছত ৰোগ নির্ণয়ৰ সুবিধার্থে চিকিৎসকে বিভিন্ন ধৰণৰ বিশেষ পৰীক্ষা কৰোৱাব পাৰে৷
(বিশিষ্ট চকু চিকিৎসক বৰদলৈ  স্বাস্থ্য প্রহৰীৰ সম্পাদক)