Friday 19 August 2016

বাজেট আৰু অসমৰ শিক্ষাখণ্ড


২০১৬-১৭ বৰ্ষৰ বাবে ৭৮,২৫৩.৩৬ কোটি  টকা সর্বমুঠ ব্যয়ৰ আনুমানিক লক্ষ্যৰে ভিজন ডকুমেণ্টৰ আধাৰত ‘সবকা সাথ  সবকা বিকাশ’ৰ আদর্শৰে প্রস্তুত কৰা অসমৰ বাজেটখন এখন ভৱিষ্যতমুখী বাজেট বুলি একেষাৰতে  ক’ব পাৰি৷ এখন বাজেট  হ’ল এখন নতুন চৰকাৰৰ প্রথম আৰু প্রধান নীতিৰ ঘোষণা৷ মিত্রজোঁট চৰকাৰে শাসনভাৰ লোৱাৰ অতি কম দিনৰ ভিতৰত বাজেটখন উত্থাপন কৰিছে৷ নতুন চৰকাৰখনৰ প্রথমখন বাজেটে চৰকাৰখনৰ আগন্তুক পাঁচ বছৰৰ কর্মপন্থা সদৰী কৰে৷ গতিকে ৰাইজৰ চৰকাৰৰ ওপৰত থকা গভীৰ প্রত্যাশাৰ বাবে এনে এখন বাজেট প্রস্তুত কৰাটো নিশ্চিতভাৱে আছিল প্রচুৰ শ্রমসাধ্য৷

বৃহৎ মাত্রাৰ প্রতিশ্রুতিমূলক আঁচনিৰ পৰা আঁতৰি আহি বিভিন্ন ধৰণৰ উৎপাদনমূলক ব্যয় বৃদ্ধি কৰিবৰ বাবে বাজেটখনত মূলধনী ব্যয় বৃদ্ধিৰ হাৰ অধিক দেখুওৱা হৈছে৷ পৰিসম্পদ সৃষ্টিৰ ক্ষেত্রত হয়তো অহা বিত্তীয় বর্ষটোত ৰাইজে সামগ্রিকভাৱে তাৰ সুফল নাপাব পাৰে যদিও আগন্তুক পাঁচ বছৰত তাৰ সামগ্রিক বিকাশ পৰিস্ফুট  হ’ব৷

বিত্তমন্ত্রী হিমন্তবিশ্ব শর্মাই কিছুমান দীর্ঘম্যাদী আঁচনিৰ কথা ঘোষণা কৰিছে৷ দীর্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে ৰাজ্যখনৰ প্রধান সমস্যাসমূহ সমাধান কৰা আৰু একে সময়তে অর্থনৈতিক উন্নয়নৰ পৰিকাঠামো সৃষ্টি কৰাৰ প্রয়াস পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ মুঠ ৰাজহৰ অধিকাংশই কেন্দ্রীয় পুঁজি হস্তান্তৰৰ জৰিয়তে আহে৷ কিন্তু পুঁজিৰ কাৰণে কেন্দ্রৰ ওপৰত অত্যধিক নির্ভৰশীল হোৱাটোৱে আঁচনিসমূহৰ সঠিক আৰু সময়োচিত ৰূপায়ণৰ ক্ষেত্রত অন্তৰায়ৰ সৃষ্টি কৰি আহিছে৷ এই ক্ষেত্রত ৰাজ্যখনে নিজা ৰাজহ বৃদ্ধি কৰাৰ প্রয়োজন আহি পৰে৷ এইবাৰৰ বাজেটখনে কৰ ৰাজহ সংগ্রহৰ নিজা উৎস বিকাশত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ এইটো নিতান্তই বাস্তৱমুখী চিন্তা৷

বাজেটখনত প্রাথমিক শিক্ষাৰ পৰা উচচ শিক্ষালৈ প্রতিটো স্তৰকে সংস্কাৰ আৰু পৰিবর্ধনৰ প্রচেষ্টা চলোৱা দেখা গৈছে৷ প্রাথমিক বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্রদান কৰাৰ লগতে ‘আৰোহণ’ নামৰ এখন নতুন আঁচনি প্রৱর্তন কৰা হৈছে, যাৰ জৰিয়তে ৰাজ্যৰ মন্ত্রী, ভাৰতীয় প্রশাসনিক সেৱা, অসম প্রশাসনিক সেৱা, সর্বভাৰতীয় আৰক্ষী সেৱা, অসম আৰক্ষী সেৱা, ভাৰতীয় বন সেৱাৰ বিষয়াসকল জড়িত হ’ব৷ গ্রামাঞ্চল তথা দুর্গম অঞ্চলৰ দৰিদ্র পৰিয়ালৰ পঞ্চম শ্রেণীৰ পৰা দশম শ্রেণীলৈ পঢ়ি থকা ছাত্র-ছাত্রীৰ মাজৰ তিনি হাজাৰ ছাত্র-ছাত্রীক নির্বাচিত কৰা হ’ব৷ মন্ত্রী, বিষয়াসকলক প্রত্যেকে অন্ততঃ পাঁচজনকৈ নির্বাচিত ছাত্র-ছাত্রীক পৰামর্শ দান কৰিবলৈ ৰাজ্য চৰকাৰে আহবান জনাব৷ এই ‘আৰোহণ’ আঁচনিৰ আৰম্ভণিৰ বাজেট এক কোটি টকা ধার্য কৰা হৈছে৷ এইবাৰৰ অন্যতম পৰিৱর্তন  হ’ল আনন্দৰাম বৰুৱা বঁটাৰ জৰিয়তে লাভ কৰা কম্পিউটাৰ মাত্র তাৰকা নম্বৰ পোৱা ছাত্র-ছাত্রীয়েহে লাভ কৰিব৷ ইয়াৰ জৰিয়তে প্রতিযোগিতামূলক ভাব বৃদ্ধি  হ’ব বুলিহে ভাবিব পাৰি৷ সেইদৰে নৱম-দশম শ্রেণীৰ ছাত্র-ছাত্রীলৈ বিনামূলীয়া পাঠ্যপুথি যোগানে প্রচুৰ যোগাত্মক প্রভাৱ পেলাব৷ কিন্তু ইয়াৰ যোগান যাতে নিয়মীয়া আৰু সময়োচিত হয়, তাৰ প্রতি ধ্যান দিয়াটো অত্যন্ত জৰুৰী৷ সেইদৰে ছেবাৰ পুনৰ গঠনো সময় সাপেক্ষ৷ অৱশ্যে পঞ্চাশখন বিদ্যালয়ক চি বি এছ ইৰ অধীনলৈ অনুমোদন তথা কন্যা বিদ্যালয়ৰ পৰা সহঃশিক্ষানুষ্ঠানলৈ ৰূপান্তৰকৰণ প্রক্রিয়াই প্রকৃতার্যত কি ফল দেখুৱাব, সেয়া সময়হে  ক’ব৷ গুণমানবিশিষ্ট বিদ্যালয়ক অযথা ৰূপান্তৰে আহুকালৰহে সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ যিসমূহ কন্যা বিদ্যালয়ত পর্যাপ্ত সংখ্যক ছাত্রী আছে, তেনে ক্ষেত্রত সহ-শিক্ষালৈ সলনিয়ে বিৰূপ প্রভাৱ পেলোৱাৰ সম্ভাৱনা থাকে৷ আকৌ প্রাথমিক বিদ্যালয়ত চৰকাৰী বিষয়া, স্থানীয় ৰাইজ, পঞ্চায়ত প্রতিনিধিক জড়িত কৰি ‘গুণ উৎসৱ’ উদ৲যাপন মাত্র আনবোৰ উদ৲যাপনৰ দৰে নহৈ কার্যকৰী প্রভাৱ বিস্তাৰৰ বাবে প্রচেষ্টা চলোৱাটো জৰুৰী৷ এই ক্ষেত্রত শিক্ষা প্রশাসনৰ ভূমিকা গুৰুত্বপূর্ণ  হ’ব৷ একৈশখন জিলাত একৈশখন পলিটেক৲নিক, বৰপেটা, বিহপুৰীয়া, হোজাইত তিনিখন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ত দক্ষিণ এছীয় অধ্যয়ন কেন্দ্র়, গুৱাহাটীত সম্পন্ন আইন শিক্ষাৰ প্রৱর্তনৰ বাবে নেশ্যনেল ইউনিভার্ছিটি আৰু জুডিচিয়েল একাডেমী স্থাপন, নগাঁও, লখিমপুৰ, ধুবুৰীত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, দেশৰ শীর্ষ পাঁচখন বিশ্ববিদ্যালয়ত শ্রীমন্ত শংকৰদেৱৰ নামত আসন়, জে এন ইউত এখন অসমীয়া আসন স্থাপন, হোজাই, উত্তৰ শালমাৰা, পশ্চিম কার্বি আংলং, চৰাইদেউ, বিশ্বনাথ, বাক৲সা, চিৰাং আৰু ওদালগুৰিত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান স্থাপন ইত্যাদিয়ে অসমৰ শিক্ষা খণ্ডত এক গুণগত পৰিৱর্তন নিশ্চয়কৈ আনিব৷

এই সকলোখিনি নির্ভৰ কৰিব আঁচনিসমূহৰ বাস্তৱ ৰূপায়ণৰ ওপৰত৷ বর্তমানৰ প্রেক্ষাপটত চৰকাৰৰ সন্মুখত ই এক প্রত্যাহবান স্বৰূপ৷ তাৰ বাবে এনে এটা কার্যকৰী ব্যৱস্থা গঢ়ি তুলিব লাগিব,  য’ত বৃত্তিসুলভ কৌশলেৰে দক্ষ, সংবেদনশীল লোকৰ দ্বাৰা গঠিত সু-সাংগঠনিক ব্যৱস্থাই সকলো হিতাধিকাৰীক স্পর্শ কৰিবলৈ সক্ষম  হ’ব৷ বাজেটখনত ইতিমধ্যেই সু-প্রশাসনৰ গুৰুত্ব স্বীকাৰ কৰা হৈছে৷ অসম লোকসেৱা আয়োগৰ আমূল পৰিৱর্তনৰ আঁচনিয়ে এক আশাৰ ৰেঙনি বুটলি আনিছে৷ বিশেষকৈ তপন লাল বৰুৱা কমিটী আৰু মাধুর্য প্রসাদ বেজবৰুৱা কমিটীৰ পৰামর্শ কার্যকৰী কৰাৰ প্রস্তাৱ ৰখা হৈছে৷ সাধাৰণতে দেখা যায় যে এনেধৰণৰ কমিটীসমূহৰ পৰামর্শ কার্যকাৰিতাত গুৰুত্ব প্রদান কৰা নহয়, কিন্তু এইবাৰৰ বাজেটে স্পষ্ট ৰূপত তাক প্রকাশ কৰাত কৃপণালি কৰা নাই, যাৰ বাবেই এইখন এখন অৱশ্যেই অগতানুগতিক বাজেট বুলি পৰিগণিত হৈছে৷
Posted by Dainik Janambhumi