Tuesday 31 May 2016

নতুন চৰকাৰ আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা


কিছুমান কাম সময় আৰু পৰিস্থিতি অনুযায়ী কৰিব নোৱাৰিলে সি আৰু কেতিয়াও হৈ নুঠে৷ আমাৰ ৰাজনৈতিক ক্ষেত্রখনৰ এটা দৃষ্টান্ত দাঙি ধৰোঁ৷ ভাৰতৰ সংসদত মহিলাৰ বাবে বিধানসভাসমূহ আৰু সংসদত ৩৩ শতাংশ আসন সংৰক্ষণৰ এখন বিধেয়ক যোৱা প্রায় এক দশক ধৰি সংসদত পৰি ৰৈছে৷ ভাৰতৰ প্রায় প্রতিটো ৰাজনৈতিক দলেই বিধেয়কখনক সমর্থন কৰাৰ কথা কয়, কিন্তু বিধেয়কখন এতিয়ালৈ আইন হৈ উঠিব পৰা নাই৷ মাজতে ইউ পি এ চৰকাৰৰ দ্বিতীয়টো শাসনকালত এক পৰিস্থিতি আহিছিল– ভাৰতৰ ৰাষ্ট্রপতি মহিলা (প্রতিভা পাটিল), লোক সভাৰ অধ্যক্ষ মহিলা (মীৰা কুমাৰ), চৰকাৰৰ সর্বময় কর্ মহিলা (ছোনিয়া গান্ধী), লোক সভাৰ বিৰোধী দলপতি মহিলা (সুষমা স্বৰাজ)৷ এনে এক পৰিস্থিতিৰ পাছতো কংগ্রেছ-বিজেপি দুয়োটা দলে বিধেয়কখন সমর্থন কৰাৰ পাছতো এই বিধেয়কখন আইন হ’ব নোৱাৰিলে৷ কিয় নোৱাৰিলে– তাৰ কোনো নিশ্চিত উত্তৰ নাই৷ আপুনি ভাবেনে এই পৰিস্থিতি আৰু সময় পাৰ হৈ যোৱাৰ পাছত এতিয়া অদূৰ ভৱিষ্যতে এই বিধেয়কখন কেতিয়াবা আইন হ’ব পাৰিব? নিশ্চিত উত্তৰ হ’ব– নোৱাৰে৷
আমাৰ বর্তমানৰ আলোচনাৰ প্রসংগ অসম৷ অসমত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত এখন চৰকাৰ ক্ষমতাত অধিষ্ঠিত হৈছে৷ অভূতপূর্ব নির্বাচনী সফলতাৰে বিজেপি মিত্রজোঁটৰ চৰকাৰখন অসমত ক্ষমতালৈ আহিছে৷ বর্তমানৰ চৰকাৰখনৰ ওপৰত ভোটাৰ ৰাইজৰ প্রত্যাশা বহুত আৰু চৰকাৰখনে এই প্রত্যাশাবোৰ পূর্ণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগির, চৰকাৰখন আৰু মিত্রজোঁটৰ দলসমূহৰ ওপৰত জনগণৰ আস্থা অটুট থাকিবলৈ ইয়াৰ গত্যন্তৰ নাই৷ এইখিনিতে এটা কথা উল্লেখৰ প্রয়োজন– জনসাধাৰণেও বুজে যে সকলো সমস্যা একেলগে চৰকাৰ এখনে সমাধান কৰিব নোৱাৰে৷ কিন্তু জনসাধাৰণে বিচাৰে– চৰকাৰখনে একান্তভাৱে চেষ্টা কৰক, অন্ততঃ সমস্যাবোৰৰ পৰা গা-এৰা নিদিয়ক৷
এইবোৰ হ’ল সাধাৰণ সমস্যাৰ কথা৷ কিন্তু বর্তমানৰ সময় আৰু পৰিস্থিতি অনুযায়ী অসমৰ নতুন চৰকাৰখনে তিনিটা সমস্যা যদি সমাধান নকৰে, তেন্তে এই মিত্র দল আকৌ কেতিয়াবা শাসনলৈ আহিব নে নাহে ক’ব নোৱাৰোঁ, কিন্তু সমস্যা তিনিটা যে ভৱিষ্যতে কাহানিও আৰু সমাধান নহয়, সি নিশ্চিত৷
এই সমস্যা তিনিটাৰ প্রথমটো ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষিত কৰি অসমলৈ হৈ থকা অনুপ্রৱেশ দূৰ কৰা আৰু অসমৰ বিদেশী সমস্যাৰ সমাধান কৰা৷ দ্বিতীয়টো হৈছে– অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা৷
প্রথম সমস্যাটোৰ বিষয়ে বিস্তৃত আলোচনালৈ নাযাওঁ৷ অসমৰ প্রতিজনেই অসম-বাংলাদেশ সীমান্ত সুৰক্ষিত কৰাৰ প্রয়োজনীয়তাক অনুধাৱন কৰে, অসমক ভাল পোৱা প্রতিজনে অসমৰ অবৈধ নাগৰিকৰ সমস্যাটোৰ অতি শীঘ্রে সমাধান বিচাৰে৷ আকৌ, অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰৰ কথাটো স্পর্শকাতৰ৷ স্পর্শকাতৰ হ’লেও কিন্তু নিজৰ প্রদেশখনত খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হোৱাৰ ধাৰণাটোক কোনেও উলাই কৰিব নোৱাৰে৷ বিজেপিয়ে ইতিমধ্যে এই দুয়োটা কথা দলটোৰ ভিজন ডকুমেণ্টত উল্লেখ কৰিছে, দুয়োটা ক্ষেত্রতে যথোচিত পদক্ষেপ লোৱাৰ প্রতিশ্রুতি দিছে৷ খিলঞ্জীয়াৰ ৰাজনৈতিক স্বার্থ সুৰক্ষাৰ খাতিৰত দলটোৱে ইতিমধ্যে নির্বাচনী সভাসমূহত ‘ভাৰতীয় মূলৰ হাতত ৰাজনৈতিক ক্ষমতা’, ‘শুদ্ধ এন আৰ চি প্রস্তুতকৰণ’ আদি বিষয় সজোৰে উত্থাপন কৰিছে৷ দলটোৰ অন্যতম নেতা ড0 হিমন্ত বিশ্ব শর্মাই আনকি এই ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বাবে প্রয়োজনত অসম চুক্তিৰ ৬নং দফাৰ সংশোধনৰ কথাও কৈছে৷ আমি জানো এই ৬নং দফাত অসমৰ জনগণক সাংবিধানিক সুৰক্ষা দিয়াৰ কথা উল্লেখ আছে যদিও ৰাজনৈতিক অধিকাৰক এই সাংবিধানিক সুৰক্ষাৰ অন্তর্ভুক্ত কৰা নহ’ল৷
উল্লিখিত সমস্যা দুয়োটা– বিদেশী নাগৰিক আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা– সমাধানৰ এয়া উপযুক্ত সময় আৰু পৰিস্থিত়ি, আচলতে শেষ সুযোগ, সময় আৰু পৰিস্থিতি৷ এই সমস্যা দুটাৰ সমাধান এতিয়া নহ’লে আৰু কেতিয়াও নহ’ব৷ স্বাধীনতাৰ দিন ধৰি প্রতিখন কেন্দ্রীয় চৰকাৰে অসমলৈ হৈ অহা প্রব্রজনৰ প্রতি উদাসীন হৈ থাকি অসমৰ বিৰুদ্ধে ষড়যন্ত্র কৰি আহিছে, অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্বৰ প্রশ্নত মৌন হৈ বাৰে বাৰে প্রতাৰণা কৰি আহিছে৷ প্রতিখন চৰকাৰেই এই সমস্যা দুটাৰ সমাধানৰ কথা দিয়ে যদিও বাস্তৱত একো নকৰে৷ অসমৰ উপর্যুপৰি চৰকাৰসমূহো এইক্ষেত্রত বিভিন্ন অজুহাতত কেন্দ্রীয় চৰকাৰৰ এই ষড়যন্ত্র আৰু প্রতাৰণাৰ অংশীদাৰ হৈ আহিছে৷
বর্তমান কেন্দ্রত নৰেন্দ্র মোদীৰ নেতৃত্বত এন ডি এৰ চৰকাৰ ক্ষমতাত অধিষ্ঠিত৷ নৰেন্দ্র মোদীয়েও লোক সভা নির্বাচনৰ আগত অসমক বিদেশীমুক্ত কৰাৰ প্রতিশ্রুতি প্রদান কৰিছিল, কিন্তু যোৱা দুবছৰে তেওঁৰ চৰকাৰে এই ক্ষেত্রত একোৱেই নকৰিলে৷ ধৰি  ল’লোঁ– অসমত কংগ্রেছ চৰকাৰ থকাৰ বাবে নৰেন্দ্র মোদী চৰকাৰে এই ক্ষেত্রত বিশেষ একো নকৰিলে বা কৰিব নোৱাৰিলে৷ এতিয়া অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হৈছে৷ এতিয়া নৰেন্দ্র মোদীয়ে নির্বাচনী প্রতিশ্রুতি পালন কৰাৰ সময় সমাগত, ৩১ বছৰৰ আগতে ‘অসম চুক্তি’ৰে কেন্দ্রীয় চৰকাৰে অসমৰ জনগণক দিয়া প্রতিশ্রুতি পালন কৰাৰ সময় সমাগত৷
নতুনকৈ গঠিত চৰকাৰখনৰ মিত্রদল অগপ– অসম চুক্তিৰ ৰূপায়ণৰ লক্ষ্যৰেই যি দল গঠন হৈছিল৷ বর্তমান চৰকাৰখনৰ অধিকাংশই আছুৰ লগত জড়িত যি অসম আন্দোলনৰ নেতৃত্ব দিছিল, একাংশ অসম আন্দোলনৰ লগত সক্রিয়ভাৱে জড়িত৷ মুখ্যমন্ত্রী সোণোৱাল নিজে আছুৰ সভাপতি আছিল৷ তেওঁৰ আবেদনৰ ভিত্তিতেই উচচতম ন্যায়ালয়ে অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ক্ষেত্রত প্রতিবন্ধক আই এম ডি টি আইন বাতিল কৰিছিল৷ চৰকাৰখনৰ অন্য এক চালিকা শক্তি হিমন্ত বিশ্ব শর্মাই নির্বাচনী সভাবোৰত এই সমস্যাসমূহৰ সমাধানৰ প্রতিশ্রুতি দিছিল৷
কেন্দ্রৰ মোদী চৰকাৰে সমস্যা সমাধান নকৰি দোষ থেলিবলৈ অসমত এতিয়া কংগ্রেছ চৰকাৰ নাই বা লোক সভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱো নাই৷ অসম চৰকাৰে দোষ জাপিবলৈ কেন্দ্রৰ অন্য দলৰ চৰকাৰ নাই, অসমত দোষ জাপিব পৰা মিত্রদলো নাই বা দায়িত্বৰ পৰা হাত সাৰিবলৈ আই এম ডি টিৰ দৰে প্রতিবন্ধক আইনো নাই৷
গতিকে কেন্দ্রৰ মোদী চৰকাৰে আৰু অসমৰ সর্বানন্দ সোণোৱাল চৰকাৰে এতিয়া প্রতিশ্রুতি পালন কৰক, যৌথ প্রচেষ্টাৰে উল্লিখিত সমস্যা দুটা সমাধান কৰক৷ এই কাম যদি এইবাৰ নহয় আৰু কেতিয়াও নহ’ব৷ এই সমস্যা দুটা সমাধানৰ অনুকূল সময় আৰু পৰিস্থিতি আহিছে৷ ইমানৰ পাছতো যদি এই সমস্যা দুটা সমাধান নহয়– বিজেপি, অগপ প্রতাৰকৰ দল বুলি প্রতিষ্ঠিত হ’ব আৰু লগতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব তিলতিলকৈ নিঃশেষ হ’ব৷
তৃতীয়টো সমস্যা– অসমৰ খিলঞ্জীয়াৰ ভূমি সমস্যা৷ কিছুমান বাস্তৱক আমি উলাই কৰিব নোৱাৰোঁ৷ অসমৰ খিলঞ্জীয়া নিজৰ অস্তিত্বক লৈ যথেষ্ট শংকিত৷ কিন্তু এই খিলঞ্জীয়াসকলে এইটো আজিলৈ অনুধাৱন কৰাত ব্যর্থ হৈছে যে ভূমিৰ ওপৰত অধিকাৰেই জাতি এটাৰ পৰিচয় আৰু অস্তিত্বৰ প্রথম চর্ত৷ অসমৰ খিলঞ্জীয়াৰ মাজত ভূমি বিক্রীৰ প্রৱণতা অতি বেছি আৰু এই প্রৱণতাৰ বাবে ভূমি এতিয়া খিলঞ্জীয়াৰ হাতৰ পৰা তীব্র হাৰত অখিলঞ্জীয়াৰ হাতলৈ যাবলৈ লৈছে৷ এনে হোৱাৰ বাবেই অসমৰ খিলঞ্জীয়াই ক্রমবর্ধমান হাৰত অস্তিত্বৰ সংকটত ভুগিবলৈ লৈছে৷
বত্তৃুতা আৰু আন্দোলনেৰে জাতিৰ অস্তিত্ব সুৰক্ষিত নহয়৷ সুৰক্ষিত হয় ভূমি আৰু সম্পদৰ ওপৰত অধিকাৰতহে৷ অসমৰ খিলঞ্জীয়াক এইখিনি অনুধাৱন কৰাবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰক৷ চৰকাৰে খিলঞ্জীয়াৰ ভূমি যাতে কোনো কাৰণতে অখিলঞ্জীয়াৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবে আইন প্রণয়ন কৰক, ইয়াক কঠোৰভাৱে বলৱৎ কৰক৷ খিলঞ্জীয়াৰ স্বার্থ ৰক্ষাৰ প্রতিশ্রুতিৰে বিপুল জনসমর্থনত শাসনলৈ অহা চৰকাৰ এখনে এইখিনি নকৰিলে, ই আৰু কেতিয়াও নহ’ব৷

চৰকাৰ এখনে কৰিব লগা দেধাৰ থাকে৷ কিন্তু অসমৰ ভৱিষ্যতৰ স্বার্থত আৰু অসমৰ খিলঞ্জীয়া বর্তি থকাৰ স্বার্থত ওপৰত উল্লেখ কৰা তিনিটা কাম বর্তমান চৰকাৰখনৰ অৱশ্যে কৰণীয়, তাৎক্ষণিকভাৱে কৰণীয়৷ এইখিনি কাম এইখন চৰকাৰে নকৰিলে ভৱিষ্যতে আৰু কেতিয়াও নহ’ব৷ ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ– উল্লিখিত তিনিটা কাম সম্পাদনে চৰকাৰখনৰ ৫০ শতাংশ সফলতা নির্ণয় কৰিব৷ আৰু এইসমূহৰ সম্পাদনে অসমৰ খিলঞ্জীয়াক বর্তি থকাৰ এক পৰিৱেশৰ প্রতিষ্ঠা কৰিব৷
Posted by Dainik Janambhumi

Friday 27 May 2016

পৰেশ অসমলৈ কেইটামান প্রশ্ন


যোৱা ২ মে’ তাৰিখৰ পৰা ৪ মে’লৈকে অসমৰ এটা ব্যক্তিগত মালিকানাধীন বৈদু্যতিন বাতৰি চেনেলত তিনিটা খণ্ডত প্রচাৰিত হোৱা এটা সাক্ষাৎকাৰৰ প্রসংগত আজিৰ এই আলোচনা৷ সাক্ষাৎকাৰ আছিল আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ৷ প্রথমতেই কৈ লোৱা ভাল হ’ব যে সন্ত্রাসবাদ আৰু ইয়াৰ কুফল-সুফলৰ বিষয়ে মন্তব্য দিয়াৰ উদ্দেশ্যে এই লেখা প্রস্তুত কৰা হোৱা নাই৷ এই সাক্ষাৎকাৰ গ্রহণ  অথবা প্রদানৰ আঁৰৰ উদ্দেশ্য কি সেয়াও বিশেষ গুৰুত্বপূর্ণ নহয়৷ অসমৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে মোৰ মনত সৃষ্টি হোৱা প্রতিক্রিয়াখিনিহে সকলোৰে লগত ভগাই ল’ব বিচাৰিছোঁ৷
সংযুক্ত মুক্তি বাহিনী, অসম– ছবছৰীয়া অসম আন্দোলনৰ সমকালীন সশস্ত্র সংগ্রামৰ ভেটি আছিল এই বাহিনী, আলফা বুলি যাক সকলোৱে জানিছিল৷ এই বৈপ্লৱিক আন্দোলনে অসমৰ ইতিহাসক কেনেধৰণে প্রভাৱিত কৰিলে সেয়া নিশ্চয় এক বিচার্যৰ বিষয়৷ স্বাধীন অসমৰ দাবীত গঢ় লোৱা এই বিপ্লৱী সংগঠনৰ আৰম্ভণিৰ সময়ছোৱা এহাতে যেনেকৈ কঠিন আছিল, আনহাতে বহু পৰিমাণে সহজ আছিল৷ জনগণৰ বিপুল সমর্থনে সংগ্রামীসকলৰ মনোবল বঢ়াইছিল৷ বর্তমানে নিষিদ্ধ ঘোষিত এই সংগঠনৰ সৃষ্টিৰ আঁৰত অসমৰ বহু বৰেণ্য ব্যক্তিৰ প্রত্যক্ষ নাইবা পৰোক্ষ সমর্থন আছিল, যাৰ বাবে সর্বসাধাৰণ মানুহেও আলফাৰ ৰূপত অসমৰ ভৱিষ্যৎ দেখিছিল৷ কিন্তু লাহে লাহে সেই উছাহ কমি আহিল৷ সংগঠনৰ অভ্যন্তৰীণ সমস্যা, কেন্দ্রীয় চৰকাৰৰ সেনা অভিযান, এচাম সদস্যৰ আত্মসমর্পণ, সৰহভাগ উচচপদস্থ নেতাৰ আলোচনাপন্থা অৱলম্বন ইত্যাদিয়ে সামগ্রিকভাৱে আলফাক জুৰুলা কৰি তুলিলে৷ অসমৰ প্রতিগৰাকী নাগৰিকেই ইয়াৰ সাক্ষী, ইয়াৰ ভুক্তভোগী৷ আলফাৰ নামৰ সৈতে আজিও ওতপ্রোতভাৱে সাঙোৰ আছে এটা নাম– পৰেশ বৰুৱা, মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা, যি এতিয়া পৰেশ অসম নামেৰে পৰিচিত৷ ইয়াৰ আগলৈকে আমি কেতিয়াবা কাচিৎ তেওঁৰ বাণীবদ্ধ কণ্ঠস্বৰ শুনিছিলোঁ নতুবা ভিডিঅ’ দেখিছিলোঁ৷ এই লৈ আমাৰ প্রত্যেকৰে মনত যথেষ্ট খু-দুৱনি আছিল৷ নানানটা প্রশ্নই জুমুৰি দি আছিল৷ এই সাক্ষাৎকাৰটোৱে আমাক বহুতো প্রশ্নৰ উত্তৰ দিবলৈ সক্ষম হোৱাৰ লগতে বহুতো কথা সুস্পষ্ট ৰূপত প্রতিপন্ন কৰাত সফল হ’ল৷
সাক্ষাৎকাৰত দেখা পৰেশ বৰুৱাৰ মাজত মই এজন সাধাৰণ ব্যক্তিক বিচাৰি পালোঁ৷ প্রথমদিনাৰ কথোপকথনত পৰেশ বৰুৱাই সেনাধ্যক্ষৰ আসনৰ পৰা বক্তব্য ৰাখিছিল৷ তেওঁৰ কথাত সাংগঠনিক কার্যকলাপক শুদ্ধ আৰু যথাযথ বুলি প্রমাণ কৰাৰ মানসিকতা ফুটি উঠিছিল৷ উক্তদিনাৰ কথাবিলাকে আন বহুতৰ দৰে মোকো ক্ষুভিত কৰিছিল, ব্যথিত কৰিছিল৷ এয়া সত্য যে আমিও আমাৰ মাতৃভূমিক তেওঁৰ সমানেই ভাল পাওঁ৷ ধেমাজি-কাণ্ডই হওক বা নবৈবৰ দশকত অসমত আলফাৰ নামত চলা অন্যায়-অনিয়মৰ প্রসংগই হওক, পৰেশ বৰুৱা নিজৰ স্থিতিত অটল হৈ ৰোৱা পৰিলক্ষিত হ’ল৷ আমি জানো যে যিকোনো অনুষ্ঠান-প্রতিষ্ঠান অথবা সংগঠনৰ প্রতি সংশ্লিষ্ট মুৰববীজন সদা-দায়বদ্ধ৷ আনকি তেওঁৰ অজ্ঞাতে বা বিনা অনুমতিত ঘটি যোৱা যিকোনো ঘটনাৰ বাবেও মুৰববীজন জগৰীয়া হোৱা উচিত৷ কিন্তু উক্ত দিনাৰ সাক্ষাৎকাৰত পৰেশ বৰুৱাৰ সেই ৰূপ আমাৰ চকুত নপৰিল৷ ধেমাজি-কাণ্ডৰ বাবে সংশ্লিষ্ট চৰকাৰী বিষয়া আৰু অভিভাৱকক দায়ী কৰা বৰুৱাই এসময়ত কৈছিল যে শেষ মুহূর্তত বোমাৰ দায়িত্বত থকা সদস্যজনক যোগাযোগ কৰিব পৰা নহ’ল বাবে কণ কণ শিশুকেইটাই প্রাণ হেৰুৱাবলগীয়া হ’ল৷ এইখিনি কথাতে বৈপৰীত্য আছিল৷ যদি অভিভাৱকসকল জগৰীয়া বুলি আপুনি অন্তৰেৰে ভাবে, তেন্তে সদস্যজনক যোগাযোগ কৰিব নোৱৰাৰ গ্লানি কিয়? নিষ্পাপ শিশু হত্যাৰ অপৰাধবোধে আপোনাকো তেন্তে ব্যথিত নকৰা নহয়৷
৩ মে’ৰ সাক্ষাৎকাৰত পৰেশ বৰুৱা মানুহজন আমাৰ সমুখলৈ আহিছিল৷ এজন সাধাৰণ গঞা, ফুটবল খেলি ভালপোৱা এজন যুৱক৷ তিনিচুকীয়াক প্রাণভৰি ভালপোৱা মানুহজনক এৰি অহা ঠাইখনৰ স্মৃতিত কাতৰ দেখা গৈছিল৷ তিনিচুকীয়া চহৰৰ বিভিন্ন কথা, তিনিচুকীয়া মহাবিদ্যালয়ৰ দিনবোৰ, শিক্ষাগুৰুৰ উল্লেখেৰে তেওঁ যেন উভটি গৈছিল সেই পুৰণি দিনবোৰলৈ৷ তাৰ লগে লগে সংগঠনৰ অভ্যন্তৰীণ বেমেজালি সম্পর্কেও জ্ঞাত হ’লোঁ৷ এজন এজনকৈ একালৰ সংগ্রামী সতীর্থসকলৰ মূলসুঁতিলৈ প্রত্যাৱর্তনৰ প্রেক্ষাপটত সেনাধ্যক্ষজনৰ স্থিতি আৰু ভূমিকা সন্দর্ভত অতদিনে আমিও সন্দিহান আছিলোঁ৷ তেওঁৰ একনায়কত্ববাদী মনোভাবৰ বাবেই বিভিন্ন সময়ত সতীর্থসকলে দলৰ পৰা আঁতৰিবলগীয়া হোৱা বুলিও আমাক আভাস দিয়া হৈছিল৷ অথচ সেইদিনাৰ কথোপকথনত বৰুৱাৰ মুখেৰে সংগঠনৰ বিভিন্ন বিভাগসমূহৰ মাজৰ অত্যাৱশ্যকীয় সমন্বয়ৰ অভাৱৰ কথাৰ পৰা এটা দিশ স্পষ্ট হৈ পৰিল যে ক’ৰবাত নহয় ক’ৰবাত মুখ্য সেনাধ্যক্ষজনক অৱমাননা কৰা হৈছিল, বহুতো কাম বা কথাত তেওঁক অংশীদাৰিত্ব দিয়া নহৈছিল৷ ই অত্যন্ত গুৰুত্বপূর্ণ সংবাদ৷ এটা জাতিক স্বাধীন কৰাৰ মানসেৰে যেতিয়া এটা প্রজন্ম প্রস্তুত হয়, বিশেষকৈ যেতিয়া সশস্ত্র সংগ্রামৰ পথ বাছি লয়, তেওঁলোকৰ মাজত সমন্বয়, বিশ্বাস তথা পাৰস্পৰিক সন্মানৰ এনাজৰীডাল মজবুত হোৱাটো বাধ্যতামূলক৷ পৰেশ বৰুৱাই নিজে বাৰম্বাৰ স্বীকাৰ কৰিছে যে তেওঁ নেতা হোৱাৰ মানসেৰে সংগঠনলৈ অহা নাছিল৷ পৰিস্থিতিৰ পাকত পৰি তেওঁ এই গুৰুদায়িত্ব বহন কৰিবলগীয়া হৈছিল৷ আচৰিত হ’লেও সঁচা, ১৯৭৯ চনত গঢ় লোৱা সংগঠনটোক নেতৃত্ব দিবলৈ ১৯৮৪ চনতে উপযুক্ত নেতাৰ অভাৱ ঘটিছিল৷ ই কি সূচায়? অসম তথা অসমবাসীৰ প্রতি এয়া ভীষণ অন্যায় নহয়নে? বৰুৱাদেৱ, তিনিটা দশক পাৰ হৈ গ’ল, আপুনি এৰি যোৱা অসমখন সলনি হ’ল, অসমৰ মানুহৰ সমস্যাবোৰ সলনি হ’ল৷ আপোনালোকৰ মাজতেই যেতিয়া ইমান অনিশ্চয়তা, আপুনি কি সাহসত, কোনটো অধিকাৰত আমাৰ ভৱিষ্যৎ গঢ়াৰ সপোন দেখিলে?  আজিও যেতিয়া ক’ৰবাত কিবা কূটাঘাত সংঘটিত হয়, মোৰ বুকু কঁপি উঠে– জানোচা তাৰ বাবত মাকুম, লাংকাছি, বাৰেকুৰি, শদিয়া, জাগুনত থকা আমাৰ নিৰীহ ছাত্রকেইজনৰ ওপৰত কিবা অত্যাচাৰ হয়৷ বোমা এটা ফুটিলে কাতৰ হওঁ কাৰণ এই বিস্ফোৰণবোৰে সদায় নিৰীহ আৰু নিৰস্ত্রসকলকহে লক্ষ্য হিচাপে বাছি লয়৷ উঠি অহা প্রজন্মৰ মাজত শিপাই যোৱা হতাশাৰ দায়িত্ব আপুনি ল’ব পাৰিবনে? সহজ পন্থাৰে ধন ঘটি ন-ধনী হোৱাসকলৰ আধিক্য আৰু আধিপত্যই আমাৰ যুৱ প্রজন্মক লালায়িত কৰিছে৷ পাৰিবনে সিহঁতক বুজাব? আপোনাৰ একালৰ সতীর্থসকলৰ সামাজিক প্রতিপত্তি দেখি মোৰ দৰে নিমাখিতসকল শংকিত হওঁ– এয়ে নেকি স্বাধীনতাৰ পৰিভাষা৷ নদীবান্ধ সম্পর্কত অৱশ্যে আপোনাৰ স্থিতি শলাগনীয়৷ দীর্ঘকালীন এই বিপ্লৱত সংগঠনৰ মজিয়াত আপুনি যেন অৱহেলিত আৰু প্রতাৰিত হ’বলগীয়া হ’ল তেনে অনুভৱ হ’ল৷ পৰেশ বৰুৱা ব্যক্তিজনৰ প্রতি আমাৰ সহমর্মিতা থাকিল৷ আপোনাৰ স্বাভিমানক মই আজিও শ্রদ্ধা জনাওঁঁ যিহেতু আনসকলতকৈ আপুনি পৃথক৷ তথাপি আপোনাৰ সংগ্রামৰ প্রতি মোৰ তিলমানো আস্থা নাই৷
৪ মে’ৰ দিনাও আপোনাৰ মুখত তিনিচুকীয়াৰ কথা শুনিলোঁ৷ যিহেতু মই এইখন চহৰৰ বাসিন্দা, ভাল লগাৰে কথা৷ কিন্তু ইয়াতো আপোনাৰ কথাত বৈপৰীত্য দেখিলোঁ৷ আপোনাৰ মতে সেই সময়ৰ বংগভাষী বা হিন্দীমূলৰ মানুহখিনিৰ অসমীয়া-বিদ্বেষে আপোনাক ক্ষুভিত কৰিছিল৷ আকৌ আপুনিয়ে ক’লে যে তিনিচুকীয়াখন কছম’পলিটান–  ইয়াত বসবাস কৰা বিভিন্ন প্রদেশীয় মানুহে আপোনাক খুব ভাল পাইছিল, মৰম কৰিছিল৷ মানুহ বিশেষে ভাল-বেয়াৰ বিচাৰ হয়, সকলো বঙালী-বিহাৰী মানুহেই অসম-বিদ্বেষী নহয় আৰু অসমীয়া মাত্রেই সকলো জীৱশ্রেষ্ঠ নহয়, হ’ব নোৱাৰে৷ আপোনাৰ কথাবোৰ শুনি মোৰ এনে লাগিল যেন আপোনালোক লক্ষ্যভ্রষ্ট৷ এগৰাকী শিক্ষক হিচাপে মোৰ মনত খুন্দিয়াই থকা কথা কেইটামান আপোনাক সুধিব বিচাৰিছোঁ৷ সমগ্র কথোপকথনৰ অন্তত মই উপলব্ধি কৰিছোঁ আপুনি এজন আপোচবিহীন সৈনিক হোৱাৰ লগতে এজন অদূৰদর্শী ব্যক্তি৷ ভৱিষ্যৎবিহীন এক সংগ্রামৰ সহায়েৰে স্বজাতিক উদ্ধাৰ কৰিম বুলি ভবাটো আজিৰ তাৰিখত আপোনাৰ এক বিলাসিতা৷ তিনিদিনৰ বার্লাপত আপুনি অসমৰ নৱপ্রজন্মলৈ কোনো বার্ নিদিলে– ই অতিশয় দুর্ভাগ্যজনক৷ বিদেশত থাকিলেও স্বদেশৰ খবৰ আপুনি নিশ্চয় ৰাখে– আমাৰ অসমৰ যুৱ প্রজন্ম আজি যি দিশে ধাৱমান, আপুনি চিন্তিত নহয়নে? সাক্ষাৎগ্রহণকাৰীয়ে নুসুধিলেও আপুনি এবাৰো কিয় এই দিশত এষাৰ কোৱাৰ তাগিদা অনুভৱ নকৰিলে? আচৰিত লাগিল– হাতত অস্ত্র তুলিলেই জানো সমস্যাৰ সমাধান হয়? পাৰিবনে দুহাজাৰ-পাঁচ হাজাৰ টকাৰ বিনিময়ত চকীদাৰ, বনকৰা ছোৱালী হ’বলৈ ভাৰতৰ আন ৰাজ্যবোৰলৈ ঢাপলি মেলা আমাৰ মানৱ সম্পদখিনিক সঠিক বাট দেখুৱাব? এবাৰলৈ ভাবি চাইছেনে কিহৰ তাগিদাত এই ভয়াৱহ বহিঃ প্রব্রজন? যি সময়ত কামৰ সন্ধানত আমাৰ ৰাজ্যলৈ বাহিৰৰ মানুহ আহিয়ে আছে, আমাৰ ল’ৰা-ছোৱালীহঁত কিয় বাহিৰলৈ গুচি গৈছে? তেওঁলোকক কর্মসংস্কৃতিৰ কথা কওক, মাতৃভূমিক ভাল পাবলৈ কওক, সন্মানসহকাৰে জীৱন যাপন কৰিবলৈ শিকাওক৷ নতুন চামক নিজৰ মাটিত কষ্টোপার্জিত যোগ্যতাৰে সগৌৰৱে মূৰ তুলি থিয় হ’বলৈ অনুপ্রাণিত কৰক৷ অসমৰ ইতিহাস সাক্ষী– আমি ইতিমধ্যে দুটা সম্ভাৱনাপূর্ণ প্রজন্ম হেৰুৱাইছোঁ, আৰু লোকচান ভৰাৰ আকাংক্ষা নাই, দুঃসাহস নাই৷ উচচ খাপৰ চৰকাৰী-বেচৰকাৰী চাকৰিবোৰৰ বাবে যোগ্যতা আর্জিবলৈ যে পঢ়াত মনোনিৱেশ কৰাৰ প্রয়োজন সেয়াও উঠি অহা চামক বুজাওক৷ এগৰাকী অভিভাৱকৰ ভূমিকাত অৱতীর্ণ হওক, যাতে অসমৰ থলুৱা যুৱক-যুৱতীসকল কেৱল তৃতীয় বা চতুর্থ শ্রেণীৰ পদৰ বাবেহে যোগ্য হৈ নৰয়৷
আপোনালৈ মোৰ মুকলি আহবান, যিখিনি সম্পদ আমি হেৰুৱাইছোঁ, তাৰ ক্ষতি পূৰাবলৈ নতুন প্রজন্মক অনিশ্চয়তাৰ মুখলৈ আৰু নেঠেলিব৷ আপোনাৰ লগত থকা কোনোবাজনে যদি এতিয়াও মূলসুঁতিলৈ ঘূৰি আহিব বিচাৰে, তেওঁক নিৰুৎসাহ নকৰিব৷ অসমৰ মাটি, বায়ু, পানী, মাত-কথা জীয়াই থাকিবলৈ হ’লে আমাক এটা শক্তিশালী প্রজন্মৰ প্রয়োজন, সমর্থবান এক প্রজন্মৰ মাজতহে অসমৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব৷ আজিও নৱপ্রজন্মৰ অসংখ্য গুণমুগ্ধই আপোনাক আদর্শ মানে– সেয়েহে কৈছোঁ সেনাধ্যক্ষ ডাঙৰীয়া, জাতিটোৰ স্বার্থতে আপুনি নমনীয় হওক কাৰণ বন্দুকৰ নলীৰে যে কেৱল হুমুনিয়াহ সৰে সেয়া নিশ্চয় আপোনাক বেলেগকৈ বুজাব নালাগে৷

(লেখিকা তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক৷  ফনঃ ৯৫০৮২৩৭১৩৩)
Posted by Dainik Janambhumi

Thursday 26 May 2016

পৰিষ্কাৰ-পৰিচছন্নতাৰ এগৰাকী সেনানী


ভাৰতীয় সংস্কৃতিয়ে প্রদান কৰা শ্রেষ্ঠতম উপাচাৰবোৰ থকাৰ পাছতো পৱিত্র গংগা নদী আৰু গংগাৰ পাৰৰে পুণ্যভূমি বাৰানসীৰ প্রতিটো ঘাটেই  সভ্য সমাজখনক ইতিকিং কৰি মল আৰু ময়লাক বুকুত সাবটি যেন অভিমানী হৈ পৰিছে৷ বর্তমান এই বাৰানসীৰে বাসিন্দা এগৰাকী ৩২ বছৰীয়া নগা যুৱতী, নাম টেমচুটুলা ইম৲ছং৷  নগালেণ্ড, শ্বিলং আৰু দিল্লীত পঢ়া-শুনা কৰা টেমচুটুলা এতিয়া  বাৰানসীৰ বায়ু-পানীৰ লগত সংপৃক্ত হৈ পৰিছে৷ আন সকলোৱে দেখাৰ দৰে টেমচুটুলায়ো দেখিছিল বাৰানসীৰ প্রতিটো ঘাটেই অস্বাস্থ্যকৰ৷ বাৰানসীত ধর্মস্থান হিচাপে বহু মানুহৰ সমাগম হোৱা তেওঁ দেখি আহিছে৷ পৱিত্র গংগা নদীৰ ঘাটবোৰত দেশী-বিদেশী বহু মানুহে দৈনিক ভিৰ কৰে৷ কিন্তু পৱিত্র গংগা নদীৰ এটা ঘাটো স্বচছতাৰ দিশেৰে পৱিত্র নহয়৷ মল-মূত্র, জাবৰ-জোঁথৰেৰে এই  ঘাটবোৰ একেবাৰে অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ৷ এদিন এই  লেতেৰা ঘাটবোৰ পৰিষ্কাৰ কৰাৰ  পদক্ষেপ ল’বলৈ যুৱতীগৰাকীৰ মনলৈ বিবেকৰ পৰা এক আহবান আহিল৷ এই ঘাটবোৰ পৰিষ্কাৰ কৰি পৱিত্র পৰিৱেশ এটা সৃষ্টি কৰিবলৈ তেওঁৰ মনটো উদগ্রীৱ হৈ পৰিল৷
টেমচুটুলাই এদল সহযোগী লগত লৈ আৰম্ভ কৰিলে এক অভিযান৷ টেমচুটুলাৰ এই অভিযানে সকলো সচেতন লোকৰে দৃষ্টি আকর্ষণ কৰিলে৷ এটা অসাধাৰণ অভিযানে এগৰাকী সাধাৰণ যুৱতীক এক মর্যাদা প্রদান কৰিলে৷ বহুতৰে পৰা তেওঁ শুভেচছা আৰু অনুপ্রেৰণাও পালে৷ এদিন দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটাৰত প্রকাশ কৰিলে, ‘টেমচুটুলা আৰু তেওঁৰ দলটোৱে বাৰানসীৰ ঘাটবোৰ পৰিষ্কাৰ কৰিবলৈ লোৱা উদ্যোগ নিতান্তই আশ্চর্যকৰ৷ মই তেওঁলোকক নমস্কাৰ জনাইছোঁ৷’ বাৰানসীৰ ঘাটবোৰ পৰিষ্কাৰ কৰি তোলাৰ বাবে টেমচুটুলা ইম৲ছঙৰ আন্তৰিক প্রয়াস আৰু কার্যক্ষেত্রত এই ঘাটবোৰত প্রতিফলিত হোৱা নতুন ৰূপটোৱে দেশৰ সংবাদ মাধ্যমকো আকর্ষিত কৰিলে৷ প্রায়বোৰ ৰাষ্ট্রীয় সংবাদ মাধ্যমত ইয়াৰ প্রতিচছবি প্রকাশ পালে৷ এই খবৰ এদিন বাৰানসীৰ সাংসদ তথা দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কাণতো পৰিলগৈ৷ টেমচুটুলাৰ চাফাই অভিযানক টুইটাৰত প্রশংসা কৰিয়েই কিন্তু প্রধানমন্ত্রীজন ক্ষান্ত নহ’ল৷ সৌ সিদিনা টৰণ্টোত প্রদান কৰা এক বক্তৃতা অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে গংগাৰ ঘাটবোৰত চলোৱা এই  চাফাই অভিযানৰ হোতা টেমচুটুলা ইম৲ছং আৰু তেওঁৰ দলটোৰ কথা উল্লেখ কৰিবলৈ নাপাহৰিলে৷
টেমচুটুলা ডাঙৰ-দীঘল হৈছিল আমাৰ প্রতিৱেশী ৰাজ্য নগালেণ্ডৰ মোককচাঙৰ উমছাং নামৰ গাঁৱত৷ছোৱালীজনী সৰুৰে পৰা ৰাজহুৱা জীৱনৰ লগত জড়িত৷ বিশেষকৈ, পৰিষ্কাৰ পৰিৱেশ যে সমাজ জীৱনৰ বাবে গুৰুত্বপূর্ণ অংশ, সৰুৰে পৰা ৰাজহুৱা কামত জড়িত থকা টেমচুটুলাৰ বাবে সেই কথা জীৱন-কলাৰ দৰে হৈ পৰিল৷ নগালেণ্ডতে বিদ্যালয়ৰ শিক্ষা সাং কৰি শ্বিলঙৰ ছেইণ্ট মেৰিজ কলেজৰ পৰা স্নাতক ডিগ্রী আৰু দিল্লীত মানৱ অধিকাৰ বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰে৷ তাৰ পাছত মুঠ  নজন বন্ধু তথা সতীর্থক লগত লৈ তেওঁ ‘সাকাৰ সেৱা সমিতি’ নামৰ এক স্বেচছাসেৱী অনুষ্ঠানৰ জন্ম দিয়ে৷ সেয়া ২০১৩ চনৰ কথা৷ মূলতঃ গ্রাম্য উন্নয়নৰ লক্ষ্যৰে গঠন হোৱা ‘সাকাৰ’ নামৰ সংস্থাটোৰ প্রাথমিক লক্ষ্য আছিল গ্রামাঞ্চলৰ বাসিন্দাসকলৰ উন্নয়ন৷
বাৰানসীৰ সৌন্দর্য লুকাই আছে গংগাৰ ঘাটকেইটাত৷ বাৰানসীত গংগা নদীৰ মুঠ ৮৪ টা ঘাট আছে, প্রতিটো ঘাটতে বিভিন্ন মন্দিৰ৷ এই  ঘাটকেইটাৰ লগত জড়িত হৈ আছে পৌৰাণিক কালৰ বহুতো কাহিনী-উপকাহিনী৷ বহু যুগৰে পৰা এই ঘাটবোৰত অন্তর্নিহিত হৈ আছে ধর্মীয় বিশ্বাস আৰু পৰম্পৰাৰ এডাল নেদেখা সূতা৷ এই ঘাটবোৰ এতিয়া পকী হৈছে৷ পকী খটখটীৰে নামি গৈ গংগাৰ সু-শীতল পৱিত্র জল স্পর্শ কৰিব পাৰি, পৱিত্র স্নান কৰিব পাৰি৷ ব্যস্ততা ভৰা প্রাত্যহিক জীৱনৰ পৰা অৱসাদ আঁতৰাবলৈ এই  ঘাটবোৰ সঁচাকৈয়ে বাৰানসীৰ অনবদ্য অৱদান৷ দেশ-বিদেশৰ প্রায়বোৰ স্থানৰ পৰা বাৰানসীলৈ তীর্থযাত্রী বা পর্যটক আহে৷ ইয়াত থকা মন্দিৰবোৰ দর্শন কৰে৷ নৈৰ ঘাটত সুন্দৰকৈ নির্মাণ কৰা খটখটীবোৰত বহি সন্ধিয়াৰ আৰতি উপভোগ কৰে৷ কিন্তু অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশটোৱে এই নৈসর্গিক আৰু আধ্যাত্মিক শোভাৰ মাজত থকা মাদকতাবোৰ মচি পেলায়৷ নদীৰ শোভাই আকর্ষণ কৰা কোনো মানুহেই এনে এটা লেতেৰা পৰিৱেশ সহ্য কৰিব নোৱাৰে৷ টেমচুটুলায়ো পৰা নাছিল৷  নগালেণ্ডৰ ভিতৰুৱা এনে এখন গাঁৱৰ এজনী ছোৱালী তেওঁ, য’ত তেওঁ শৈশৱতে আয়ত্ত কৰিছিল জীৱনবোধৰ আদিপাঠ, য’ত আছিল পৰিষ্কাৰ পৰিৱেশ এটাক আপডাল কৰাৰ মন্ত্র৷ সেই জীৱনবোধৰ শিক্ষাৰ বাবেই এই যুৱতী গৰাকীয়ে ভাবে যে পৰিষ্কাৰ আৰু পৰিচছন্ন পৰিৱেশ হ’ল মানুহৰ জীৱনৰ এৰাব নোৱৰা অংশ৷ গংগাৰ পাৰত বহি তেওঁ ভাবি উত্তৰ পোৱা নাছিল মানুহে অবিবেচকভাৱে এই সুন্দৰ ঘাটবোৰত কিয় মল-মূত্র ত্যাগ কৰে, কিয় পেলনীয়া আৱর্জনাৰে ঘাটবোৰ লেতেৰা কৰি পেলায়৷
‘সাকাৰ’ৰ সদস্যসকলক লগত লৈ গংগাৰ ঘাটবোৰ পৰিষ্কাৰ কৰিবলৈ টেমচুটুলা আগ বাঢ়ি আহিল৷ দলটোৱে ২০১৫ চনৰ মার্চ মাহত  প্রভু ঘাটত চাফাই অভিযান আৰম্ভ কৰিলে৷ অভিযানৰ নাম দিলে ‘মিছন প্রভুঘাট’৷ ‘সাকাৰ’ৰ সদস্যসকলে প্রতিকূলতাৰ মাজতো সকলো মল আৰু আৱর্জনা আঁতৰাই ঘাটটোক  সম্পূর্ণ পৰিষ্কাৰ কৰি তুলিলে৷  ঘাটটোত বছৰ বছৰ ধৰি কৰাল মাৰি থকা বিষ্ঠাবোৰ আঁতৰাই পেলাবলৈ তেওঁলোকক হেনো সম্পূর্ণ দুটা দিন লাগিছিল৷ এই দলটোৱে এটা এটাকৈ কেইবাটাও ঘাটত তেওঁলোকৰ চাফাই অভিযান চলালে৷ প্রতিটো ঘাটেই নতুন জীৱন পোৱাৰ দৰে হ’ল৷ সর্বসাধাৰণৰ মাজত স্বচছ ভাৰত সন্দর্ভত উৎসাহ বৃদ্ধি কৰিবলৈ তেওঁলোকে ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ চাফাই অভিযান আৰম্ভ কৰাৰ আগৰ আৰু পাছৰ দুয়োখন ছবি ছচিয়েল মিডিয়াত আপল’ড কৰি টেমচুটুলাই তেওঁলোকৰ কাম-কাজৰ অগ্রগতি লিপিবদ্ধ কৰিলে৷ ৩১ মার্চত তেওঁলোকৰ এই কর্মসূচীৰ বিষয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইট কৰিলে৷ বার্টো পাই টেমচুটুলাই নিজকে বিশ্বাস কৰিব পৰা নাছিল৷ যোৱা বছৰ প্রধানমন্ত্রীৰ কানাডা ভ্রমণৰ সময়ৰ কথা৷ টৰণ্টোত নৰেন্দ্র মোদীয়ে প্রদান কৰা ভাষণত উল্লেখ কৰিলে টেমচুটুলা আৰু তেওঁৰ অভিযানৰ কথা৷ এই কথাই টেমচুটুলাক বহু পৰিমাণে উৎসাহিত কৰিছে৷ দেশৰ প্রধানমন্ত্রী হৈ মোদীয়ে তেওঁৰ দৰে এগৰাকী সাধাৰণ যুৱতীক এবাৰ নহয়, দুবাৰ উল্লেখেৰে প্রশংসা কৰিছে৷ প্রধানমন্ত্রীৰ পৰা লাভ কৰা এই স্বীকৃতিৰ আনন্দই টেমচুটুলাক বাকৰুদ্ধ কৰি তোলে৷ টেমচুটুলাৰ মতে তেওঁ এগৰাকী সাধাৰণ নাৰী৷ এখন দেশৰ এজন প্রধানমন্ত্রীয়ে একোটা সাধাৰণ কামৰ খবৰ ৰাখি প্রশংসা কৰাটোত তেওঁ আচৰিত হ’ল৷ আচৰিত হ’ল বাৰানসীৰ নাগৰিক, দেশবাসী৷ আচৰিত হ’ল দেশৰ সংবাদ মহল৷ সুদূৰ নগালেণ্ডৰ পৰা ইমান দূৰলৈ গৈ কিহৰ তাগিদাত এই যুৱতীগৰাকীয়ে বাৰানসীৰ ঘাটবোৰত চলাইছে চাফাই অভিযান৷
২০১৫ চনৰ জুলাই মাহত প্রধানমন্ত্রীয়ে টেমচুটুলা, তেওঁৰ অন্যতম সহযোগী দর্শিকা শ্বাহৰ সৈতে ছচিয়েল মিডিয়া যোগে এই কর্মত উদ৲গনি যোগোৱা মুঠ ১৫০ জন ব্যক্তিক আমন্ত্রণ জনালে৷ নতুন দিল্লীৰ ৭ ৰেচক্রছ ৰ’ডৰ প্রধানমন্ত্রীৰ বাসভৱনলৈ জনোৱা এই আমন্ত্রণে টেমচুটুলাক অভিভূত কৰি তুলিলে৷ চাফাইৰ দৰে সামান্য কামত আত্মনিয়োগ কৰা সাধাৰণ মানুহক প্রধানমন্ত্রীয়ে নিজৰ বাসভৱনলৈ আমন্ত্রণ জনাইছে৷ টেমচুটুলাৰ মতে, এইটো তেওঁৰ বাবে সপোনৰো অতীত আছিল৷ ইয়াৰ কিছুদিনৰ পাছত বাৰানসী ভ্রমণলৈ অহাৰ সময়ত প্রধানমন্ত্রীয়ে টেমচুটুলাৰ দলটোৰ ১৯ জন সদস্যৰ লগত মত বিনিময় কৰিছিল৷
মন কৰিব লগীয়া কথা যে কাৰোবাৰ পৰা প্রশংসা পোৱাৰ আশাত টেমচুটুলাৰ এই অভিযান আৰম্ভ হোৱা নাছিল৷ নিজে সন্মুখীন হোৱা এটা ৰাজহুৱা সমস্যাৰ অংশীদাৰ হৈ তাৰ সমাধানকল্পে লোৱা তেওঁলোকৰ চাফাই অভিযান কেৱল নিজৰ সন্তুষ্টিৰ বাবেহে প্রথমে আৰম্ভ হৈছিল৷ কিন্তু তেওঁলোকৰ এই নিঃস্বার্থ অভিযানে এটা বৃহৎ এলেকাৰপাৰিপাশ্র্বিকতালৈ নতুনত্ব আনি দিলে৷ সেই এলেকাৰ সমগ্র পৰিৱেশটোৱেই  নতুন জীৱন পোৱাৰ দৰে হ’ল৷ যোৱাটো দীপাৱলীত বাৰানসীৰ দুটা ঘাটৰ খটখটীত টেমচুটুলাৰ দলটোৱে দহ হাজাৰটা মাটিৰ চাকি জ্বলালে৷ গংগাৰ পানীত প্রতিবিম্বিত হোৱা জ্বলন্ত চাকিবোৰে দূৰৈৰ পৰা এক অপৰূপ সৌন্দর্যৰ সৃষ্টি কৰি বাৰানসীবাসীক আপ্লুত কৰি তুলিছিল৷
খটখটীবোৰত মানুহে মলত্যাগ কৰা অভ্যাসটো বন্ধ নকৰালৈকে সকলোবোৰ ঘাটতে চাফাই অভিযান চলাই যাবলৈ টেমচুটুলা আৰু তেওঁৰ দল বদ্ধপৰিকৰ৷ টেমচুটুলাই আশা প্রকাশ কৰিছে যে প্রত্যেকৰে আন্তৰিক সহযোগিতাত আমাৰ দেশখনৰ প্রতিটো চুক-কোণ পৰিষ্কাৰ হৈ উঠিব৷ পৰিষ্কাৰ দেশ এখনৰ নাগৰিক হোৱাৰ গৌৰৱৰ অংশীদাৰ হ’বলৈ এনে অভিযানত অংশগ্রহণ কৰাটো বাঞ্ছনীয়  বুলি তেওঁ ভাবে৷
জন্মসূত্রে টেমচুটুলা খ্রীষ্টান৷ গংগাৰ পাৰত হিন্দুৰ পুণ্যতীর্থ এখনক তেওঁ পৰিষ্কাৰ কৰি ভক্তসকলৰ বাবে এক উপযুক্ত বাতাৱৰণ সৃষ্টি কৰিছে৷ তেওঁ কৰা কামৰ মাজত কোনো বিশেষ ধর্মক বিচাৰি চোৱা নাই৷ তেওঁৰ মতে ভাল কামবোৰৰ মাজতেই ভগৱান আছে৷ ভাল কামবোৰৰ প্রতি উৎসাহিত হ’বলৈ তেওঁ সৰুৰে পৰা শিকিছে আৰু সকলো ধৰণৰ বিশ্বাসকে সন্মান কৰিব পৰাকৈ তেওঁৰ মানসিকতা গঢ় লৈ উঠিছে৷ মানৱতাৰ হকে, সমাজৰ হকে কিবা এটা কৰাৰ প্রতি প্রত্যেক ধর্মৰ যি অমোঘ বাণী, সেই বাণীৰে দীক্ষিত হৈ টেমচুটুলাই গংগাৰ পাৰত এগৰাকী চাফাই সৈনিকৰূপে প্রকৃতি, পৰিৱেশ আৰু মানৱতাৰ জয়গান গাইছে৷
Posted by Dainik Janambhumi

Thursday 19 May 2016

বিধবস্ত কংগ্রেছ!


প্রত্যাশিতভাৱে পৰিৱর্তনৰ ঢৌৱে স্বাধীনতাৰ পাছত কংগ্রেছক বৃহৎ বিপর্যয়ৰ সন্মুখীন কৰালে৷ কালি ঘোষিত নির্বাচনৰ ফলে বিজেপি মিত্রজোঁটে দিছপুৰ দখল কৰাটো নিশ্চিত কৰিলে আৰু ধাৰাবাহিকভাৱে তিনিটা কার্যকালৰ বাবে ক্ষমতাত থকা কংগ্রেছক ৰাজ্যৰ ৰাজনীতিৰ পৰা একপ্রকাৰ উৎখাত কৰে৷ বিজেপিৰ ৰাষ্ট্রীয় নেতাসকলৰ লগতে ৰাজ্যিক সভাপতি সর্বানন্দ সোণোৱাল, বিজেপিৰ নেতা হিমন্ত বিশ্ব শর্মা আৰু মিত্র দলৰ নেতাসকলে নির্বাচনৰ পূর্বে যি ছুনামি সৃষ্টি কৰিছিল, সেই ছুনামিত কংগ্রেছৰ দীর্ঘকালৰ মজবুত স্থিতিক থৰক-বৰক কৰি তুলিলে৷ ফলৰ পূর্বে ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহে প্রকাশ কৰা এগ৲জিট লৰ সম্ভাৱনাক সত্য প্রমাণিত কৰিলে ঘোষিত ফলে৷ মুখ্যমন্ত্রী তৰুণ গগৈৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি অঞ্জন দত্তই ৰাজ্যত চতুর্থবাৰৰ বাবে কংগ্রেছে চৰকাৰ গঠন কৰিব বুলি কৰা সদম্ভ ঘোষণাক ধূলিসাৎ কৰি বিজেপি মিত্রজোঁটে ৮৯খন আসন লাভ কৰি দিছপুৰ দখল কৰাটো নিশ্চিত কৰে৷ উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি সর্বানন্দ সোণোৱালে মিছন ৮৪ বুলি লক্ষ্য নির্ধাৰণ কৰিছিল৷ তেনেদৰে বিজেপিৰ নেতা হিমন্ত বিশ্ব শর্মাই ৮৯৯০ খন পর্যন্ত আসন মিত্রজোঁটে লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ উল্লেখযোগ্য যে ২০১১ৰ বিধানসভাৰ নির্বাচনত ৭৮ খন পর্যন্ত আসন লাভ কৰা কংগ্রেছৰ আসন এইবাৰ হ্রাস ২৫ খনলৈ৷ স্বাধীনতাৰ পাছত ১৯৭২ চনত ৯৫খন আসন লাভ কৰা কংগ্রেছৰ আসনৰ সংখ্যা হ্রাস হৈছিল ২৬খনলৈ৷ ৰাজ্যত কংগ্রেছ চৰকাৰৰ বিৰুদ্ধে বলা পৰিৱর্তনৰ বতাহ আৰু খিলঞ্জীয়া লোক ঐক্যবদ্ধ হোৱাত এইবাৰ দলটোত আসনৰ সংখ্যা হ্রাস পালে সর্বনিম্ন ২৫ খনলৈ৷ বিশেষকৈ কংগ্রেছৰ দুর্গ বুলি পৰিচিত উজনি অসমৰ তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰি গোলাঘাট জিলালৈ মুঠ ২৪ টা সমষ্টিৰ ভিতৰত মাত্র 4টা সমষ্টিহে কংগ্রেছে দখল কৰিবলৈ সক্ষম হয়৷ আনহাতে বৰাক উপত্যকাৰ লগতে পার্বত্য অঞ্চলতো কংগ্রেছ ধূলিসাৎ হৈ পৰে৷ তেনেদৰে উত্তৰ অসমতো শাসনাধিষ্ঠিত দলটো ধূলিসাৎ হৈ পৰে৷ কংগ্রেছে ১৯৭৮ চনত মাত্র ২৬ খন আসন লাভ কৰাৰ দৰে ১৯৮৫ চনত ২৭ খন, ১৯৯৬ চনত ৩৪ খনহে আসন লাভ কৰিছিল৷ ২০১৪  চনৰ লোক সভাৰ নির্বাচনৰ সময়ত কংগ্রেছৰ বিৰুদ্ধে সৃষ্টি হোৱা ঢৌ ৰাজ্যত যে অটুট আছে সেই কথা আজি নির্বাচনৰ ফলে প্রতীয়মান কৰিলে৷ ইফালে বিজেপি মিত্রজোঁটে বৃহৎ সাফল্য লাভ কৰে৷ ১৯৮৪ চনত লোক সভাত মাত্র দুখন আসন লাভ কৰা বিজেপিয়ে ২০১৪ চনত ২৮১ খন পর্যন্ত আসন লাভ কৰিবলৈ সক্ষম হোৱা দলটোৱে অসম বিধানসভাৰ নির্বাচনতো অভূতপূর্ব ফল প্রদর্শন কৰিবলৈ সক্ষম হয়৷  ১৯৯১ চনত মাত্র ১০ খন আসন লাভ কৰা বিজেপিয়ে ২০১১ পর্যন্ত কোনোটো নির্বাচনতে ১০ খনৰ ওপৰত আসন লাভ কৰা নাছিল৷ আজি ঘোষিত নির্বাচনৰ ফলত দলটোৱে এককভাৱে ৬১খন পর্যন্ত আসন লাভ কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ মিত্রদল অগপই দুবাৰ ৰাজ্যত চৰকাৰ গঠন কৰিছিল যদিও দলটো ক্রমে নিশকটীয়া হৈ পৰিছিল৷ আজি ঘোষিত ফলত দলটোৱে ১৪ খন আসন লাভ কৰে৷ আনহাতে আনটো মিত্র দল বি পি এফে ১২ খন আসন লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে ২০১১ নির্বাচনত অগপৰ আসনৰ সংখ্যা আছিল ১০ আৰু বি পি এফৰ আসনৰ সংখ্যা আছিল ১২খন৷ প্রধান বিৰোধী দল আই ইউ ডি এফে ২০১১ লাভ কৰা আসনৰ সংখ্যা আছিল ১৮খন৷ কিন্তু এইবাৰ দলটোৰ নেতা বদৰুদ্দিন আজমলে দক্ষিণ শালমাৰা সমষ্টিত প্রতিদ্বন্দ্বিতাত নামি পৰাজিত হোৱাই নহয়, দলটোৰ আসনৰ সংখ্যা হ্রাস পায় ১৩খনলৈ৷ বৰখলা সমষ্টিত নির্দলীয় প্রার্থী মিছবাহ উল ইছলাম লস্কৰ বিজয়ী হয়৷ এইবাৰৰ নির্বাচনত অভিলেখ সংখ্যক ভোটাৰে ভোটদান কৰিছিল৷ ভোটাৰে যে পৰিৱর্তনৰ সপক্ষে ভোটদান কৰিছিল সেই কথা আজি ঘোষিত ফলে স্পষ্ট কৰিলে৷ চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ৬৪খন আসন বিজেপি মিত্রজোঁটে অতিক্রম কৰাৰ পাছত এতিয়া দিছপুৰত নতুন মুখ্যমন্ত্রী, মন্ত্রী সভাৰ সদস্যসকলে শপত গ্রহণ কৰি প্রৱেশৰ শুভ ক্ষণৰ অপেক্ষাত আছে পৰিৱর্তনকামী ৰাইজ৷

Posted by Dainik Janambhumi

Tuesday 17 May 2016

চকু কেনেকৈ পৰীক্ষা কৰিব লাগে

চকু এনেকুৱা ঠাইত দেখুৱাব লাগে য’ত বিতংভাৱে পৰীক্ষা কৰা হয়৷ বিতংভাৱে পৰীক্ষা কৰোঁতে যথেষ্ট সময়ৰ প্রয়োজন৷ সেই কাৰণে সময় হাতত লৈহে চকু দেখুৱাবলৈ যাব লাগে৷ চিকিৎসকে সাধাৰণতে চকুৰ মণি বহল হোৱা এবিধ ঔষধ দি চকুৰ ভিতৰখন পৰীক্ষা কৰে৷ এই ঔষধৰ ক্রিয়া তিনি-চাৰি ঘণ্টা পর্যন্ত থাকে৷ সেইবাবে চকু দেখুৱাবলৈ যাওঁতে নিজে গাড়ী বা মটৰচাইকেল চলাই যাব নালাগে৷
চকুৰ পৰীক্ষা কৰা আগতে চিকিৎসকে ৰোগৰ বিৱৰণী আপোনাৰ পৰা সুধি ল’ব৷ অসুখৰ লগত জড়িত আন কিছুমান কথা, যিবোৰ হয়তো আপুনি প্রয়োজনীয় বুলি নাভাবিব পাৰে, চিকিৎসকে আপোনাক সুধিব৷ সেইবোৰ কথা চিকিৎসকে সুধিলে সেইবাবে আপুনি বিৰক্ত নহ’ব৷ উদাহৰস্বৰূপে আপোনাৰ অতীতত চকুত বা গাত হোৱা আন বেমাৰৰ কথা সুধিব পাৰে৷ আপুনি হয়তো ভাবিব পাৰে যে মোৰ পুৰণা অসুখৰ কথা সুধি কি লাভ? বর্তমান যি অসুখ হৈছে তাৰ কথা সোধক৷ আচলতে ডাক্তৰী বিদ্যাটো সাধাৰণ মানুহে ভবাৰ দৰে পোন আৰু সৰল নহয়৷ বহুত যোগ-বিয়োগ, পূৰণ-হৰণ কৰিহে একোজন চিকিৎসক ৰোগ-সর্ম্পক এটা স্থিৰ সিদ্ধান্তলৈ আহিব পাৰে৷ তেনে ক্ষেত্রত এনেকুৱা ধৰণৰ অনুসন্ধানবোৰ তেখেতৰ কাৰণে যথেষ্ট তাৎপর্যপূর্ণ৷ আপোনাৰ পৰিয়ালৰ মানুহৰ বেমাৰ, ঔষধৰ প্রতি থকা আপোনাৰ এলার্জি আৰু ডায়েবেটিছ, উচচ ৰক্তচাপ, হাপানী, হূৎপিণ্ডৰ অসুখ গেষ্ট্রিক ইত্যাদি অসুখ আপোনাৰ আছে নেকি, জানিবলৈ বিচাৰিব৷ চকুত বর্তমানে আপুনি কিবা দৰব দি আছে নেকি বা অতীতত কিবা দৰব দি আছিল নেকি সেয়াও সুধিব৷ সেয়েহে বর্তমানৰ বা আগৰ চিকিৎসকৰ ব্যৱস্থা-পত্র থাকিলে লগত লৈ যাবলৈ নাপাহৰিব৷
ৰোগৰ বিৱৰণী লোৱাৰ পাছত চিকিৎসকে আপোনাৰ প্রতিটো চকুৰ বেলেগে বেলেগে দৃষ্টি পৰীক্ষা কৰিব৷ ক্রমাৎ ওপৰৰ পৰা তললৈ সৰু হৈ অহা এখন তালিকাত থকা আখৰবোৰ এটা এটাকৈ পঢ়িবলৈ দিব৷ পঢ়িব নজনাসকলে বা শিশুৰ বাবে তেনেধৰণৰ সাংকেতিক চিহু থাকিব৷ তাৰ পাছত এটা সৰু ফুটাৰ মাজেদি আপুনি ইতিমধ্যে পঢ়িব নোৱৰা আখৰবোৰ পঢ়িবলৈ দিব৷ ইয়াক ‘পিন হল’ বুলি কোৱা হয়৷ তাৰ পাছত ৰেটিন’স্ক’প নামৰ এবিধ সঁজুলিৰ সহায়েৰে আপোনাৰ চছ৲মাৰ প্রয়োজন হয় যদি আপোনাৰ সঠিক পাৱাৰ বাছি উলিয়াব৷ তাৰ পাছত আপোনাক ইপাট-সিপাটকৈ লেন্স পিন্ধাব৷ আপুনি গ্রহণ কৰিব পৰা পাৱাৰটো নিৰূপণ কৰিব৷ দূৰৰ দৃষ্টি পৰীক্ষা সম্পূর্ণ হোৱাৰ পাছত ওপৰৰ পৰা তললৈ ক্রমাৎ সৰু হৈ অহা শব্দৰ তালিকা পঢ়িবলৈ দি ওচৰৰ দৃষ্টি পৰীক্ষা কৰিব৷ সেইমতে লেন্স দি আপোনাৰ চছমাযোৰ নিৰূপণ কৰিব৷ এই সমগ্র পৰীক্ষাটোক ৰিফ্রেকশ্যন বা প্রতিসৰণ পৰীক্ষা বুলি কোৱা হয়৷
ইয়াৰ পাছত চিকিৎসকে আপোনাৰ চকু কেঁৰা নেকি পৰীক্ষা কৰিব৷ সাধাৰণতে টর্চ লাইট মাৰি এই পৰীক্ষা কৰা হয়৷ কিছুমান কেঁৰা চকু এই পৰীক্ষাত ধৰা নপৰে৷ এটা চকু বন্ধ কৰি দিলেহে কেঁৰাটো ওলাই পৰে৷ ইয়াৰ পাছত আখৰ পঢেঁ়াতে আপোনাৰ দুয়োটা চকু সমানে কাষ চাপি আহেনে নাহে, সেয়া Convergence test নামৰ এটা পৰীক্ষাৰে পৰীক্ষা কৰিব৷ তাৰ পাছত আপোনাক চকুহাল সন্মুখলৈ স্থিৰ কৈ চাবলৈ কৈ আঙুলিটো কাষৰ দৃষ্টিত ৰাখি সেই দৃষ্টি ঠিকে আছেনে নাই পৰীক্ষা কৰিব৷ এই পৰীক্ষাৰ পাছত আপোনাৰ চকুযোৰ এটা দিশত ঘূৰাই পকাই চাই পৰীক্ষা কৰিব আৰু আপোনাৰ চকুৰ পেশীকেইটা ঠিকমতে কাম কৰিছেনে নাই সেয়া চাব৷
এইখিনি কৰাৰ পাছত চিকিৎসকে সাধাৰণ টর্চলাইট এটা মাৰি আপোনাৰ চকুৰ বাদুৰ নোম, চকুৰ কোটৰ পৰীক্ষা কৰিব৷ টর্চলাইটেৰে কৰা এটা গুৰুত্বপূর্ণ পৰীক্ষা হ’ল চকুৰ পিউপিল৷ এই অংশটোৰ পৰীক্ষাই আমাক চকুৰ উপৰি মগজুৰ অসুখৰো সম্ভেদ দিব পাৰে৷
শ্লিট লেম্প (Slit Lamp) নামৰ এবিধ সঁজুলিৰ সহায়েৰে চিকিৎসকে চকুৰ সন্মুখ ভাগ পৰীক্ষা কৰে৷ শ্লিট লেম্প এটা শক্তিশালী অণুবীক্ষণ যন্ত্র৷ ই চকুটো টর্চলাইটৰ নিচিনা বহল পোহৰেৰে চোৱাৰ উপৰি ক্ষীণ এক ৰশ্মিৰ দ্বাৰা চাব পাৰি৷ এই ক্ষীণ ৰশ্মিৰে চোৱাৰ বাবে চকুৰ একোটা অংশ বিতংভাৱে দেখা পোৱা যায়৷ চিকিৎসকে প্রথমতে শ্লিট লেম্পৰ সহায়েৰে ৰোগীৰ চকুৰ বাদুৰ পাৰ দুটা পৰীক্ষা কৰে৷ পাৰ দুটা পৰীক্ষা কৰাৰ পৰা ব্লেফাৰাইটিছ, মেইব’মাইটিছ, এণ্ট্র’পিয়ন, এক্ট্র’পিয়ন, ট্রিকিয়াছিছ, ডিছটিকিয়াছিছ, ইত্যাদি ৰোগ ধৰা পেলায়৷ এইখিনি চোৱাৰ পাছত চকুৰ কনজাংটিভাখন ওপৰে তলে পৰীক্ষা কৰে৷ চকুৰ মণিত চকুপানীৰ এটা ধাৰ থাকে৷ ইয়াক টিয়েৰ৲ছ মেনিছকাছ বুলি কোৱা হয়৷ ৰোগীজনৰ ড্রাই আই অর্থাৎ চকুৰ পানী শুকোৱা অসুখ হ’লে এই ধাৰটো তললৈ নামি যায়৷ শ্লিট লেম্পৰ সহায়েৰে ইয়াক পৰীক্ষা কৰি ড্রাই আই সন্দেহ কৰিব পৰা যায়৷ এই সঁজুলিৰ সহায়েৰে তৰপ তৰপকৈ চকুৰ কর্ণিয়া, এণ্টেৰিয়ৰ চেম্বাৰ, আইৰিছ, লেন্স আৰু ভিট্রিয়াচ হিউমাৰ পৰীক্ষা কৰা হয়৷ শ্লিট লেম্পত অতিৰিক্ত লেন্স যোগ কৰি চকুৰ ৰেটিনা পৰীক্ষা কৰিব পাৰি৷ শ্লিট লেম্প পৰীক্ষাৰ দ্বাৰা কর্ণিয়াত কিবা দোষ আছে নেকি, লেন্সত কেটেৰেক্ট হৈছে নেকি, ভিট্রিয়াচ দূষিত হৈছে নেকি ধৰা পেলাব পাৰি৷
শ্লিট লেম্প পৰীক্ষাৰ পাছত পৰীক্ষকে চকুৰ ভিতৰৰ চাপ, যাক ইংৰাজীত ইণ্ট্রা অকুলাৰ প্রেছাৰ বুলি কোৱা হয়, জোখে৷ এপ্লেনেছন টন’মিটাৰ বুলি এটা সঁজুলি এই উদ্দেশ্যে শ্লিট লেম্পত সংযোগ কৰা থাকে৷ চকুত অলপমান সংবেদনশীলতা নোহোৱা কৰা দ্রব্য দি এই পৰীক্ষাটো কৰা হয়৷ চকুত কনজাংটিভাইটিছ বা কেৰেটাইটিছ অসুখ থাকিলে সাধাৰণতে এই পৰীক্ষা কৰা নহয়৷
চকুৰ প্রেছাৰ জোখাৰ পাছত চকুৰ মণিত ঔষধ দি পিউপিলটো বহল কৰা হয়, যাতে চিকিৎসকে বিতংভাৱে লেন্স, ৰেটিনা আৰু ভিট্রিয়াছ পৰীক্ষা কৰিব পাৰে৷ ইয়াৰ ভিতৰত ৰেটিনাখন বিতংভাৱে পৰীক্ষা কৰা অতিশয় প্রয়োজনীয়৷ যিসকল ৰোগীক এনেদৰে চকুৰ মণি বহল কৰা দৰব দিলে প্রতিক্রিয়া হোৱাৰ বিৱৰণী আছে বা ঔষধ দিলে আন বিপদ হ’ব পাৰে, তেনেবোৰ ৰোগীৰ ক্ষেত্রত ঔষধ দিয়া নহয়৷ চকুৰ মণিটো বহল কৰিলে ভিতৰৰ ৰেটিনাখন আগৰ পৰা গুৰিলৈকে ইনডাইৰেক্ট অফথেলম’স্ক’প নামৰ সঁজুলিৰ সহায়েৰে পৰীক্ষা কৰিব পাৰি৷ ইয়াৰ সহায়েৰে অপ্টিক নার্ভ ফুলি উঠিলে বা শুকাই গ’লে, ৰেটিনাত তেজ ওলাৱা বা ৰেটিনাখন নিজৰ স্থানৰ পৰা আঁতৰি অহা কথাবোৰ  নির্ণয় কৰিব পাৰি৷
এইখিনি হ’ল সাধাৰণ পৰীক্ষা ৷ চকু পৰীক্ষা কৰাবলৈ অহা প্রতিগৰাকী ৰোগীকে এনেদৰে পৰীক্ষা কৰা হয়৷ তাৰ পাছত ৰোগ নির্ণয়ৰ সুবিধার্থে চিকিৎসকে বিভিন্ন ধৰণৰ বিশেষ পৰীক্ষা কৰোৱাব পাৰে৷
(বিশিষ্ট চকু চিকিৎসক বৰদলৈ  স্বাস্থ্য প্রহৰীৰ সম্পাদক)

Friday 13 May 2016

নিচাযুক্ত দ্রব্যৰ বজাৰ

ৰাজ্যত নিচাযুক্ত দ্রব্যৰ চোৰাং প্রচলন সম্প্রতি এক উদ্বিগ্নতাৰ বিষয় হৈছে৷ ক’ৰবাত ভাং, ক’ৰবাত আফিং, ক’ৰবাত ব্রাউন ছুগাৰ ধৰা পৰাটো স্বাভাৱিক ঘটনাৰ দৰে হৈছে৷ ইয়াৰ উপৰি আন আন নিচাযুক্ত সামগ্রীৰ কথা আছে৷ উত্তৰ-পূর্বাঞ্চল হৈ দেশৰ বিভিন্ন ঠাইলৈ নিচাযুক্ত দ্রব্য সৰবৰাহ হোৱাৰ কথা নতুন নহয়৷ ৰে’লেৰে সৰবৰাহ হোৱা নিচাযুক্ত দ্রব্য ধৰা পৰাৰ ঘটনাও ঘটি আহিছে৷ ট্রাকভর্তি ভাং ধৰা পৰাৰ ঘটনাও ইয়াত ঘটিছে৷ এইবোৰেই প্রমাণ কৰে ৰাজ্যৰ ভিতৰত আৰু বাহিৰত নিচাযুক্ত দ্রব্যৰ এখন বৃহৎ বজাৰ আছে৷ ৰাজ্যৰ চহৰে-নগৰে এনে বজাৰ এখন চোৰাংকৈ চলি আছে৷ শেহতীয়াকৈ নগাঁও চহৰত ৰাইজে নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে ওলাই অহাই নহয় ঘাটিত প্রৱেশ কৰি তেনে দ্রব্য পুলিচক গতাই দিছে৷ ৰাইজে যেতিয়া নিচাযুক্ত দ্রব্যৰ ঘাটিৰ কথা জানে পুলিচে সেই কথা নজনাৰ কোনো অর্থ হ’ব নোৱাৰে৷
        ডিব্রুগড়ৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ চহৰে-নগৰে চোৰাংকৈ নিচাযুক্ত দ্রব্যৰ বৃহৎ বজাৰ এখন চলি আছে৷ উজনি অসমত আফিং বা কানিৰ প্রচলনৰ কথা নক’লেও হ’ব৷ উঠি অহা চামৰ হাততো কানিৰ টিকৰা পৰিছে৷ এয়া শুভলক্ষণ হ’ব নোৱাৰে৷ অৰুণাচল প্রদেশত শ শ বিঘা আফু খেতি ধবংস কৰাৰ বাতৰি প্রকাশ পাইছিল৷ কেৱল অৰুণাচলতে নহয় ৰাজ্যৰ দুর্গম অঞ্চলত আফু খেতি চলি থকা বুলিও শুনা যায়৷ মুঠতে কানি বৰবিহ নতুনকৈ প্রচলনৰ আঁৰত এচাম অসাধু ব্যৱসায়ী জড়িত৷ তেওঁলোকে অৰুণাচল প্রদেশতে নহয় ৰাজ্যৰ দুর্গম অঞ্চলতো এই খেতি কৰাৰ বাবে ধন বিনিয়োগ কৰে৷ নিচাযুক্ত দ্রব্যৰ চোৰাং বজাৰখন বহু দূৰলৈকে বিয়পা৷ তদুপৰি এই কাৰবাৰক সহায় কৰাসকলৰ শক্তিও কম নহয়৷ সাধাৰণতে যিবোৰ বেপাৰী বা সৰবৰাহকাৰী ধৰা পৰে তেওঁলোক সাধাৰণ এজেণ্ট৷ সকলো ধৰণৰ দুর্নীতিত জড়িত থকাৰ দৰে নিচাযুক্ত দ্রব্যৰ অবৈধ ব্যৱসায়ীক সহায় কৰা চক্র হিচাপে ৰাজনীতিক আৰু আমোলা জড়িত থকাৰ অভিযোগো পুৰণি৷ এনে শক্তিশালী চক্র এটা উৎখাত কৰাটো সহজ কাম নহয়৷ নিচাসক্তিৰ বিৰুদ্ধে ৰাইজ আৰু নাগৰিক সমাজৰ বিৰোধিতা, চৰকাৰ আৰু প্রশাসনৰ বাবে সহায়ৰ কাৰণ হ’ব পাৰে৷ www.thejanambhumi.com/

Thursday 5 May 2016

গঁড় হত্যা!

লুকাই থকা গঁড় হত্যাৰ ঘটনা এটাৰ কথা বর্তমান পোহৰলৈ আহিছে৷ কাজিৰঙাত গঁড় হত্যাৰ ঘটনা ঘটি আছে যদিও বর্তমান পোহৰলৈ অহা ঘটনাটো পুৰণি আৰু ইয়াক গাপ দি ৰখাৰ চেষ্টা কৰা হৈছিল৷ ইয়াৰ আঁৰত বিভাগীয় লোকৰ হাত থকাৰ সম্ভাৱনাই বেছি৷ এনে সন্দেহত ইতিমধ্যে তিনিজন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ হত্যা কৰা গঁড়ৰ জঁকা ওলোৱাৰ পাছত বিভাগীয় এই তিনিজন লোকক এই কাৰণেই সন্দেহ কৰা হৈছে যে তেওঁলোকে চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়টোৰ বিষয়ে বিভাগক জনোৱা নাছিল আৰু সেইটো নিলগাই ৰাখি তাক গাপ দিব বিচাৰিছিল৷ যি কি নহওক, ইতিমধ্যে বিভাগীয় তদন্তৰ দিহা কৰা হৈছে আৰু এই তদন্তৰ জৰিয়তে দোষীক বিচাৰি উলিয়াব পৰা হ’ব৷ অভিযুক্তই ইতিমধ্যে দোষ স্বীকাৰ কৰা বুলিও প্রকাশ৷ গ্রেপ্তাৰ হোৱা তিনিজনেই তলৰ খলপাৰ কর্মচাৰী৷ গৃহৰক্ষী বাহিনীৰ জোৱান আৰু ঘাঁহকটীয়াৰ কাম কৰা লোক হিচাপে এওঁলোকে ক্ষেত্রভিত্তিক ঘটনাৰ কথা বিভাগীয় ওপৰৱালাক জনোৱাটো নিয়ম৷ কিন্তু এওঁলোকে নজনোৱাকৈ থকাৰ ফলত এটা গঁড়ৰ মৃত্যুৰ বতৰা ঢাক খাই আছিল৷
Add caption
ঘৰ শত্রু বিভীষণ বুলি কথা এষাৰ আছে৷ কথাষাৰৰ অর্থ হ’ল যিকোনো অপৰাধত ভিতৰৰ লোকৰ সহায়-সহযোগ থকা সম্ভৱ৷ কাজিৰঙাৰ গঁড় হত্যাক কেন্দ্র কৰি প্রতিবাদ, আন্দোলন আদি হৈ আহিছে আৰু বিশেষজ্ঞৰ পৰা সাধাৰণ নাগৰিকলৈকে সকলো বিষয়টোত উদ্বিগ্ন৷ কাৰণ ৰাজ্যখনৰ পৰিচয়ৰ লগত কাজিৰঙাৰ নাম জড়িত৷ ইতিমধ্যে বহুতেই সন্দেহ প্রকাশ কৰিছিল গঁড় হত্যাৰ এই ঘটনাত ভিতৰৰ লোকৰো হাত থাকিব পাৰে৷ সেই সন্দেহ এতিয়া অভিযোগৰ পর্যায় পাইছে আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত কাম কৰা তিনিজন লোকৰ আচৰণৰ আঁৰত এনে অপৰাধৰ সম্পর্ক থাকিব পাৰে বুলি অনুমান কৰা হৈছে৷ কিন্তু লগে লগে আন প্রশ্ন হ’ব পাৰে যে সাধাৰণ কর্মচাৰী হৈ এওঁলোকে এনে অপৰাধ কৰাৰ বাবে সাহস কৰিব পাৰিবনে? নে এওঁলোকক নির্ভয় দিয়া কোনো বিভাগীয় অপৰাধী চক্র এওঁলোকৰ লগত জড়িত৷ উপযুক্ত তদন্তৰ জৰিয়তেহে উৰহী গছৰ ওৰ বিচৰাৰ দিহা সম্ভৱ হ’ব৷