Thursday 26 May 2016

পৰিষ্কাৰ-পৰিচছন্নতাৰ এগৰাকী সেনানী


ভাৰতীয় সংস্কৃতিয়ে প্রদান কৰা শ্রেষ্ঠতম উপাচাৰবোৰ থকাৰ পাছতো পৱিত্র গংগা নদী আৰু গংগাৰ পাৰৰে পুণ্যভূমি বাৰানসীৰ প্রতিটো ঘাটেই  সভ্য সমাজখনক ইতিকিং কৰি মল আৰু ময়লাক বুকুত সাবটি যেন অভিমানী হৈ পৰিছে৷ বর্তমান এই বাৰানসীৰে বাসিন্দা এগৰাকী ৩২ বছৰীয়া নগা যুৱতী, নাম টেমচুটুলা ইম৲ছং৷  নগালেণ্ড, শ্বিলং আৰু দিল্লীত পঢ়া-শুনা কৰা টেমচুটুলা এতিয়া  বাৰানসীৰ বায়ু-পানীৰ লগত সংপৃক্ত হৈ পৰিছে৷ আন সকলোৱে দেখাৰ দৰে টেমচুটুলায়ো দেখিছিল বাৰানসীৰ প্রতিটো ঘাটেই অস্বাস্থ্যকৰ৷ বাৰানসীত ধর্মস্থান হিচাপে বহু মানুহৰ সমাগম হোৱা তেওঁ দেখি আহিছে৷ পৱিত্র গংগা নদীৰ ঘাটবোৰত দেশী-বিদেশী বহু মানুহে দৈনিক ভিৰ কৰে৷ কিন্তু পৱিত্র গংগা নদীৰ এটা ঘাটো স্বচছতাৰ দিশেৰে পৱিত্র নহয়৷ মল-মূত্র, জাবৰ-জোঁথৰেৰে এই  ঘাটবোৰ একেবাৰে অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ৷ এদিন এই  লেতেৰা ঘাটবোৰ পৰিষ্কাৰ কৰাৰ  পদক্ষেপ ল’বলৈ যুৱতীগৰাকীৰ মনলৈ বিবেকৰ পৰা এক আহবান আহিল৷ এই ঘাটবোৰ পৰিষ্কাৰ কৰি পৱিত্র পৰিৱেশ এটা সৃষ্টি কৰিবলৈ তেওঁৰ মনটো উদগ্রীৱ হৈ পৰিল৷
টেমচুটুলাই এদল সহযোগী লগত লৈ আৰম্ভ কৰিলে এক অভিযান৷ টেমচুটুলাৰ এই অভিযানে সকলো সচেতন লোকৰে দৃষ্টি আকর্ষণ কৰিলে৷ এটা অসাধাৰণ অভিযানে এগৰাকী সাধাৰণ যুৱতীক এক মর্যাদা প্রদান কৰিলে৷ বহুতৰে পৰা তেওঁ শুভেচছা আৰু অনুপ্রেৰণাও পালে৷ এদিন দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটাৰত প্রকাশ কৰিলে, ‘টেমচুটুলা আৰু তেওঁৰ দলটোৱে বাৰানসীৰ ঘাটবোৰ পৰিষ্কাৰ কৰিবলৈ লোৱা উদ্যোগ নিতান্তই আশ্চর্যকৰ৷ মই তেওঁলোকক নমস্কাৰ জনাইছোঁ৷’ বাৰানসীৰ ঘাটবোৰ পৰিষ্কাৰ কৰি তোলাৰ বাবে টেমচুটুলা ইম৲ছঙৰ আন্তৰিক প্রয়াস আৰু কার্যক্ষেত্রত এই ঘাটবোৰত প্রতিফলিত হোৱা নতুন ৰূপটোৱে দেশৰ সংবাদ মাধ্যমকো আকর্ষিত কৰিলে৷ প্রায়বোৰ ৰাষ্ট্রীয় সংবাদ মাধ্যমত ইয়াৰ প্রতিচছবি প্রকাশ পালে৷ এই খবৰ এদিন বাৰানসীৰ সাংসদ তথা দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কাণতো পৰিলগৈ৷ টেমচুটুলাৰ চাফাই অভিযানক টুইটাৰত প্রশংসা কৰিয়েই কিন্তু প্রধানমন্ত্রীজন ক্ষান্ত নহ’ল৷ সৌ সিদিনা টৰণ্টোত প্রদান কৰা এক বক্তৃতা অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে গংগাৰ ঘাটবোৰত চলোৱা এই  চাফাই অভিযানৰ হোতা টেমচুটুলা ইম৲ছং আৰু তেওঁৰ দলটোৰ কথা উল্লেখ কৰিবলৈ নাপাহৰিলে৷
টেমচুটুলা ডাঙৰ-দীঘল হৈছিল আমাৰ প্রতিৱেশী ৰাজ্য নগালেণ্ডৰ মোককচাঙৰ উমছাং নামৰ গাঁৱত৷ছোৱালীজনী সৰুৰে পৰা ৰাজহুৱা জীৱনৰ লগত জড়িত৷ বিশেষকৈ, পৰিষ্কাৰ পৰিৱেশ যে সমাজ জীৱনৰ বাবে গুৰুত্বপূর্ণ অংশ, সৰুৰে পৰা ৰাজহুৱা কামত জড়িত থকা টেমচুটুলাৰ বাবে সেই কথা জীৱন-কলাৰ দৰে হৈ পৰিল৷ নগালেণ্ডতে বিদ্যালয়ৰ শিক্ষা সাং কৰি শ্বিলঙৰ ছেইণ্ট মেৰিজ কলেজৰ পৰা স্নাতক ডিগ্রী আৰু দিল্লীত মানৱ অধিকাৰ বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰে৷ তাৰ পাছত মুঠ  নজন বন্ধু তথা সতীর্থক লগত লৈ তেওঁ ‘সাকাৰ সেৱা সমিতি’ নামৰ এক স্বেচছাসেৱী অনুষ্ঠানৰ জন্ম দিয়ে৷ সেয়া ২০১৩ চনৰ কথা৷ মূলতঃ গ্রাম্য উন্নয়নৰ লক্ষ্যৰে গঠন হোৱা ‘সাকাৰ’ নামৰ সংস্থাটোৰ প্রাথমিক লক্ষ্য আছিল গ্রামাঞ্চলৰ বাসিন্দাসকলৰ উন্নয়ন৷
বাৰানসীৰ সৌন্দর্য লুকাই আছে গংগাৰ ঘাটকেইটাত৷ বাৰানসীত গংগা নদীৰ মুঠ ৮৪ টা ঘাট আছে, প্রতিটো ঘাটতে বিভিন্ন মন্দিৰ৷ এই  ঘাটকেইটাৰ লগত জড়িত হৈ আছে পৌৰাণিক কালৰ বহুতো কাহিনী-উপকাহিনী৷ বহু যুগৰে পৰা এই ঘাটবোৰত অন্তর্নিহিত হৈ আছে ধর্মীয় বিশ্বাস আৰু পৰম্পৰাৰ এডাল নেদেখা সূতা৷ এই ঘাটবোৰ এতিয়া পকী হৈছে৷ পকী খটখটীৰে নামি গৈ গংগাৰ সু-শীতল পৱিত্র জল স্পর্শ কৰিব পাৰি, পৱিত্র স্নান কৰিব পাৰি৷ ব্যস্ততা ভৰা প্রাত্যহিক জীৱনৰ পৰা অৱসাদ আঁতৰাবলৈ এই  ঘাটবোৰ সঁচাকৈয়ে বাৰানসীৰ অনবদ্য অৱদান৷ দেশ-বিদেশৰ প্রায়বোৰ স্থানৰ পৰা বাৰানসীলৈ তীর্থযাত্রী বা পর্যটক আহে৷ ইয়াত থকা মন্দিৰবোৰ দর্শন কৰে৷ নৈৰ ঘাটত সুন্দৰকৈ নির্মাণ কৰা খটখটীবোৰত বহি সন্ধিয়াৰ আৰতি উপভোগ কৰে৷ কিন্তু অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশটোৱে এই নৈসর্গিক আৰু আধ্যাত্মিক শোভাৰ মাজত থকা মাদকতাবোৰ মচি পেলায়৷ নদীৰ শোভাই আকর্ষণ কৰা কোনো মানুহেই এনে এটা লেতেৰা পৰিৱেশ সহ্য কৰিব নোৱাৰে৷ টেমচুটুলায়ো পৰা নাছিল৷  নগালেণ্ডৰ ভিতৰুৱা এনে এখন গাঁৱৰ এজনী ছোৱালী তেওঁ, য’ত তেওঁ শৈশৱতে আয়ত্ত কৰিছিল জীৱনবোধৰ আদিপাঠ, য’ত আছিল পৰিষ্কাৰ পৰিৱেশ এটাক আপডাল কৰাৰ মন্ত্র৷ সেই জীৱনবোধৰ শিক্ষাৰ বাবেই এই যুৱতী গৰাকীয়ে ভাবে যে পৰিষ্কাৰ আৰু পৰিচছন্ন পৰিৱেশ হ’ল মানুহৰ জীৱনৰ এৰাব নোৱৰা অংশ৷ গংগাৰ পাৰত বহি তেওঁ ভাবি উত্তৰ পোৱা নাছিল মানুহে অবিবেচকভাৱে এই সুন্দৰ ঘাটবোৰত কিয় মল-মূত্র ত্যাগ কৰে, কিয় পেলনীয়া আৱর্জনাৰে ঘাটবোৰ লেতেৰা কৰি পেলায়৷
‘সাকাৰ’ৰ সদস্যসকলক লগত লৈ গংগাৰ ঘাটবোৰ পৰিষ্কাৰ কৰিবলৈ টেমচুটুলা আগ বাঢ়ি আহিল৷ দলটোৱে ২০১৫ চনৰ মার্চ মাহত  প্রভু ঘাটত চাফাই অভিযান আৰম্ভ কৰিলে৷ অভিযানৰ নাম দিলে ‘মিছন প্রভুঘাট’৷ ‘সাকাৰ’ৰ সদস্যসকলে প্রতিকূলতাৰ মাজতো সকলো মল আৰু আৱর্জনা আঁতৰাই ঘাটটোক  সম্পূর্ণ পৰিষ্কাৰ কৰি তুলিলে৷  ঘাটটোত বছৰ বছৰ ধৰি কৰাল মাৰি থকা বিষ্ঠাবোৰ আঁতৰাই পেলাবলৈ তেওঁলোকক হেনো সম্পূর্ণ দুটা দিন লাগিছিল৷ এই দলটোৱে এটা এটাকৈ কেইবাটাও ঘাটত তেওঁলোকৰ চাফাই অভিযান চলালে৷ প্রতিটো ঘাটেই নতুন জীৱন পোৱাৰ দৰে হ’ল৷ সর্বসাধাৰণৰ মাজত স্বচছ ভাৰত সন্দর্ভত উৎসাহ বৃদ্ধি কৰিবলৈ তেওঁলোকে ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ চাফাই অভিযান আৰম্ভ কৰাৰ আগৰ আৰু পাছৰ দুয়োখন ছবি ছচিয়েল মিডিয়াত আপল’ড কৰি টেমচুটুলাই তেওঁলোকৰ কাম-কাজৰ অগ্রগতি লিপিবদ্ধ কৰিলে৷ ৩১ মার্চত তেওঁলোকৰ এই কর্মসূচীৰ বিষয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইট কৰিলে৷ বার্টো পাই টেমচুটুলাই নিজকে বিশ্বাস কৰিব পৰা নাছিল৷ যোৱা বছৰ প্রধানমন্ত্রীৰ কানাডা ভ্রমণৰ সময়ৰ কথা৷ টৰণ্টোত নৰেন্দ্র মোদীয়ে প্রদান কৰা ভাষণত উল্লেখ কৰিলে টেমচুটুলা আৰু তেওঁৰ অভিযানৰ কথা৷ এই কথাই টেমচুটুলাক বহু পৰিমাণে উৎসাহিত কৰিছে৷ দেশৰ প্রধানমন্ত্রী হৈ মোদীয়ে তেওঁৰ দৰে এগৰাকী সাধাৰণ যুৱতীক এবাৰ নহয়, দুবাৰ উল্লেখেৰে প্রশংসা কৰিছে৷ প্রধানমন্ত্রীৰ পৰা লাভ কৰা এই স্বীকৃতিৰ আনন্দই টেমচুটুলাক বাকৰুদ্ধ কৰি তোলে৷ টেমচুটুলাৰ মতে তেওঁ এগৰাকী সাধাৰণ নাৰী৷ এখন দেশৰ এজন প্রধানমন্ত্রীয়ে একোটা সাধাৰণ কামৰ খবৰ ৰাখি প্রশংসা কৰাটোত তেওঁ আচৰিত হ’ল৷ আচৰিত হ’ল বাৰানসীৰ নাগৰিক, দেশবাসী৷ আচৰিত হ’ল দেশৰ সংবাদ মহল৷ সুদূৰ নগালেণ্ডৰ পৰা ইমান দূৰলৈ গৈ কিহৰ তাগিদাত এই যুৱতীগৰাকীয়ে বাৰানসীৰ ঘাটবোৰত চলাইছে চাফাই অভিযান৷
২০১৫ চনৰ জুলাই মাহত প্রধানমন্ত্রীয়ে টেমচুটুলা, তেওঁৰ অন্যতম সহযোগী দর্শিকা শ্বাহৰ সৈতে ছচিয়েল মিডিয়া যোগে এই কর্মত উদ৲গনি যোগোৱা মুঠ ১৫০ জন ব্যক্তিক আমন্ত্রণ জনালে৷ নতুন দিল্লীৰ ৭ ৰেচক্রছ ৰ’ডৰ প্রধানমন্ত্রীৰ বাসভৱনলৈ জনোৱা এই আমন্ত্রণে টেমচুটুলাক অভিভূত কৰি তুলিলে৷ চাফাইৰ দৰে সামান্য কামত আত্মনিয়োগ কৰা সাধাৰণ মানুহক প্রধানমন্ত্রীয়ে নিজৰ বাসভৱনলৈ আমন্ত্রণ জনাইছে৷ টেমচুটুলাৰ মতে, এইটো তেওঁৰ বাবে সপোনৰো অতীত আছিল৷ ইয়াৰ কিছুদিনৰ পাছত বাৰানসী ভ্রমণলৈ অহাৰ সময়ত প্রধানমন্ত্রীয়ে টেমচুটুলাৰ দলটোৰ ১৯ জন সদস্যৰ লগত মত বিনিময় কৰিছিল৷
মন কৰিব লগীয়া কথা যে কাৰোবাৰ পৰা প্রশংসা পোৱাৰ আশাত টেমচুটুলাৰ এই অভিযান আৰম্ভ হোৱা নাছিল৷ নিজে সন্মুখীন হোৱা এটা ৰাজহুৱা সমস্যাৰ অংশীদাৰ হৈ তাৰ সমাধানকল্পে লোৱা তেওঁলোকৰ চাফাই অভিযান কেৱল নিজৰ সন্তুষ্টিৰ বাবেহে প্রথমে আৰম্ভ হৈছিল৷ কিন্তু তেওঁলোকৰ এই নিঃস্বার্থ অভিযানে এটা বৃহৎ এলেকাৰপাৰিপাশ্র্বিকতালৈ নতুনত্ব আনি দিলে৷ সেই এলেকাৰ সমগ্র পৰিৱেশটোৱেই  নতুন জীৱন পোৱাৰ দৰে হ’ল৷ যোৱাটো দীপাৱলীত বাৰানসীৰ দুটা ঘাটৰ খটখটীত টেমচুটুলাৰ দলটোৱে দহ হাজাৰটা মাটিৰ চাকি জ্বলালে৷ গংগাৰ পানীত প্রতিবিম্বিত হোৱা জ্বলন্ত চাকিবোৰে দূৰৈৰ পৰা এক অপৰূপ সৌন্দর্যৰ সৃষ্টি কৰি বাৰানসীবাসীক আপ্লুত কৰি তুলিছিল৷
খটখটীবোৰত মানুহে মলত্যাগ কৰা অভ্যাসটো বন্ধ নকৰালৈকে সকলোবোৰ ঘাটতে চাফাই অভিযান চলাই যাবলৈ টেমচুটুলা আৰু তেওঁৰ দল বদ্ধপৰিকৰ৷ টেমচুটুলাই আশা প্রকাশ কৰিছে যে প্রত্যেকৰে আন্তৰিক সহযোগিতাত আমাৰ দেশখনৰ প্রতিটো চুক-কোণ পৰিষ্কাৰ হৈ উঠিব৷ পৰিষ্কাৰ দেশ এখনৰ নাগৰিক হোৱাৰ গৌৰৱৰ অংশীদাৰ হ’বলৈ এনে অভিযানত অংশগ্রহণ কৰাটো বাঞ্ছনীয়  বুলি তেওঁ ভাবে৷
জন্মসূত্রে টেমচুটুলা খ্রীষ্টান৷ গংগাৰ পাৰত হিন্দুৰ পুণ্যতীর্থ এখনক তেওঁ পৰিষ্কাৰ কৰি ভক্তসকলৰ বাবে এক উপযুক্ত বাতাৱৰণ সৃষ্টি কৰিছে৷ তেওঁ কৰা কামৰ মাজত কোনো বিশেষ ধর্মক বিচাৰি চোৱা নাই৷ তেওঁৰ মতে ভাল কামবোৰৰ মাজতেই ভগৱান আছে৷ ভাল কামবোৰৰ প্রতি উৎসাহিত হ’বলৈ তেওঁ সৰুৰে পৰা শিকিছে আৰু সকলো ধৰণৰ বিশ্বাসকে সন্মান কৰিব পৰাকৈ তেওঁৰ মানসিকতা গঢ় লৈ উঠিছে৷ মানৱতাৰ হকে, সমাজৰ হকে কিবা এটা কৰাৰ প্রতি প্রত্যেক ধর্মৰ যি অমোঘ বাণী, সেই বাণীৰে দীক্ষিত হৈ টেমচুটুলাই গংগাৰ পাৰত এগৰাকী চাফাই সৈনিকৰূপে প্রকৃতি, পৰিৱেশ আৰু মানৱতাৰ জয়গান গাইছে৷
Posted by Dainik Janambhumi

No comments:

Post a Comment