Friday 13 May 2016

নিচাযুক্ত দ্রব্যৰ বজাৰ

ৰাজ্যত নিচাযুক্ত দ্রব্যৰ চোৰাং প্রচলন সম্প্রতি এক উদ্বিগ্নতাৰ বিষয় হৈছে৷ ক’ৰবাত ভাং, ক’ৰবাত আফিং, ক’ৰবাত ব্রাউন ছুগাৰ ধৰা পৰাটো স্বাভাৱিক ঘটনাৰ দৰে হৈছে৷ ইয়াৰ উপৰি আন আন নিচাযুক্ত সামগ্রীৰ কথা আছে৷ উত্তৰ-পূর্বাঞ্চল হৈ দেশৰ বিভিন্ন ঠাইলৈ নিচাযুক্ত দ্রব্য সৰবৰাহ হোৱাৰ কথা নতুন নহয়৷ ৰে’লেৰে সৰবৰাহ হোৱা নিচাযুক্ত দ্রব্য ধৰা পৰাৰ ঘটনাও ঘটি আহিছে৷ ট্রাকভর্তি ভাং ধৰা পৰাৰ ঘটনাও ইয়াত ঘটিছে৷ এইবোৰেই প্রমাণ কৰে ৰাজ্যৰ ভিতৰত আৰু বাহিৰত নিচাযুক্ত দ্রব্যৰ এখন বৃহৎ বজাৰ আছে৷ ৰাজ্যৰ চহৰে-নগৰে এনে বজাৰ এখন চোৰাংকৈ চলি আছে৷ শেহতীয়াকৈ নগাঁও চহৰত ৰাইজে নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে ওলাই অহাই নহয় ঘাটিত প্রৱেশ কৰি তেনে দ্রব্য পুলিচক গতাই দিছে৷ ৰাইজে যেতিয়া নিচাযুক্ত দ্রব্যৰ ঘাটিৰ কথা জানে পুলিচে সেই কথা নজনাৰ কোনো অর্থ হ’ব নোৱাৰে৷
        ডিব্রুগড়ৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ চহৰে-নগৰে চোৰাংকৈ নিচাযুক্ত দ্রব্যৰ বৃহৎ বজাৰ এখন চলি আছে৷ উজনি অসমত আফিং বা কানিৰ প্রচলনৰ কথা নক’লেও হ’ব৷ উঠি অহা চামৰ হাততো কানিৰ টিকৰা পৰিছে৷ এয়া শুভলক্ষণ হ’ব নোৱাৰে৷ অৰুণাচল প্রদেশত শ শ বিঘা আফু খেতি ধবংস কৰাৰ বাতৰি প্রকাশ পাইছিল৷ কেৱল অৰুণাচলতে নহয় ৰাজ্যৰ দুর্গম অঞ্চলত আফু খেতি চলি থকা বুলিও শুনা যায়৷ মুঠতে কানি বৰবিহ নতুনকৈ প্রচলনৰ আঁৰত এচাম অসাধু ব্যৱসায়ী জড়িত৷ তেওঁলোকে অৰুণাচল প্রদেশতে নহয় ৰাজ্যৰ দুর্গম অঞ্চলতো এই খেতি কৰাৰ বাবে ধন বিনিয়োগ কৰে৷ নিচাযুক্ত দ্রব্যৰ চোৰাং বজাৰখন বহু দূৰলৈকে বিয়পা৷ তদুপৰি এই কাৰবাৰক সহায় কৰাসকলৰ শক্তিও কম নহয়৷ সাধাৰণতে যিবোৰ বেপাৰী বা সৰবৰাহকাৰী ধৰা পৰে তেওঁলোক সাধাৰণ এজেণ্ট৷ সকলো ধৰণৰ দুর্নীতিত জড়িত থকাৰ দৰে নিচাযুক্ত দ্রব্যৰ অবৈধ ব্যৱসায়ীক সহায় কৰা চক্র হিচাপে ৰাজনীতিক আৰু আমোলা জড়িত থকাৰ অভিযোগো পুৰণি৷ এনে শক্তিশালী চক্র এটা উৎখাত কৰাটো সহজ কাম নহয়৷ নিচাসক্তিৰ বিৰুদ্ধে ৰাইজ আৰু নাগৰিক সমাজৰ বিৰোধিতা, চৰকাৰ আৰু প্রশাসনৰ বাবে সহায়ৰ কাৰণ হ’ব পাৰে৷ www.thejanambhumi.com/

No comments:

Post a Comment