Thursday 5 May 2016

গঁড় হত্যা!

লুকাই থকা গঁড় হত্যাৰ ঘটনা এটাৰ কথা বর্তমান পোহৰলৈ আহিছে৷ কাজিৰঙাত গঁড় হত্যাৰ ঘটনা ঘটি আছে যদিও বর্তমান পোহৰলৈ অহা ঘটনাটো পুৰণি আৰু ইয়াক গাপ দি ৰখাৰ চেষ্টা কৰা হৈছিল৷ ইয়াৰ আঁৰত বিভাগীয় লোকৰ হাত থকাৰ সম্ভাৱনাই বেছি৷ এনে সন্দেহত ইতিমধ্যে তিনিজন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ হত্যা কৰা গঁড়ৰ জঁকা ওলোৱাৰ পাছত বিভাগীয় এই তিনিজন লোকক এই কাৰণেই সন্দেহ কৰা হৈছে যে তেওঁলোকে চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়টোৰ বিষয়ে বিভাগক জনোৱা নাছিল আৰু সেইটো নিলগাই ৰাখি তাক গাপ দিব বিচাৰিছিল৷ যি কি নহওক, ইতিমধ্যে বিভাগীয় তদন্তৰ দিহা কৰা হৈছে আৰু এই তদন্তৰ জৰিয়তে দোষীক বিচাৰি উলিয়াব পৰা হ’ব৷ অভিযুক্তই ইতিমধ্যে দোষ স্বীকাৰ কৰা বুলিও প্রকাশ৷ গ্রেপ্তাৰ হোৱা তিনিজনেই তলৰ খলপাৰ কর্মচাৰী৷ গৃহৰক্ষী বাহিনীৰ জোৱান আৰু ঘাঁহকটীয়াৰ কাম কৰা লোক হিচাপে এওঁলোকে ক্ষেত্রভিত্তিক ঘটনাৰ কথা বিভাগীয় ওপৰৱালাক জনোৱাটো নিয়ম৷ কিন্তু এওঁলোকে নজনোৱাকৈ থকাৰ ফলত এটা গঁড়ৰ মৃত্যুৰ বতৰা ঢাক খাই আছিল৷
Add caption
ঘৰ শত্রু বিভীষণ বুলি কথা এষাৰ আছে৷ কথাষাৰৰ অর্থ হ’ল যিকোনো অপৰাধত ভিতৰৰ লোকৰ সহায়-সহযোগ থকা সম্ভৱ৷ কাজিৰঙাৰ গঁড় হত্যাক কেন্দ্র কৰি প্রতিবাদ, আন্দোলন আদি হৈ আহিছে আৰু বিশেষজ্ঞৰ পৰা সাধাৰণ নাগৰিকলৈকে সকলো বিষয়টোত উদ্বিগ্ন৷ কাৰণ ৰাজ্যখনৰ পৰিচয়ৰ লগত কাজিৰঙাৰ নাম জড়িত৷ ইতিমধ্যে বহুতেই সন্দেহ প্রকাশ কৰিছিল গঁড় হত্যাৰ এই ঘটনাত ভিতৰৰ লোকৰো হাত থাকিব পাৰে৷ সেই সন্দেহ এতিয়া অভিযোগৰ পর্যায় পাইছে আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত কাম কৰা তিনিজন লোকৰ আচৰণৰ আঁৰত এনে অপৰাধৰ সম্পর্ক থাকিব পাৰে বুলি অনুমান কৰা হৈছে৷ কিন্তু লগে লগে আন প্রশ্ন হ’ব পাৰে যে সাধাৰণ কর্মচাৰী হৈ এওঁলোকে এনে অপৰাধ কৰাৰ বাবে সাহস কৰিব পাৰিবনে? নে এওঁলোকক নির্ভয় দিয়া কোনো বিভাগীয় অপৰাধী চক্র এওঁলোকৰ লগত জড়িত৷ উপযুক্ত তদন্তৰ জৰিয়তেহে উৰহী গছৰ ওৰ বিচৰাৰ দিহা সম্ভৱ হ’ব৷

No comments:

Post a Comment