Friday 29 April 2016

চাহ খেতিৰ বিপদ

আবতৰীয়া বৰষুণ, শিলাবৃষ্টি আৰু বানৰ ফলত ৰাজ্যৰ চাহ খেতিৰ ক্ষতি হৈছে৷ সামগ্রিকভাৱে এপ্রিল মাহত চাহ খেতিৰ ক্ষতি হৈছে যদিও ক্ষুদ্র খেতিয়কসকলৰ বাবে ই ডাঙৰ বিপদ হিচাপে দেখা দিছে৷ নেৰানেপেৰা বৰষুণ আৰু চাহ খেতিত ৰ’দ নপৰাৰ বাবেই এই মাহটোত উৎপাদন হ্রাস পোৱাটো স্বাভাৱিক৷ অৱশ্যে বিশেষজ্ঞসকলে অনুমান কৰিছে যে খেতিৰ শেষত ক্ষতিৰ পৰিমাণ হ্রাস পাব৷ অর্থাৎ বতৰটোত উৎপাদনৰ বেলিকা আৰম্ভণিতে হ্রাস হোৱা চাহপাত উৎপাদনৰ পৰিমাণৰ জোৰা মাৰিব পৰা হ’ব৷ এয়া অনুমানহে৷ গতিকে ক্ষতিৰ আশংকাই চাহ উদ্যোগক উদ্বিগ্ন কৰাটো স্বাভাৱিক৷ ক্ষুদ্র চাহ খেতিয়কসকলেও বতৰৰ কাণ্ডত উদ্বিগ্নতা প্রকাশ কৰিছে৷ এয়া হ’ল এই বছৰটোৰ চাহ উদ্যোগৰ ক্ষতি বিষয়ক শংকা৷ সামগ্রিকভাৱে ক্ষুদ্র চাহ খেতিয়কসকল ক্ষতিৰ আশংকাত আছে৷ কাৰণ তেওঁলোকৰ উৎপাদন ব্যয়ৰ তুলনাত উপার্জন কম হোৱাৰ অভিযোগ বহুদিনীয়া৷ এই বিষয়ে চৰকাৰক আর্জি পেছ কৰাৰো দিন হ’ল৷
কেন্দ্রীয় চৰকাৰে ক্ষুদ্র চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ প্রধানমন্ত্রীৰ শস্য বীমা আঁচনিৰ দৰে এক আঁচনি ক্ষুদ্র চাহ খেতিয়কৰ বাবেও প্রস্তুত কৰা হৈছে৷ এই বীমা আঁচনিৰ জৰিয়তে ক্ষুদ্র চাহ খেতিয়ক লাভৱান হ’ব বুলি কোৱা হৈছে৷ এই বীমাৰ প্রিমিয়ামৰ বেলিকা কেন্দ্র আৰু ৰাজ্য চৰকাৰ আৰু বীমা কৰোঁতাই প্রিমিয়াম দিব লাগিব৷ আৰু ক্ষয়-ক্ষতিৰ বেলিকা এই বীমাৰ সহায়ত ক্ষুদ্র চাহ খেতিয়কসকলে ক্ষতিপূৰণ পাব৷ আগতেও এনেধৰণৰ বীমা আছিল৷ কিন্তু ক্ষুদ্র চাহ খেতিয়কসকলে যথেষ্ট পৰিমাণে প্রিমিয়াম দিবলগীয়া হোৱাত এই আঁচনি বাদ পৰিছে৷ বর্তমানৰ আঁচনিয়ে কেন্দ্র, ৰাজ্য আৰু বীমা কৰোঁতাৰ প্রিমিয়াম দিয়াৰ অনুপাত বান্ধি দিছে আৰু এয়া হ’ল ৭৫ঃ১৫ঃ১০ অর্থাৎ কেন্দ্রই ৭৫, ৰাজ্যই ১৫ আৰু ক্ষুদ্র চাহ খেতিয়কে ১০ ভাগ প্রিমিয়াম দিব লাগিব৷ এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ সন্মতি লাগিব৷ নতুন চৰকাৰ গঠনৰ পাছতহে এই আলোচনা সম্ভৱ৷ তদুপৰি প্রিমিয়ামৰ বেলিকা ক্ষুদ্র চাহ খেতিয়ক সন্মত হ’লেহে আঁচনি ৰূপায়ণ সম্ভৱ হ’ব৷ ক্ষুদ্র চাহ খেতিয়কে ইয়াক কেনেদৰে গ্রহণ কৰে তাৰ ভিত্তিত বীমাৰ সফলতা নির্ভৰ কৰিব৷

No comments:

Post a Comment