Monday 4 April 2016

কোটিপতি...


বিধানসভাৰ নির্বাচনৰ প্রার্থী হোৱাসকলৰ ভিতৰত কোটিপতিৰ সংখ্যা কম নহয়৷ এছ’চিয়েশ্যন অব্ ডেম’ক্রেটিক ৰিফর্ম চমুকৈ এ ডি আৰ নামৰ সংগঠন এটাৰ হিচাপ মতে প্রথম পর্যায়ৰ নির্বাচনৰ প্রার্থীসকলৰ ভিতৰত শতকৰা ২১ ভাগ প্রার্থীয়েই কোটিপতি৷ যোৱা বিধানসভাৰ নির্বাচনত এনে প্রার্থীৰ সংখ্যা অর্থাৎ কোটিপতিৰ পৰিমাণ আছিল শতকৰা ১৫ ভাগ৷ ভাৰতীয় জনতা পার্টি আৰু কংগ্রেছ দলতেই কোটিপতি প্রার্থীৰ সংখ্যা সৰহ৷ সংগঠনটোৰ হিচাপ মতে টীয়ক সমষ্টিৰ চি পি আই (এম এল) আৰু মৰিয়নিৰ নির্দলীয় প্রার্থীৰ কোনো সা-সম্পত্তি নাই৷ প্রার্থীসকলৰ বহুতৰেই আয়কৰ পৰিশোধৰ কোনো হিচাপ-পত্র নাই বুলিও কোৱা হৈছে৷ ৰাজনীতিকসকলৰ সা-সম্পত্তিৰ পৰিমাণ হিচাপ কৰাটো কঠিন৷ কাৰণ তেওঁলোকে দিয়া হিচাপৰ উপৰি বহির্ভূত হিচাপৰ সা-সম্পত্তি থকাৰ অভিযোগো পুৰণি৷ এনে অভিযোগ বাওঁপন্থী প্রার্থীসকলৰ বেলিকা বিৰল বুলিব পাৰি৷
ৰাজনীতিকসকলৰ আয়ৰ উৎস সাধাৰণতে বহুক্ষেত্রত আনধৰণে দেখুওৱা হয়৷ অর্থাৎ তেওঁলোকৰ ৰাইজৰ প্রতিনিধি হিচাপে যি সা-সুবিধা আৰু দা-দৰমহা পায় তাৰ তুলনাত আয়ৰ পৰিমাণ বেছি৷ এয়া কিদৰে সম্ভৱ হ’ব পাৰে তাক সাধাৰণ ভোটাৰ এগৰাকীয়েও অনুমান কৰিব পাৰে৷ ছাত্র আন্দোলনৰ শেষত দিছপুৰৰ ক্ষমতা দখল কৰা অসম গণ পৰিষদ দলৰ নেতাসকল দ্বিতীয়বাৰ নির্বাচিত হোৱাৰ সময়ত দিয়া তেওঁলোকৰ সা-সম্পত্তিৰ হিচাপৰ পৰাই তাক অনুমান কৰিব পাৰি৷ এয়া কেৱল সৰু উদাহৰণ এটাহে৷ উপার্জন নথকা আৰু ৰাষ্ট্রদলৰ পৰা প্রার্থী হৈ ৰাইজৰ প্রতিনিধি হোৱা বহুতৰে আয়ৰ পৰিমাণে সহজে ইংগিত দিব যে এয়া সৎ পথেৰে সম্ভৱ নহয়৷ এই প্রার্থীসকলে নির্বাচনত ব্যয় কৰা ধনৰ পৰিমাণ নির্দিষ্ট কৰি দিয়া হয় যদিও বহুতেই তাতকৈ বেছি পৰিমাণৰ অর্থ ব্যয় কৰে৷ একেদৰে তেনে দলৰ ব্যয়ৰ পৰিমাণো বৃহৎ৷ ইয়াৰ ফলত নির্বাচনত বৃহৎ পৰিমাণৰ অবৈধ ধনৰ ব্যৱহাৰ হয়৷ ভোট কিনা-বেচাৰ পৰা সংবাদ মাধ্যমক প্রভাৱিত কৰালৈ বহু বেয়া কামেই সংঘটিত হয়৷ নির্বাচনী সংস্কাৰৰ কথা কোৱা হয় যদিও এই ব্যৱস্থা নিকা কৰাৰ দিহা হোৱা নাই৷ কিন্তু নির্বাচন নোহোৱাকৈয়ো এমুঠিমান প্রার্থীয়ে নির্বাচনত নামি সততাৰ উদাহৰণ দি আহিছে৷ তিতাবৰ সমষ্টিৰ চি পি আইৰ প্রার্থী কুল দাসে বহুকেইটা নির্বাচন ৰাইজৰ সামান্য বৰঙনিৰে নির্বাচন খেলি আহিছে৷ জয়ী হ’ব নোৱাৰিলেও নিষ্ঠা আৰু সততাৰ এনে উদাহৰণ ৰাজনীতিকসকলৰ বাবে শিক্ষণীয়৷

No comments:

Post a Comment