Tuesday 29 March 2016

ৰাষ্ট্রীয় চলচিচত্র বঁটাত উজলিল অসম

নির্বাচনৰ বতৰত অসমৰ ৰাইজৰ বাবে সু-খবৰ৷ ৰাজ্যবাসীক গৌৰৱান্বিত কৰি অসমীয়া চলচিচত্র ‘কথানদী’ আৰু বড়ো ভাষাৰ ছবি ‘দাও হুডুনি মেঠাই’-এ লাভ কৰিছে ৰাষ্ট্রীয় সন্মান৷ 
আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত ৬৩ সংখ্যক ৰাষ্ট্রীয় চলচিচত্র বঁটা ২০১৫ ঘোষণা কৰা হয়৷ ৰাষ্ট্রীয় চলচিচত্র বঁটাৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক ভাষাৰ শাখাত অনুৰূপা হাজৰিকাৰ প্রযোজিত আৰু ভাস্কৰ হাজৰিকাৰ পৰিচালিত ‘কথানদী’য়ে আৰু শংকৰ লাল গোৱেংকাৰ প্রযোজিত তথা মঞ্জু বৰাৰ পৰিচালিত বড়ো ভাষাৰ ছবি ‘দাও হুডুনি মেঠাই’-এ ৰজত কমল বঁটা লাভ কৰিছে৷ নন-ফিছাৰ শিতানৰ শ্রেষ্ঠ অনুসন্ধানমূলক ছবিৰ বঁটা লাভ কৰিছে সমুজ্জ্বল কাশ্যপৰ পৰিচালিত ‘তেজপুৰ ১৯৬২’ নামৰ তথ্যচিত্রখনে৷

ফিল্ম ডিভিজনৰ দ্বাৰা প্রযোজিত এই তথ্যচিত্রখনেও লাভ কৰিছে ৰজত কমল বঁটা৷ আনহাতে অৰুণাচলৰ ৱাংশ্বু জনগোষ্ঠীৰ সন্দর্ভত নির্মিত ‘দ্য হেড হাণ্টাৰ’ নামৰ ছবিখন পৰিচালনা কৰি অসমৰ নীলাঞ্জন দত্তয়ো লাভ কৰিছে ৰজত কমল বঁটা৷ ৱাংশ্বু ভাষাৰ শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰা এই ছবিখন প্রযোজনা কৰিছে স্পলাশ ফিল্ম প্রাঃ লিমিটেডে৷ প্রণিধানযোগ্য যে আঞ্চলিক ভাষাৰ ৰজত কমল বঁটা লাভ কৰা দুয়োখন ছবিৰ প্রযোজক আৰু পৰিচালকৰ লগতে ৱাংশ্বু ভাষাৰ ছবিখনলৈকো আগ বঢ়োৱা হৈছে এক লাখ টকাসহ মান-পত্র আৰু নন-ফিছাৰ শিতানত ৰজত কমল লাভ কৰা তথ্যচিত্রখনৰ পৰিচালক আৰু প্রযোজকলৈ আগ বঢ়োৱা হৈছে ৫০,০০০ টকাসহ এখন মান-পত্র৷ প্রণিধানযোগ্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ আলমত নির্মিত কথানদীয়ে ইতিমধ্যে দেশ-বিদেশৰ বহুকেইখন চলচিচত্র মহোৎসৱত অংশগ্রহণ কৰি অসমক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে৷ ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে ৰাষ্ট্রীয় বঁটা লাভ কৰা বিশিষ্ট অভিনেত্রী সীমা বিশ্বাসে৷ আনহাতে ছবিখনত আদিল হুছেইন, জেৰিফা ৱাহিদ, উর্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদি বহুকেইজন বিশিষ্ট অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিছে৷ কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকা হৈছে বিশিষ্ট শিক্ষাবিদ তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক প্রয়াত জীৱনাথ হাজৰিকা আৰু অনুৰূপা হাজৰিকাৰ পুত্র৷
www.thejanambhumi.com/ 

No comments:

Post a Comment