Friday 29 April 2016

চাহ খেতিৰ বিপদ

আবতৰীয়া বৰষুণ, শিলাবৃষ্টি আৰু বানৰ ফলত ৰাজ্যৰ চাহ খেতিৰ ক্ষতি হৈছে৷ সামগ্রিকভাৱে এপ্রিল মাহত চাহ খেতিৰ ক্ষতি হৈছে যদিও ক্ষুদ্র খেতিয়কসকলৰ বাবে ই ডাঙৰ বিপদ হিচাপে দেখা দিছে৷ নেৰানেপেৰা বৰষুণ আৰু চাহ খেতিত ৰ’দ নপৰাৰ বাবেই এই মাহটোত উৎপাদন হ্রাস পোৱাটো স্বাভাৱিক৷ অৱশ্যে বিশেষজ্ঞসকলে অনুমান কৰিছে যে খেতিৰ শেষত ক্ষতিৰ পৰিমাণ হ্রাস পাব৷ অর্থাৎ বতৰটোত উৎপাদনৰ বেলিকা আৰম্ভণিতে হ্রাস হোৱা চাহপাত উৎপাদনৰ পৰিমাণৰ জোৰা মাৰিব পৰা হ’ব৷ এয়া অনুমানহে৷ গতিকে ক্ষতিৰ আশংকাই চাহ উদ্যোগক উদ্বিগ্ন কৰাটো স্বাভাৱিক৷ ক্ষুদ্র চাহ খেতিয়কসকলেও বতৰৰ কাণ্ডত উদ্বিগ্নতা প্রকাশ কৰিছে৷ এয়া হ’ল এই বছৰটোৰ চাহ উদ্যোগৰ ক্ষতি বিষয়ক শংকা৷ সামগ্রিকভাৱে ক্ষুদ্র চাহ খেতিয়কসকল ক্ষতিৰ আশংকাত আছে৷ কাৰণ তেওঁলোকৰ উৎপাদন ব্যয়ৰ তুলনাত উপার্জন কম হোৱাৰ অভিযোগ বহুদিনীয়া৷ এই বিষয়ে চৰকাৰক আর্জি পেছ কৰাৰো দিন হ’ল৷
কেন্দ্রীয় চৰকাৰে ক্ষুদ্র চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ প্রধানমন্ত্রীৰ শস্য বীমা আঁচনিৰ দৰে এক আঁচনি ক্ষুদ্র চাহ খেতিয়কৰ বাবেও প্রস্তুত কৰা হৈছে৷ এই বীমা আঁচনিৰ জৰিয়তে ক্ষুদ্র চাহ খেতিয়ক লাভৱান হ’ব বুলি কোৱা হৈছে৷ এই বীমাৰ প্রিমিয়ামৰ বেলিকা কেন্দ্র আৰু ৰাজ্য চৰকাৰ আৰু বীমা কৰোঁতাই প্রিমিয়াম দিব লাগিব৷ আৰু ক্ষয়-ক্ষতিৰ বেলিকা এই বীমাৰ সহায়ত ক্ষুদ্র চাহ খেতিয়কসকলে ক্ষতিপূৰণ পাব৷ আগতেও এনেধৰণৰ বীমা আছিল৷ কিন্তু ক্ষুদ্র চাহ খেতিয়কসকলে যথেষ্ট পৰিমাণে প্রিমিয়াম দিবলগীয়া হোৱাত এই আঁচনি বাদ পৰিছে৷ বর্তমানৰ আঁচনিয়ে কেন্দ্র, ৰাজ্য আৰু বীমা কৰোঁতাৰ প্রিমিয়াম দিয়াৰ অনুপাত বান্ধি দিছে আৰু এয়া হ’ল ৭৫ঃ১৫ঃ১০ অর্থাৎ কেন্দ্রই ৭৫, ৰাজ্যই ১৫ আৰু ক্ষুদ্র চাহ খেতিয়কে ১০ ভাগ প্রিমিয়াম দিব লাগিব৷ এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ সন্মতি লাগিব৷ নতুন চৰকাৰ গঠনৰ পাছতহে এই আলোচনা সম্ভৱ৷ তদুপৰি প্রিমিয়ামৰ বেলিকা ক্ষুদ্র চাহ খেতিয়ক সন্মত হ’লেহে আঁচনি ৰূপায়ণ সম্ভৱ হ’ব৷ ক্ষুদ্র চাহ খেতিয়কে ইয়াক কেনেদৰে গ্রহণ কৰে তাৰ ভিত্তিত বীমাৰ সফলতা নির্ভৰ কৰিব৷

Tuesday 26 April 2016

বৰদৈচিলা


Monday 18 April 2016

বিজয়ৰ মুকুট পিন্ধি মাতৃভূমিত ‘মিছ ইণ্ডিয়া’



‘মিছ ইণ্ডিয়াৰ দৰে এটা সন্মানীয় খিতাপ জয় কৰি লাভ কৰা আনন্দ এতিয়াও ভাষাৰে প্রকাশ কৰিব পৰা নাই৷ বহুত ভাল লাগিছিল৷ কিন্তু মই গুৱাহাটী আৰু অসমক প্রতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰিছিলোঁ৷’ –অসম আৰু অসমবাসীক দেশবাসীৰ সন্মুখত গৌৰৱান্বিত কৰি ২০১৬ বর্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱর্ল্ড সন্মান অর্জন কৰা অসম কন্যা প্রিয়দর্শিনী চেটার্জীয়়ে আজি খিতাপ জয়ৰ পাছত প্রথমবাৰলৈ মাতৃভূমিত ভৰি দি এইদৰে কয়৷ দেশৰ সৌন্দর্য প্রতিযোগিতাৰ ক্ষেত্রখনত অতি সন্মানীয় হিচাপে পৰিচিত ফেমিনা মিছ ইণ্ডিয়া প্রতিযোগিতাত বিজয়ী হোৱাৰ মুহূর্তৰ অনুভৱ প্রকাশ কৰিবলৈ ভাষা বিচাৰি নোপোৱা প্রিয়দর্শিনীয়ে বিজয়ী ঘোষণা কৰাৰ সময়ত নিজৰে বিশ্বাস হোৱা নাছিল বুলি কয়৷ বৰঝাৰ বিমান বন্দৰত ভৰি দি আজি মিছ ইণ্ডিয়া প্রিয়দর্শিনীয়ে তেওঁৰ এই কৃতিত্বৰ বাবে বন্ধুবর্গৰ লগতে পৰিয়ালবর্গৰ উৎসাহক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচছা জ্ঞাপন কৰি প্রিয়দর্শিনীয়ে বিহুৰ সময়ত মাতৃভূমিলৈ আহিব নোৱাৰি আক্ষেপ কৰে৷ ৰাজ্যৰ কৃতী সন্তান প্রিয়দর্শিনীয়ে কয় যে মিছ ইণ্ডিয়াৰ দৰে এটা সন্মান লাভ কৰিবলৈ সকলোৰে সপোন আৰু আশা থাকে৷ কিন্তু তেওঁ এই সপোন থাকিলেও আগতে মিছ ইণ্ডিয়া হ’ব পাৰিব বুলি ভবা নাছিল বুলি প্রকাশ কৰে৷ তেওঁ একো নভবাকৈয়ে মাত্র মডেলিং কৰি যোৱা বুলিও উল্লখ কৰে৷ বিমান বন্দৰত অৱতৰণ কৰাৰ আগমুহূর্তত মাতৃভূমিৰ অপৰূপ সৌন্দর্য দেখি আৱেগিক হৈ পৰা বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে বিহুৰ বতৰত ঘৰলৈ আহি বিহুতলীত বিহু নোচোৱাৰ প্রশ্নই নুঠে বুলি উল্লেখ কৰি প্রিয়দর্শিনীয়ে কয় যে তেওঁ অসমৰ জীয়ৰী, গতিকে তেওঁৰ তেজতে বিহু আছে৷ ১৯ এপ্রিললৈ অসমত থাকিব বুলি প্রকাশ কৰি তেওঁ এতিয়া মিছ ৱর্ল্ড প্রতিযোগিতাৰ বাবে জোৰদাৰ প্রস্তুতি চলাই থকা বুলিও কয়৷ প্রণিধানযোগ্য যে মেধা, সৌন্দর্য আৰু বাক্পটুতাৰ বলেৰে ফেমিনা মিছ ইণ্ডিয়া প্রতিযোগিতাত জয়ী হোৱা প্রিয়দর্শিনীক চাবলৈ আজি পুৱাৰে পৰা বৰঝাৰ বিমান বন্দৰত বহুসংখ্যক লোকে ভিৰ কৰে৷ এইকেইদিন পৰিয়াল, বন্ধু-বান্ধৱৰ উপৰি কেইবাটাও অনুষ্ঠানত প্রিয়দর্শিনীয়ে অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে ধুবুৰীৰ প্রবীণ চেটার্জী আৰু পাপিয়া চেটার্জীৰ কন্যা প্রিয়দর্শিনী গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ প্রাক্তন ছাত্রী৷ বর্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু কলেজৰ স্নাতক পর্যায়ৰ ছাত্রী প্রিয়দর্শিনীয়ে অৱশ্যে এফ বি বি ফেমিনা মিছ ইণ্ডিয়া প্রতিযোগিতাত নতুন দিল্লীক প্রতিনিধিত্ব কৰিছিল৷ বিগত ৯ এপ্রিলৰ নিশা মায়ানগৰী মুম্বাইৰ যশ ৰাজ ফিল্ম্ছ ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা চূড়ান্ত প্রতিযোগিতাত প্রিয়দর্শিনীয়ে ফেমিনা মিছ ইণ্ডিয়া ৱর্ল্ড ২০১৬ খিতাপ অর্জন কৰিছিল৷ দেশৰ ২১গৰাকী ফাইনেলিষ্টক পিছ পেলাই প্রিয়দর্শিনীয়ে চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হোৱা এই প্রতিযোগিতাত  বিচাৰকৰ আসনত আছিল সঞ্জয় দত্ত, যামিনী গৌতম, মনীষ মালহোত্রা, অর্ুন কাপুৰ, কবীৰ খান, এমি জেকছন, ছানিয়া মির্, একতা কাপুৰ আদি দেশৰ ক্রীড়া, ফেশ্বন, চলচিচত্র আদি জগতৰ প্রখ্যাত লোকসকল৷ কৰণ জোহৰ, শ্বাহৰুখ খান, বৰুণ ধাৱান, শ্বাহিদ কাপুৰ আদিৰ দৰে চেলিব্রিটিও অনু্ষ্ঠানত উপস্থিত আছিল৷
www.thejanambhumi.com/

Thursday 7 April 2016

মুক্তিৰ বাবে সাজু হৈ উঠিল ‘পূৰৱ কী আৱাজ’


বাজেটৰ দ্বিভাষিক ছবি ‘এপাহ ফুলিল এপাহ সৰিল’ (অসমীয়া) আৰু ‘পূৰৱ কী আৱাজ’ (হিন্দী) মুক্তিৰ বাবে সাজু হৈ উঠিছে৷ ২০১৫ বর্ষত নির্মাণ হোৱা ব্যয়বহুল এই ছবিখনৰ শেষৰ কামখিনি বিশেষকৈ আৱহ সংগীত, সম্পাদনা আদি মুম্বাইত ২০১৬ৰ মার্চৰ তৃতীয় সপ্তাহত সম্পন্ন হয়৷ অসমৰ চলচিচত্রপ্রেমী ৰাইজৰ বাবে প্রখ্যাত পৰিচালক চন্দ্র মুদৈয়ে দিয়া ভাল খবৰটো হ’ল যে ১৫ আগষ্টৰ  স্বাধীনতা দিৱসৰ আগে আগে ‘পূৰৱ কী আৱাজ’ ১২ আগষ্টত সমগ্র ভাৰততে মুক্তি দিয়াৰ কথা বিবেচনা কৰি থকা হৈছে৷ ভাৰতবর্ষৰ স্বাধীনতা আন্দোলনত ব্রিটিছৰ গুলীত মৃত্যুবৰণ কৰা একমাত্র কিশোৰী শ্বহীদ কনকলতা বৰুৱাৰ ওপৰত নির্মাণ হোৱা এই দ্বিভাষিক ছবিখনত অসমৰ সাম্প্রতিক উগ্রপন্থী সমস্যাকো সমান্তৰালভাৱে তুলি ধৰিবলৈ চেষ্টা চলোৱা হৈছে৷ সংস্কৃতিৱান ব্যক্তি লোকনাথ ডেকাই প্রযোজনা কৰা এই দ্বিভাষিক ছবিখন চন্দ্র মুদৈৰ সপোনৰ প্রকল্প বুলি নিজেই স্বীকাৰ কৰিছে৷ চন্দ্র মুদৈয়ে এতিয়ালৈকে নির্মাণ কৰা ১১খন ছবিৰ কাহিনী, বৈশিষ্ট্য আৰু পৰিচালনাৰ ফালৰ পৰা ‘এপাহ ফুলিল এপাহ সৰিল’ সম্পূর্ণ পৃথক৷ এই দ্বিভাষিক ছবিখনৰ অসমীয়াখনৰ মুক্তিৰ দিন এতিয়াও ঠিৰাং হোৱা নাই৷ প্রযোজক বর্তমান মুম্বাইত হিন্দী সংস্কৰণৰ বিতৰণক লৈ ব্যস্ত বুলি জানিব পৰা গৈছে৷ সম্প্রতি অসমীয়া ছবি জগতলৈ যি স্থবিৰতা আহি পৰিছে, সেয়া মুদৈৰ নতুন ছবিখনে আঁতৰাব বুলি চিত্রপ্রেমী ৰাইজে বৰ আশাৰে বাট চাই আছে৷ গতানুগতিক আৰু একঘেয়ামিৰ পৰা আঁতৰি নির্মাণ কৰা এই দ্বিভাষিক ছবিখনৰ হিন্দী সংস্কৰণ ‘পূৰৱ কী আৱাজ’ৰ এক প্রদর্শনী সাত জানুৱাৰীত নতুন দিল্লীৰ ফিল্ম ডিভিজন অডিটৰিয়ামত অনুষ্ঠিত হৈ যায়৷ সেইদিনা নতুন দিল্লীত ছবিখন উপভোগ কৰি বিতৰকৰ লগতে দর্শকে গভীৰ সন্তুষ্টি প্রকাশ কৰিছিল৷ বলিউডৰ ছবিৰ লগত ফেৰ মাৰিব পৰাকৈ নির্মাণ কৰা হৈছে ‘পূৰৱ কী আৱাজ’৷ ছবিখনত চন্দ্র মুদৈক পৰিচালনাত সহায় কৰিছে দীপক ৰয় আৰু স্বপ্নজিৎ বৰকাকতীয়ে৷ ডাঃ হিতেশ বৰুৱাই সংগীতেৰে সজোৱা এই দ্বিভাষিক ছবিখনত অভিনয় কৰিছে উর্মিলা, নিপন গোস্বামী, দেৱাশীষ বৰঠাকুৰ, ডাঃ তপন শর্মা, যতীন খনিকৰ, শিশু শিল্পী ৰ’দালি বৰা, জাফ্রি আদিয়ে৷
www.thejanambhumi.com/

Monday 4 April 2016

কোটিপতি...


বিধানসভাৰ নির্বাচনৰ প্রার্থী হোৱাসকলৰ ভিতৰত কোটিপতিৰ সংখ্যা কম নহয়৷ এছ’চিয়েশ্যন অব্ ডেম’ক্রেটিক ৰিফর্ম চমুকৈ এ ডি আৰ নামৰ সংগঠন এটাৰ হিচাপ মতে প্রথম পর্যায়ৰ নির্বাচনৰ প্রার্থীসকলৰ ভিতৰত শতকৰা ২১ ভাগ প্রার্থীয়েই কোটিপতি৷ যোৱা বিধানসভাৰ নির্বাচনত এনে প্রার্থীৰ সংখ্যা অর্থাৎ কোটিপতিৰ পৰিমাণ আছিল শতকৰা ১৫ ভাগ৷ ভাৰতীয় জনতা পার্টি আৰু কংগ্রেছ দলতেই কোটিপতি প্রার্থীৰ সংখ্যা সৰহ৷ সংগঠনটোৰ হিচাপ মতে টীয়ক সমষ্টিৰ চি পি আই (এম এল) আৰু মৰিয়নিৰ নির্দলীয় প্রার্থীৰ কোনো সা-সম্পত্তি নাই৷ প্রার্থীসকলৰ বহুতৰেই আয়কৰ পৰিশোধৰ কোনো হিচাপ-পত্র নাই বুলিও কোৱা হৈছে৷ ৰাজনীতিকসকলৰ সা-সম্পত্তিৰ পৰিমাণ হিচাপ কৰাটো কঠিন৷ কাৰণ তেওঁলোকে দিয়া হিচাপৰ উপৰি বহির্ভূত হিচাপৰ সা-সম্পত্তি থকাৰ অভিযোগো পুৰণি৷ এনে অভিযোগ বাওঁপন্থী প্রার্থীসকলৰ বেলিকা বিৰল বুলিব পাৰি৷
ৰাজনীতিকসকলৰ আয়ৰ উৎস সাধাৰণতে বহুক্ষেত্রত আনধৰণে দেখুওৱা হয়৷ অর্থাৎ তেওঁলোকৰ ৰাইজৰ প্রতিনিধি হিচাপে যি সা-সুবিধা আৰু দা-দৰমহা পায় তাৰ তুলনাত আয়ৰ পৰিমাণ বেছি৷ এয়া কিদৰে সম্ভৱ হ’ব পাৰে তাক সাধাৰণ ভোটাৰ এগৰাকীয়েও অনুমান কৰিব পাৰে৷ ছাত্র আন্দোলনৰ শেষত দিছপুৰৰ ক্ষমতা দখল কৰা অসম গণ পৰিষদ দলৰ নেতাসকল দ্বিতীয়বাৰ নির্বাচিত হোৱাৰ সময়ত দিয়া তেওঁলোকৰ সা-সম্পত্তিৰ হিচাপৰ পৰাই তাক অনুমান কৰিব পাৰি৷ এয়া কেৱল সৰু উদাহৰণ এটাহে৷ উপার্জন নথকা আৰু ৰাষ্ট্রদলৰ পৰা প্রার্থী হৈ ৰাইজৰ প্রতিনিধি হোৱা বহুতৰে আয়ৰ পৰিমাণে সহজে ইংগিত দিব যে এয়া সৎ পথেৰে সম্ভৱ নহয়৷ এই প্রার্থীসকলে নির্বাচনত ব্যয় কৰা ধনৰ পৰিমাণ নির্দিষ্ট কৰি দিয়া হয় যদিও বহুতেই তাতকৈ বেছি পৰিমাণৰ অর্থ ব্যয় কৰে৷ একেদৰে তেনে দলৰ ব্যয়ৰ পৰিমাণো বৃহৎ৷ ইয়াৰ ফলত নির্বাচনত বৃহৎ পৰিমাণৰ অবৈধ ধনৰ ব্যৱহাৰ হয়৷ ভোট কিনা-বেচাৰ পৰা সংবাদ মাধ্যমক প্রভাৱিত কৰালৈ বহু বেয়া কামেই সংঘটিত হয়৷ নির্বাচনী সংস্কাৰৰ কথা কোৱা হয় যদিও এই ব্যৱস্থা নিকা কৰাৰ দিহা হোৱা নাই৷ কিন্তু নির্বাচন নোহোৱাকৈয়ো এমুঠিমান প্রার্থীয়ে নির্বাচনত নামি সততাৰ উদাহৰণ দি আহিছে৷ তিতাবৰ সমষ্টিৰ চি পি আইৰ প্রার্থী কুল দাসে বহুকেইটা নির্বাচন ৰাইজৰ সামান্য বৰঙনিৰে নির্বাচন খেলি আহিছে৷ জয়ী হ’ব নোৱাৰিলেও নিষ্ঠা আৰু সততাৰ এনে উদাহৰণ ৰাজনীতিকসকলৰ বাবে শিক্ষণীয়৷