Tuesday 31 May 2016

নতুন চৰকাৰ আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা


কিছুমান কাম সময় আৰু পৰিস্থিতি অনুযায়ী কৰিব নোৱাৰিলে সি আৰু কেতিয়াও হৈ নুঠে৷ আমাৰ ৰাজনৈতিক ক্ষেত্রখনৰ এটা দৃষ্টান্ত দাঙি ধৰোঁ৷ ভাৰতৰ সংসদত মহিলাৰ বাবে বিধানসভাসমূহ আৰু সংসদত ৩৩ শতাংশ আসন সংৰক্ষণৰ এখন বিধেয়ক যোৱা প্রায় এক দশক ধৰি সংসদত পৰি ৰৈছে৷ ভাৰতৰ প্রায় প্রতিটো ৰাজনৈতিক দলেই বিধেয়কখনক সমর্থন কৰাৰ কথা কয়, কিন্তু বিধেয়কখন এতিয়ালৈ আইন হৈ উঠিব পৰা নাই৷ মাজতে ইউ পি এ চৰকাৰৰ দ্বিতীয়টো শাসনকালত এক পৰিস্থিতি আহিছিল– ভাৰতৰ ৰাষ্ট্রপতি মহিলা (প্রতিভা পাটিল), লোক সভাৰ অধ্যক্ষ মহিলা (মীৰা কুমাৰ), চৰকাৰৰ সর্বময় কর্ মহিলা (ছোনিয়া গান্ধী), লোক সভাৰ বিৰোধী দলপতি মহিলা (সুষমা স্বৰাজ)৷ এনে এক পৰিস্থিতিৰ পাছতো কংগ্রেছ-বিজেপি দুয়োটা দলে বিধেয়কখন সমর্থন কৰাৰ পাছতো এই বিধেয়কখন আইন হ’ব নোৱাৰিলে৷ কিয় নোৱাৰিলে– তাৰ কোনো নিশ্চিত উত্তৰ নাই৷ আপুনি ভাবেনে এই পৰিস্থিতি আৰু সময় পাৰ হৈ যোৱাৰ পাছত এতিয়া অদূৰ ভৱিষ্যতে এই বিধেয়কখন কেতিয়াবা আইন হ’ব পাৰিব? নিশ্চিত উত্তৰ হ’ব– নোৱাৰে৷
আমাৰ বর্তমানৰ আলোচনাৰ প্রসংগ অসম৷ অসমত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত এখন চৰকাৰ ক্ষমতাত অধিষ্ঠিত হৈছে৷ অভূতপূর্ব নির্বাচনী সফলতাৰে বিজেপি মিত্রজোঁটৰ চৰকাৰখন অসমত ক্ষমতালৈ আহিছে৷ বর্তমানৰ চৰকাৰখনৰ ওপৰত ভোটাৰ ৰাইজৰ প্রত্যাশা বহুত আৰু চৰকাৰখনে এই প্রত্যাশাবোৰ পূর্ণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগির, চৰকাৰখন আৰু মিত্রজোঁটৰ দলসমূহৰ ওপৰত জনগণৰ আস্থা অটুট থাকিবলৈ ইয়াৰ গত্যন্তৰ নাই৷ এইখিনিতে এটা কথা উল্লেখৰ প্রয়োজন– জনসাধাৰণেও বুজে যে সকলো সমস্যা একেলগে চৰকাৰ এখনে সমাধান কৰিব নোৱাৰে৷ কিন্তু জনসাধাৰণে বিচাৰে– চৰকাৰখনে একান্তভাৱে চেষ্টা কৰক, অন্ততঃ সমস্যাবোৰৰ পৰা গা-এৰা নিদিয়ক৷
এইবোৰ হ’ল সাধাৰণ সমস্যাৰ কথা৷ কিন্তু বর্তমানৰ সময় আৰু পৰিস্থিতি অনুযায়ী অসমৰ নতুন চৰকাৰখনে তিনিটা সমস্যা যদি সমাধান নকৰে, তেন্তে এই মিত্র দল আকৌ কেতিয়াবা শাসনলৈ আহিব নে নাহে ক’ব নোৱাৰোঁ, কিন্তু সমস্যা তিনিটা যে ভৱিষ্যতে কাহানিও আৰু সমাধান নহয়, সি নিশ্চিত৷
এই সমস্যা তিনিটাৰ প্রথমটো ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষিত কৰি অসমলৈ হৈ থকা অনুপ্রৱেশ দূৰ কৰা আৰু অসমৰ বিদেশী সমস্যাৰ সমাধান কৰা৷ দ্বিতীয়টো হৈছে– অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা৷
প্রথম সমস্যাটোৰ বিষয়ে বিস্তৃত আলোচনালৈ নাযাওঁ৷ অসমৰ প্রতিজনেই অসম-বাংলাদেশ সীমান্ত সুৰক্ষিত কৰাৰ প্রয়োজনীয়তাক অনুধাৱন কৰে, অসমক ভাল পোৱা প্রতিজনে অসমৰ অবৈধ নাগৰিকৰ সমস্যাটোৰ অতি শীঘ্রে সমাধান বিচাৰে৷ আকৌ, অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰৰ কথাটো স্পর্শকাতৰ৷ স্পর্শকাতৰ হ’লেও কিন্তু নিজৰ প্রদেশখনত খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হোৱাৰ ধাৰণাটোক কোনেও উলাই কৰিব নোৱাৰে৷ বিজেপিয়ে ইতিমধ্যে এই দুয়োটা কথা দলটোৰ ভিজন ডকুমেণ্টত উল্লেখ কৰিছে, দুয়োটা ক্ষেত্রতে যথোচিত পদক্ষেপ লোৱাৰ প্রতিশ্রুতি দিছে৷ খিলঞ্জীয়াৰ ৰাজনৈতিক স্বার্থ সুৰক্ষাৰ খাতিৰত দলটোৱে ইতিমধ্যে নির্বাচনী সভাসমূহত ‘ভাৰতীয় মূলৰ হাতত ৰাজনৈতিক ক্ষমতা’, ‘শুদ্ধ এন আৰ চি প্রস্তুতকৰণ’ আদি বিষয় সজোৰে উত্থাপন কৰিছে৷ দলটোৰ অন্যতম নেতা ড0 হিমন্ত বিশ্ব শর্মাই আনকি এই ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বাবে প্রয়োজনত অসম চুক্তিৰ ৬নং দফাৰ সংশোধনৰ কথাও কৈছে৷ আমি জানো এই ৬নং দফাত অসমৰ জনগণক সাংবিধানিক সুৰক্ষা দিয়াৰ কথা উল্লেখ আছে যদিও ৰাজনৈতিক অধিকাৰক এই সাংবিধানিক সুৰক্ষাৰ অন্তর্ভুক্ত কৰা নহ’ল৷
উল্লিখিত সমস্যা দুয়োটা– বিদেশী নাগৰিক আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা– সমাধানৰ এয়া উপযুক্ত সময় আৰু পৰিস্থিত়ি, আচলতে শেষ সুযোগ, সময় আৰু পৰিস্থিতি৷ এই সমস্যা দুটাৰ সমাধান এতিয়া নহ’লে আৰু কেতিয়াও নহ’ব৷ স্বাধীনতাৰ দিন ধৰি প্রতিখন কেন্দ্রীয় চৰকাৰে অসমলৈ হৈ অহা প্রব্রজনৰ প্রতি উদাসীন হৈ থাকি অসমৰ বিৰুদ্ধে ষড়যন্ত্র কৰি আহিছে, অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্বৰ প্রশ্নত মৌন হৈ বাৰে বাৰে প্রতাৰণা কৰি আহিছে৷ প্রতিখন চৰকাৰেই এই সমস্যা দুটাৰ সমাধানৰ কথা দিয়ে যদিও বাস্তৱত একো নকৰে৷ অসমৰ উপর্যুপৰি চৰকাৰসমূহো এইক্ষেত্রত বিভিন্ন অজুহাতত কেন্দ্রীয় চৰকাৰৰ এই ষড়যন্ত্র আৰু প্রতাৰণাৰ অংশীদাৰ হৈ আহিছে৷
বর্তমান কেন্দ্রত নৰেন্দ্র মোদীৰ নেতৃত্বত এন ডি এৰ চৰকাৰ ক্ষমতাত অধিষ্ঠিত৷ নৰেন্দ্র মোদীয়েও লোক সভা নির্বাচনৰ আগত অসমক বিদেশীমুক্ত কৰাৰ প্রতিশ্রুতি প্রদান কৰিছিল, কিন্তু যোৱা দুবছৰে তেওঁৰ চৰকাৰে এই ক্ষেত্রত একোৱেই নকৰিলে৷ ধৰি  ল’লোঁ– অসমত কংগ্রেছ চৰকাৰ থকাৰ বাবে নৰেন্দ্র মোদী চৰকাৰে এই ক্ষেত্রত বিশেষ একো নকৰিলে বা কৰিব নোৱাৰিলে৷ এতিয়া অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হৈছে৷ এতিয়া নৰেন্দ্র মোদীয়ে নির্বাচনী প্রতিশ্রুতি পালন কৰাৰ সময় সমাগত, ৩১ বছৰৰ আগতে ‘অসম চুক্তি’ৰে কেন্দ্রীয় চৰকাৰে অসমৰ জনগণক দিয়া প্রতিশ্রুতি পালন কৰাৰ সময় সমাগত৷
নতুনকৈ গঠিত চৰকাৰখনৰ মিত্রদল অগপ– অসম চুক্তিৰ ৰূপায়ণৰ লক্ষ্যৰেই যি দল গঠন হৈছিল৷ বর্তমান চৰকাৰখনৰ অধিকাংশই আছুৰ লগত জড়িত যি অসম আন্দোলনৰ নেতৃত্ব দিছিল, একাংশ অসম আন্দোলনৰ লগত সক্রিয়ভাৱে জড়িত৷ মুখ্যমন্ত্রী সোণোৱাল নিজে আছুৰ সভাপতি আছিল৷ তেওঁৰ আবেদনৰ ভিত্তিতেই উচচতম ন্যায়ালয়ে অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ক্ষেত্রত প্রতিবন্ধক আই এম ডি টি আইন বাতিল কৰিছিল৷ চৰকাৰখনৰ অন্য এক চালিকা শক্তি হিমন্ত বিশ্ব শর্মাই নির্বাচনী সভাবোৰত এই সমস্যাসমূহৰ সমাধানৰ প্রতিশ্রুতি দিছিল৷
কেন্দ্রৰ মোদী চৰকাৰে সমস্যা সমাধান নকৰি দোষ থেলিবলৈ অসমত এতিয়া কংগ্রেছ চৰকাৰ নাই বা লোক সভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱো নাই৷ অসম চৰকাৰে দোষ জাপিবলৈ কেন্দ্রৰ অন্য দলৰ চৰকাৰ নাই, অসমত দোষ জাপিব পৰা মিত্রদলো নাই বা দায়িত্বৰ পৰা হাত সাৰিবলৈ আই এম ডি টিৰ দৰে প্রতিবন্ধক আইনো নাই৷
গতিকে কেন্দ্রৰ মোদী চৰকাৰে আৰু অসমৰ সর্বানন্দ সোণোৱাল চৰকাৰে এতিয়া প্রতিশ্রুতি পালন কৰক, যৌথ প্রচেষ্টাৰে উল্লিখিত সমস্যা দুটা সমাধান কৰক৷ এই কাম যদি এইবাৰ নহয় আৰু কেতিয়াও নহ’ব৷ এই সমস্যা দুটা সমাধানৰ অনুকূল সময় আৰু পৰিস্থিতি আহিছে৷ ইমানৰ পাছতো যদি এই সমস্যা দুটা সমাধান নহয়– বিজেপি, অগপ প্রতাৰকৰ দল বুলি প্রতিষ্ঠিত হ’ব আৰু লগতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব তিলতিলকৈ নিঃশেষ হ’ব৷
তৃতীয়টো সমস্যা– অসমৰ খিলঞ্জীয়াৰ ভূমি সমস্যা৷ কিছুমান বাস্তৱক আমি উলাই কৰিব নোৱাৰোঁ৷ অসমৰ খিলঞ্জীয়া নিজৰ অস্তিত্বক লৈ যথেষ্ট শংকিত৷ কিন্তু এই খিলঞ্জীয়াসকলে এইটো আজিলৈ অনুধাৱন কৰাত ব্যর্থ হৈছে যে ভূমিৰ ওপৰত অধিকাৰেই জাতি এটাৰ পৰিচয় আৰু অস্তিত্বৰ প্রথম চর্ত৷ অসমৰ খিলঞ্জীয়াৰ মাজত ভূমি বিক্রীৰ প্রৱণতা অতি বেছি আৰু এই প্রৱণতাৰ বাবে ভূমি এতিয়া খিলঞ্জীয়াৰ হাতৰ পৰা তীব্র হাৰত অখিলঞ্জীয়াৰ হাতলৈ যাবলৈ লৈছে৷ এনে হোৱাৰ বাবেই অসমৰ খিলঞ্জীয়াই ক্রমবর্ধমান হাৰত অস্তিত্বৰ সংকটত ভুগিবলৈ লৈছে৷
বত্তৃুতা আৰু আন্দোলনেৰে জাতিৰ অস্তিত্ব সুৰক্ষিত নহয়৷ সুৰক্ষিত হয় ভূমি আৰু সম্পদৰ ওপৰত অধিকাৰতহে৷ অসমৰ খিলঞ্জীয়াক এইখিনি অনুধাৱন কৰাবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰক৷ চৰকাৰে খিলঞ্জীয়াৰ ভূমি যাতে কোনো কাৰণতে অখিলঞ্জীয়াৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবে আইন প্রণয়ন কৰক, ইয়াক কঠোৰভাৱে বলৱৎ কৰক৷ খিলঞ্জীয়াৰ স্বার্থ ৰক্ষাৰ প্রতিশ্রুতিৰে বিপুল জনসমর্থনত শাসনলৈ অহা চৰকাৰ এখনে এইখিনি নকৰিলে, ই আৰু কেতিয়াও নহ’ব৷

চৰকাৰ এখনে কৰিব লগা দেধাৰ থাকে৷ কিন্তু অসমৰ ভৱিষ্যতৰ স্বার্থত আৰু অসমৰ খিলঞ্জীয়া বর্তি থকাৰ স্বার্থত ওপৰত উল্লেখ কৰা তিনিটা কাম বর্তমান চৰকাৰখনৰ অৱশ্যে কৰণীয়, তাৎক্ষণিকভাৱে কৰণীয়৷ এইখিনি কাম এইখন চৰকাৰে নকৰিলে ভৱিষ্যতে আৰু কেতিয়াও নহ’ব৷ ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ– উল্লিখিত তিনিটা কাম সম্পাদনে চৰকাৰখনৰ ৫০ শতাংশ সফলতা নির্ণয় কৰিব৷ আৰু এইসমূহৰ সম্পাদনে অসমৰ খিলঞ্জীয়াক বর্তি থকাৰ এক পৰিৱেশৰ প্রতিষ্ঠা কৰিব৷
Posted by Dainik Janambhumi

No comments:

Post a Comment