Thursday 2 June 2016

সফলতা-বিফলতা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফল ঘোষণা কৰাৰ দিনটো এতিয়া বিজয় উৎসৱৰ দৰে হয়৷ দিনটো কৃতকার্যসকলৰ ছবি দূৰদর্শনৰ পর্দাত চিকমিকাই থাকে৷ কৃতকার্যতাই ছাত্র-ছাত্রী আৰু অভিভাৱকসকলক আনন্দেৰে ভৰাই তোলে৷ কৃতকার্যতাৰ সঁচাৰ কাঠীৰ বিষয়ে সফল হোৱাসকলে মন্তব্যও কৰে৷ চৰকাৰী স্কুল নে ব্যক্তিগত খণ্ডৰ স্কুলে গৌৰৱ কঢ়িয়াব পাত্রিৰছে তাৰো বিচাৰ হয়৷ মুঠতে এক উছৱমুখৰ পৰিৱেশ৷ ছপা মাধ্যমো পিছপৰি নাথাকে৷ পিছদিনা ৰাজ্যখনৰ সফল ছাত্র-ছাত্রীসকলৰ ছবিৰে কাকত জিলিকি থাকে৷ আপাততঃ ইয়াত আপত্তি কৰিবলগীয়া একো নাই৷ দকৈ ভাবি চালে বহু কথাই পোহৰলৈ আহে৷ পৰীক্ষা দিয়া সকলো পৰীক্ষার্থীয়েই ভাল ফল নেদেখুৱায়৷ পৰীক্ষা পাৰ হোৱাসকলৰো উত্তম, মধ্যম আৰু অধম ধৰণৰ ভাগ থাকে৷ অকৃতকার্যসকলৰ কথা সেইদিনা পাহৰাৰ দৰে হয়৷
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফল গড় হিচাপত ভাল৷ আগতকৈ বেছি ছাত্র-ছাত্রী পৰীক্ষাৰ বৈতৰণী পাৰ হৈছে৷ শতকৰা প্রায় ৪০ ভাগ ছাত্র-ছাত্রী পৰীক্ষা পাৰ হ’ব নোৱাৰিলে আৰু সেইদিনাৰ উছৱৰ ভাগী হোৱাৰ সুবিধাও নাপালে৷ এনে ছাত্র-ছাত্রীৰ ভৱিষ্যতৰ বাবে শিক্ষা বিভাগে কি কৰিছে তাকো জনা নাযায়৷ পৰীক্ষা আৰু প্রতিযোগিতা কেন্দ্রিক এই যুদ্ধখনৰ প্রচাৰ সংবাদ মাধ্যমত বাৰুকৈয়ে চলে৷ এনে প্রচাৰে একপ্রকাৰ কৃত্রিম এখন সপোনৰ পৃথিৱীৰ আভাসো সৃষ্টি কৰে৷ ফলত এচামৰ সফলতাৰ জগতৰ চিত্রণে আন এচামৰ বিফলতাক আঙুলিয়াই দিয়ে৷ অতি আশাৰ বিপৰীতে হতাশাৰ জন্ম হয়৷ পৰীক্ষাত কৃতকার্যসকলৰ সন্মুখত বিফল হোৱাসকলৰ কিছু হতাশাৰ বলি হৈ জীৱন পাত কৰিবলৈকো আগ বাঢ়ে৷ এইবাৰ পৰীক্ষাত বিফল হোৱা কেইবাজনো ছাত্র-ছাত্রীয়ে আত্মহত্যাৰ পথ বাছি লৈছে৷ সমাজৰ বাবে এই ঘটনা মর্মান্তিক৷ কেৱল পাৰ হোৱা বা নোহোৱাই জীৱনৰ সফলতা বা বিফলতাৰ মাপকাঠী হোৱা উচিতনে? শিক্ষা ব্যৱস্থাই তথাকথিত বিফল এই ছাত্র-ছাত্রীসকলৰ কথা ভবা উচিত৷ জীৱনৰ মুখামুখি হ’ব পৰা শিক্ষাৰ দিহা নহ’লে সমাজৰ বিপদ৷  
Posted by Dainik Janambhumi

No comments:

Post a Comment