Tuesday 28 June 2016

চৰকাৰী ভাষা আৰু ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থা

১৯৬০ চনৰ ৪ জুলাই তাৰিখে কটন মহাবিদ্যালয়ৰ ছাত্রীসকলৰ আৱাসস্থল প্রাংগণত নিৰপৰাধী ছাত্র ৰঞ্জিত বৰপূজাৰীক প্রশাসন যন্ত্রই প্রৰোচিতভাৱে গুলিয়াই হত্যা কৰাৰ পাছত অসমৰ চৰকাৰী কার্যালয়সমূহত অসমীয়া ভাষা প্রয়োগৰ দাবী তুলি শদিয়াৰ পৰা ধুবুৰীলৈ এক পূর্ণাংগ আন্দোলনে ব্যাপকতা লাভ কৰিছিল৷ বহুতো আন্দোলনকাৰী শ্বহীদ হ’ল৷ শ্বহীদৰ বুকুৰ কেঁচা তেজেৰে অসম ভূমি ৰাঙলি হ’ল৷ অসমৰ ৰাজ্যিক কার্যালয়সমূহত সমভাৱে বঙালী ভাষাৰ প্রচলন হ’ব লাগে বুলি ১৯৬০ চনৰ ১৯ ডিচেম্বৰৰ পৰা অসম চৰকাৰী ভাষা আইন, ১৯৬০ কার্যকৰী কৰা হ’ল৷ অৱশ্যে পৰৱর্তী সময়ত বৰাক উপত্যকাৰ কার্যালয়সমূহতো বঙালী ভাষাৰ প্রচলনৰ অধিকাৰ সাব্যস্ত কৰা হ’ল৷ তাৰ পৰৱর্তী সময়ত অসমত বসবাস কৰা বড়ো সম্প্রদায়ৰ লোকসকলৰ দাবী গ্রাহ্য কৰি বড়োসকলে সংখ্যাগৰিষ্ঠভাৱে বসবাস কৰা অঞ্চলসমূহত বড়ো ভাষাকো সেই অঞ্চলৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হ’ল৷ অর্থাৎ অসমৰ বিভিন্ন অঞ্চলত তিনিটা ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে চিনাক্ত হ’ল৷ প্রথমতে এই ভাষাৰ প্রয়োগ জিলা কার্যালয়সমূহৰ মাজত সীমাবদ্ধ আছিল৷ কিন্তু যোৱা ৪ ডিচেম্বৰ, ১৯৬৯ তাৰিখৰ পৰা আৰু ২ ডিচেম্বৰ ১৯৭০ তাৰিখৰ পৰা এই ভাষাৰ পৰিসৰ ক্রমে ৰাজ্যিক বিভাগীয় মুৰববী কার্যালয়সমূহ আৰু ৰাজ্যিক সচিবালয়লৈ সম্প্রসাৰণ কৰা হ’ল৷ এয়া আছিল এক শুভ পদক্ষেপৰ ইংগিত৷
ইতিমধ্যে অসমত ৰাজ্যিক ভাষা আইন ব্যৱস্থা কার্যকৰী কৰাৰ ৫৬ বছৰ কাল অতিক্রম হ’ল৷ অকল অসম বা ভাৰততে নহয়, বিশ্বমঞ্চত এক আমূল পৰিৱর্তন আহিল৷ কিন্তু অতি পৰিতাপৰ কথা এই যে অসমৰ ৰাজ্যিক চৰকাৰী কার্যালয়সমূহত অসমীয়া ভাষা যথাযথভাৱে কার্যকৰী নহ’ল৷ এক সুপ্ত অৱস্থালৈ যেন গভীৰভাৱে নিদ্রামগ্ন হৈ থাকিল৷
যোৱা ২০০৭ বর্ষৰ ১৪ অক্টোবৰত অসম সাহিত্য সভাই এই ভাষা প্রচলন কৰাৰ কাৰণে এক তীব্র আন্দোলন গঢ়ি তুলিলে৷ গোটেই অসমলৈ এই শান্তিপূর্ণ আন্দোলন বিস্তৃত হ’ল৷ অসম সাহিত্য সভাৰ সভাপতি কনক সেন ডেকা প্রমুখ্যে অসংখ্য বিষয়ববীয়া আৰু সদস্য সাময়িকভাৱে কাৰাৰুদ্ধ হ’ল৷ সভাপতি আৰু বিষয়ববীয়াসকলে মুখ্যমন্ত্রী, শিক্ষামন্ত্রী আৰু মুখ্য সচিবৰ ওচৰত এই ভাষাৰ কার্যকৰী ব্যৱস্থাৰ কাৰণে দাবী উত্থাপন কৰিলে৷ আজিও প্রায়ে এই প্রশ্নক লৈ দাবী উত্থাপন হৈ আছে৷ কিন্তু চৰকাৰ নীৰৱ আৰু নির্বিকাৰ৷ অসম চৰকাৰ এই ক্ষেত্রত যেন দ্বিধাগ্রস্ত৷
প্রকৃততে অসম চৰকাৰৰ প্রশাসন মঞ্চত এক বৃহৎ সংখ্যক অনাঅসমীয়া আমোলা আছে৷ প্রশাসনৰ স্বার্থত তেওঁলোকে মৌখিকভাৱে অসমীয়া ভাষাৰে কথোপকথন কৰে৷ কিন্তু লিখিত ভাষা প্রয়োগত তেওঁলোক সদায় অনাগ্রহী৷ ৰাজনৈতিক নেতাসকলে কিবা এক অদৃশ্য কাৰণত তেওঁলোকক বাধ্য কৰিব নোৱাৰে৷ গতিকে, অসমৰ চৰকাৰী ভাষা আইনখন ৰাজ্যিক প্রশাসন মঞ্চত এক অলংকাৰ স্বৰূপহে হৈ আছে৷ ইয়াৰ প্রয়োগ নাই, আনফালে বিনাশো নাই৷ কিন্তু আইনখনৰ স্থিতি আছে৷
অসম ৰাজ্যিক ভাষা আইনখন অতি স্পষ্ট ভাষাত ক’বলৈ গ’লে এখন ৰচনাবহী সদৃশ বুলি অনুভৱ হয়৷ ৰাজ্যৰ আন আইনসমূহৰ দৰে ইয়াৰ প্রণয়ন ব্যৱস্থা আৰু কার্যৰ দৃষ্টিভংগী যথেষ্ট উজ্জ্বল আৰু উন্নত নহয়৷ ইয়াত নাই যথাযথ কার্যব্যৱস্থাৰ বিধি প্রণয়ন ব্যৱস্থা৷ নাই কোনো দমনমূলক তথা শাস্তিমূলক ব্যৱস্থা৷ আইন প্রণয়নৰ স্বার্থতহে এই আইনখন প্রণয়ন কৰি অসমৰ জনগণক সন্তুষ্ট কৰিবলৈ প্রয়াস কৰা হৈছে৷ মুঠতে এই আইনখন এখন অন্তঃসাৰশূন্য আইন৷ অসমত কংগ্রেছ দল ১৫ বছৰৰ শাসনৰ অন্তত অপসাৰিত হ’ল৷ সর্বভাৰতীয় দল ভাৰতীয় জনতা পার্টি শাসনৰ গাদীত অধিষ্ঠিত হ’ল৷ এই দল যদিও এক সর্বভাৰতীয় দল়, ইয়াৰ লগত জড়িত আন চাৰিটা দল কিন্তু আঞ্চলিক দল৷ আনকি, এই ভাৰতীয় জনতা পার্টিৰ প্রায়বোৰ নেতা প্রথমতে আঞ্চলিক ভিত্তিৰ ওপৰতহে প্রতিষ্ঠিত আছিল৷ গতিকে অসম আৰু অসমীয়া ভাষা-সাহিত্যৰ প্রতি তেওঁলোকৰ যথেষ্ট অনুৰাগ থকা বুলি অনুভৱ হয়৷ আনহাতে, কেন্দ্রত অধিষ্ঠিত ৰাষ্ট্রীয় গণতান্ত্রিক মর্ দলৰ ভাৰতীয় জনতা পার্টিৰ নেতা তথা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও অসমৰ জনগণৰ প্রগতিৰ প্রতি যথেষ্ট আগ্রহশীল বুলি তেওঁৰ ভাষণ আৰু কর্মৰাজিত প্রকাশ পাই আহিছে৷
উল্লেখনীয় যে অসম চৰকাৰৰ মুৰববী তথা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ডাঙৰীয়া হৈছে মনে- প্রাণে এগৰাকী অসমীয়া৷ নানা প্রতিকূল অৱস্থাৰ মাজতো তেখেত অসমৰ সর্বাংগীণ উন্নয়নৰ কাৰণে আগ্রহশীল৷ আমাৰ ৰাজ্যখনৰ অসমীয়া চৰকাৰী ভাষাৰ দৈন্যতা সম্বন্ধে তেওঁ নিশ্চয় ইতিমধ্যে অৱগত হৈছে৷ চৰকাৰী দপ্তৰসমূহত আন্তঃৰাজ্যিক স্তৰত ইংৰাজী ভাষা প্রচলন কৰাত আপত্তি নাই যদিও জিলা পর্যায়ত বা ৰাজ্যিক পর্যায়ত ইয়াৰ প্রচলন বাধ্যতামূলক হোৱা উচিত৷ কার্যালয়ৰ নথি-পত্র, টোকা আৰু আদেশসমূহ অসমীয়া ভাষাত প্রচলন কৰিলে ইয়াৰ সুদূৰপ্রসাৰী ফল পৰিলক্ষিত হ’ব৷ ৰাজ্যখনৰ বহুতো লোকৰ ইংৰাজী শিক্ষাৰ জ্ঞান সীমিত৷ গতিকে, নতুনকৈ শাসন-দায়িত্ব গ্রহণ কৰা সর্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ প্রতি অনুৰোধ যাতে আজি ৫৬ বছৰৰ আগতে প্রণয়ন কৰা অসম চৰকাৰী ভাষা আইন (১৯৬০)খন কার্যকৰী কৰাৰ কাৰণে তেওঁ দৃঢ় পদক্ষেপ গ্রহণ কৰে৷
আজি আমাৰ এক শ্রেণীৰ আঢ্যৱন্ত লোকে নিজ পুত্র, কন্যাক পাশ্চাত্য শিক্ষা লাভৰ কাৰণে ইংৰাজী মাধ্যমৰ শিক্ষা প্রতিষ্ঠানসমূহত ভর্তি কৰিছে৷ কিন্তু এই শিক্ষা প্রতিষ্ঠানসমূহে শিক্ষা প্রদানৰ নামত অতি ভয়াৱহভাৱে আর্থিক দিশত লুণ্ঠন চলাইছে৷ তেনে শিক্ষা প্রতিষ্ঠানসমূহক ‘অর্থ নির্মাণ প্রতিষ্ঠান’ বুলি আখ্যা দিলেও ভুল নহ’ব৷ প্রতিটো স্তৰতে ধনৰ দাবী৷ শিক্ষক-শিক্ষয়িত্রীসকলক প্রতিটো উৎসৱত উপঢৌকন দিয়া কার্য বাধ্যতামূলক৷ আঢ্যৱন্ত লোকে তেনে কার্যত গৌৰৱ অনুভৱ কৰে৷ কিন্তু অপেক্ষাকৃত নিম্ন পর্যায়ৰ অভিভাৱকসকলে এই কার্যত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হয়৷ আনহাতে, তেনেবোৰ শিক্ষা প্রতিষ্ঠানত অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্রতি কোনো আদৰ নাই৷ অসমৰ জাতীয় উৎসৱ বা অনুষ্ঠানসমূহৰ প্রতি তেওঁলোক আগ্রহী নহয় অর্থাৎ প্রকৃতার্থত অৱমাননাহে কৰে৷
অসমত যিদৰে ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানসমূহে চৰকাৰী চিকিৎসালয়সমূহৰ লগত এক তীব্র প্রতিযোগিতাত লিপ্ত হৈ চিকিৎসাৰ নামত ৰাজ্যখনৰ নিৰীহ জনতাক আর্থিকভাৱে লুণ্ঠন কৰি আছে, একেদৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত শিক্ষা প্রতিষ্ঠানসমূহে ইংৰাজী তথা পাশ্চাত্য শিক্ষা প্রদানৰ নামত অর্থনৈতিক দিশত এক তীব্র শোষণকার্য অব্যাহত ৰাখিছে৷ সমাজবাদ সমন্বিত এই গণতান্ত্রিক ভাৰতত কিদৰে এনে ধৰণৰ বৈষম্যমূলক ব্যৱস্থাৰ প্রচলন হৈছে? ইয়াৰ জানো কোনো প্রতিকাৰ ব্যৱস্থা নাই? চৰকাৰে জানো এনে ধৰণৰ কুকার্য নিয়ন্ত্রণ কৰিব নোৱাৰে? নিশ্চয় পাৰে৷ ইয়াৰ বাবে লাগিব স্ব-স্থিতি স্থাপন আৰু দৃঢ় পদক্ষেপ৷

আমি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শিক্ষা-স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাদেৱক অনুৰোধ জনাওঁ, এই বিষয়ে তেওঁলোকে দৃষ্টিপাত কৰি এক গঠনমূলক ব্যৱস্থা গ্রহণ কৰক৷ অসম তেওঁলোকৰ সুনেতৃত্বত এক গঠনমূলক আৰু গতিশীল পথেৰে আগবাঢ়ক৷
Posted by Dainik Janambhumi 

No comments:

Post a Comment