Thursday 19 May 2016

বিধবস্ত কংগ্রেছ!


প্রত্যাশিতভাৱে পৰিৱর্তনৰ ঢৌৱে স্বাধীনতাৰ পাছত কংগ্রেছক বৃহৎ বিপর্যয়ৰ সন্মুখীন কৰালে৷ কালি ঘোষিত নির্বাচনৰ ফলে বিজেপি মিত্রজোঁটে দিছপুৰ দখল কৰাটো নিশ্চিত কৰিলে আৰু ধাৰাবাহিকভাৱে তিনিটা কার্যকালৰ বাবে ক্ষমতাত থকা কংগ্রেছক ৰাজ্যৰ ৰাজনীতিৰ পৰা একপ্রকাৰ উৎখাত কৰে৷ বিজেপিৰ ৰাষ্ট্রীয় নেতাসকলৰ লগতে ৰাজ্যিক সভাপতি সর্বানন্দ সোণোৱাল, বিজেপিৰ নেতা হিমন্ত বিশ্ব শর্মা আৰু মিত্র দলৰ নেতাসকলে নির্বাচনৰ পূর্বে যি ছুনামি সৃষ্টি কৰিছিল, সেই ছুনামিত কংগ্রেছৰ দীর্ঘকালৰ মজবুত স্থিতিক থৰক-বৰক কৰি তুলিলে৷ ফলৰ পূর্বে ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহে প্রকাশ কৰা এগ৲জিট লৰ সম্ভাৱনাক সত্য প্রমাণিত কৰিলে ঘোষিত ফলে৷ মুখ্যমন্ত্রী তৰুণ গগৈৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি অঞ্জন দত্তই ৰাজ্যত চতুর্থবাৰৰ বাবে কংগ্রেছে চৰকাৰ গঠন কৰিব বুলি কৰা সদম্ভ ঘোষণাক ধূলিসাৎ কৰি বিজেপি মিত্রজোঁটে ৮৯খন আসন লাভ কৰি দিছপুৰ দখল কৰাটো নিশ্চিত কৰে৷ উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি সর্বানন্দ সোণোৱালে মিছন ৮৪ বুলি লক্ষ্য নির্ধাৰণ কৰিছিল৷ তেনেদৰে বিজেপিৰ নেতা হিমন্ত বিশ্ব শর্মাই ৮৯৯০ খন পর্যন্ত আসন মিত্রজোঁটে লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ উল্লেখযোগ্য যে ২০১১ৰ বিধানসভাৰ নির্বাচনত ৭৮ খন পর্যন্ত আসন লাভ কৰা কংগ্রেছৰ আসন এইবাৰ হ্রাস ২৫ খনলৈ৷ স্বাধীনতাৰ পাছত ১৯৭২ চনত ৯৫খন আসন লাভ কৰা কংগ্রেছৰ আসনৰ সংখ্যা হ্রাস হৈছিল ২৬খনলৈ৷ ৰাজ্যত কংগ্রেছ চৰকাৰৰ বিৰুদ্ধে বলা পৰিৱর্তনৰ বতাহ আৰু খিলঞ্জীয়া লোক ঐক্যবদ্ধ হোৱাত এইবাৰ দলটোত আসনৰ সংখ্যা হ্রাস পালে সর্বনিম্ন ২৫ খনলৈ৷ বিশেষকৈ কংগ্রেছৰ দুর্গ বুলি পৰিচিত উজনি অসমৰ তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰি গোলাঘাট জিলালৈ মুঠ ২৪ টা সমষ্টিৰ ভিতৰত মাত্র 4টা সমষ্টিহে কংগ্রেছে দখল কৰিবলৈ সক্ষম হয়৷ আনহাতে বৰাক উপত্যকাৰ লগতে পার্বত্য অঞ্চলতো কংগ্রেছ ধূলিসাৎ হৈ পৰে৷ তেনেদৰে উত্তৰ অসমতো শাসনাধিষ্ঠিত দলটো ধূলিসাৎ হৈ পৰে৷ কংগ্রেছে ১৯৭৮ চনত মাত্র ২৬ খন আসন লাভ কৰাৰ দৰে ১৯৮৫ চনত ২৭ খন, ১৯৯৬ চনত ৩৪ খনহে আসন লাভ কৰিছিল৷ ২০১৪  চনৰ লোক সভাৰ নির্বাচনৰ সময়ত কংগ্রেছৰ বিৰুদ্ধে সৃষ্টি হোৱা ঢৌ ৰাজ্যত যে অটুট আছে সেই কথা আজি নির্বাচনৰ ফলে প্রতীয়মান কৰিলে৷ ইফালে বিজেপি মিত্রজোঁটে বৃহৎ সাফল্য লাভ কৰে৷ ১৯৮৪ চনত লোক সভাত মাত্র দুখন আসন লাভ কৰা বিজেপিয়ে ২০১৪ চনত ২৮১ খন পর্যন্ত আসন লাভ কৰিবলৈ সক্ষম হোৱা দলটোৱে অসম বিধানসভাৰ নির্বাচনতো অভূতপূর্ব ফল প্রদর্শন কৰিবলৈ সক্ষম হয়৷  ১৯৯১ চনত মাত্র ১০ খন আসন লাভ কৰা বিজেপিয়ে ২০১১ পর্যন্ত কোনোটো নির্বাচনতে ১০ খনৰ ওপৰত আসন লাভ কৰা নাছিল৷ আজি ঘোষিত নির্বাচনৰ ফলত দলটোৱে এককভাৱে ৬১খন পর্যন্ত আসন লাভ কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ মিত্রদল অগপই দুবাৰ ৰাজ্যত চৰকাৰ গঠন কৰিছিল যদিও দলটো ক্রমে নিশকটীয়া হৈ পৰিছিল৷ আজি ঘোষিত ফলত দলটোৱে ১৪ খন আসন লাভ কৰে৷ আনহাতে আনটো মিত্র দল বি পি এফে ১২ খন আসন লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে ২০১১ নির্বাচনত অগপৰ আসনৰ সংখ্যা আছিল ১০ আৰু বি পি এফৰ আসনৰ সংখ্যা আছিল ১২খন৷ প্রধান বিৰোধী দল আই ইউ ডি এফে ২০১১ লাভ কৰা আসনৰ সংখ্যা আছিল ১৮খন৷ কিন্তু এইবাৰ দলটোৰ নেতা বদৰুদ্দিন আজমলে দক্ষিণ শালমাৰা সমষ্টিত প্রতিদ্বন্দ্বিতাত নামি পৰাজিত হোৱাই নহয়, দলটোৰ আসনৰ সংখ্যা হ্রাস পায় ১৩খনলৈ৷ বৰখলা সমষ্টিত নির্দলীয় প্রার্থী মিছবাহ উল ইছলাম লস্কৰ বিজয়ী হয়৷ এইবাৰৰ নির্বাচনত অভিলেখ সংখ্যক ভোটাৰে ভোটদান কৰিছিল৷ ভোটাৰে যে পৰিৱর্তনৰ সপক্ষে ভোটদান কৰিছিল সেই কথা আজি ঘোষিত ফলে স্পষ্ট কৰিলে৷ চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ৬৪খন আসন বিজেপি মিত্রজোঁটে অতিক্রম কৰাৰ পাছত এতিয়া দিছপুৰত নতুন মুখ্যমন্ত্রী, মন্ত্রী সভাৰ সদস্যসকলে শপত গ্রহণ কৰি প্রৱেশৰ শুভ ক্ষণৰ অপেক্ষাত আছে পৰিৱর্তনকামী ৰাইজ৷

Posted by Dainik Janambhumi

No comments:

Post a Comment