Friday 15 July 2016

ৰঙা বাছৰ ক’লা কথা

স্বাধীনতাৰ মাত্র কেইমাহমানৰ পাছতেই তেতিয়াৰ লোকপ্রিয় গোপীনাথ বৰদলৈ নেতৃত্বাধীন অসম চৰকাৰে নিজা উদ্যোগত যাত্রী পৰিবহণৰ বাবে বাছ চলোৱাৰ সিদ্ধান্ত লৈছিল৷ ১৯৪৮ চনৰ ১৫ জানুৱাৰীৰ পৰা অসমত ৰঙা বাছসমূহ পথত চলিবলৈ আৰম্ভ কৰে৷ পৰৱর্তী অৱস্থাত গঁড়ক প্রতীক চিহু হিচাপে লৈ চৰকাৰৰ নিজা উদ্যোগত ১৯৭০ চনলৈকে বাছসমূহ চলি থাকিল৷ ১৯৭০ চনৰ মার্চ মাহত ৰাজ্যিক যাত্রী পৰিবহণ ব্যৱস্থাক নিগমলৈ ৰূপান্তৰ কৰা হ’ল৷ তাৰ পাছৰ পৰাই ‘অসম ৰাজ্যিক পৰিবহণ নিগমৰ নামত বাছবোৰ চলি থাকিল৷
গঁড়ৰ চিহুযুক্ত ৰঙা বাছক লৈ অসমৰ প্রতিজন লোকেই গৌৰৱ কৰে আৰু সময়ে সময়ে আৱেগিক হৈও পৰে৷ পিছে অসমৰ ৰাইজৰ আৱেগ খন্তেকীয়া হোৱাৰ বাবেই এতিয়া নিগমৰ কার্যকলাপলৈ ৰাইজে বৰকৈ মন নিদিয়া হ’ল৷ এটা সময় আছিল এই ৰঙা বাছসমূহে ৰাইজক কম খৰচতে অ’লৈ-ত’লৈ অহা-যোৱা কৰাৰ সুযোগ দিছিল৷ তথাপি নিগমৰ লাভেই হৈছিল, লোকচান হোৱা নাছিল৷ কিন্তু যোৱা শতিকাৰ শেষৰটো দশকৰ পৰাই ‘অসম ৰাজ্যিক পৰিবহণ নিগম’ৰ ৰোগ আৰম্ভ হ’ল৷ সেই দশকৰ শেষৰ ফালে অগপ চৰকাৰৰ পৰিবহণ মন্ত্রী প্রদীপ হাজৰিকাই এক প্রকাৰ নিগমক মৃত্যুৰ মুখলৈ যোৱাৰ বাবে এৰি দিছিল৷ আনকি তিনিচুকীয়া আস্থানত প্রতিবাদী কার্যসূচী লৈ থকা অৱস্থাতো মন্ত্রী হাজৰিকাই কর্মচাৰীসকলক দেখা নকৰাকৈ আস্থানৰ সমুখেৰে পাৰ হৈ গৈছিল৷ এনে অৱস্থাত তৰুণ গগৈ নেতৃত্বাধীন অসম চকাৰৰ পৰিবহণ মন্ত্রীৰ দায়িত্ব গ্রহণ কৰে আমগুৰি সমষ্টিৰ বিধায়ক অঞ্জন দত্তই৷ অঞ্জন দত্তই নিগমক পুনৰ সুস্থ কৰি তোলাৰ বাবে প্রথমে অক্সিজেন দিয়াৰ ব্যৱস্থা কৰে৷ দত্তই দূৰদর্শিতাৰ পৰিচয় দি পৰিবহণ নিগমৰ আস্থানৰ পৰা অর্থৰ বিনিময়ত বেচৰকাৰী বাছ চলোৱাৰ ব্যৱস্থা কৰে৷ এই ব্যৱস্থাই নিগমক অক্সিজেন নোহোৱাকৈ চলিব পৰা কৰিলে৷ এখন-দুখনকৈ নিগমৰ নিজা বাছো বৃদ্ধি হ’ল৷ আয় বাঢ়িল৷ কর্মচাৰীক পাব লগা দৰমহা, অৱসৰ পোৱাৰ পাছত পাব লগা ধন আদি দিব পৰা হ’ল৷ মুঠ কথাত অসম ৰাজ্যিক পৰিবহণ নিগম পুনৰ সুস্থ হৈ উঠিল৷ কিন্তু আচৰিত কথা, তৰুণ গগৈ চৰকাৰৰ শেষৰটো কার্যকালত পৰিবহণ মন্ত্রীৰ দায়িত্ব দিয়া হয় চন্দন ব্রহ্মক৷ ব্রহ্মৰ কার্যকালত পুনৰ নিগম ৰোগশয্যাত পৰিল৷ একমাত্র নিগমৰ এচাম উচচপদস্থ বিষয়া আৰু স্বয়ং মন্ত্রীৰ আত্মঘাতী নীতিৰ বাবেই এনে হ’বলৈ পালে৷ আমাৰ এই অভিযোগৰ যথার্থ প্রমাণৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অন্যতম লাভজনক মণ্ডল তিনিচুকীয়া মণ্ডলৰ উদাহণ দাঙি ধৰিব খুজিছোঁ৷ তিনিচুকীয়া মণ্ডলৰ অন্তর্গত শদিয়াৰ পৰা চেপনলৈকে এক বৃহৎ অঞ্চল৷ এই মণ্ডলত বৃহৎ চৌহদসহ থকা দুটা আস্থান হ’ল তিনিচুকীয়া আৰু ডিব্রুগড়৷ এই দুই আস্থানতেই বাছ মেৰামতি বিভাগ আছে৷ এই বিভাগৰ অভিযন্তাজন থাকে তিনিচুকীয়াত, মাণ্ডলিক কার্যালয়ো তিনিচুকীয়াত৷ এটা সময়ত বেছ ভালভাৱেই চলি থকা তিনিচুকীয়া মণ্ডলত নতুন নতুন বাছ পথত চলোৱাৰো ব্যৱস্থা হৈছিল৷ কিন্তু মন্ত্রী চন্দন ব্রহ্মৰ দিনত ক্রমাগতভাৱে পথত চলি থকা নিগমৰ নিজা বাছ এখনৰ পাছত এখনকৈ একমাত্র বেটাৰী আৰু টায়াৰৰ অভাৱত অচল হৈ পৰি থাকিব লগা হ’ল৷ এতিয়া সমগ্র তিনিচুকীয়া মণ্ডলতে এনে দৰে পৰি থকা বাছৰ সংখ্যা হ’ল ৩৫খন৷ ১৭খন বাছ ডিব্রুগড় আস্থানত দীর্ঘদিন ধৰি পৰি আছে৷ ইয়াৰ উপৰি দুর্ঘটনাগ্রস্ত হৈ ১৫১৮ নম্বৰৰ ছুপাৰফাষ্ট ছৈখোৱা-গুৱাহাটী নৈশ বাছ এখন সামান্য মেৰামতিৰ অভাৱত নগাঁৱত যোৱা কেইবামাহো পৰি আছে৷
দীর্ঘদিন পৰি থকা নিগমৰ বাছসমূহৰ ভিতৰত বহু নতুন বাছো আছে৷ আনহাতে বহুকেইখন বাছ মেৰামতিৰ অভাৱত পৰি থকাৰ বাবে এতিয়া আৰু পথত চলাব পৰাকৈ পূর্বৰ অৱস্থাত নাই৷ এনেদৰে তিনিচুকীয়া আস্থানত পৰি থাকি নষ্ট হোৱা বাছ ৮খন আছে৷
মন্ত্রী-বিষয়াৰ ভুল নীতি আৰু তৎপৰতাৰ অভাৱতেই অধিকাংশ বাছ পৰি আছে৷ প্রায়বোৰ বাছ পৰি আছে একমাত্র বেটাৰী আৰু টায়াৰৰ বাবে৷ কাৰণ এই দুয়োবিধ সামগ্রী মণ্ডল অধীক্ষক বা অভিযন্তাৰ কিনাৰ অধিকাৰ নাই৷  আহিব গুৱাহাটীৰ পৰা, অথচ বাৰে বাৰে আৱেদন জনায়ো গুৱাহাটীৰ পৰা সঁহাৰি পোৱা নাযায়৷ কেতিয়াবা পঠালেও পর্যাপ্ত নহয়৷ ফলত এনে হয় কোনো বাছৰ চকা বেয়া হ’লে পৰি থকা বাছৰ পৰা খুলি আনি লগাই দিয়া হয়৷ এটা সময়ত কেবল বেটাৰীৰ বাবে পৰি থকা বাছৰ চাৰিওটা চকায়েই নোহোৱা হয়৷ এনেদৰে কাঠৰ ওপৰত তুলি থোৱা বাছ কেইবাখনো আছে৷ এইবোৰ দেখিলে বহুতেই ধাৰণা কৰিব হয়তো তিনিচুকীয়া মণ্ডলে গুৱাহাটীলৈ টকা-পইচা উপার্জন কৰি দিব পৰা নাই৷ সেয়া যে সত্য নহয়, যোৱা মে’ মাহৰ তথ্যৰ ওপৰত চকু ফুৰালেই গম পোৱা যাব৷ যোৱা মে’ মাহত তিনিচুকীয়া মণ্ডলে চলি থকা নিগমৰ নিজা বাছৰ পৰা আহৰণ কৰা মুঠ টকাৰ পৰা প্রয়োজনীয় খৰচ বাদ দি গুৱাহাটীলৈ প্রেৰণ কৰে ৩ লাখ ৫১ হাজাৰ ৯৮৮ টকা৷ একেদৰে বেচৰকাৰী বাছৰ পৰা সংগৃহীত টকা গুৱাহাটীলৈ যোৱা মে’ মাহত প্রেৰণ কৰে ২ লাখ ৩৪ হাজাৰ ১১৮ টকা৷ নিগমৰ নিজা পেট্রল পাম্পৰ পৰা পেট্রল বিক্রীৰ পৰা অহা লাভ মে’ মাহত প্রেৰণ কৰে ১ লাখ টকা৷ নিগমে ভাৰাত দিয়া  দোকানৰ পৰা পোৱা ভাৰা ৩৪,৯৩০ টকা৷ ইয়াৰ পৰাই প্রমাণ হয় নিগমৰ বর্তমান পথত চলি থকা বাছৰ পৰাই বছৰত কমেও ৫০ লাখৰ ওচৰা-উচৰি টকা গুৱাহাটীৰ কার্যালয়ে লাভ কৰে৷ এনে ক্ষেত্রত পৰি থকা বাছসমূহো চলি থাকিলে বছৰত কোটি টকাৰ ওপৰলৈ গ’লহেঁতেন৷ এতিয়াও নিগমৰ বাছ আৰু বেচৰকাৰী বাছৰ পৰা পোৱা বার্ষিক উপার্জনৰ পৰা গুৱাহাটী কার্যালয়ে কোটি টকাৰ ওচৰত লাভ কৰে৷ এনে অৱস্থাত থকা সময়ত টায়াৰ, বেটাৰী প্রেৰণ নকৰাৰ একমাত্র কাৰণ অৱহেলাৰ বাহিৰে আন একো হ’ব নোৱাৰে৷ অৱশ্যে ভিতৰুৱা ৰহস্য থকাৰ কথাও বহুতে কয়৷
কেৱল সেয়ে নহয় ৩০০০ টকাত অস্থায়ীভাৱে বহু বছৰ ধৰি কাম কৰি থকা আৰু পাঁচ হাজাৰ টকাত কাম কৰি থকা অস্থায়ী ৮জন কর্মচাৰীয়ে যোৱা ১০ মাহে তেওঁলোকে পোৱা সামান্য টকাকেইটাও পোৱা নাই৷
এতিয়া প্রশ্ন হৈছে ২০২৬ চনৰ পাছত অসম ৰাজ্যিক পৰিবহণ নিগম জীয়াই থাকিবনে নে বেচৰকাৰী খণ্ডক গতোৱা হ’ব৷ কাৰণ বর্তমান নিগমত স্থায়ীভাৱে কর্মৰত ২১৫০জন আৰু অস্থায়ীভাৱে কর্মৰত ৬৫৭জনকে ধৰি অধিকাংশই অৱসৰ ল’ব৷ যিহেতু বর্তমান নিগমত নতুন নিযুক্তি নাই তেনেহ’লে ২০২৬ চনৰ পাছত নিগমৰ কি হ’ব? এটা সময়ত একমাত্র প্রশিক্ষিত চালকেহে নিগমৰ বাছ চলাইছিল৷ সেয়ে দুর্ঘটনা প্রায় নহৈছিল৷ এতিয়া হ’বলৈ লোৱাৰ কাৰণ হ’ল প্রশিক্ষিত চালক নোহোৱা হৈছেগৈ৷ এতিয়া পৰিবহণ মন্ত্রীৰ দায়িত্বত আছে চন্দ্রমোহন পাটোৱাৰী৷ পাটোৱাৰীয়ে এতিয়া নিগমক কেনেদৰে পৰিচালনা কৰে তাৰ ওপৰতে নির্ভৰ কৰিব নিগমৰ ভৱিষ্যৎ৷
(নঃ  ৯৮৫৪১৪৯১৩৩)

No comments:

Post a Comment