Thursday 21 July 2016

ৰহা-কাণ্ড!


চিকিৎসা প্রতিষ্ঠা এখনৰ ঠাই নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে ৰাজ্যত আন্দোলন চলি আছে৷ নগাঁও জিলাৰ ৰহাত ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ দৰে এখন হ’ব লাগে বুলি স্থানীয় ৰাইজে দাবী জনাই আহিছে৷ মূল কথাটো হ’ল ৰাজ্যৰ চাংসাৰিত সেই প্রতিষ্ঠানখন স্থাপনৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ প্রকৃতার্থত এই সিদ্ধান্ত কোনে লয়৷ চিকিৎসা প্রতিষ্ঠানখন কেন্দ্রীয় চৰকাৰে পাতিব৷ তাৰ বাবে প্রয়োজনীয় ভূমি ৰাজ্য চৰকাৰে দিব লাগে৷ কংগ্রেছ চৰকাৰৰ দিনত প্রতিষ্ঠানখনৰ ঠাইৰ বাবে তিনিখন ঠাইৰ তালিকা কৰা হৈছিল৷ সেই তিনিখন ঠাই চোৱাচিতা কৰি কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি দলে নির্দিষ্ট এখন ঠাই বাছি লৈছিল৷ ৰাজ্যৰ কংগ্রেছ চৰকাৰেও সেই মাটি হস্তান্তৰৰ নির্দেশ দিছিল৷ সেই মর্মে চাংসাৰিত চিকিৎসা প্রতিষ্ঠান হোৱাৰ সিদ্ধান্ত হৈছে৷ এনে সময়তে চাংসাৰিৰ সলনি ৰহাত সেই প্রতিষ্ঠান হ’ব লাগে বুলি দাবী উঠিছে আৰু ভাৰতীয় জনতা পার্টিৰ নেতায়ো প্রকাশ্যে ৰহাৰ সমর্থনত কথা কৈছে৷
ৰাজ্যত বিজেপি চৰকাৰ৷ কেন্দ্রতো বিজেপি চৰকাৰ৷ ফলত ইখন চৰকাৰে সিখন চৰকাৰৰ কথা আৰু সিদ্ধান্তক বিবেচনা নকৰাৰ কোনো কাৰণ নাই৷ সেইফালৰ পৰা ৰহাৰ আন্দোলন পুলিচে গুলী চলোৱাৰ পর্যায়লৈ যাব নালাগিছিল৷ এতিয়া বিষয়টো বিধানসভাৰ মজিয়ালৈকো আহিছে৷ বিৰোধী কংগ্রেছ দলে ৰহাত প্রতিষ্ঠানখন পতাৰ পক্ষপাতী৷ যি কি নহওক কংগ্রেছে আগতে চাংসাৰিত কেন্দ্রক মাটি দিয়া কথাটোও সঁচা৷ তাৰ বাবে কংগ্রেছ জগৰীয়া হ’ব কেনেকৈ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্রয়োজন সাপেক্ষে কেন্দ্রীয় চৰকাৰক চিকিৎসা প্রতিষ্ঠানৰ ঠাই সলনি কৰিবলৈকো অনুৰোধ কৰিব পাৰে৷ এই বিষয়ত মুখ্যমন্ত্রীয়ে হস্তক্ষেপ কৰাৰ সুবিধা আছে৷ মূল সিদ্ধান্ত কেন্দ্রৰ যদিও ৰাজ্য চৰকাৰক বিপাঙত পেলাই কেন্দ্রই আগবাঢ়িব নিশ্চয় নিবিচাৰিব৷ মুখ্যমন্ত্রীয়ে এই দিশ চালিজাৰি চাই আগবাঢ়িব পাৰে৷
Posted by Dainik Janambhumi

No comments:

Post a Comment