Friday 23 September 2016

সকলো বনাঞ্চলেই বেদখলমুক্ত হওক


(ক) অসমৰ বাহিৰত অসমৰ নাম যিকেইটা বিষয়ৰ বাবে বিখ্যাত, তাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নাম প্রথমেই আহিব৷ দেখা যায় যে আজিৰ পৰা 20û25 বছৰৰ আগলৈকে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ আশে-পাশে বহু খালী ঠাই আছিল৷ 1991-92 চন মানৰ পৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰে- বাহিৰে অস্বাভাৱিক হাৰত বেদখল বাঢ়ি আহে৷
কেৱল এশিঙীয়া গঁড়ৰ বাবেই নহয়, ঢেঁকীয়াপতীয়া বাঘকে ধৰি কেইবাটাও প্রজাতিৰ বাঘ, 4টা প্রজাতিৰ বনমেকুৰী, হাতী, পাঁচটাৰো অধিক প্রজাতিৰ পহু, প্রায় 500 প্রজাতিৰ দেশী-বিদেশী চৰাই আৰু মাছ, ডলফিন আদি জলচৰ প্রাণীৰ বাবেও কাজিৰঙাৰ গুৰুত্ব অসীম৷ এই বৃহৎ জৈৱতন্ত্রৰ বাবে এটা শান্ত-সৌম্য অনুকূল পৰিৱেশৰ দৰকাৰ৷ এবাৰ গ্রেট ব্রিটেইনৰ যুৱৰাজ চার্লছৰ উপস্থিতিতে হোৱা গঁড় হত্যাই কেৱল অসমৰে নহয়, সমগ্র দেশৰে নাকত কালিমা সানিছিল৷
কাজিৰঙাৰ সংযোজন আৰু সংবর্ধন সময়ৰ আহবান৷ ইয়াৰ পৰিসীমা গোলাঘাট, কার্বি আংলং, নগাঁও, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি জিলা চুই আছে৷ এই আটাইকেইখন জিলাৰ ৰাজহ বিভাগ, অসম চৰকাৰৰ বিয়াগোম বন বিভাগৰ নাকৰ তলতে ‘বন সংৰক্ষণ আইন, 1980’ৰ অধীনত সংৰক্ষিত বনাঞ্চলৰ মাটিত একে ৰাতিৰ ভিতৰতে বেদখলকাৰী বহি বিদু্যৎ সংযোগ পর্যন্ত লৈ, ধর্মীয় স্থান, মাদ্রাছা, স্কুলঘৰ আদি সাজি তাত 1950 চন, 1960 চনৰ নামফলক লগাব পাৰিছে কেনেকৈ? বনবিভাগ আৰু স্থানীয় প্রশাসনে আৰম্ভণিতে বেদখল উচেছদ কৰা হ’লে বর্তমানৰ দৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন৷ বর্তমানৰ আইন শৃংখলাজনিত পৰিস্থিতিত কোনো পক্ষক যদি ক্ষতিপূৰণ দিব লগা পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে তদানীন্তন ভূমি-ৰাজহ বিভাগৰ আমোলা-বিষয়া আৰু বনবিভাগৰ সেই স্থানত কার্যৰত উচচ পদস্থ বিষয়াৰ দৰমহা-পেঞ্চনৰ পৰা কাটি সেই ক্ষতিপূৰণ দিয়াৰ নিয়ম হ’ব লাগে৷ তেনে নিয়ম থাকিলেহে আগলৈ বেদখলকাৰীৰ ক্ষেত্রত প্রশাসন কঠোৰ হ’ব৷

(খ) বেদখলকাৰীৰ জাত-পাত, ধর্ম, জনসংখ্যা আদিক লৈ হুলস্থুল কৰি ৰাজনৈতিক মুনাফা লুটিবলৈ কৰা চেষ্টা ৰাজ্যখনৰ বৃহত্তৰ স্বার্থত অতি অশুভ৷ এচাম ৰাজনীতিকে ভোট বেংক অটুট ৰখাৰ স্বার্থত আৰু আন এচামে প্রতিষ্ঠা লাভৰ চমু পথ বিচাৰি আইনী বিষয় এটা সাম্প্রদায়িকতাবাদৰ ৰঙীন পানীত জুবুৰিয়াই বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰিছে৷ গোলাঘাট জিলাৰ দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল বেদখল কৰিবলৈ উচটনি দিয়া এজন কৃষক নেতাই এতিয়া কাজিৰঙাত জঁপিয়াই পৰিছেগৈ যদিও তেওঁক ‘ৰাজনৈতিক মাইলেজ’ দিয়া আগৰ স্থানলৈ এতিয়া মুখকে নকৰে বুলি জনা যায়৷ ইয়াৰ লগতে একাংশ বৈদু্যতিন প্রচাৰ মাধ্যম আৰু বাতৰিকাকতে অযথা উত্তেজনা সৃষ্টিত অৰিহণা যোগাই আহিছে৷ অভিজ্ঞতাৰ পৰা দেখা যায় যে চৰকাৰী বনাঞ্চল বেদখল কৰা সকলো লোক সর্বহাৰা নহয়৷ বহুতে চাহ বাগিচা, ৰবৰ বাগিচা, ৰিজ’র্ট আদি খুলিবলৈ বেদখল কৰি ৰাজনৈতিক নেতা, কৃষক নেতা আদিক ত্রাণকর্ হিচাপে ব্যৱহাৰ কৰে৷ এনেবিধ বেদখলকাৰীৰ বিৰুদ্ধেও চৰকাৰ কঠোৰ হৈ নিৰপেক্ষতাৰ পৰিচয় দিয়া উচিত৷
Posted By janambhumi.in

No comments:

Post a Comment