Thursday 6 October 2016

আর্থিক সংকটে জুৰুলা কৰিব মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থা

অসমৰ মহাবিদ্যালয় সমূহে এক জটিল অৱস্থাৰ মুখামুখি হ’বলৈ আগবাঢ়িছে৷ ইতিমধ্যে দুই-এখনৰ আর্থিক অৱস্থা বেয়ালৈ গতি কৰিছেই়, কিছুমানৰ কর্তৃপক্ষ চিন্তিত হৈ ভৱিষ্যৎ পৰিকল্পনা কি হ’ব নির্ধাৰণ কৰাত অসুবিধাত পৰিছে৷ বাতৰিকাকতত প্রকাশ হোৱা দুখীয়া ছাত্র-ছাত্রীৰ সংখ্যাটো যদি সঠিক হয় তেনেহ’লে অসমৰ প্রায় 70 শতাংশ লোকেই দৰিদ্র বা দুখীয়া৷ এই পৰিসংখ্যাৰ ওপৰত সন্দেহ ঘনীভূত হোৱা স্বাভাৱিক৷ স্বাধীনতাৰ 70 বছৰৰ পাছতো মহাবিদ্যালয়ত নামভর্তি কৰা দুখীয়া ছাত্র-ছাত্রীৰ সংখ্যা যদি 70 শতাংশ হয়, তেনেহ’লে সর্বসাধাৰণৰ আর্থিক অৱস্থাটো আশাব্যঞ্জক বুলি ক’ব নোৱাৰি৷ ছাত্র-ছাত্রীৰ হিচাপ মতে ত্রিছ শতাংশ লোক আর্থিকভাৱে সচছল বুলি ক’ব নোৱাৰি৷ কাৰণ গাঁৱে-ভূঞে আৰু বস্তি এলেকাত বহুলোক শিক্ষা গ্রহণৰ পৰা বঞ্চিত হৈ আছে৷ এক ধৰণৰ আর্থিক সকাহে এইসকল শিক্ষানুৰাগীক বিশেষভাৱে অধ্যয়নৰ বাবে উৎসাহিত কৰিব৷ অৱশ্যে সমাজৰ গৰিষ্ঠসংখ্যক সাধাৰণ লোকৰ আর্থিক অৱস্থা পুতৌলগা হৈ থকাটোও একধৰণৰ চিন্তনীয় বিষয়৷ কাৰণ অসমৰ ইমানসংখ্যক ছাত্র-ছাত্রীক বিনামূলীয়াকৈ পঢ়াৰ সুবিধা দিয়াৰ ফলত চৰকাৰে বুজন পৰিমাণৰ ধন শিক্ষানুষ্ঠানসমূহলৈ ঘূৰাই দিব লাগিব৷ বছৰি বৃহৎ পৰিমাণৰ ধন শিক্ষাৰ নামত খৰচ কৰিব লাগিব৷ চৰকাৰে বছৰি শিক্ষাৰ নামত নতুন ঘোষণা অনুসৰি খৰচ কৰিব লগা ধনৰ এই আঁচনি স্থায়ী ব্যৱস্থা নে সাময়িক সকাহ? নে ৰাইজে নতুন দলক চৰকাৰ গঠন কৰিবলৈ দিয়াৰ বাবে জনসাধাৰণৰ প্রতি আগবঢ়োৱা পুৰস্কাৰ? পুৰস্কাৰ বুলি যদিহে ভাবিব নালাগে তেনেহ’লে চৰকাৰী বিধি অনুসৰি এনে কল্যাণময়ী ব্যৱস্থাক স্থায়ী ৰূপত জনসাধাৰণৰ মাজলৈ নিয়াৰ ব্যৱস্থা কৰক৷ নতুন চৰকাৰে শিক্ষাৰ প্রতি আগবঢ়োৱা দৰদে সুন্দৰ বাতাৱৰণ আনিবলৈ সক্ষম হ’ব৷ শেহতীয়াকৈ বিশ্ববিদ্যালয় পর্যায়তো বিনামূলীয়া পাঠ্যপুথিৰ ব্যৱস্থা কৰাৰ ঘোষণাই আগ্রহী অধ্যয়নশীল ছাত্র-ছাত্রীৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এনে সিদ্ধান্ত আদৰণীয় হৈ থাকিব যদিহে নির্বাচনৰ পাছৰ চমক নহয়৷ কিন্তু চৰকাৰ আহে আৰু যায়৷ চৰকাৰ সলনি হোৱাৰ লগে লগে এই ঘোষণাবোৰ স্বৰূপার্থত বন্ধ হৈ থাকে আৰু ঘোষণাবোৰ ফুটুকাৰ ফেন হৈ পৰে৷ সেইবাবে চৰকাৰৰ যিকোনো আঁচনিৰ ঘোষণাই সর্বসাধাৰণ ৰাইজক বিশেষভাৱে আশ্বস্ত কৰিব নোৱাৰে৷ এনে ঘোষণাবোৰৰ লগত যিদৰে ইতিবাচক দিশ আছ়ে, ঠিক তেনেকৈ নেতিবাচক দিশো আছে৷ প্রথম কথা, দুখীয়া পঢ়ুৱৈয়ে সুবিধা পাব, কিন্তু বি পি এল কার্ড ব্যৱস্থাৰ দৰে সমাজৰ কিছুমান সুবিধাবাদী আঢ্যৱন্তই চক্রান্ত কৰি দুখীয়াৰ পেটৰ ভাত কাঢ়ি ‘নিজৰ পেটটো ভৰক আন সকলো মৰক’ প্রৱঞ্চনামূলক ভূমিকাৰে চলি থাকে৷ যদি সেয়াই হৈ থাকিবলৈ দিয়া হয়, তেনেহ’লে প্রকৃত দুখীয়া এনে সুবিধাৰ পৰা বঞ্চিত হ’ব৷ প্রথমে দুখীয়াৰ চিনাক্ত পানী নসৰাকৈ কৰিবই লাগিব৷ এনে সুবিধা কোনোৱে যদি ভোগ কৰি থাকে তেনে লোকক ধৰা পৰিলে কঠোৰ ব্যৱস্থা লোৱাৰ ক্ষেত্রত আপোচ কৰিব নালাগিব৷ ইতিমধ্যে হৈ যোৱা বিনামূলীয়া নামভর্তিৰ তালিকাখনত কিছুসংখ্যক ধনী ঘৰৰ ছাত্র-ছাত্রীয়ে ফকতীয়াকৈ নামভর্তি কৰিছে৷ সেইসকলক নাকী লগাবৰ বাবে চৰকাৰে বিশেষ ঘোষণা কৰাৰ প্রয়োজন আছে৷ যিসকলে নিজৰ সন্তানক দুখীয়াৰ মিছা প্রমাণেৰে এপইচা নভৰাকৈ এই সুবিধা গ্রহণ কৰিছে, তেওঁলোকক চৰকাৰী অনুসন্ধান কৰাৰ আগতে এসপ্তাহ বা এমাহৰ ভিতৰত বিনামূলীয়াকৈ নামভর্তি কৰা শিক্ষানুষ্ঠানত সমুদায় ধন ভৰি আত্মসমর্পণ সুবিধা দিব পাৰে৷ অন্যথা চৰকাৰী অনুসন্ধানত সেইসকলৰ সন্তানে দুগুণ পৰিমাণৰ ধন ভৰাৰ ব্যৱস্থা কৰক৷ আইনমতে তেওঁলোক দণ্ডণীয় যদিও সন্তানৰ স্বার্থ চিন্তা কৰি প্রথমবাৰৰ বাবে দণ্ড কমাব পাৰে৷ যদি এনে এটা বিজ্ঞাপন বাতৰিকাকত, বৈদু্যতিন মাধ্যমত প্রচাৰ চলোৱা হয়়, তেনেহ’লে শিক্ষানুষ্ঠানবোৰত দুখীয়া ছাত্র-ছাত্রীৰ প্রকৃত হিচাপ এটা ওলাই পৰিব৷ মুখে মুখে বা ইকাণে-সিকাণে চর্চিত হোৱা আৰু শুনিবলৈ পোৱা গৈছে যে বিনামূলীয়া নামভর্তিৰ ক্ষেত্রত নিজৰ সন্তানৰ বাবে বহু অভিভাৱকে জালচুৰিকৈ এই সুবিধা গ্রহণ কৰিছে৷
আচৰিত কথা যে এতিয়ালৈকে সকলো বিনামূলীয়া নামভর্তি সম্পর্কত প্রথমতে জনোৱা কোনো আশ্বাসৰ সার্থক ৰূপ নেদেখাত শিক্ষানুষ্ঠানসমূহ শ’লঠকত পৰিছে৷ অংশকালীন শিক্ষকৰ দৰমহা, ছাত্র একতা সভা, মেৰামতি, চিকিৎসা, বিদু্যৎ, পানী, ছাত্র কল্যাণ, জৰুৰী, স্বাস্থ্য, ছাত্র আলোচনী আদিৰ পুঁজিসমূহ শূন্য হৈ পৰিছে৷ কম দিনৰ ভিতৰতে মহাবিদ্যালয়সমূহক প্রাপ্য ধনৰাশি ঘূৰাই দিয়াৰ কথা আছিল যদিও যিধৰণে উচচ শিক্ষা সঞ্চালকালয়ে নথি-পত্র বিচাৰিছিল সেই ধৰণে যোগাযোগ কৰাৰ পাছতো সন্তোষজনক সঁহাৰি নোপোৱাত শিক্ষা সমস্যাৰ লগত ভূতৰ ওপৰত দানহ পৰাৰ দৰে আর্থিক সমস্যাই চিন্তিত কৰি তুলিছে৷ এনেয়ে অসমৰ শিক্ষা ব্যৱস্থা হেজাৰটা সমস্যাৰে জর্জৰিত, লগতে মাজে-সময়ে তৎকালীন কিছুমান নির্দেশনাই বহু শিক্ষানুষ্ঠানক বিমোৰত পেলাইছে৷ শিক্ষা বিভাগে দুখীয়া ছাত্র-ছাত্রীৰ বাবে আগবঢ়োৱা সুবিধা সুদূৰপ্রসাৰী এক ইতিবাচক সিদ্ধান্ত, লগতে শিক্ষানুষ্ঠানৰ প্রয়োজন পূৰণ কৰিব পৰা ধৰণৰ আর্থিক সচছলতাৰ দিশত গুৰুত্ব নিদিলে ভয়াৱহ পৰিস্থিতিয়ে গা-কৰি উঠিব৷ সকলো আঁচনিৰে এক দীর্ঘম্যাদী ব্যৱস্থা থাকিব লাগে আৰু সময়ৰ লগত সাল-সলনি কৰিব পৰা পথটো মুকলি থাকিব লাগে৷ অৱশ্যে যোৱা তিনি অক্টোবৰৰ এটা সংবাদে বহু মহাবিদ্যালয়ৰ বাবে আশা কঢ়িয়াই আনিব বুলি ভবা হৈছে৷ কিন্তু মুঠ 1055 কোটি টকা মাত্র 271খন কলেজৰ বাবে ঘোষণা কৰাৰ বাবে বহু মহাবিদ্যালয় বিতুষ্ট হৈ পৰিছে৷ আন্তঃগাঁথনি উন্নয়নৰ বাবে পদক্ষেপ লোৱা চৰকাৰৰ শিক্ষা বিভাগক স্বাগতম জনাই এইটোও ক’ব লাগিব যে বিনামূলীয়া নামভর্তিৰ টকাখিনি চৰকাৰী নীতি অনুসৰি ঘূৰাই নিদিলে মহাবিদ্যালয়ৰ বহু শিতানত পুঁজি ঘাটি হৈ পৰিব৷ শিক্ষা ব্যৱস্থা সময়ৰ লগত কার্যকৰী হোৱাকৈ পাঠ্যক্রমসমূহৰ বাছনি কৰা দৰকাৰ৷ মহাবিদ্যালয়সমূহত উচচতৰ মাধ্যমিকৰ শ্রেণীসমূহ থকাৰ বাবে নতুন শিক্ষা ব্যৱস্থা ফলপ্রসূ নোহোৱা মুখ্য কাৰণ৷ অতিৰিক্ত ভাৰ বহন কৰাৰ বাবে দুইটা স্তৰৰ ছাত্র-ছাত্রীৰ ভীষণ ক্ষতি হৈছে৷ সম্প্রতি মহাবিদ্যালয়সমূহত চি বি চি এছ (Credit Based Choice System) ব্যৱস্থা প্রৱর্তন হ’বলৈ গৈ আছে৷ পূর্বৰ মূল্যমান পদ্ধতি (Mark Based System)ৰ সলনি সময়ৰ মানভিত্তিক (Time Based Credit System) পদ্ধতি প্রৱর্তন হ’লে মহাবিদ্যালয়সমূহৰ কাম দুগুণে বৃদ্ধি হ’ব৷ এই ক্ষেত্রত অসমৰ বিশ্ববিদ্যালয়সমূহৰ লগতে চৰকাৰৰ শিক্ষা বিভাগে বিশেষভাৱে চকু দিব লাগিব৷

Posted by janambhumi.in

No comments:

Post a Comment