Wednesday 21 December 2016

স্বচ্ছতা বৰ্তাই ৰখা ৰাজু ভাইয়াৰ ডায়েৰী

ডিফু চহৰৰ ষ্টেডিয়াম পথত সচৰাচৰ এগৰাকী ব্যক্তিক দেখা পাব হাতত জাৰু এডাল লৈ একান্তমনে পথত থকা লেতেৰা আৱর্জনা আঁতৰাই থকা৷ হায়দৰাবাদত জন্মগ্রহণ কৰি তাতেই স্নাতক ডিগ্রী গ্রহণ কৰি জীৱিকাৰ সন্ধানত ডিফু চহৰলৈ আহে ৰাজেন্দ্র কুমাৰ জৈন৷ ডিফু চহৰত তেওঁ জনপ্রিয় ‘ৰাজু ভাইয়া’ ৰূপে৷ ডিফুলৈ আহি এখন হার্ডৱেৰ দোকানত সহকাৰীৰূপে কর্মজীৱন আৰম্ভ কৰে ১৯৮৫ চনত৷ পাছত ৰাজু ভাইয়াই ডিফু ষ্টেডিয়ামৰ সন্মুখত ২০০২ চনত নিজৰ এখন ইলেক৲ট্রিকেলৰ দোকান আৰম্ভ কৰে৷ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘স্বচছ ভাৰত’ অভিযানৰ বহু বছৰ পূর্বেই এইগৰাকী ব্যক্তিয়ে নিজৰ দোকানৰ সন্মুখৰ লগতে বৃহৎ অঞ্চলত নিজেই হাতত জাৰু লৈ চাফাই কৰি থাকে৷ বহু বাটৰুৱাই এই ব্যক্তিগৰাকীক ‘পাগল’ আখ্যা দিয়ে৷ বহুতে তেওঁৰ কাষেৰে পাৰ হৈ গ’লে নানান মন্তব্য প্রদান কৰি যায়৷ কিন্তু নির্বিকাৰভাৱে হাতত জাৰু লৈ ৰাজু ভাইয়াই নিজৰ চাফাই কামত মনোনিৱেশ কৰি থাকে৷ তেওঁৰ এটাই লক্ষ্য– নিজে থকা স্থান, ব্যৱসায় কৰা স্থান পৰিষ্কাৰ কৰি ৰখা৷ কোনেও কেতিয়াও তেওঁক এই কামত সহায় নকৰে৷ আনকি, তেওঁৰ কাষৰীয়া দোকানীসমূহেও তেওঁক সহযোগ নকৰে৷ এই লেখকৰ সৈতে হোৱা বার্লাপত ৰাজু ভাইয়াই তেওঁৰ জীৱনৰ ইটো-সিটো, বহুতো কথা ব্যক্ত কৰে৷ তেওঁ কয় যে মোক বহুতে পাগল বুলি ভাবে৷ মই প্রথমে মোৰ দোকানৰ সন্মুখছোৱা চাফাই কৰি পাছত ৬৫০ বর্গ মিটাৰ চাফা কৰি ৰখাৰ চেষ্টা কৰোঁ৷ তেওঁ লগতে কয়– এদিন মোৰ মনত এটা কথাই বাৰুকৈ দোলা দিলে– এই মাটিত আমি জন্মগ্রহণ কৰিলোঁ, এই মাটিয়ে আমাক সকলো দিছে৷ এই পৃথিৱীক সুন্দৰকৈ ৰখাটো আমাৰ সকলোৰে কর্তব্য৷ এই কথা সাৰোগত কৰিয়েই মই মোৰ এই স্বচছতাৰ অভিযান আৰম্ভ কৰিলোঁ৷ ২০১৪ চনত ডিফু প্রেছ ক্লাবে ৰাজু ভাইয়াক তেওঁৰ এনে দায়িত্ববোধৰ বাবে ‘ৰাষ্ট্রীয় প্রেছ দিৱস’ত ডিফু প্রেছ ক্লাবৰ তৰফৰ পৰা সন্মান জনায়৷ এয়া আছিল তেওঁৰ কর্মৰ প্রথম স্বীকৃতি৷ ইয়াৰ পাছত ২০১৫ চনৰ ২৬ জানুৱাৰীত ডিফু নগৰ সমিতিয়ে জিলা প্রশাসনৰ উদ্যোগত স্বতন্ত্র দিৱসত সন্মান জনাই তেওঁৰ কামক চৰকাৰী স্বীকৃতি প্রদান কৰে৷ এই স্বীকৃতিসমূহে তেওঁক তেওঁৰ কামৰ বাবে অধিক উৎসাহী কৰি তুলিলে৷ ক্রমাৎ তেওঁ নিজৰ চাফাই কর্মৰ পৰিসৰ বৃদ্ধি কৰিলে৷ ডিফু চহৰৰ সৌন্দর্যত অধিক ৰহন সনা ‘ৰংফাৰপী ৰংৱে’ প্রতিমূর্তিৰ কাষেৰে মূল বজাৰলৈ সোমাই অহা পথছোৱা তেওঁ দৈনিক পৰিষ্কাৰ কৰি ৰাখে৷ দেওবাৰে তেওঁৰ এই চাফাই অভিযান পুৱা ৭ বজাৰ পৰা ১১-১২ বজালৈ চলে৷ ৰাজু ভাইয়াই কয় যে বহুতে মোক হাঁহে, আকৌ বহুতে মোক আহি জনায় যে আপোনাৰ পৰা আমি অনুপ্রাণিত হৈ নিজৰ নিজৰ অঞ্চলসমূহ চাফা কৰি ৰাখিবলৈ যত্ন কৰোঁ৷ এনে ধৰণৰ ইতিবাচক সঁহাৰিয়ে মোক উৎসাহ যোগায়৷ ৰাজু ভাইয়াৰ আক্ষেপ কিন্তু বহু বেছি৷ মোৰ কাষৰ দোকানীৰ লগতে ডিফুৰ সকলো দোকান, ব্যৱসায়ৰ স্বত্বাধিকাৰক মই বহুবাৰ অনুৰোধ কৰাৰ সত্ত্বেও কোনেও মোক সহায়ৰ হাত আগনবঢ়ায়৷ চহৰখনত অতবোৰ সংগঠন আছে৷ কোনো সহায়ৰ বাবে আগবাঢ়ি নাহে৷ ১৫ আগষ্ট, ২৬ জানুৱাৰী আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত বহু সংগঠন ওলাই আহি হাতত জাৰু লৈ চাফাই অভিযানত নামি ফটো তোলা মই দেখা পাওঁ৷ মোৰ আক্ষেপ, এই কাম যদি তোমালোকে দৈনিক এঘণ্টা মানৰ বাবে কৰা আমাৰ এই সৰু চহৰখন পৰিষ্কাৰ হৈ থাকিব৷ ৰাজু ভাইয়াই লগতে কয় যে মোৰ এই কামৰ বাবে মোৰ ব্যৱসায়তো প্রভাৱ পৰিছে৷ মোৰ জীৱিকাৰ একমাত্র সম্বল মোৰ এই দোকানৰ বিক্রীও কমি গৈছে মই সময় দিব নোৱাৰাৰ বাবে৷ তেওঁ কয় যে জিলা প্রশাসন আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে সকলো দোকান-পোহাৰৰ সন্মুখত এখন নির্দেশনা আঁৰি দিব লাগে যে দৈনিক নিজৰ দোকানৰ সন্মুখছোৱা পৰিষ্কাৰ কৰি থ’ব লাগে৷ এই ক্ষেত্রত কেৱল নির্দেশনা জাৰি কৰিলেই নহ’ব পৰিষ্কাৰ-পৰিচছন্নতা অবিহনে এনে দোকানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে জৰিমনা বিহাৰ ব্যৱস্থাও থাকিব লাগে৷ এয়া তেওঁ কাকো অৱমাননা কৰিবলৈ কোৱা নাই বুলি দোহাৰি তেওঁ কয়– এয়া চহৰখনৰ স্বচছতা বর্ই ৰখাৰ বাবে হ’ব লাগে৷ তেওঁ লগতে কয় যে আমাৰ এই সৰু চহৰখন আমি সকলোৱে পৰিষ্কাৰকৈ ৰাখিবলৈ অংগীকাৰবদ্ধ হ’লে অসমৰ ভিতৰত ডিফু চহৰ সকলোতকৈ স্বচছ চহৰ হৈ পৰিব৷ সুদূৰ হায়দৰাবাদৰ পৰা আহি ডিফুত নিগাজিকৈ পত্নী, দুই কন্যা, একমাত্র পুত্রৰ সৈতে ডিফুত বসবাস কৰা এই ৰাজু ভাইয়াই আমাক দেখুৱাইছে এজন দায়িত্বশীল নাগৰিকৰ আদর্শ৷ তেওঁৰ এই কামত আমি প্রত্যক্ষভাৱে সহায় নকৰিলেও আমি সকলোৱে নিজ নিজ দোকান-বাসগৃহৰ সন্মুখছোৱা পৰিষ্কাৰকৈ ৰাখিলে তেওঁৰ ‘সপোন’ ডিফু চহৰ অসমৰ ভিতৰতে এখন স্বচছ চহৰ ৰূপে গঢ়ি তোলাটো বৰ কঠিন নহ’ব৷ ৰাজু ভাইয়া কেৱল ডিফু চহৰ কিম্বা অসমৰে নহয় তেওঁ এজন দেশৰ আদর্শ স্বৰূপ ব্যক্তি৷ আমি তেওঁৰ আদর্শৰ পৰা অলপ শিক্ষা গ্রহণ কৰা উচিত৷
Posted by http://janambhumi.in

No comments:

Post a Comment