Thursday 8 December 2016

নিবনুৱা সমস্যা সমাধানত ৰেচম শিল্পৰ গুৰুত্ব

কৃষি আৰু উদ্যোগ– দুয়োটা দিশতে প্রচুৰ লাভৰ সম্ভাৱনা থকা শিল্পটোৱেই হ’ল ৰেচম শিল্প৷ আর্থিক দিশতে নহয়, যথেষ্টসংখ্যক লোকৰ নিয়োগৰ ক্ষেত্রতো এই শিল্পৰ গুৰুত্ব আছে৷ বিশেষকৈ উন্নয়নশীল দেশবোৰত প্রধানকৈ যিবোৰ দেশত এই শিল্পৰ বাবে উপযুক্ত জলবায়ু আছে সেইবোৰ দেশত ৰেচম বিভাগে দেশখনৰ অর্থনীতিৰ ক্ষেত্রত মুখ্য ভূমিকা গ্রহণ কৰিছে৷ পৃথিৱীৰ ভিতৰত ৰেচম শিল্পৰ ক্ষেত্রত চীন দেশে প্রথম স্থান দখল কৰাৰ বিপৰীতে ভাৰতে দ্বিতীয় স্থান লাভ কৰিলেও সাম্প্রতিক সময়ত উত্তৰ-পূর্বাঞ্চলত ইয়াৰ উৎপাদন কমি যোৱা দেখা গৈছে৷ এই শিল্পৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ১৯৭৯ চনত চীন দেশে উৎপাদন কৰা ৰেচম সূতাৰ পৰিমাণ আছিল ৬৩,০০০ মেট্রিক টন আৰু ভাৰতে উৎপাদন কৰিছিল ১২,০০০ মেট্রিক টন৷ সম্প্রতি ভাৰতবর্ষত ১২১ কোটি জনসংখ্যাৰ প্রায় ৪ কোটি জনসংখ্যা ৰেচম শিল্পৰ লগত জড়িত হৈ আছে৷ অন্যান্য কৃষিকার্যতকৈ লাভজনক এই শিল্প অন্ধ্র প্রদেশ, তামিলনাডু, পশ্চিম বংগ, কর্ণাটক আদিত উৎপাদনৰ ক্ষেত্রত অধিক গুৰুত্ব দিয়া দেখা গৈছে৷ অসম ৰাজ্যত এই ৰেচম শিল্পৰ গুৰুত্ব কিমান, সেয়া চিন্তা কৰিব লগীয়া বিষয়৷ অতীজৰে পৰা পৰম্পৰাগতভাৱে অসমত ৰেচম সূতাৰ ব্যৱহাৰ কৰি অহা হৈছে৷ বিশেষকৈ, আহোম ৰাজত্বৰ ১৬০৩ খ্রীষ্টাব্দৰ পৰা ১৬৪১ খ্রীষ্টাব্দত ৰজা প্রতাপ সিংহৰ দিনত এই শিল্পৰ চোৱা-চিতা কৰিবলৈ মোমাই তামুলী বৰবৰুৱাৰ নেতৃত্বত এটা সুকীয়া বিভাগেই আছিল বুলি জানিব পৰা গৈছে৷ ৰেচম শিল্পৰ লগত জড়িত বিশেষকৈ পাটপলু, মুগা পালকসকলক মাটিৰ খাজনা ৰেহাই দি উৎসাহ যোগোৱা হৈছিল৷ সেই সময়ত ৰজা-মহাৰজাসকলে ইয়াৰ পৰা উৎপাদিত কাপোৰ ব্যৱহাৰ কৰি ইয়াক ৰাজকীয় মর্যাদা দিছিল৷ ইয়াৰ পাছতেই ব্রিটিছ প্রদর্শক আৰু প্রকৃতিবিদ বুখানন, হেমিল্টন, জেনকিন্স, হগন, হাফাৰ, বৌনল ষ্টেক আদিয়ে মুগা-শিল্প জীয়াই ৰখাত গুৰুত্ব আৰোপ কৰিছিল৷

ভাৰতৰ স্বাধীনতাৰ পৰৱর্তী অসম চৰকাৰে ১৯৬১ চনত এখন অভিলাষী আঁচনিৰ দ্বাৰা অসমৰ বিভিন্ন স্থানত চোম আৰু সোঁৱালু গছ ৰোপণ কৰি ভিলেজ গ্রেজিং ৰিজার্ভ নাম দি একোটা মুগা কেন্দ্র প্রতিষ্ঠা কৰিছিল৷ কিন্তু গোৱালপাৰা, কামৰূপ, শিৱসাগৰ, লখিমপুৰ জিলাৰ একাংশ অঞ্চলৰ বাহিৰে আঁচনিসমূহে অন্য ঠাইত বিশেষ সফলতা লাভ কৰা দেখা নগ’ল৷ আগতে উল্লেখ কৰা হৈছে যে ৰেচম শিল্প এটা কৃষি ভিত্তিক শিল্প৷ সূতা উৎপাদনৰ বাবে মূল হ’ল খোলা (Cocoon)৷ পলু পালনৰ দ্বাৰা পৈণত খোলা উৎপাদনলৈকে এই পর্যায়টো কৃষি৷ খোলাৰ পৰা সূতা উৎপাদন কৰি কাপোৰ তৈয়াৰ কৰালৈকে এই পর্যায়টো হ’ল উদ্যোগ৷ অসমৰ মুগা শিল্প এটা কৃষিভিত্তিক কুটীৰ শিল্প৷ প্রাচীন কালৰে পৰা অসমৰ মানুহে ঘৰে ঘৰে ৰেচম পলু পালন কৰি আহিছে৷ ৰেচম পালনৰ দ্বাৰা অসমৰ গাঁৱৰ মানুহখিনি অর্থনৈতিক দিশত কিছু পৰিমাণে লাভৱান হৈছে যদিও ৰেচম পলুৰ পালনত এতিয়াও বৈজ্ঞানিক দৃষ্টিভংগী গঢ় লৈ উঠা নাই৷ ফলত অসমৰ ৰাইজ যিমান লাভৱান হ’ব লাগে সিমান হোৱা নাই৷ ব্যৱহাৰিকভাৱে ইয়াক বোৱা বা কটা হয় যদিও ব্যাৱসায়িক ভিত্তিত ৰেচম পলু পালনত এতিয়াও মনোযোগ দিয়া হোৱা নাই৷ উল্লেখযোগ্য যে ৰেচম কাপোৰৰ ব্যৱহাৰ যথেষ্ট হয় বাবে ইয়াৰ ৰপ্তানিৰো যথেষ্ট থল আছে৷ আমাৰ উদ্যোগী যুৱকসকল অলপ যত্নৱান হ’লেই অতি সহজতে আৰু কম খৰচতে অসমৰ গাঁৱে গাঁৱে ৰেচম শিল্পৰ একোটা উদ্যোগ গঢ় দিব পৰা যাব৷ এই দিশত আগ বাঢ়িবলৈ হ’লে আমাক লাগিব বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰা একোখন চোমনি৷ এক একৰ মাটিত ৪ ৪ মিটাৰ দূৰত্বত ১৪০১৫০ জোপা চোম বা সোঁৱালু গছ ৰুব পাৰি৷ গছ ৰোৱাৰ উপযুক্ত সময় হ’ল জুলাই আৰু ছেপ্টেম্বৰ মাহ৷ পুলিবোৰ সাধাৰণতে ৬০ চেণ্টিমিটাৰৰ পৰা ৭৫ চেণ্টিমিটাৰমান ওখ হ’লেই ৰোৱাৰ বাবে উপযুক্ত হয়৷ পুলি ৰোৱাৰ আগতে গাঁতবোৰ ৬০ চেণ্টিমিটাৰ বহল আৰু ৪৫ চেণ্টিমিটাৰ দ কৰি ৩০ চেণ্টিমিটাৰ পচন সাৰ বা এলড্রিন পাউডাৰ শতকৰা ৫ ভাগ প্রয়োগ কৰি ল’ব লাগে৷ পুলিবোৰ ৰোৱাৰ পৰা মুগা পালন কৰিব পৰা হোৱালৈকে ৫-৬ বছৰ সময় লাগে৷ এই সময়ছোৱাত চোমনি বাগানত অন্য খেতিও কৰিব পৰা যায়৷ প্রতিবছৰে গছপুলিবোৰত নৱেম্বৰ-ডিচেম্বৰ মাহত এক ঘন ফুটকৈ (০.০২৮ ঘন মিটাৰ) গোবৰ প্রয়োগ কৰিব লাগে৷ লগতে আৱশ্যক অনুযায়ী কলম দি জোপোহা কৰি ল’লে পলু পোহাত যথেষ্ট সুবিধা হয়৷ কোনোধৰণৰ ৰোগ নথকা সঁচ আহৰণ কৰাটোৱেই ৰেচম শিল্পৰ ঘাই সোপান৷ বিজ্ঞানসন্মতভাৱে প্রস্তুত কৰা নিৰোগী সঁচ উৎপাদনৰ বাবে কেন্দ্রীয় ৰেচম ব’র্ডৰ অধীনত কামৰূপ জিলাৰ বকোত ১৯৮১ চনত আঞ্চলিক মুগা গৱেষণা কেন্দ্রৰ দ্বাৰা স্থাপন কৰা পলু নিৰোগী সঁচ উৎপাদন কৰি অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰে৷ পলুৰ কণীবোৰ পৰীক্ষা কৰাৰ পাছতেই শতকৰা দুভাগ ফৰমেলিন পানীৰে ধোৱাৰ পাছত পৰিষ্কাৰ পানীৰে পুনৰ ধুই ছাঁত শুকুৱাই ৰখা হয়৷ তেনেদৰে পলুৰ আহিলা-পাতিবোৰ ব্যৱহাৰ কৰাৰ আগতে শোধন কৰি ল’ব লাগে৷ ইতিমধ্যে উজনি অসমৰ যোৰহাটৰ তিতাবৰত থকা চেৰিকালচাৰ ডেমচট্রেশ্যন প্রশিক্ষণ মহাবিদ্যালয়ৰ যোগেদি ৰেচম বিভাগটোক কিছু পৰিমাণে আগুৱাই নিয়াৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব দিয়া দেখা গৈছে৷ একোবাহ মুগা পলু পালন কৰিবলৈ ঋতু অনুযায়ী তাৰতম্য হয়৷ গৰমকালি কম দিনতে অর্থাৎ ২৫৩০ দিনৰ ভিতৰত শেষ হয়৷ কিন্তু জাৰকালি ৫০৫৫ দিন পর্যন্ত সময় লাগে৷ যিবোৰ মুগালাট সূতা কাটিবৰ বাবে ব্যৱহাৰ কৰা হয় সেইবোৰ লাট কেজিত হাজাৰ টকাত বিক্রী কৰা হয়৷ উল্লেখযোগ্য যে বিশ্ববিখ্যাত সোণালী ৰঙৰ মুগা সূতা উৎপাদন কেৱল উত্তৰ-পূর্বাঞ্চলতহে হয়৷ সেয়েহে অলপ মূলধন আৰু বিজ্ঞানসন্মতভাৱে চোমনি তৈয়াৰ কৰি ইয়াক উৎপাদন কৰিব পাৰি৷ ইতিমধ্যে প্রচুৰ সম্ভাৱনা থকা এই উদ্যোগটোৰ প্রতি বর্তমান যুৱক-যুৱতীসকলক আকৃষ্ট কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত কেইবাখনো আগশাৰীৰ মহাবিদ্যালয়ত ৰেচম শিল্পটো এটা কাৰিকৰী বিদ্যা (Vocational Subject) হিচাপে সংযোগ কৰিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৪ বর্ষৰ পৰা স্নাতক শ্রেণী আৰম্ভ কৰি শিল্পীটোক আধুনিকীকৰণ আৰু ইয়াৰ ব্যাপক প্রসাৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ সুদূৰ ভৱিষ্যতে অসমৰ একাংশ যুৱক-যুৱতীয়ে আত্মনিয়োগৰ সুবিধা পোৱাৰ লগতে জাতীয় অর্থনীতিলৈ বৰঙনি যোগাব বুলি আশা কৰাৰ থল আছে৷
Posted by janambhumi.in

No comments:

Post a Comment