Tuesday 22 November 2016

গোলাপৰ ক’লা দাগ

গোলাপৰ প্রজাতিসমূহ কাঁইটীয়া হৈও ফুলত কোনো দাগ নপৰাকৈ ৰাখি নিজৰ সৌন্দর্য আৰু গুণৰ প্রভাৱতে পৃথিৱীৰ ভিতৰতে অন্যতম শ্রেষ্ঠ ফুল হিচাপে খ্যাতি লাভ কৰাটো বিজ্ঞানৰ দৃষ্টিৰে এক উল্লেখযোগ্য কৌতূহল৷ বুজিবলৈ সহজ নহলেও আৰু কেতিয়াবা বিশ্বাস কৰিবৰ মন নগলেও দেখা যায় যে একেজোপা গছতে ফুলা প্রতিথোপা গোলাপৰ সুৱাসো ভিন ভিন হয়৷ বিভিন্ন গোলাপ প্রজাতিৰ মাজতো সুবাসৰ ভন্নতা থাকে৷ বর্তমান সময়ত আধুনিকতাৰ গতিৰে কৃত্রিমভাৱে তৈয়াৰ কৰা পাৰফিউমসমূহত গোলাপৰ সুৱাস আনিবলৈ অনেক লোকে যত্ন কৰিলেও প্রকৃত গোলাপৰ সুগন্ধি সুৱাসৰ সমকক্ষস্বৰূপে স্বীকৃতি অনাত সাফল্যতা লাভ কৰিব নোৱৰাটো গোলাপ ফুলৰ এক স্বকীয় গুণ৷ সেয়েহে বহুতো সুৱাসেৰে ভৰপূৰ অথচ নিজৰ বৈশিষ্ট্যৰে প্রভাৱিত হোৱা গোলাপ ফুলক ফুলৰ ৰাণীবুলি কোৱা হয়৷


গোলাপৰ কলা দাগ বেছিভাৱে চকুত পৰিছিল জম্মু আঞ্চলিক গৱেষণাগাৰৰ ৰামনাথ চপ্রা ঔষধি আৰু সুগন্ধি উদ্ভিদৰ বাগিচাখনত যেতিয়া ১৯৬১ চনৰ আগষ্ট মাহত অস্থায়ীভাৱে আমি প্রায় চাৰি বছৰৰ কাৰণে যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ পৰা বদলি হৈ যাব লগা হৈছিল৷ সেই সময়ত বিশিষ্ট উদ্ভিদবিদ তথা আন্তর্তিক খ্যাতিসম্পন্ন বিজ্ঞানী প্রয়াত ড0 ই কে জান৲কী অমল যোৰহাট গৱেষণাগাৰৰ অফিচাৰ অন স্পেচিয়েল ডিউটি (OSD)’ হিচাপে জম্মুৰ গৱেষণাগাৰতে অৱসৰৰ পাছত চাকৰি কৰিছিল৷ সেইবাবে তেওঁ আছিল যোৰহাটৰ পৰা যোৱা তিনিজন উদ্ভিদ বিজ্ঞানীৰে মুৰববী৷ ড0 অমলে বহু দিন দেশ-বিদেশৰ পৰা সংগ্রহ কৰা প্রায় ২০০ৰো অধিক উন্নত গোলাপৰ প্রজাতি আনি জম্মু গৱেষণাগাৰৰ বিজ্ঞানী বি কে এব্রলৰ সহযোগত আৰ এন চপ্রা বাগিচাত ৰোৱাইছিল৷ প্রজাতিসমূহ মূলতঃ আছিল ৰজা ডামাচিনাৰ বংশধৰ৷ অৱশ্যে অন্য প্রজাতিৰ গোলাপ গছো বাগিচাখনত কিছু পৰিমাণে ৰোৱা হৈছিল৷ জম্মুৰ পৰিৱেশত গোলাপ গছ বহু বছৰলৈ জীয়াই থাকে যদিও বায়ুমণ্ডলৰ আর্দ্রতা কমি গলে আৰু তাপমাত্রা বেছি হলে প্রতিকূল বতৰৰ সৃষ্টি হৈ ফুলবিলাক সৰু হোৱাই নহয়, গোলাপৰ কলা দাগৰ এবিধ ভেঁকুৰে আবতৰীয়াভাৱে গছৰ পাত আৰু ফুলসমূহ যথেষ্ট পৰিমাণে নষ্ট কৰিছিল৷ ড0 অমলে মোৰ উদ্ভিদৰ ৰোগ আৰু প্রতিকাৰৰ প্রতি আকর্ষণ থকা বুজি পাই গোলাপৰ কলা দাগৰ ওপৰত অনুসন্ধান তথা কিছু গৱেষণা কৰাৰ পৰামর্শ দিলে৷ অৱশ্যে জম্মু গৱেষণাগাৰৰ প্লেণ্ট-পেথলজিবিভাগৰ মুৰববী প্রয়াত দুর্গা দাস গাংগুলিকো মতাই আনি যাৱতীয় সুবিধা দিয়াৰ লগতে পৰিচয় কৰাই দিলে৷ এয়ে আছিল গোলাপৰ কলা দাগ অনুসন্ধানৰ প্রাৰম্ভণি৷

প্রাথমিক পর্যায়ত কিছু পৰিমাণৰ বৰষুণ হলেই জম্মুৰ বতৰত সৰু-বৰ সকলো পাততে পেন-হেডৰ দৰে সূক্ষ্ম চিন কিছুমান ঠায়ে ঠায়ে দেখা দিয়ে৷ বহুতো এনে চিহুই বৰণ সলাই ক্রমে ডাঙৰ হৈ ১২ দিনমানৰ ভিতৰতে কলা দাগৰ আকৃতি লয়৷ প্রায় ঘূৰণীয়া দাগবিলাক কোনো সময়ত বৃদ্ধি হৈ ওপৰা-উপৰি হয়৷ গছৰ কুঁহিপাতত আক্রমণ সৰহ হয় বাবে সোনকালে মৰহি যায়৷ চাৰি সপ্তাহমানৰ পৰা পাতবিলাক কিছু পৰিমাণে হালধীয়া হয় আৰু সৰিবলৈ ধৰে৷ পাতৰ ঠাৰি অংশৰ গুৰিত ৰোগ হয় বাবে সৰাত সুবিধা হৈ পৰে৷ বৰষুণৰ অন্তত গছৰ কলা দাগবিলাক বেছি হয়৷ সাধাৰণতে এদিন-দুদিন বৰষুণ হৈ গলে কলা দাগৰ সংখ্যাও সৰহ হয়৷ পাতৰ কলা দাগবিলাক তলৰ ফালতকৈ ওপৰৰফালে বেছি৷ সম্পূর্ণ দাগবিলাকৰ ব্যাস পৰিমাণত ৭ মিলিমিটাৰ, কোনো ক্ষেত্রত প্রায় ১২ মিলিমিটাৰ মান হয়৷ দাগবিলাক প্রায়েই ঘূৰণীয়া, ইটোৰ লগত সিটো প্রায়েই লাগি নাথাকে৷ প্রতিটো ডাঙৰ পাতত গড় হিচাপত ৩.৫টা দাগ পোৱা গৈছিল৷ দাগৰ ওপৰফালে বহুতো এছাৰবুলাছসংগঠন হোৱা দেখা যায়৷ ভেঁকুৰৰ আকৃতি বিজ্ঞান (morphological) মতে কৰকজালবিলাক অসমাংগ, বিষম বা অনিয়মিত৷ সূত্রপুঞ্জ (mycelium)সমূহ স্বচছ আৰু শাখা-প্রশাখাৰে ভৰপূৰ৷ হাইফাবিলাক ৩.৬ৰ পৰা ৪.৯ মিউবহল৷ জননকোষ (Conidia) ডিম্বাকৃতিৰ, এককভাৱে খণ্ডিত, দুয়োটা কোষ সমান নহয়, ভিতৰৰ অংশ স্বচছ নাইবা সাধাৰণভাৱে সেউজীয়া, সৰহ সংখ্যক জননকোষ গদাকৃতিৰ৷ গছৰ পাতৰ পৰা আহৰণ কৰা জননকোষ ১৩.১-১৯.৯â৪.২-৬.৪ মিউজোখৰ৷

কৌশলগতভাৱে তৈয়াৰ কৰা PDA-ৰ দৰে ৰাসায়নিক আধাৰত (artificial infection) সামান্য অংশ ৰাখিলেও কলা দাগৰ ভেঁকুৰখিনি বৰ লাহে লাহে গজে৷ উপযুক্ত তাপমাত্রাত (২৫০-৩০০ চেণ্ট্রিগ্রেড) থলেও তিনি দিনৰ পাছতহে ভেঁকুৰ গজিবলৈ আৰম্ভ কৰে৷ বহুত দিনলৈ পেট্রিডিছসমূহ উপযুক্ত পৰিৱেশত ৰাখিলেও মাত্র ৯.৫ মিলিমিটাৰমানহে গজা দেখা যায়৷ অৱশ্যে বাহ্যিকভাৱে অনেক দিনলৈ গজন প্রক্রিয়াৰ কোনো পৰিৱর্তন নেদেখিলেও মেডিয়াৰতলভাগলৈ ভেঁকুৰৰ হাইফাসমূহ বিস্তৃত হৈ পৰেযিটো Shirakawa, H.S. নামৰ অনুসন্ধানকাৰীয়েও ১৯৫৫ চনতে অনুমান কৰিছিল Diplocarpon rosae Wolf নামৰ ভেঁকুৰৰ ক্ষেত্রত (Amer. J. Bot. Vol 42 : 379-384)৷ গোলাপৰ কলা দাগৰ ভেঁকুৰ ভাৰতবর্ষৰ পৰা পোনপ্রথমবাৰৰ বাবে R. D. Anstead-এ উল্লেখ কৰিছিল 1925 চনত (Imperial Bareau of Mycology, Fungilist 1, পৃষ্ঠা-1)৷ ইয়াৰ পাছত Patel, M. K. ইত্যাদিয়ে 1989 চনত Fungi of Bombay, Supple, 1, Indian Phytopath, 2 : 144 পৃষ্ঠাত মাত্র ভেঁকুৰটোৰ নাম উল্লেখ কৰিছিল৷ ১৯৬৩ চনৰ Indian Phytopath, Vol 16, 255-259 পৃষ্ঠাত D. N. Bordoloi আৰু D. Ganguly-Black Spot of Roses caused by Diplocarpon rosae wolf-ৰ বিজ্ঞানভিত্তিক বহুতো বিশ্লেষণ আনি নতুন তথ্যৰ উদ৲ঘাটন কৰি লিখা প্রবন্ধত অনেক কথা প্রকাশ পাইছে৷

জম্মুৰ পৰিৱেশত জানুৱাৰী মাহত গোলাপৰ গছ বেছিকৈ আক্রান্ত হয় আৰু ৰোগৰ প্রৱণতা এপ্রিল মাহৰ তাপমাত্রা ২৫০-৩২০ থকালৈকে বৃদ্ধি হৈ প্রায় সমগ্র প্রজাতিকে এক ৰোগগ্রাহী (susceptibility) অৱস্থালৈ আনে৷ অৱশ্যে ৰোগাক্রান্ত গোলাপৰ অংশ বিশেষত থকা ভেঁকুৰ জননকোষৰ জীৱন ক্ষমতা (Viability) ৩৪০ চেণ্ট্রিগ্রেডৰ অতিক্রম কৰিলেই জননকোষ (conidia)বিলাকৰ কার্যক্ষমতাও নিম্নগামী হৈ পৰে৷ সেইদৰে গৱেষণাগাৰত কৰা মেডিয়াসমূহৰ পি-এইচ মূল্য ৪-৫ পৰিমাণত থাকিলে কনিডিয়াৰ অংকুৰণ বৃদ্ধি হয়৷ দেখা যায়, ৬০ শতাংশ কনিডিয়াৰ এডাল মাত্র অংকুৰণ নলিকা (germ tube) থাকে৷ দুই বা ততোধিক অংকুৰণ নলিকা থকা কনিডিয়া সাধাৰণতে নাথাকে৷ আনহাতে, কোমল কাণ্ডসমূহত (young stem) বহুতো ভেঁকুৰ-এচাৰবুলাছ (acervuli) প্রায়েই জীৱন ক্ষমতাধাৰী হৈয়ে বহু দিনলৈ থাকে আৰু নতুন বছৰত লিংগেন্দ্রিয় স্বৰূপে কাম কৰে৷

গোলাপৰ বাগিচাখনত থকা ৫৩ জোপা গছ চিনাক্ত কৰি স্বাভাৱিক প্রথাৰে (natural incidence of black spot) সপ্তাহত এবাৰকৈ পৰীক্ষা কৰোঁতে ভেঁকুৰ আক্রমণৰ বহুত ব্যৱধান পোৱা গৈছিল৷ তেনে প্রজাতিসমূহ আছিল Rosa Madame Eugene Rosal, Rosa Donal Prior, Rossa Armagh, Rosa Margaret Ane Boxter, Rosa Glacier আৰু Rosa Constellation, যিবিলাকে মাত্র 1.0-5.0 শতাংশহে ভেঁকুৰ ৰোগাক্রান্ত হৈছিল আৰু তাৰ ভিতৰত Rosa Donal Prior খুব সামান্যভাৱে আক্রান্ত হৈছিল৷ এই অনুসন্ধানৰ সময় আছিল ১৫ ফেব্রুৱাৰীৰ পৰা এপ্রিলৰ শেষলৈকে৷ এনে প্রাকৃতিক পৰিৱেশৰ অনুসন্ধানে ভেঁকুৰ-প্রতিৰোধী জেনেটিক প্রজাতি উদঘাটনৰ ইংগিত বহন কৰে৷

উদ্ভিদবিদসকলে প্রায় ২৫০টা প্রজাতিৰে গঠিত গোলাপৰ এক বৃহৎ পৰিয়াল সমগ্র পৃথিৱীতে কম-বেছি পৰিমাণে বিয়পি আছে বুলি কব খোজে৷ সুগন্ধিবিদ শুৱেনথাৰে হাইব্রিডসহ পাঁচ হাজাৰতকৈও অধিক গোলাপৰ প্রজাতি স্থান বিশেষে (Guenther, E. 1952 : The Essential oils Vol 5, page 5, D. Van Nostrand Co. Ins, Newyork) সুন্দৰভাৱে পোৱা যায় বুলি কৈছে৷

জনা যায় যে সকলো গোলাপ প্রজাতিৰ ফুলৰ বৰণ আৰু সুৱাস একে নহয়৷ কিছুমানৰ ফুল একেবাৰে গন্ধহীন৷ এইবিলাক প্রজাতি বাগিচাৰ সৌন্দর্যৰ বাবেই ৰোৱা হয়৷ জম্মুৰ বাগিচাখনত ৰোৱা সুগন্ধি গোলাপৰ ভিতৰত ৰজা চেণ্ট্রিফলিয়া, জা মচকেটা, জা বৰবনিআনা আৰু ভিন্নৰঙী গোলাপ ফুলৰ ভিতৰত চেণ্ট্রিফলিয়া ফুলসমূহ জিংক ৰঙৰ, বগা ৰঙৰ মচকেটা গোলাপ হিমালয়ৰ ৯০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ ওখ উচচতাত অন্য গছৰ গাত বগুৱাবাই গজে আৰু কস্তুৰি গন্ধৰ দৰে সুৱাস বিস্তাৰ কৰে৷ দক্ষিণ ভাৰতত সজোৱা বৰবনিআনা গোলাপৰ অন্য এক নাম এডৱার্ড ৰজ৷ মধ্য প্রদেশত ইয়াৰ খেতি প্রচুৰ পৰিমাণে হয়৷ ইয়াৰ ৰঙা-বেঙুনীয়া ফুলবিলাক সাধাৰণতে মালা তৈয়াৰ কৰাত লগোৱা হয়৷ ডামাচিনা প্রজাতিৰ গোলাপ সুগন্ধি আৰু সুৱাসৰ বাবে পৃথিৱীৰ বহু ঠাইতে গজোৱা হয়৷ ভাৰতবর্ষৰ কনৌজ, আলিগড়, ঘাজিপুৰ, বালিয়া ইত্যাদি ঠাইৰ লগতে ৰাজস্থানৰ পুষ্কৰ, হালডিঘাটি, উদয়পুৰ, নাথদেওৰা আৰু খামনৰ়, বিহাৰৰ মধুপুৰ, দেওগৰ আদি স্থানত গোলাপৰ খেতি প্রচুৰ পৰিমাণে আছে৷ এনে স্থানতো কলা ভেঁকুৰৰ আক্রমণ নথকা নহয়৷ আনহাতে, অসম তথা উত্তৰ-পূব ভাৰতত গোলাপ ফুলৰ খেতি ব্যাৱসায়িক ভিত্তিত বেছিকৈ কৰা দেখা নাযায়৷ কিয়নো প্রবল বৰষুণৰ বাবেই সম্ভৱো নহয় বুলি ভবা হয়৷ অৱশ্যে বাৰী শুৱনি কৰাত গোলাপ ফুল অনেকে বাসস্থানৰ আশে-পাশে ৰোৱা দেখা যায়৷ ডিপ্লকাৰপন ৰজিৰ কলা দাগ অসমতো যথেষ্ট আছে৷

গোলাপ ফুলৰ পৰা তৈয়াৰ কৰা সুগন্ধি তেলৰ মূল্য আন্তঃৰাষ্ট্রীয় বজাৰত প্রতি লিটাৰত প্রায় দুই লাখ টকা৷ ডালৰ পৰা শিপাৰ পোখা ওলোৱা পদ্ধতিকে ভাৰতৰ বহু ঠাইত কৰি থকা হৈছে৷ এক মিটাৰমান দকৈ গাঁত খান্দি পচন সাৰ দি যথা সময়ত শিপা ওলোৱা বীজসমূহ ৰোৱা হয় আৰু সৰহীয়া খেতিত নাইট্রজেন, ফচফেট আৰু পটাচৰ ব্যৱহাৰো কৰিব লাগে৷

বুলগেৰিয়াৰ গোলাপ ফুলৰ উদ্যোগে পৃথিৱীৰ ভিতৰতে সর্বশ্রেষ্ঠ স্থান আজিও অধিকাৰ কৰি আছে৷ ভাৰতবর্ষত শতকৰা ৮০ ভাগ সুগন্ধি গোলাপ মাত্র গোলাপজল তৈয়াৰী কাৰণতে বর্তমান ব্যৱহাৰ হয়৷ পাৰফিউম আৰু ছালৰ বেমাৰ উপশম ঘটাবলৈ গোলাপ জলৰ প্রয়োজন দেশীয় বজাৰত যথেষ্ট আছে৷ চন্দন কাঠৰ তেলৰ মাজেদি গোলাপ ফুলৰ পতনৰ সময়ত ডিছটিলেটখিনি পাৰ কৰি দি তৈয়াৰ কৰা ৰজ আতৰৰ মূল্য ভাৰতত অনেক বেছি৷ চেনিৰ ৰসত গোলাপ ফুলৰ পাপৰি ডুবাই বনোৱা গুলকান্দ দ্রব্যক মৃদুজুলাম, টনচিল বা ডিঙিৰ বেমাৰৰ বাবে অনেকে ব্যৱহাৰ কৰে৷


ভাৰতবর্ষত হোৱা গোলাপৰ তেল বুলগেৰিয়াত হোৱা তেলৰ প্রায় একে পর্যায়ৰ বুলি প্রমাণিত হলেও স্থান বিশেষে একোজোপা গছে ১৫ৰ পৰা ২০ বছৰলৈকে জীয়াই থাকে৷ অথচ কয়োম্বাটুৰ আদি স্থানৰ খেতিত যত্নপৰ হলেও সেই ঠাইত গোলাপ ফুল নুফুলাৰ কাৰণে সুচাৰুৰূপে সফলতা লাভ কৰিব পৰা নাই৷ যিহেতু উত্তৰ-পূব ভাৰতত ফুলৰ গন্ধ তুলনামূলকভাৱে উন্নত আৰু উৎপাদিত ফুলৰ পৰিমাণো সৰহ, তেনে ক্ষেত্রত বৈজ্ঞানিক দৃষ্টিভংগীৰে উন্নত গোলাপ তথা গছত কলা দাগৰ বেমাৰ হব নোৱৰা বা বেমাৰ প্রতিৰোধী (resistant) প্রজাতি বাছনিৰে খেতি কৰিলে খেতিয়কসকল লাভৱান হোৱাৰ লগতে নতুন উদ্যোগ গঢ়াৰো সম্ভাৱনা আছে৷
Posted by janambhumi.in

No comments:

Post a Comment