Friday, 29 April 2016

চাহ খেতিৰ বিপদ

আবতৰীয়া বৰষুণ, শিলাবৃষ্টি আৰু বানৰ ফলত ৰাজ্যৰ চাহ খেতিৰ ক্ষতি হৈছে৷ সামগ্রিকভাৱে এপ্রিল মাহত চাহ খেতিৰ ক্ষতি হৈছে যদিও ক্ষুদ্র খেতিয়কসকলৰ বাবে ই ডাঙৰ বিপদ হিচাপে দেখা দিছে৷ নেৰানেপেৰা বৰষুণ আৰু চাহ খেতিত ৰ’দ নপৰাৰ বাবেই এই মাহটোত উৎপাদন হ্রাস পোৱাটো স্বাভাৱিক৷ অৱশ্যে বিশেষজ্ঞসকলে অনুমান কৰিছে যে খেতিৰ শেষত ক্ষতিৰ পৰিমাণ হ্রাস পাব৷ অর্থাৎ বতৰটোত উৎপাদনৰ বেলিকা আৰম্ভণিতে হ্রাস হোৱা চাহপাত উৎপাদনৰ পৰিমাণৰ জোৰা মাৰিব পৰা হ’ব৷ এয়া অনুমানহে৷ গতিকে ক্ষতিৰ আশংকাই চাহ উদ্যোগক উদ্বিগ্ন কৰাটো স্বাভাৱিক৷ ক্ষুদ্র চাহ খেতিয়কসকলেও বতৰৰ কাণ্ডত উদ্বিগ্নতা প্রকাশ কৰিছে৷ এয়া হ’ল এই বছৰটোৰ চাহ উদ্যোগৰ ক্ষতি বিষয়ক শংকা৷ সামগ্রিকভাৱে ক্ষুদ্র চাহ খেতিয়কসকল ক্ষতিৰ আশংকাত আছে৷ কাৰণ তেওঁলোকৰ উৎপাদন ব্যয়ৰ তুলনাত উপার্জন কম হোৱাৰ অভিযোগ বহুদিনীয়া৷ এই বিষয়ে চৰকাৰক আর্জি পেছ কৰাৰো দিন হ’ল৷
কেন্দ্রীয় চৰকাৰে ক্ষুদ্র চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ প্রধানমন্ত্রীৰ শস্য বীমা আঁচনিৰ দৰে এক আঁচনি ক্ষুদ্র চাহ খেতিয়কৰ বাবেও প্রস্তুত কৰা হৈছে৷ এই বীমা আঁচনিৰ জৰিয়তে ক্ষুদ্র চাহ খেতিয়ক লাভৱান হ’ব বুলি কোৱা হৈছে৷ এই বীমাৰ প্রিমিয়ামৰ বেলিকা কেন্দ্র আৰু ৰাজ্য চৰকাৰ আৰু বীমা কৰোঁতাই প্রিমিয়াম দিব লাগিব৷ আৰু ক্ষয়-ক্ষতিৰ বেলিকা এই বীমাৰ সহায়ত ক্ষুদ্র চাহ খেতিয়কসকলে ক্ষতিপূৰণ পাব৷ আগতেও এনেধৰণৰ বীমা আছিল৷ কিন্তু ক্ষুদ্র চাহ খেতিয়কসকলে যথেষ্ট পৰিমাণে প্রিমিয়াম দিবলগীয়া হোৱাত এই আঁচনি বাদ পৰিছে৷ বর্তমানৰ আঁচনিয়ে কেন্দ্র, ৰাজ্য আৰু বীমা কৰোঁতাৰ প্রিমিয়াম দিয়াৰ অনুপাত বান্ধি দিছে আৰু এয়া হ’ল ৭৫ঃ১৫ঃ১০ অর্থাৎ কেন্দ্রই ৭৫, ৰাজ্যই ১৫ আৰু ক্ষুদ্র চাহ খেতিয়কে ১০ ভাগ প্রিমিয়াম দিব লাগিব৷ এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ সন্মতি লাগিব৷ নতুন চৰকাৰ গঠনৰ পাছতহে এই আলোচনা সম্ভৱ৷ তদুপৰি প্রিমিয়ামৰ বেলিকা ক্ষুদ্র চাহ খেতিয়ক সন্মত হ’লেহে আঁচনি ৰূপায়ণ সম্ভৱ হ’ব৷ ক্ষুদ্র চাহ খেতিয়কে ইয়াক কেনেদৰে গ্রহণ কৰে তাৰ ভিত্তিত বীমাৰ সফলতা নির্ভৰ কৰিব৷

Tuesday, 26 April 2016

বৰদৈচিলা


Monday, 18 April 2016

বিজয়ৰ মুকুট পিন্ধি মাতৃভূমিত ‘মিছ ইণ্ডিয়া’



‘মিছ ইণ্ডিয়াৰ দৰে এটা সন্মানীয় খিতাপ জয় কৰি লাভ কৰা আনন্দ এতিয়াও ভাষাৰে প্রকাশ কৰিব পৰা নাই৷ বহুত ভাল লাগিছিল৷ কিন্তু মই গুৱাহাটী আৰু অসমক প্রতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰিছিলোঁ৷’ –অসম আৰু অসমবাসীক দেশবাসীৰ সন্মুখত গৌৰৱান্বিত কৰি ২০১৬ বর্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱর্ল্ড সন্মান অর্জন কৰা অসম কন্যা প্রিয়দর্শিনী চেটার্জীয়়ে আজি খিতাপ জয়ৰ পাছত প্রথমবাৰলৈ মাতৃভূমিত ভৰি দি এইদৰে কয়৷ দেশৰ সৌন্দর্য প্রতিযোগিতাৰ ক্ষেত্রখনত অতি সন্মানীয় হিচাপে পৰিচিত ফেমিনা মিছ ইণ্ডিয়া প্রতিযোগিতাত বিজয়ী হোৱাৰ মুহূর্তৰ অনুভৱ প্রকাশ কৰিবলৈ ভাষা বিচাৰি নোপোৱা প্রিয়দর্শিনীয়ে বিজয়ী ঘোষণা কৰাৰ সময়ত নিজৰে বিশ্বাস হোৱা নাছিল বুলি কয়৷ বৰঝাৰ বিমান বন্দৰত ভৰি দি আজি মিছ ইণ্ডিয়া প্রিয়দর্শিনীয়ে তেওঁৰ এই কৃতিত্বৰ বাবে বন্ধুবর্গৰ লগতে পৰিয়ালবর্গৰ উৎসাহক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচছা জ্ঞাপন কৰি প্রিয়দর্শিনীয়ে বিহুৰ সময়ত মাতৃভূমিলৈ আহিব নোৱাৰি আক্ষেপ কৰে৷ ৰাজ্যৰ কৃতী সন্তান প্রিয়দর্শিনীয়ে কয় যে মিছ ইণ্ডিয়াৰ দৰে এটা সন্মান লাভ কৰিবলৈ সকলোৰে সপোন আৰু আশা থাকে৷ কিন্তু তেওঁ এই সপোন থাকিলেও আগতে মিছ ইণ্ডিয়া হ’ব পাৰিব বুলি ভবা নাছিল বুলি প্রকাশ কৰে৷ তেওঁ একো নভবাকৈয়ে মাত্র মডেলিং কৰি যোৱা বুলিও উল্লখ কৰে৷ বিমান বন্দৰত অৱতৰণ কৰাৰ আগমুহূর্তত মাতৃভূমিৰ অপৰূপ সৌন্দর্য দেখি আৱেগিক হৈ পৰা বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে বিহুৰ বতৰত ঘৰলৈ আহি বিহুতলীত বিহু নোচোৱাৰ প্রশ্নই নুঠে বুলি উল্লেখ কৰি প্রিয়দর্শিনীয়ে কয় যে তেওঁ অসমৰ জীয়ৰী, গতিকে তেওঁৰ তেজতে বিহু আছে৷ ১৯ এপ্রিললৈ অসমত থাকিব বুলি প্রকাশ কৰি তেওঁ এতিয়া মিছ ৱর্ল্ড প্রতিযোগিতাৰ বাবে জোৰদাৰ প্রস্তুতি চলাই থকা বুলিও কয়৷ প্রণিধানযোগ্য যে মেধা, সৌন্দর্য আৰু বাক্পটুতাৰ বলেৰে ফেমিনা মিছ ইণ্ডিয়া প্রতিযোগিতাত জয়ী হোৱা প্রিয়দর্শিনীক চাবলৈ আজি পুৱাৰে পৰা বৰঝাৰ বিমান বন্দৰত বহুসংখ্যক লোকে ভিৰ কৰে৷ এইকেইদিন পৰিয়াল, বন্ধু-বান্ধৱৰ উপৰি কেইবাটাও অনুষ্ঠানত প্রিয়দর্শিনীয়ে অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে ধুবুৰীৰ প্রবীণ চেটার্জী আৰু পাপিয়া চেটার্জীৰ কন্যা প্রিয়দর্শিনী গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ প্রাক্তন ছাত্রী৷ বর্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু কলেজৰ স্নাতক পর্যায়ৰ ছাত্রী প্রিয়দর্শিনীয়ে অৱশ্যে এফ বি বি ফেমিনা মিছ ইণ্ডিয়া প্রতিযোগিতাত নতুন দিল্লীক প্রতিনিধিত্ব কৰিছিল৷ বিগত ৯ এপ্রিলৰ নিশা মায়ানগৰী মুম্বাইৰ যশ ৰাজ ফিল্ম্ছ ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা চূড়ান্ত প্রতিযোগিতাত প্রিয়দর্শিনীয়ে ফেমিনা মিছ ইণ্ডিয়া ৱর্ল্ড ২০১৬ খিতাপ অর্জন কৰিছিল৷ দেশৰ ২১গৰাকী ফাইনেলিষ্টক পিছ পেলাই প্রিয়দর্শিনীয়ে চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হোৱা এই প্রতিযোগিতাত  বিচাৰকৰ আসনত আছিল সঞ্জয় দত্ত, যামিনী গৌতম, মনীষ মালহোত্রা, অর্ুন কাপুৰ, কবীৰ খান, এমি জেকছন, ছানিয়া মির্, একতা কাপুৰ আদি দেশৰ ক্রীড়া, ফেশ্বন, চলচিচত্র আদি জগতৰ প্রখ্যাত লোকসকল৷ কৰণ জোহৰ, শ্বাহৰুখ খান, বৰুণ ধাৱান, শ্বাহিদ কাপুৰ আদিৰ দৰে চেলিব্রিটিও অনু্ষ্ঠানত উপস্থিত আছিল৷
www.thejanambhumi.com/

Thursday, 7 April 2016

মুক্তিৰ বাবে সাজু হৈ উঠিল ‘পূৰৱ কী আৱাজ’


বাজেটৰ দ্বিভাষিক ছবি ‘এপাহ ফুলিল এপাহ সৰিল’ (অসমীয়া) আৰু ‘পূৰৱ কী আৱাজ’ (হিন্দী) মুক্তিৰ বাবে সাজু হৈ উঠিছে৷ ২০১৫ বর্ষত নির্মাণ হোৱা ব্যয়বহুল এই ছবিখনৰ শেষৰ কামখিনি বিশেষকৈ আৱহ সংগীত, সম্পাদনা আদি মুম্বাইত ২০১৬ৰ মার্চৰ তৃতীয় সপ্তাহত সম্পন্ন হয়৷ অসমৰ চলচিচত্রপ্রেমী ৰাইজৰ বাবে প্রখ্যাত পৰিচালক চন্দ্র মুদৈয়ে দিয়া ভাল খবৰটো হ’ল যে ১৫ আগষ্টৰ  স্বাধীনতা দিৱসৰ আগে আগে ‘পূৰৱ কী আৱাজ’ ১২ আগষ্টত সমগ্র ভাৰততে মুক্তি দিয়াৰ কথা বিবেচনা কৰি থকা হৈছে৷ ভাৰতবর্ষৰ স্বাধীনতা আন্দোলনত ব্রিটিছৰ গুলীত মৃত্যুবৰণ কৰা একমাত্র কিশোৰী শ্বহীদ কনকলতা বৰুৱাৰ ওপৰত নির্মাণ হোৱা এই দ্বিভাষিক ছবিখনত অসমৰ সাম্প্রতিক উগ্রপন্থী সমস্যাকো সমান্তৰালভাৱে তুলি ধৰিবলৈ চেষ্টা চলোৱা হৈছে৷ সংস্কৃতিৱান ব্যক্তি লোকনাথ ডেকাই প্রযোজনা কৰা এই দ্বিভাষিক ছবিখন চন্দ্র মুদৈৰ সপোনৰ প্রকল্প বুলি নিজেই স্বীকাৰ কৰিছে৷ চন্দ্র মুদৈয়ে এতিয়ালৈকে নির্মাণ কৰা ১১খন ছবিৰ কাহিনী, বৈশিষ্ট্য আৰু পৰিচালনাৰ ফালৰ পৰা ‘এপাহ ফুলিল এপাহ সৰিল’ সম্পূর্ণ পৃথক৷ এই দ্বিভাষিক ছবিখনৰ অসমীয়াখনৰ মুক্তিৰ দিন এতিয়াও ঠিৰাং হোৱা নাই৷ প্রযোজক বর্তমান মুম্বাইত হিন্দী সংস্কৰণৰ বিতৰণক লৈ ব্যস্ত বুলি জানিব পৰা গৈছে৷ সম্প্রতি অসমীয়া ছবি জগতলৈ যি স্থবিৰতা আহি পৰিছে, সেয়া মুদৈৰ নতুন ছবিখনে আঁতৰাব বুলি চিত্রপ্রেমী ৰাইজে বৰ আশাৰে বাট চাই আছে৷ গতানুগতিক আৰু একঘেয়ামিৰ পৰা আঁতৰি নির্মাণ কৰা এই দ্বিভাষিক ছবিখনৰ হিন্দী সংস্কৰণ ‘পূৰৱ কী আৱাজ’ৰ এক প্রদর্শনী সাত জানুৱাৰীত নতুন দিল্লীৰ ফিল্ম ডিভিজন অডিটৰিয়ামত অনুষ্ঠিত হৈ যায়৷ সেইদিনা নতুন দিল্লীত ছবিখন উপভোগ কৰি বিতৰকৰ লগতে দর্শকে গভীৰ সন্তুষ্টি প্রকাশ কৰিছিল৷ বলিউডৰ ছবিৰ লগত ফেৰ মাৰিব পৰাকৈ নির্মাণ কৰা হৈছে ‘পূৰৱ কী আৱাজ’৷ ছবিখনত চন্দ্র মুদৈক পৰিচালনাত সহায় কৰিছে দীপক ৰয় আৰু স্বপ্নজিৎ বৰকাকতীয়ে৷ ডাঃ হিতেশ বৰুৱাই সংগীতেৰে সজোৱা এই দ্বিভাষিক ছবিখনত অভিনয় কৰিছে উর্মিলা, নিপন গোস্বামী, দেৱাশীষ বৰঠাকুৰ, ডাঃ তপন শর্মা, যতীন খনিকৰ, শিশু শিল্পী ৰ’দালি বৰা, জাফ্রি আদিয়ে৷
www.thejanambhumi.com/

Monday, 4 April 2016

কোটিপতি...


বিধানসভাৰ নির্বাচনৰ প্রার্থী হোৱাসকলৰ ভিতৰত কোটিপতিৰ সংখ্যা কম নহয়৷ এছ’চিয়েশ্যন অব্ ডেম’ক্রেটিক ৰিফর্ম চমুকৈ এ ডি আৰ নামৰ সংগঠন এটাৰ হিচাপ মতে প্রথম পর্যায়ৰ নির্বাচনৰ প্রার্থীসকলৰ ভিতৰত শতকৰা ২১ ভাগ প্রার্থীয়েই কোটিপতি৷ যোৱা বিধানসভাৰ নির্বাচনত এনে প্রার্থীৰ সংখ্যা অর্থাৎ কোটিপতিৰ পৰিমাণ আছিল শতকৰা ১৫ ভাগ৷ ভাৰতীয় জনতা পার্টি আৰু কংগ্রেছ দলতেই কোটিপতি প্রার্থীৰ সংখ্যা সৰহ৷ সংগঠনটোৰ হিচাপ মতে টীয়ক সমষ্টিৰ চি পি আই (এম এল) আৰু মৰিয়নিৰ নির্দলীয় প্রার্থীৰ কোনো সা-সম্পত্তি নাই৷ প্রার্থীসকলৰ বহুতৰেই আয়কৰ পৰিশোধৰ কোনো হিচাপ-পত্র নাই বুলিও কোৱা হৈছে৷ ৰাজনীতিকসকলৰ সা-সম্পত্তিৰ পৰিমাণ হিচাপ কৰাটো কঠিন৷ কাৰণ তেওঁলোকে দিয়া হিচাপৰ উপৰি বহির্ভূত হিচাপৰ সা-সম্পত্তি থকাৰ অভিযোগো পুৰণি৷ এনে অভিযোগ বাওঁপন্থী প্রার্থীসকলৰ বেলিকা বিৰল বুলিব পাৰি৷
ৰাজনীতিকসকলৰ আয়ৰ উৎস সাধাৰণতে বহুক্ষেত্রত আনধৰণে দেখুওৱা হয়৷ অর্থাৎ তেওঁলোকৰ ৰাইজৰ প্রতিনিধি হিচাপে যি সা-সুবিধা আৰু দা-দৰমহা পায় তাৰ তুলনাত আয়ৰ পৰিমাণ বেছি৷ এয়া কিদৰে সম্ভৱ হ’ব পাৰে তাক সাধাৰণ ভোটাৰ এগৰাকীয়েও অনুমান কৰিব পাৰে৷ ছাত্র আন্দোলনৰ শেষত দিছপুৰৰ ক্ষমতা দখল কৰা অসম গণ পৰিষদ দলৰ নেতাসকল দ্বিতীয়বাৰ নির্বাচিত হোৱাৰ সময়ত দিয়া তেওঁলোকৰ সা-সম্পত্তিৰ হিচাপৰ পৰাই তাক অনুমান কৰিব পাৰি৷ এয়া কেৱল সৰু উদাহৰণ এটাহে৷ উপার্জন নথকা আৰু ৰাষ্ট্রদলৰ পৰা প্রার্থী হৈ ৰাইজৰ প্রতিনিধি হোৱা বহুতৰে আয়ৰ পৰিমাণে সহজে ইংগিত দিব যে এয়া সৎ পথেৰে সম্ভৱ নহয়৷ এই প্রার্থীসকলে নির্বাচনত ব্যয় কৰা ধনৰ পৰিমাণ নির্দিষ্ট কৰি দিয়া হয় যদিও বহুতেই তাতকৈ বেছি পৰিমাণৰ অর্থ ব্যয় কৰে৷ একেদৰে তেনে দলৰ ব্যয়ৰ পৰিমাণো বৃহৎ৷ ইয়াৰ ফলত নির্বাচনত বৃহৎ পৰিমাণৰ অবৈধ ধনৰ ব্যৱহাৰ হয়৷ ভোট কিনা-বেচাৰ পৰা সংবাদ মাধ্যমক প্রভাৱিত কৰালৈ বহু বেয়া কামেই সংঘটিত হয়৷ নির্বাচনী সংস্কাৰৰ কথা কোৱা হয় যদিও এই ব্যৱস্থা নিকা কৰাৰ দিহা হোৱা নাই৷ কিন্তু নির্বাচন নোহোৱাকৈয়ো এমুঠিমান প্রার্থীয়ে নির্বাচনত নামি সততাৰ উদাহৰণ দি আহিছে৷ তিতাবৰ সমষ্টিৰ চি পি আইৰ প্রার্থী কুল দাসে বহুকেইটা নির্বাচন ৰাইজৰ সামান্য বৰঙনিৰে নির্বাচন খেলি আহিছে৷ জয়ী হ’ব নোৱাৰিলেও নিষ্ঠা আৰু সততাৰ এনে উদাহৰণ ৰাজনীতিকসকলৰ বাবে শিক্ষণীয়৷

Tuesday, 29 March 2016

ৰাষ্ট্রীয় চলচিচত্র বঁটাত উজলিল অসম

নির্বাচনৰ বতৰত অসমৰ ৰাইজৰ বাবে সু-খবৰ৷ ৰাজ্যবাসীক গৌৰৱান্বিত কৰি অসমীয়া চলচিচত্র ‘কথানদী’ আৰু বড়ো ভাষাৰ ছবি ‘দাও হুডুনি মেঠাই’-এ লাভ কৰিছে ৰাষ্ট্রীয় সন্মান৷ 
আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত ৬৩ সংখ্যক ৰাষ্ট্রীয় চলচিচত্র বঁটা ২০১৫ ঘোষণা কৰা হয়৷ ৰাষ্ট্রীয় চলচিচত্র বঁটাৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক ভাষাৰ শাখাত অনুৰূপা হাজৰিকাৰ প্রযোজিত আৰু ভাস্কৰ হাজৰিকাৰ পৰিচালিত ‘কথানদী’য়ে আৰু শংকৰ লাল গোৱেংকাৰ প্রযোজিত তথা মঞ্জু বৰাৰ পৰিচালিত বড়ো ভাষাৰ ছবি ‘দাও হুডুনি মেঠাই’-এ ৰজত কমল বঁটা লাভ কৰিছে৷ নন-ফিছাৰ শিতানৰ শ্রেষ্ঠ অনুসন্ধানমূলক ছবিৰ বঁটা লাভ কৰিছে সমুজ্জ্বল কাশ্যপৰ পৰিচালিত ‘তেজপুৰ ১৯৬২’ নামৰ তথ্যচিত্রখনে৷

ফিল্ম ডিভিজনৰ দ্বাৰা প্রযোজিত এই তথ্যচিত্রখনেও লাভ কৰিছে ৰজত কমল বঁটা৷ আনহাতে অৰুণাচলৰ ৱাংশ্বু জনগোষ্ঠীৰ সন্দর্ভত নির্মিত ‘দ্য হেড হাণ্টাৰ’ নামৰ ছবিখন পৰিচালনা কৰি অসমৰ নীলাঞ্জন দত্তয়ো লাভ কৰিছে ৰজত কমল বঁটা৷ ৱাংশ্বু ভাষাৰ শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰা এই ছবিখন প্রযোজনা কৰিছে স্পলাশ ফিল্ম প্রাঃ লিমিটেডে৷ প্রণিধানযোগ্য যে আঞ্চলিক ভাষাৰ ৰজত কমল বঁটা লাভ কৰা দুয়োখন ছবিৰ প্রযোজক আৰু পৰিচালকৰ লগতে ৱাংশ্বু ভাষাৰ ছবিখনলৈকো আগ বঢ়োৱা হৈছে এক লাখ টকাসহ মান-পত্র আৰু নন-ফিছাৰ শিতানত ৰজত কমল লাভ কৰা তথ্যচিত্রখনৰ পৰিচালক আৰু প্রযোজকলৈ আগ বঢ়োৱা হৈছে ৫০,০০০ টকাসহ এখন মান-পত্র৷ প্রণিধানযোগ্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ আলমত নির্মিত কথানদীয়ে ইতিমধ্যে দেশ-বিদেশৰ বহুকেইখন চলচিচত্র মহোৎসৱত অংশগ্রহণ কৰি অসমক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে৷ ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে ৰাষ্ট্রীয় বঁটা লাভ কৰা বিশিষ্ট অভিনেত্রী সীমা বিশ্বাসে৷ আনহাতে ছবিখনত আদিল হুছেইন, জেৰিফা ৱাহিদ, উর্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদি বহুকেইজন বিশিষ্ট অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিছে৷ কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকা হৈছে বিশিষ্ট শিক্ষাবিদ তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক প্রয়াত জীৱনাথ হাজৰিকা আৰু অনুৰূপা হাজৰিকাৰ পুত্র৷
www.thejanambhumi.com/ 

Wednesday, 16 March 2016

অসমৰ কৰ বিভাগৰ অধিক গতিশীলতাৰ প্রয়োজন


অসমৰ কৰ বিভাগ ৰাজ্য চৰকাৰৰ এক অতি গুৰুত্বপূর্ণ বিভাগ৷ পূর্বতে এই বিভাগটোৰ প্রশাসনিক দায়িত্ব ৰাজ্যিক আবকাৰী বিভাগৰ
ওপৰত ন্যস্ত আছিল৷ কিন্তু যোৱা ১৯৪৭-৪৮ চনৰ পৰা আবকাৰী বিভাগৰ পৰা বিভাজিত হৈ এই বিভাগটোৰ সৃষ্টি হয়৷ বর্তমানে কিন্তু এই বিভাগটোৱে মুঠ নখন আইনৰ প্রশাসনৰ দায়িত্ব বহন কৰি আছে৷
কৰ বিভাগৰ মানৱ সম্পদৰ গতি এনেধৰণৰ–
কৰ আয়ুক্ত– ১জন(সর্বভাৰতীয় প্রশাসন সেৱা বিষয়া)
কৰ অতিৰিক্ত আয়ুক্ত–২জন (ৰাজ্যিক বিষয়া)
যুটীয়া কৰ আয়ুক্ত–৫জন
কৰ উপায়ুক্ত–১৫জন
সহকাৰী কৰ আয়ুক্ত– ২৫জন
কৰ অধীক্ষক–১৬৬জন
কৰ পৰিদর্শক–৩২৪জন
ইয়াৰ উপৰি মুখ্য কার্যালয়, মাণ্ডলিক কার্যালয়, আপীল কার্যালয় আৰু গোট কার্যালয়সমূহত অসংখ্য তৃতীয় আৰু চতুর্থ বর্গৰ কর্মচাৰী আছে৷ জানিব পৰা মতে, ৰাজ্যখনত দুগৰাকী যুটীয়া কৰ আয়ুক্তৰ উপৰি বহুতো কৰ উপায়ুক্ত আৰু সহকাৰী কৰ আয়ুক্তৰ পদ খালী হৈ আছে৷ সেইবোৰৰ পূৰণৰ কোনো ব্যৱস্থা লোৱা নাই৷ তিনিচুকীয়া, ডিগবৈ, ডুমডুমা, নাহৰকটীয়া সমন্বিতে তিনচুকীয়া মাণ্ডলিক কার্যালয়ত আজি কেইবা বছৰ ধৰি কোনো উপকৰায়ুক্ত (প্রশাসন আৰু আপীল) পদ খালী হৈ আছে৷ ফলত উক্ত অঞ্চলত কৰ প্রশাসনৰ দিশত এক শূন্যতা প্রত্যক্ষ হৈছে৷
কৰ প্রশাসনৰ বিভিন্ন দিশ হৈছে–
১)ক্ষেত্র জৰীপ, ক্ষেত্র পৰিদর্শন৷
২) কৰ নির্ধাৰণ আৰু কৰ আদায়৷
৩) তথ্য-পাতি সংগ্রহ আৰু বুদ্ধিমত্তাৰ ভিত্তিত ব্যৱসায়ী তথা কৰদাতাসকলৰ ব্যাৱসায়িক প্রতিষ্ঠান আৰু গুদাম পৰিদর্শন আৰু পৰীক্ষা৷
৪) অনুসন্ধান আৰু ব্যৱসায়ীৰ তথা কৰদাতাসকলৰ ব্যবসায় স্থল আৰু গুদাম আকস্মিক পৰিদর্শন৷
৫) পথ আৰু গুদামত পৰিবহণ প্রতিষ্ঠান আৰু আন সামগ্রীযুক্ত গাড়ী পৰিদর্শন৷
৬) দমনমূলক আৰু শাস্তিমূলক ব্যৱস্থা৷
৭) পৰীক্ষণ চকীসমূহত সামগ্রী বহন কৰা গাড়ী পৰিদর্শন আৰু প্রয়োজনত বিভিন্ন ব্যৱস্থা গ্রহণ৷
৮)অনাদায় তথা বকেয়া কৰ আদায়ৰ ব্যৱস্থা৷
     কিন্তু এনেবোৰ কার্য পৰিক্রমা যে আশানুৰূপভাৱে পৰিচালিত হোৱা নাই এই কথা বিভিন্ন সময়ত বিভিন্নধৰণেৰে প্রকাশ পাই থাকে৷ বিভাগটোত মানৱ সম্পদ যথেষ্ট আছে যদিও সেইবোৰৰ যথাযথভাৱে ব্যৱহাৰ হোৱা নাই৷ এক সূক্ষ্ম জৰীপ কার্য পৰিচালনা কৰিলে এই তথ্য নিশ্চিত হয় যে বিভাগটোৰ এক বৃহৎ সংখ্যক মানৱ সম্পদ কর্মহীনভাৱে আছে৷ বিশেষকৈ মাণ্ডলিক কার্যালয়ত থকা বহুতো কৰ অধীক্ষক আৰু কৰ পৰিদর্শক দীর্ঘদিন ধৰি কর্মহীনভাৱে আছে৷ এই কথা পূর্বতেও আঙুলিয়াই দিয়া হৈছিল, কিন্তু চৰকাৰে এই বিষয়ে কোনো পদক্ষেপ লোৱা নাই বুলি প্রায়ে শুনা যায়৷ অৱশ্যে কি কাৰণত বিষয়াসকলক কর্মহীন কৰি ৰখা হৈছে, তাৰ কোনো সুস্পষ্ট ব্যাখ্যা নাই৷
ভাৰতৰ প্রতিখন ৰাজ্যতে কৰ ফাঁকি প্রতিহত কৰিবৰ কাৰণে একোটা বিশেষ গোট আছে৷ বলৱৎ বা তদন্ত বা অদাৰকী শাখা বুলি জনাজাত এই গোটটোৰ মূল কার্যক্রম হৈছে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্রহ কৰা, কৰদাতাসকলৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু প্রয়োজনবোধে কৰ ফাঁকি প্রতিৰোধৰ কাৰণে যথাযথভাৱে ব্যৱস্থা লোৱা৷ অৱশ্যে কৰ ফাঁকি প্রক্রিয়া ধৰা পৰিলে, তেনে অপৰাধৰ বিচাৰৰ দায়িত্ব ন্যাস্ত থাকে সংশ্লিষ্ট কৰ গোটৰ কৰ নির্ধাৰক বিষয়াৰ ওপৰত৷ অর্ধন্যায়িক ক্ষমতা প্রয়োগ কৰা তেনে কৰ গোটৰ বিষয়াসকলে কৰ নির্ধাৰণ কার্যৰ উপৰি কোনো অপৰাধৰ বিচাৰ আৰু দমনমূলক ব্যৱস্থা গ্রহণ কৰা এক পৰম্পৰা মুক্ত কার্যক্রম৷ কাৰণ ভাৰতীয় সংবিধানৰ ৫০ অনুচেছদ মতে কার্যবাহী আৰু ন্যায়িক পযুক্তি সুকীয়া বিষয়াৰ দ্বাৰা নিয়ন্ত্রিত হয়৷ একেগৰাকী বিষয়াই উভয় কার্য সম্পন্ন কৰা নীতি-বিৰুদ্ধ আৰু অযুক্তিকৰ৷
আমাৰ অসমখনত কিন্তু যোৱা ১৯৮৩ চনৰ পৰা এনে কোনো বলৱৎ শাখা বা তদন্ত শাখা বা তদাৰকী শাখা নাই৷ কেতিয়াবা কৰ ফাঁকি ধৰা পেলাবৰ কাৰণে যদি কিবা মানৱ সম্পদ প্রয়োগ কৰা হয়, সেয়া তেনে কার্যৰ সীমাৰেখা আৰু ক্ষমতা নিৰূপণ নকৰি জধে-মধে সম্পাদন কৰাৰ পৰিপ্রেক্ষিতত প্রায়ে প্রত্যাহবানৰ সন্মুখীন হয়৷ আনহাতে, আৰক্ষী প্রশাসনৰ অধীনত আন আন অর্থনৈতিক অপৰাধ ধৰা পেলাবলৈ কার্যকৰী হৈ থকা অপৰাধ তদন্ত গোটটোত কৰ বিভাগৰ বিষয়া আছে যদিও, তেওঁলোকক আইনগত পূর্ণ ক্ষমতা প্রদান কৰা হোৱা নাই৷ ফলত সেই বিভাগটো এক অর্ধ আন্তৰিকভাৱে গঠন কৰা প্রতিষ্ঠান৷ মুঠতে এই কথা যথার্যতে অনুভৱ হয় যে ৰাজ্য চৰকাৰে কৰ ফাঁকি প্রতিহত কৰিবলৈ বিশেষ আগ্রহী নহয়৷ হয়তোবা এক শ্রেণীৰ ক্ষমতাসম্পন্ন ব্যৱসায়ীৰ স্বার্থত আজি ৩৩ বছৰ ধৰি এনে এটা গুৰুত্বপূর্ণ গোট কার্যকৰী কৰাৰ পৰা চৰকাৰ বিৰত আছে৷ ফলত কৰ ফাঁকিৰ গতি অব্যাহত আছে৷
অসমত যোৱা ২০১৩-১৪ আৰু ২০১৪-১৫ বর্ষত কৰ আদায়ৰ পৰিমাণ আছিল ক্রমে ৭৭১৯.৬২ কোটি টকা আৰু ৮১৭৭.১৬ কোটি টকা৷ বর্তমানে ৰাজ্যখনত যিদৰে বাণিজ্যিক ব্যৱস্থাৰ সম্প্রসাৰণ ঘটি আছে আৰু সামগ্রীৰ মূল্য যিদৰে আকাশলংঘী হৈ পৰিছে অহা ২০১৫-১৬ বর্ষত কৰ আদায়ৰ পৰিমাণ ১০,০০০ কোটি টকা বা সমপর্যায়ৰ হ’ব বুলি ধাৰণা হয়৷ অৱশ্যে এই ধনৰ মাজত অসমত দহখন পৰীক্ষণ চকীত আদায় হোৱা কৰ আছিল
২০১৩-১৪র্ত ১১৮.১৭ কোটি টকা
২০১৪-১৫ বর্ষত ৫৯.৭০ কোটি টকা৷
আনহাতে, যোৱা ২০১৩-১৪ আৰু ২০১৪-১৫ বর্ষত কৰ ফাঁকি ধৰা পেলোৱা হৈছিল ক্রমে ২৮১৭ আৰু ২৫৭৭ সংখ্যক৷ ফাঁকি কৰ, জৰিমনা আৰু আদালতত গোচৰ প্রদানৰ বিপৰীতে আপোৰে আদায় কৰা ধনৰ মুঠ পৰিমাণ আছিল ২০১৩-১৪ বর্ষত ১৫.১০ কোটি টকা আৰু ২০১৪-১৫ বর্ষত ক্রমে ১৬.৪১ কোটি টকা৷ অর্থাৎ মূলকৰৰ ০.১৯ আৰু ০.২০ শতাংশ৷ সেয়া কোনো ধৰণৰ উল্লেখযোগ্য কার্যক্রম নহয়৷ অৱশ্যে জৰিমনাৰ পৰিমাণ ফাঁকিকৰৰ তিনি গুণ৷
অসমত যোৱা ১-৪-১৯৮৯ তাৰিখৰ পৰা বিলাস কৰ তথা দ্য আছাম টেক্স অন লাক৲জুৰিছ (হোটেল এণ্ড লোজিং হাউছেছ) এক্ট, ১৯৮৯ প্রৱর্তন হৈছিল৷ পূর্বতে এই কৰ আৰোপ ব্যৱস্থা হোটেল আৰু বাণিজ্যিক ভিত্তিক বাসস্থান তথা অতিথিশালাৰ ওপৰত সীমাবদ্ধ আছিল৷ কিন্তু যোৱা ২৯-৮-২০০৯ তাৰিখৰ পৰা এই বিলাস কৰ ব্যৱস্থা ব্যক্তিগত চিকিৎসালয় তথা ব্যক্তিগত নার্ছিংহ’মসমূহলৈ সম্প্রসাৰণ কৰা হয়৷ যোৱা ২০০৮-২০০৯ বর্ষত বিলাস কৰ আদায়ৰ পৰিমাণ আছিল ৫.৭৫ কোটি টকা৷
অসমত যথেষ্ট সংখ্যক উচচমানৰ হোটেল আছে৷ বাসস্থানৰ উপৰি আনুষংগিক সা-সুবিধা আৰু সেৱাৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিমাণৰ ধন আদায় লয়৷ অনুৰূপভাৱে ব্যক্তিগত চিকিৎসালয়সমূহ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আছে৷ উল্লেখযোগ্য যে একোগৰাকী ৰোগীৰ থকা-মেলাৰ উপৰি, আন আন সুবিধা আৰু সেৱা প্রদানৰ ক্ষেত্রত প্রতিগৰাকী ৰোগীৰ পৰা এক বৃহৎ অংকৰ ধন আদায় লোৱা হয়৷ কিন্তু এই ক্ষেত্রত ২০০৯-১০ বর্ষৰ পৰা আদায় হোৱা কৰৰ পৰিমাণ আপেক্ষিকভাৱে কম বুলি অনুভৱ হয়৷ আমাৰ ধাৰণা মতে বিলাস কৰ যথাযথভাৱে আদায় হৈ আছে যদিও জমা দিয়া কৰতকৈ আদায় ধনৰ পৰিমাণ তুলনামূলকভাৱে অতি কম৷ হয়তো এই বিষয়ে উপযুক্ত অনুসন্ধান, পৰীক্ষণ আদিৰ অভাৱত এক বৃহৎ পৰিমাণৰ কৰ ফাঁকি কার্য অব্যাহত আছে৷ যদি হোটেল বা ব্যক্তিগত চিকিৎসালয়ত সাময়িক বাসিন্দা বা ৰোগীৰ পৰা আদায় কৰা ধনৰ বিপৰীতে পোৱা কৰ যথাযথভাৱে ৰাজকোষত জমা হোৱা নাই, সেয়া এক অর্থনৈতিক অপৰাধ বুলিহে গণ্য হয়৷ এই ক্ষেত্রত উপযুক্ত তদন্তক্রমে বিধি-ব্যৱস্থা গ্রহণ কৰা অতি প্রয়োজনীয়৷ হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত নিয়মিতভাৱে জৰীপ কার্য আৰু পৰীক্ষণ কার্য চলি আছে নে নাই জনা নাযায়৷ এই ক্ষেত্রত এক গতিশীল ব্যৱস্থা গ্রহণ কৰিলে ৰাজহ আদায়ৰ প্রকৃত গতি স্পষ্ট হ’ব৷ প্রকাশিত তথ্য মতে অসমত হোটেল আৰু ব্যক্তিগত চিকিৎসালয়ৰ সংখ্যা ৫৫৭(৩১-৩-২০১৫ তাৰিখ)৷ এনে ক্ষেত্রত উপযুক্ত বিধি-ব্যৱস্থা গ্রহণ কৰিলে এই কৰ আদায়ৰ সত্যাসত্য নিশ্চিত হোৱা সম্ভৱ হ’ব৷
সমগ্র ভাৰততে অচিৰতে সামগ্রী আৰু সেৱা কৰ আইন ব্যৱস্থা কার্যকৰী কৰাৰ কথা চলিছে৷ এই ব্যৱস্থাৰ ফলত কৰ ব্যৱস্থাৰ কার্যক্রমে এক নতুন গতি ল’ব৷ গতিকে তৎপূর্বে বর্তমানে কার্যকৰী হৈ থকা আইনসমূহ প্রশাসনৰ এক গতিশীল ব্যৱস্থা গ্রহণ কৰিলে আৰু বাকী কৰ আদায়ৰ গতি অব্যাহত ৰাখিলে ৰাজ্যখনে অর্থনৈতিক দিশত যথেষ্ট উন্নতি লাভ কৰিব৷